সামাজিক মাধ্যম আৰু সাহিত্য চৰ্চা (জিতুমণি বৰা)
এখন কিতাপ,
এটা গান, এটা কবিতা, এটা প্ৰবন্ধ লিখাৰ আঁৰত এটা বিশেষ পৰিৱেশ জড়িত হৈ থাকে৷ আবেগ, অনুভূতি প্ৰকাশ লেখক ভেদে ভিন্ন হোৱাটো স্বাভাৱিক৷ নহ’লে সকলো গায়ক মহম্মদ ৰফি, কিশোৰ কুমাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা হ’লহেতেন/ সকলো লেখক শংকৰদেৱ, বেজবৰুৱা, ৰূপকোঁৱৰ, বিষ্ণুপ্ৰসাদ ৰাভা, কৃষ্ণকান্ত সন্দিকৈ, বিৰিঞ্চি বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি
, লক্ষ্মীনন্দন বৰা, হীৰেন গোহাঁই হৈ পৰিলেহেতেন/
সেইদৰে আজিৰ প্ৰজন্মৰ মাজতো বহু প্ৰতিভাৱান কবি, গল্পকাৰ,
লেখক,
ঔপন্যাসিকৰ জন্ম হৈছে৷ এইসকলৰ মূল্যায়ন হ’বলৈ আৰু কিছু সময় লাগিব৷ যিদৰে একেদিনাই ভূপেন হাজৰিকা, মহেশ্বৰ নেওগ, বিৰিঞ্চি বৰুৱাৰো মূল্যায়ন হোৱা নাছিল৷
কিতাপৰ ভবিষ্যৎ নাই বুলি একাংশ লেখক আৰু প্ৰকাশকে আশংকা কৰিবলৈ লৈছে ৷ হয়, সময়ৰ লগে লগে সকলোৰে পৰিৱৰ্তন হয়৷ কেছেট গুচি চিডি আহিছিল৷ এতিয়া চিডি অতীত হৈ গান ইউটিউবত উপলব্ধ হ’ল৷ গায়কসকলেও তেওঁলোকৰ সংগীত ইউটিউবত আপলোড কৰি জনপ্ৰিয়তা আৰু সুখ অনুভৱ কৰিবলৈ লৈছে৷
কিতাপ থাকিবই৷ পৃথিৱীত এনে কোনো শক্তি নাই যি গ্ৰন্থক ধৰাৰ পৰা বিদায় দিব/ ভাল কিতাপৰ মৃত্যু নাই৷ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰসমূহত ছপা আখৰৰ সমুখত কোনো প্ৰত্যাহ৩ান অহা নাই৷ সম্প্ৰতি ডিজিটেল মিডিয়াৰ আগ্ৰাসী ৰূপৰ সমুখত বহু মাধ্যমে নিজকে সময় অনুসৰি সলাবলগীয়া হৈছে৷
এনে সময়তে ডিজিটেল মাধ্যমত গ্ৰন্থ বা কিতাপ সম্পৰ্কীয় কেইবাটাও গোটৰ জন্ম হৈছে৷ কিতাপক লৈ ৰুচিপূৰ্ণ আলোচনা হৈছে কেউটা গোটত৷
পঢ়ি বেয়া পোৱা কিতাপখনক লৈয়ো এটা গোটত খুব সুন্দৰ চৰ্চা দেখিছোঁ৷ আমি সকলোৱে জানো সকলো উজ্জ্বল বস্তু মানেই সোণ বা হীৰা নহয়৷ গ্ৰন্থ মেলাৰ সময়ত কিছুমান কিতাপক লৈ কৌশলেৰে মাৰ্কেটিঙ কৰা হয়৷ কেতবোৰ লোকে একপ্ৰকাৰ হুলস্থুল লগাই দিয়ে৷ গ্ৰন্থ সম্পৰ্কীয় এটা গোটত হোৱা আলোচনাত এইটো পৰিষ্কাৰ হৈছে৷ যোৱাবাৰ যিখন কিতাপক লৈ সৰ্বাধিক চিঞঁৰা হৈছিল সেই কিতাপখন পঢ়ি বেয়া পোৱা মানুহৰ সংখ্যাই এতিয়া বেছি ওলাইছে৷ যিদৰে বজাৰত ওলোৱাৰ লগে লগে জিলে জিলে, আচিক বনায়া, নাযাবা মোকে এৰি থৈ জাতীয় গীতবোৰে পোৱা জনপ্ৰিয়তাৰ বিপৰীতে এতিয়া কোনো চৰ্চা নাই, কোনো প্ৰাসংগিকতাও নাই৷ আগ্ৰাসী প্ৰচাৰৰ ৰূপ দেখি এনেকুৱাও লাগে আমাৰ দৰে লেখকে বছৰ বছৰ ধৰি মানসিক আৰু শাৰীৰিক শ্ৰমৰ বিনিময়ত লিখি উলিওৱা কিতাপৰ কি হ’ব?
অধিক চিন্তিত হৈ পৰো তেতিয়া, যেতিয়া বিৰিঞ্চি বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, মহেশ্বৰ নেওগ, বেজবৰুৱা, সূৰ্য কুমাৰ ভূঞা আদিৰ কিতাপক লৈ কোনো ধৰণৰ বৌদ্ধিক আলোচনা ক’তো দেখিবলৈ নাপাওঁ৷
কিন্তু এইখিনিতে এটা অনুৰোধ কৰিব বিচাৰোঁ, সকলো লেখকেই শ্ৰম কৰে৷ কোনোবা এখন কিতাপ পঢ়ি কোনো এজন বা দুজনে বেয়া পালে লেখকজনক হতাশ কৰি মন্তব্য দিলে আটাইতকৈ ক্ষতি হয় সেই সৃষ্টিশীল লেখকজনৰ৷ কিছুমান মানুহ আছে কেৱল আনৰ দোষ খোচৰা৷ আপুনি জানি আচৰিত হ’ব যে কিম্বদন্তি শিল্পী ভূপেন হাজৰিকাৰ সৰ্বাধিক জনপ্ৰিয় আৰু কালজয়ী গীতকেইটাতো ইউটিউবত আনলাইক কৰা মানুহ এইখন সমাজতে আছে৷ লাইফ অব এ ড্ৰাইভাৰৰ মাজত ভবেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰাক বিচাৰিলে নহ’ব৷ এই কিতাপখনে এচাম নতুন পঢ়ুৱৈৰ সৃষ্টি কৰা কথাটো অসমীয়া সাহিত্য জগতৰ বাবে এটা সুখৰ খবৰ৷
এইখিনিতে আন এটা কথা উনুকিয়াব বিচাৰিছো৷ ডিজিটেল মাধ্যমৰ গ্ৰন্থ বা কিতাপ সম্পৰ্কীয় গোটবোৰে অসমীয়া কিতাপৰ এখন বজাৰ সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে চিন্তাকৰ্ষক আলোচনাৰো আঁত ধৰি আহিছে৷ ইয়াৰ মাজতে দুই–এটা গোটে নিজৰ অজ্ঞাতে নিৰ্দিষ্ট দুই–এক লেখকৰ ব্যক্তিগত প্ৰচাৰক হৈ পৰিছে যেন অনুভৱ কৰিছোঁ৷ এয়া মোৰেই নহয়, অসমীয়া গ্ৰন্থৰ বহু পঢ়ুৱৈ আৰু লেখকেও অনুভৱ কৰিবলৈ লৈছে৷ নিৰ্দিষ্ট লেখকৰ একেবোৰ কিতাপ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বিজ্ঞাপনৰ দৰে প্ৰচাৰ কৰে৷ এইক্ষেত্ৰত গোটৰ মুৰব্বীয়ে এইটো নকৰিবলৈ আহ৩ান জনাব পাৰে ৷ লগতে নিজা উদ্যোগত অন্য লেখকৰ ভাল গ্ৰন্থৰ চৰ্চা কৰিব পাৰে৷ নজনালেও কথা নাই, কাৰণ, এয়া তেওঁলোকৰ নিজা সিদ্ধান্ত৷n


