Poem

অবাঞ্চিত (জ্যোতিকা ৰাজখোৱা বৰা)

মই যিদিনা আইৰ গৰ্ভত থিতাপি লৈছিলোঁ কিবা এক অজান আশংকাত বুকু দুৰু দুৰু কঁপিছিল মোৰ আইৰ,   ষড়যন্ত্ৰ চলিছিল এটি নিষ্পাপ প্ৰাণৰ আগমনত বাধা ঘটোৱাৰ, মোহাৰি পেলাব খুজিছিল এটি কলি,   কিন্তু, ঈশ্বৰ সুপ্ৰসন্ন থাকিলে পাৰে জানো কোনো মনুষ্যই অনিষ্ট কৰিব ঈশ্বৰ সন্তানক? সেয়েহে মই আজিও অক্ষত৷   মই যিদিনা ভূমিষ্ঠ হৈছিলোঁ আইৰ ঘৰত, চৌদিশে […]

মই যিদিনা আইৰ গৰ্ভত থিতাপি লৈছিলোঁ

কিবা এক অজান আশংকাত

বুকু দুৰু দুৰু কঁপিছিল

মোৰ আইৰ,

 

 

ষড়যন্ত্ৰ চলিছিল

এটি নিষ্পাপ প্ৰাণৰ

আগমনত বাধা ঘটোৱাৰ,

মোহাৰি পেলাব খুজিছিল

এটি কলি,

 

 

কিন্তু,

ঈশ্বৰ সুপ্ৰসন্ন থাকিলে

পাৰে জানো কোনো মনুষ্যই

অনিষ্ট কৰিব ঈশ্বৰ সন্তানক?

সেয়েহে মই আজিও অক্ষত৷

 

 

মই যিদিনা ভূমিষ্ঠ হৈছিলোঁ

আইৰ ঘৰত,

চৌদিশে ৰোৰোৱাই উঠিছিল

এটি বাক্যই,

ছোৱালী এজনী

চিৰপৰিচিত এটি উপেক্ষিত বাক্য,

মই লো আইবোপাইৰ

অবাঞ্চিত সন্তান,

সেয়েহে জন্মৰেপৰাই মই

অৱহেলিত, অনাদৃত৷

 

 

মোৰ জন্মত হয়তো

আইৰ বক্ষইদি অমৃত বৈছিল

কিন্তু সেই অমৃতত নাছিল

আইৰ আন্তৰিকতা৷

নাপালো কোনোদিন

আইৰ উমাল নিৰাপত্তা,

মৰমৰ সাহচৰ্য,

সেয়ে কিজানি

মোৰ বাবেও হৈ পৰিল

আই উপেক্ষিতা৷

কোনোদিন নুশুনিলোঁ

আইৰ মুখেদি

সেই চিৰকাংক্ষিত বাক্যটি

মাজনী, তোৰ কাষত মই সদায় আছোঁ৷’’