Story

জন্মান্তৰৰ গল্প (ৰীতা চৌধুৰী)

ক’নাটপ্লেচৰ পোহৰ আৰু শব্দৰ মাজত ছয়াময়া এটা ক’ৰিডৰততেওঁৰ সৈতে হঠাৎ দেখা৷ মোৰ কান্ধলৈ পৰা চুলিত চেঁচা বতাহ এজাকে হাত বুলাই গৈছিল৷ ছিফনৰ শাৰীৰ আকাশ নীলা আঁচল মাটিত লাগো লাগো, কপাহ যেন পাতল পছমিনাৰ ক’লা এক ৰঙী চাদৰখন আলাসতে গাতলৈ পাৰ হৈছো আইচক্ৰীম বেচা কাৰ্টখন, পোৰা মিঠা আলুৰ গোন্ধ, আয়না খটোৱা ৰাজস্থানী কাপোৰৰ জিলমিল, হৰ্ণৰ খেলিমেলি […]

জন্মান্তৰৰ গল্প (ৰীতা চৌধুৰী)

নাটপ্লেচৰ পোহৰ আৰু শব্দৰ মাজত ছয়াময়া এটা ৰিডৰততেওঁৰ সৈতে হঠাৎ দেখা৷

মোৰ কান্ধলৈ পৰা চুলিত চেঁচা বতাহ এজাকে হাত বুলাই গৈছিল৷ ছিফনৰ শাৰীৰ আকাশ নীলা আঁচল মাটিত লাগো লাগো, কপাহ যেন পাতল পছমিনাৰ লা এক ৰঙী চাদৰখন আলাসতে গাতলৈ পাৰ হৈছো আইচক্ৰীম বেচা কাৰ্টখন, পোৰা মিঠা আলুৰ গোন্ধ, আয়না খটোৱা ৰাজস্থানী কাপোৰৰ জিলমিল, হৰ্ণৰ খেলিমেলি মাত, জাকপাতি পাৰ হৈ যোৱা এজাক জুনুকাৰ শব্দৰ দৰে হাঁহি

মালকোশ ৰাগৰ গভীৰৰ পৰা উঠি অহা মই যেন এটা বেহিচাপী আলাপগানহীন কোনো অচিন দেশলৈ ভুল কৰি গুচি অহা সুৰৰ প্ৰেমিক৷

নিজৰ সৈতে অকলে!

নাটপ্লেচৰ প্ৰাচীন ৰিডৰত, হাজাৰ আবেগৰ ভিৰত

অকলে!

সন্ধিয়া নামিছে মাত্ৰ৷

হেঙুল ৰঙী পোহৰে তেতিয়াও পোহৰাই থকা এই মুখ,

সন্ধ্যা তৰাৰ দৰে চকু৷

লৈকে যাওঁ

লগে লগে যায়

জোনাকী পৰুৱাবোৰ৷

ফ্লাৱাৰ মাণ্টিছবোৰ উৰে৷

তথাপিও অকলে৷

নিজৰ সেতে৷ অকলে৷

কোনো অপেক্ষা নাছিল৷

নাছিল কোনো সপোন৷

আন্দোলিত হৃদয় তেতিয়া স্ৰষ্টা৷

নাটপ্লেচৰ ছয়াময়া ৰিডৰত

তেতিয়াই হঠাৎ দেখা৷

পৰি যাব খোজা শ্বলখন সোঁহাতেৰে বাওঁ কান্ধত তুলি লৈ চকু তুলি চাইছোঁ৷

দীৰ্ঘদেহী মানুহজনে গৈ থাকিয়েই মোলৈ চালে আৰু পাৰ হৈ দুখোজ গৈয়েই থমকি ৰৈ উভতি চালে৷ চায়েই থাকিল৷

ইমান চিনাকি!

সময় যেন থমকি ৰৈছিল৷

যেন হাজাৰ বছৰ পিছত দেখিলোঁ

হাজাৰ জন্ম পাৰ হৈ লগ লো৷

লাহে লাহে তেওঁৰ চকুতো উজ্বলি উঠিল দুটা নিচেই চিনাকি তৰা৷ হেঙুল বুলীয়া পোহৰে পোহৰাই তুলিলে মুখ৷

লাহে লাহে বিয়পি পৰা হাঁহিটোৱে সুধিলে

চিনি পাইছা? ’

পাইছোঁ৷ নাপাম কিয়?

জোনাকী পৰুৱাবোৰে দেখোন তোমাৰ ছবিকে কঢ়িয়ায়!

তাৰ পিছত?

তাৰ পিছত হাঁহিটো সামৰি তেওঁ এই জন্মৰ বাবে গুচি ল৷

ময়ো গুচি লো কফিৰ সুগন্ধৰ ভিতৰলৈ৷

মুহূৰ্তৰ মহাকাব্য সেয়া৷

মোকতো পায়েই চিনি৷

তেওঁৰ নামটো?

থাকক৷