Story

যেতিয়া হাঁহিব খোজে (মনিকা শৰ্ম্মা)

 অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি শেৱালিয়ে যেতিয়া ঘৰ সোমাই বৃদ্ধ মাক দেউতাকৰ কৰুণ মুখখন দেখা পায় তাইৰ বৰ দুখ লাগে৷ কিমান কষ্ট কৰি যে এই মানুহহালে ল’ৰা-ছোৱালী দুটাক ডাঙৰ কৰিলে৷ লোকৰ ঘৰত খেতিৰথাৰত¸ কাম কৰি যি কেইটা টকা পাই সেই কেইটা টকাৰে ঘৰখনৰ যাৱতীয় বস্তু কেইপদ আনি ল’ৰা-ছোৱালী দুটাক কলেজত পঢ়াবৰ বাবে উপাৰ্জন কম হোৱাৰ […]

যেতিয়া হাঁহিব খোজে (মনিকা শৰ্ম্মা)

 অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি শেৱালিয়ে যেতিয়া ঘৰ সোমাই বৃদ্ধ মাক দেউতাকৰ কৰুণ মুখখন দেখা পায় তাইৰ বৰ দুখ লাগে৷ কিমান কষ্ট কৰি যে এই মানুহহালে ৰাছোৱালী দুটাক ডাঙৰ কৰিলে৷ লোকৰ ঘৰত খেতিৰথাৰত¸ কাম কৰি যি কেইটা টকা পাই সেই কেইটা টকাৰে ঘৰখনৰ যাৱতীয় বস্তু কেইপদ আনি ৰাছোৱালী দুটাক কলেজত পঢ়াবৰ বাবে উপাৰ্জন কম হোৱাৰ বাবে মাকেও গাঁৱৰে আদ্যবন্ত মানুহ কেইঘৰমানত ঘৰুৱা কাম কৰি তাৰ বিনিময়ত পোৱা টকাকেইটাৰে মিলাই মেলি ৰা ছোৱালী দুটাক পঢ়ুৱাৰ লগতে ঘৰখনো যেনেতেনে চলাই নিছিল৷ একেটা বছৰতে ৰা অমলে বি. আৰু ছোৱালী শেৱালিয়ে এইছ. এছ সুখ্যাতিৰে পাছ কৰি মাকদেউতাকৰ মুখত হাঁহি বিৰিঙালে৷ তেওঁলোকৰ কষ্ট সাৰ্থক হৈছে বুলি দুয়োয়ে বৰ আনন্দ পালে আৰু আগতকৈও বেছি কষ্ট কৰি অমলক চহৰৰ হোষ্টেলত ৰাখি এম. পঢ়াবৰ বাবে বন্দোবস্ত কৰিলে আৰু শেৱালিকো ওচৰৰে চহৰত কলেজ এখনত নাম লগাই দিলে৷ অমলে মাক দেউতাকক ইমান কষ্ট দি এম. নপঢ়ো বুলি কৈছিল যদিও দেউতাকে তাৰ কথা নুশুনিলে আৰু লে যে ঘৰৰ ভেটি বেচি লেও তোক এম. পঢ়ামেই৷ এইয়া মোৰ এটা ডাঙৰ সপোন৷

   দেউতাকৰ আশাবোৰ তথা সপোনবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ সি ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে আৰু নিজৰ সুবিধাৰ বাবে ওচৰতে এটা ভাড়া ৰুম লৈ থাকিল৷ যাতে পুৱাগধূলি সি ৰাছোৱালী কেইটামনক টিউচন কৰি নিজৰ খৰচ উলিয়াব পাৰে৷ তাৰ মনৰ কথা ৰুমৰ মালিকক কোৱাৰ লগে লগে তেওঁলোকে যেন হাততেই স্বৰ্গ ঢুকি পালে৷ ৰাছোৱালী হালক টিউচন দিবৰ বাবে শিক্ষক বিচাৰি থাকোঁতেই নিজৰ ভাড়াতীয়াকে শিক্ষকৰ ৰূপত পাই বৰ ভাল পালে৷ তেওঁলোকেও কেইটামান ৰাছোৱালী বিচাৰি দিলে আৰু কাষৰে এটা ৰুমত পঢ়াবৰ বাবে ঠিকঠাক কৰি দিলে৷ তেনেদৰেই সি নিজৰ খৰচ উলিয়াই এম. পাছ কৰিলে আৰু শেৱালিয়েও মাকদেউতাকৰ কষ্ট চাব নোৱাৰি গাঁৱৰেই কণ কণ ৰাছোৱালী কেইটামানক পঢ়ুৱাই কিছু পৰিমাণে মাকদেউতাকক সকাহ দিলে৷ এনেকৈয়ে দুয়োটা ৰাছোৱালীয়ে মাকদেউতাকৰ কষ্টৰ মূল্য দিবলৈ সক্ষম ল৷ সহজ সৰল মাকদেউতাকহালৰ আনন্দৰ সীমা নাইকিয়া ল৷ হাড়ক পানী কৰি কৰা কষ্টবোৰ যেন ভগৱানৰ আশীৰ্বাদহে আছিল৷ কিন্তু সেই আনন্দ বেছি দিন নাথাকিল৷ চাকৰি বিচাৰি বিচাৰি যেতিয়া অফিচৰ টেবুলে টেবুলে চাৰ্টিফিকেটৰ ফাইলটো দেখুৱাই দেখুৱাই অমলৰ আমনি লাগিছিল৷ ঠিক সময়তে এটা ডাঙৰ কোম্পানীৰ পৰা পোৱা এপইণ্টমেণ্ট লেটাৰখনে যে তাক এটা নতুন জীৱন দিব সি সেইটো বুজি নাপালে৷ এপইণ্টমেণ্ট লেটাৰখনে তাৰ সহজসৰল জীৱনটো কিনি পেলালে, বিনিময়ত সি পালে কোম্পানীৰ মালিকৰ বিশেষভাৱে সক্ষম একমাত্ৰ কন্যাক জীৱন সঙ্গিনী আৰু সম্পত্তিৰ অধিকাৰী৷

  জনা হোৱাৰ পৰা কেৱল দুখ কষ্ট দেখি দেখি দেখি শেষত অফিচৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰি শেষত পোৱা চাকৰিটো এৰি দিবলৈ মন নগ তাৰ৷ ভাগ্যত যি আছে তাকে বুলি মাকদেউতাকৰ কথা ভাবি সি চাকৰিত জইন কৰিলে৷ কিছুদিন ভালেৰে পাৰ ল৷ মাকদেউতাক আৰু ভনীয়েকৰ কষ্টৰ দিনবোৰ পাৰ হৈ গৈছিলহে ঠিক তেনেতে আকৌ তাৰ ঘৰ জোঁৱাইৰ খবৰটোৱে সিহঁতক বৰ আঘাত দিলে৷ সি কিন্তু অফিচৰ লগতে পত্নী আৰু গাঁৱত থকা মাকদেউতাক আৰু ভনীয়েকৰ প্ৰতি থকা সকলো দায়িত্ব পালন কৰি গৈছিল, কিন্তু হঠাৎ হোৱা এটা দুৰ্ঘটনাত সি মূৰত আঘাত পায় আৰু হাস্পতালত ভৰ্ত্তি বলগা হয়৷ ডাক্তৰৰ অনেক চেষ্টাৰ মুৰত সি ভাল , কিন্তু আগৰ সকলো কথা পাহৰি ফলত মাকদেউতাকৰ আকৌ আগৰ সেই দিনবোৰেই উভতি আহিল৷ মাকদেউতাকৰ মুখত পুনৰ হাঁহি বিৰিঙাবলৈ শেৱালিয়ে চহৰলৈ বাটকুৰি বাই অফিচৰ দুৱাৰে দুৱাৰে চাকৰি বিচাৰি বিচাৰি ঘূৰি গধূলি ঘৰলৈ গৈ বৃদ্ধ মাকদেউতাকৰ অসহায় মুখখন দেখে তেতিয়া তাইৰ অন্তৰখনে কান্দি উঠে৷ নাই তাই আৰু মাকদেউতাকৰ দুখ চাব নোৱাৰে৷ তাই চহৰৰ সেই অফিচাৰ জনৰ চৰ্তটোকে মানিব লাগিব৷ নিজকে উছৰ্গা কৰি লেও সেই চাকৰিটো ব৷ অন্তত মাকদেউতাকৰ দুখবোৰ কমিব আৰু এদিন শেৱালিয়ে নিজক বিক্ৰী কৰি সৰু চাকৰি এটা যোগাৰ কৰিলে৷ মাকদেউতাকৰ মুখত হাঁহি বিৰিঙাই নিজেই গোটেই জীৱন এটা অপৰাধ গাত লৈ জীয়াই থাকিল৷