Story

বৰদৈচিলা (শেৱালী বৰা)

শালত ফুলটো বাচিবলৈ লওঁতে জীয়েক লাটুৱে মাক  মামনিক সিহঁতৰ ঘৰলৈ বৰদৈচিলা কেতিয়াকৈ আহিব সুধিলে৷ জীয়েকৰ কথাই মাকৰ তাঁত শালত ফুলটো আউল লগাই দিলে৷ আকৌ সুধিলে আজি বাৰু সন্ধিয়ালৈ আহিব  নেকি মা? মাকে বৰদৈচিলালৈ বৰ ভয় কৰে৷ ঘৰখন থানবান হয় বুলি৷ যেনে তেনে বিহুলৈ মানুহজন আহি ঘৰটো ঠিক-ঠাক কৰিলে তাই আটোমটোকাৰিকৈ সজাই ল’ব৷ সন্ধিয়াৰ খবৰটো  তাইৰ […]

শালত ফুলটো বাচিবলৈ লওঁতে জীয়েক লাটুৱে মাক  মামনিক সিহঁতৰ ঘৰলৈ বৰদৈচিলা কেতিয়াকৈ আহিব সুধিলে৷ জীয়েকৰ কথাই মাকৰ তাঁত শালত ফুলটো আউল লগাই দিলে৷ আকৌ সুধিলে আজি বাৰু সন্ধিয়ালৈ আহিব  নেকি মা? মাকে বৰদৈচিলালৈ বৰ ভয় কৰে৷ ঘৰখন থানবান হয় বুলি৷ যেনে তেনে বিহুলৈ মানুহজন আহি ঘৰটো ঠিকঠাক কৰিলে তাই আটোমটোকাৰিকৈ সজাই ব৷ সন্ধিয়াৰ খবৰটো  তাইৰ বাবে বৰদৈচিলা আছিল৷ বৰদৈচিলাই তাইৰ সংসাৰৰখন থানবান কৰি দিলে৷ কফিনত অহা নিজৰ মনৰ মানুহজন  দেখোন আজি জীৱনৰ বাবেই বৰদৈচিলা হৈ আহিল জীৱনটোৱেই শালৰ ফুলটোৰ দৰে আউল লাগিল….

FacebookFacebookfb-share-iconYouTubeInstagram