Story

নৈ (নিৰ্মালী নয়নতৰা)

ঃ পেটটো বাঢ়িছে হে/ কি কৰা যায়ঞ্জ ঃ অস্‌/ কলেষ্টৰেল বাঢ়িছে তোমাৰ, লিভাৰ ফেট্টি হৈছে, শাৰীৰিক পৰিশ্ৰম একেবাৰেই নাই৷ তাতে খোৱা বোৱাৰো কোনো ৰুটিন নাই৷ কিন্তু একো নহয়, চিন্তা নকৰিবা৷ কাইলৈ মৰ্ণিং ওলাবা মোৰ লগত৷ খোজ কাঢ়িম৷ জয়মতী পথেৰে গৈ গৈ যে পথাৰ এখন পায়গৈ, তালৈকে খোজ কাঢ়িম আমি৷ মোৰ লগৰ যে সুজাতা তাই মানুহজনক […]

নৈ (নিৰ্মালী নয়নতৰা)

পেটটো বাঢ়িছে হে/ কি কৰা যায়ঞ্জ

অস্‌/ কলেষ্টৰেল বাঢ়িছে তোমাৰ, লিভাৰ ফেট্টি হৈছে, শাৰীৰিক পৰিশ্ৰম একেবাৰেই নাই৷ তাতে খোৱা বোৱাৰো কোনো ৰুটিন নাই৷ কিন্তু একো নহয়, চিন্তা নকৰিবা৷ কাইলৈ মৰ্ণিং ওলাবা মোৰ লগত৷ খোজ কাঢ়িম৷ জয়মতী পথেৰে গৈ গৈ যে পথাৰ এখন পায়গৈ, তালৈকে খোজ কাঢ়িম আমি৷ মোৰ লগৰ যে সুজাতা তাই মানুহজনক বোলে ঘৰৰ পৰা ষ্টেডিয়ামলৈকে দৌৰায় জানাঞ্জ এতিয়া কি হেণ্ডচাম হৈ গল হেনো মানুহজন/ তেওঁ আমাতকৈ পোন্ধৰ বছৰমান ডাঙৰ৷ তোমাতকৈও সাতবছৰ ডাঙৰ৷ তুমি কিয় নোৱাৰিবা৷ কাইলৈ ৰেডি হবাই কিন্তু৷ পুতলাক মাহঁতৰ লগত শুৱাই থৈ যাম৷

তুমি কি পিন্ধি যাবাঞ্জ চাদৰ মেখেলাই পিন্ধি যাব লাগিব যে|

অহ্‌, সেইটোনো কি কথাটোঞ্জ পুতলা গাত থাকোঁতে মই জানা সেই ৰাস্তাটোৰে গৈ গৈ পথাৰখন পাওঁগৈ৷ কিমান দূৰ ভাবাচোন/ তেতিয়াওতো চাদৰ মেখেলাই পিন্ধি যাওঁ৷ অকলে অকলে গৈ থাকোঁ, গৈয়েই থাকোঁ৷ কিমান দূৰ গৈছোঁ, নিজেই কব নোৱাৰাকৈ গৈ গৈ মাটিৰে সজা ঘৰ বোৰ পাওঁগৈ৷

কি জানো সেইখিনি ঠাইৰ নাম/

লিচুবাৰী৷

দেৱৰ নিৰুত্তাপ উত্তৰটোৰ পাছত তাইৰ কথা আগবঢ়াবলৈ একো নৰল৷

অথচ, দেৱই যে তাৰ পেটটো বঢ়াৰ কথাটোতাৰ পেটটো বঢ়াৰ সমস্যাটো কি কৰা যায় তাকে কোৱাটো এটা লেখত লগীয়া কথাই বুলি তাই ভাবিয়ে পেলালে৷হলেও তাইৰ আগত কলে, এইটো কথাৰেই চোন তাই এটা নতুন আৰম্ভণিৰ সপোন দেখিব পাৰে৷

শোৱা তেনে৷ কাইলৈ জগাই দিম৷ সাৰ পাব লাগিব কিন্তু৷

থৌকিবাথৌ বুকু এখনেৰে তাই খোৱা টেবুললৈ গৈ চকী এখন টানি বহি ললে৷

ঢাকি থোৱা ভাতসাজ চেঁচা হৈছিল৷ তথাপি গোট মৰা দাইলখন, এচামুচমান ভাজি আৰু ফিছাপিনৰ মাছডোখৰ তাইৰ জিভাত অমৃত যেন লাগিল৷

মনতে তাই পাঙিলে, কাইলৈ খোজকাঢ়িবলৈ যাওঁতে কটনৰ অলপ নতুনেই হৈ থকা কাপোৰ এসাজকে পিন্ধি গলে ভাল হব৷ গৈ গৈ গৈ গৈ সিহঁত দুয়োটা সেই মাটিৰ ঘৰবোৰ থকা ঠাইখিনি পাবগৈ৷ সেইখিনি গাঁও এলেকা৷ জীয়ৰীবোৱাৰীহঁতে সেই সময়ত চোতাল সাৰে৷ তাই পুতলা গাত থাকোঁতে যে গৈছিল/ তেতিয়া অলপ অলপ জাৰ পৰিছিল৷ তেতিয়া মেখেলা চাদৰযোৰৰ ওপৰতে তাই হাউচকোটটো  পিন্ধি যায়৷ চোতাল সাৰি থকাৰ পৰাই দুই এজনী বোৱাৰীয়ে কেতিয়াবা তাইলৈ মূৰ তুলি চায়৷ আচলতে সিহঁতে তাই পিন্ধা হাউচকোটলৈহে কিজানি অকনমান সজল দৃষ্টিৰে চাইছিল/

তিতা হাতখন গামোচাত মচি মচি শুবলৈ আহোঁতে তাই দেখিলে, দেৱ টোপনিত লালকাল৷ নাকেৰে সি শব্দ কৰিবলৈ ধৰিছে৷ তাইৰ কবলৈ মন গৈছিল– ‘জানানেঞ্জ মোৰচোন আজি মূৰটো ঘূৰোৱা যেন লাগিছে৷

তাৰ নাকৰ ঘোৰঘোৰণিটোত তাইৰ মনৰ গোপন এঠাইত প্ৰায়েই এটা নৃশংস, উদগ্ৰ বাসনা জাগি উঠে৷ এই যেন গাৰুটোৰে তাৰ নাকত সোপা দি ধৰিব তাই/ কিন্তু মুহূৰ্তৰ ভিতৰতে তাই সম্বিৎ ঘূৰাই পায়, নিজকে সহে, সামৰে, নিচুকায়৷

দেৱৰ আচলতে ভাগৰ লাগিছে৷ সি শুইছে, শোৱক৷ ভাগৰ তাইৰো লাগে৷ কিন্তু তৰি থোৱা আঁঠুৱাখন, তাইলৈ বাট চাই সাৰ পাই দেৱএনেকুৱা দৃশ্য এটাই কিজানি তাইৰ ভাগৰবোৰ ফুমাৰি উৰুৱাই দিলে হয়/

বিচনাত পৰি দুষাৰমান কথা পতা মানে কি, কেনেকুৱা অনুভৱ সেয়া তাই নেজানে৷ তাইৰ মন যায়, দেৱ তাই ৰাতিৰ সাজৰ বাচন ধুই  অহালৈকে বাট চাই ৰওক সি নৰয়, এদিনো নৰয়৷

পুতলাৰ বাওঁকাষে বিচনাত বাগৰি তাই বহু দেৰিলৈকে সাৰ পাই থাকিল৷ মূৰ ঘূৰণিটো তাইৰ কমা নাই৷ বৰ ভাগৰো লাগিছে যেন৷ টোপনি নাহিবই কিজানি/

টোপনি নাহিলেও এসময়ত দেৱ তাইৰ কাষলৈ আহিল৷

তোমাৰ গা টো বেয়া নেকি অমুবুলি সোধাৰ সলনি সি ব্যস্ত হাতেৰে তাইৰ কাপোৰবোৰ খুলি গৈ বাৰে বাৰে সুধিলে, ‘তোমাৰ গা টো কাৰঞ্জ কাৰঞ্জ কাৰ অমু

মোৰ/ বুলি বলৈ লৈও তাই ৰৈ দিলে৷ হওক, কাইলৈ এটা নতুন আৰম্ভণি হওক৷ কঠোৰ নিষ্পেষণৰ যন্ত্ৰণাৰ মাজেৰে তাই ফিচফিচাই উঠিল, ‘তোমাৰ

পুৱা তিনিমান বজাত হঠাতে তাইৰ টোপনি ভাগিল৷ তাৰ পাছৰ এঘনত| সময় হাজাৰটা চেষ্টা কৰিও তাইৰ টোপনি নাহিল৷ ওলোটাই মতা নেওতা, ভঁড়াললৈ এজনী এজনীকৈ সোমাই ঠোঁটত এটি এটি কৈ ধান লৈ উৰি যোৱা ঘৰ চিৰিকা, হাজাৰ বিজাৰ শুকুলা পাৰৰ দৃশ্য, খেৰৰ চালত বৰষুণৰ পানী পৰাৰ শব্দনাই নাই, একো কল্পনাই তাইৰ টোপনি আনিব নোৱাৰিলে৷

চকু মুদিলেই তাই কেৱল আমন জীমন মুখৰ বৌৱেক জনীৰ কৃষকায় অৱয়বটো হে দেখিলে৷ গোপনে সৰি পৰা জুৰি বৌৱেকৰ হা হুমুনিয়াহবোৰ তাই জীয়ৰীকালতে দেখিছিল৷ তেতিয়া বুজা নাছিল তাই, যে প্ৰতিজন পুৰুষৰ বিবাহিতা পত্নীয়েই আচলতে নিজৰ মানুহজনৰ চকুত অকনমান আদৰ, অলপ মুগ্ধ দৃষ্টি, অলপ সন্মান বিচাৰে৷ বিচাৰে নিজৰ মানুহজন কেৱল বিবাহিত সংগী নহয়, প্ৰেমিক হৈ উঠক৷

জুৰি বৌ ৰংঢালী নাচনী আছিল৷ কামেকাজেও পাকৈত আছিল, প্ৰাণখুলি হাঁহিছিল৷ তাকে দেখি ভাল পোৱাতকৈ চঞ্চল বুলি ইতিকিং কৰা মানুহৰ সংখ্যা সৰহ আছিল৷ কিন্তু বিয়া হৈ অহাৰ দিন ধৰি তাই জুৰিবৌৰ কথা কামত চঞ্চলতাৰ পৰিৱৰ্তে  প্ৰাণৱন্ত উলাহ হে দেখিছিল৷ জুৰি বৌৱে হাঁহি ধেমালি কৰি থাকিব খুজিছিল, গুণগুণাই ভাল পাইছিল, পুখুৰী পাৰত বহি তাইৰ লগত হিয়া উজাৰি কথা পাতিছিল, হাত মেলিলেই পোৱা কৈ শহুৰেকৰ লাখুটিডাল, শাহুৱেকৰ খুন্দনাটো যতনাই থৈছিল৷ জেতুকাবুলিয়া হাত দুখনেৰে ধান দাই, বাচন ধুই  ছয়জনী গাইলৈ দানা সিজাইও মানুহজনীয়ে হাঁহিবলৈ নেৰিছিল৷ কিন্তু গোপনে গোপনে কান্দি থকা মানুহজনীৰ চকুহাল প্ৰায়েই পুৱা বৰষুণৰ পানীত তিতা দুপাহ জবা ফুল দুপাহ যেন হৈ থকা দেখি তাই বুজিছিল, ককায়েকৰ নিস্পৃহ আচৰণত বৌৱেকৰ ভিতৰখন লাহে লাহে মৰি আহিছে৷ ককায়েকে জুৰিবৌক কাহানিও এচৰো দিয়া নাছিল, অভাৱত ৰখা নাছিল, খাবলৈ পিন্ধিবলৈ নিদিয়াকৈ থোৱা নাছিল৷

তেন্তেঞ্জ

জীয়া মানুহ এজনীক জানো অকল ভাত, কাপোৰেই যথেষ্ট নেকিঞ্জ

ককায়েকৰ চকুত জুৰিবৌৱেকে কাহানিও অকণমান মুগ্ধতা, অলপ প্ৰেম, অকণমান আকুলতা অথবা মৰম দেখা নাছিল৷ বৰঞ্চ সেই মানুহজনী যে আছে/ সেয়াও যেন সি গ্ৰাহ্যই কৰিব খোজা নাছিল৷

জুৰিবৌৱেকে তাইক কৈছিল,– ‘জানা জোন, মৰম ভালপোৱাবোৰ চিনিব নোৱাৰিলে বৰ দুখ হয়৷ ভাগ্যৱান মানুহৰ জীৱনলৈহে সঁচা মৰম আহে৷ তাকো ভৰিৰে লঠিয়ালে ওৰেটো জীৱন দুখ হয়, চকুপানী টুকিব লগা হয়/’

তাই বুজিছিল, বৌৱেকৰ জীৱনত হয়তো এনে কোনোবা আছিল, যাক উপেক্ষা কৰাৰ বাবে তেওঁ নিজেই নিজকে দোষাৰোপ কৰে, অনুতপ্ত হয়৷ কিন্তু তাইৰ জীৱনতটো দেৱৰ বাদে আন কোনো অহাই নাছিল যে তাই অনুতপ্ত ব৷ তেনেস্থলত এই পুৱতি নিশাতে বৌৱেকৰ কথা মনলৈ অহাত তাই নিজেই অলপ অস্বস্তিত পৰিল৷ কেইবাঘুমটিও হোৱাত পদূলি মূৰৰ আমজোপাৰ চৰাইবোৰ কিচিৰ মিচিৰকৈ উঠিল৷ বিচনাত পৰি পৰি উত্তৰবিহীন প্ৰশ্নবোৰ আৰু সমাধানহীন সমস্যাবোৰৰ মাজত পাকঘূৰণি খাই এসময়ত তাইৰ নিজৰে বিৰক্তি লাগিল৷ মনটো এবাৰ জাৰি জোকাৰি বিচনাৰ পৰা নামি আহি কাপোৰ সাজ সলাই তাই দেৱক জগালে৷ সি প্ৰথমে কেৰজেৰকৈ উঠিল আৰু দুবাৰমান হেঁচুকি দিয়াত যেনিবা সি সাৰ পালে আৰু বাধ্য ছাত্ৰৰ দৰে উঠি বহিল৷

যথাসম্ভৱ খৰকৈ খোজকাঢ়িবলৈ যত্ন কৰা দেৱতকৈ তাই অকনমান আগবাঢ়ি ল৷ যিটো গলিত সিহঁত সোমাল, তাত মানুহবোৰ শুই উঠাই নাছিল৷ দুই  এক প্ৰাতঃভ্ৰমণকাৰীৰ বাদে ঘৰত শুই থকা মানুহবোৰৰ হয়তো টোপনি চিকুণ পুৱাটোৰ আমেজ ভাঙিবলৈ অলপো মন নাছিল৷ মানুহবোৰৰ কাৰোবাৰ কাৰোবাৰ চোতালত কামিনী কাঞ্চন, কাৰোবাৰ ঘৰত আমন জীমন গোলাপ দুপাহমান কাৰোবাৰ টাবত ৰমকজমক চীজন ফ্লাৱাৰবোৰ ফুলিছিল৷

উভতি যাবৰ পৰত চাৰিআলিৰ নাৰ্চাৰী খন খোলা থাকে যদি ফুল দুজোপামান লৈ যাব লাগিব৷

কেনেবাকৈ পাৰ্চটো আনিছা নেকিঞ্জ

কথাটো সুধিবলৈ তাই অকনমান পিছলৈ ঘূৰি চালে৷ দেৱৰ কাণত মোবাইল৷ সোঁহাতেৰে সি মোবাইলটো কাণত চেপা মাৰি ধৰিছে৷ ওঁঠত হাঁহি৷ কি কথা পাতিছে ঠিক ধৰিব নোৱাৰি৷

 ০০      ০০       ০০

দেৱই কাৰ লগত কথা পাতিছে আচলতেঞ্জ তাৰ কোনোবা প্ৰেয়সী, কলিগ অথবা বন্ধুঞ্জ ইমান পুৱাইঞ্জ

দেৱৰ কাষলৈ গৈ তাই সুধিবকোননোঞ্জ

সি খঙেৰে কব,  ‘তোমাৰ কি দৰকাৰঞ্জ

তাৰ পাছত অভিমান, সন্দেহ, ভুল বুজাবুজি আৰু শেষত বিচ্ছেদঞ্জ

আন বহুতো গতানুগতিক, মানুহে এবাৰ পঢ়িয়ে পাহৰি যোৱা গল্পটোৰ গতানুগতিক সমাপ্তিটো লিখিবলৈ লৈ তাই ৰৈ গল৷ এইবোৰ গল্প মানুহে কিয় পঢ়িবঞ্জ

পঢ়ি কি পাবঞ্জ  আৰু একো এটা নেপাবলৈকেনো মানুহে গল্পৰ ওচৰ কিয় চাপিবঞ্জ গল্পৰ মানুহবোৰ, কথাবোৰ, সংলাপবোৰ, কাহিনীবোৰ সদায় একেই কিয় হৈ থাকিবঞ্জ

নিজৰ মনটোকে প্ৰিয়ম্বদাই সুধিলে৷ সুধিলেহে৷  উত্তৰটো নেপালে৷ নোপোৱাৰে কথা৷

গল্পটোৰ চমৎকাৰ সামৰণি এটা কৰিবলৈ গৈ, নিজেই যাতে গল্পৰ নায়িকাৰ আদৰ্শ হব পাৰে, তাৰ বাবে কলমটো সামৰি থৈ অনলাইনত তাই এবাৰ নিজৰ ঘৰলৈ যাব পৰা ট্ৰেইনখন বিচাৰিলে৷ নাই, কৰোণাকালত বন্ধ হৈ যোৱা কিছুমান ৰেলৰ চলাচল এতিয়াও আৰম্ভ হোৱাই নাই৷ আলনাত থকা নিজৰ কাপোৰসোপা তাই জাপি কুচি আলমাৰীত ভৰাই লে৷ থাকক৷ এইসোপা ইয়াতে থাকক৷

ইয়াৰে বেছিভাগ চাদৰৰ আঁচলতে চকুপানীৰ অদৃশ্য দাগবোৰ লিপিট খাই আছে৷ এইসোপা নি লৈ তাই কি কৰিবঞ্জ

ইছমাইল নামৰ চিনাকি ড্ৰাইভাৰটোক ফোন কৰিবলৈ লৈও তাই এবাৰ ৰৈ ল৷ সি বিশ্বাসী, নম্ৰ ৰা৷ কিন্তু কিমান বিশ্বাস কৰিব পাৰি তাকঞ্জ গল্পৰ নায়িকাৰ পুতলা নামৰ ছোৱালীকণতকৈ দুবছৰ সৰু ইমনক লৈ ইছমাইলৰ গাড়ীত তাই ঘৰলৈ যাবগৈ পাৰিবনেঞ্জ

ইমনক কান্ধত পেলাই নিচুকনি এটা গাই গাই তাই বাট বিচাৰি থাকিল৷

কোনটো বাটেৰে গৈ গৈ তাই ঘৰ পাবগৈ, কোনটো বাটৰ আন্ধাৰ সুৰংগবোৰ এৰি থৈ এসময়ত তাই মুকলিকৈ অকনমান উশাহ তাকে ভাবি ভাবি তাইৰ নিচুকনিৰ সুৰটো কান্দোনলৈ পৰিণত ল৷

এসময়ত ইমন শুলে৷ তাৰ টোপনিত লালকাল মুখখন, প্ৰকাণ্ড ঘৰটোৰ নিৰৱতাখিনি আৰু অজয়ৰ সযত্ন পালিত অৱহেলাখিনিয়ে তাইক এবাৰ গোটেই মানুহজনীকে জোকাৰি পেলালে৷

অজয় এইকেইদিন ভীষণ ব্যস্ত৷ প্ৰভূভক্ত কুকুৰৰ দৰে সি দলৰ কামত যেনি তেনি ঘূৰি ফুৰিছে৷

ইমনে গধূলি তাক বিচাৰে৷

প্ৰিয়ম্বদাই ফোন কৰে, ফোনটো ৰিং হৈ হৈ এসময়ত বন্ধ হৈ যায়৷ সি ঘৰ পোৱাৰ পাছত তাই সোধে– ‘ইমান ফোন কৰিলোঁ, কিয় নুতুলিলাঞ্জ

সি চাৰ্টৰ বুটাম খুলি খুলি কয়– ‘ঘৰলৈ আহিমেইচোন/’

প্ৰিয়ম্বদাৰ কবলৈ মন যায়–‘মোৰ কিবা বলৈও থাকিব পাৰে/’

তাই নকয়, সেই কথা বহুবাৰ কোৱা হৈয়ে গৈছে৷

বুকুত তাইৰ বিষ এটা উঠে৷ ক্ষোভ বা অভিমানত নহয়৷ নিজকে নিজে ইমান অসন্মান দিবলৈ তাই তাক সুযোগ দিছে কেনেকৈঞ্জ সেই প্ৰশ্নটোৱে তাইক হেঁচি ধৰে৷

গল্পটো টেবুলতে আছিল৷ কাগজকেইখিলা হাতত তুলি লৈ এবাৰ ওপৰে ওপৰে পঢ়ি তাই গল্পটো ফালি পেলালে৷

মিছা কথা/ গল্পৰ দৰে একোৱেই নহয়৷

গল্পত থকাৰ দৰে নায়িকাবোৰ ইমানো সাহসী নহয় যে দেৱৰ দৰে মানুহৰ  সকলো অৱজ্ঞা ওফৰাই নিজৰ বাট নিজে কাটি ,ইমান বেছি ভীৰু, মৰ্যাদাহীন অথবা আত্মসন্মানহীনো নহয় যে সকলো মানি লৈ  মহাকাব্যৰ নাৰীৰ দৰে মনে মনে সকলো অন্যায় সহি যাব৷

গল্পৰ দৰে একোৱেই নহয়/ আধা গল্প, আধা সঁচাৰ মাজৰ দোমোজাকণত প্ৰিয়ম্বদা দুলি থাকিল৷

আস্‌, দুলি থকা নোবোলে তাক/

ফাঁচীকাঠত ওলমি থকা মানুহৰ উশাহ ছিঙি পৰাৰ আগৰ সময় হে এয়া৷

ঘড়ীটোলৈ নেচাওঁ নেচাওঁ বুলিও তাই চালে৷ এঘাৰ বাজি চল্লিছ মিনিট৷  অজয় অহা নাই৷ আহিব৷

কোনোবা দলীয় কৰ্মীৰ ঘৰত ভোজ ভাত খাই সি পাবহি৷ ৰাতি যিমানেই নহওক, তেই যি নেখাওক লাগে, সি ঘৰলৈকে আহে৷

ঘৰলৈ অহাটোও কম সৰু কথা নহয়/ তাইৰ মুখত তাচ্ছিল্য, চকুত দুটোপাল ক্ষোভ বিৰিঙি উঠিল৷

প্ৰিয়ম্বদাই ফালি পেলোৱা গল্পটোৰ ছিন্ন ভিন্ন শৰীৰৰ অংশবোৰ গোটাই কোঠাৰ ভিতৰতে জ্বলাই পেলালে৷

তেতিয়া ৰাতি হৈছিল৷ একমানেই বাজিছিল নেকিঞ্জ পদূলি মূৰৰ আমজোপাত থকা চৰাইবোৰ কিচিৰ মিচিৰকৈ উঠিছিল দেখোন/

অজয় অহা নাছিল৷ আহিব৷ আহিব চাগৈ

FacebookFacebookfb-share-iconYouTubeInstagram