
শাৰদীয়দুৰ্গোৎসৱআহিল (কৰবীবৰ্মনকলিতা)
শৰতৰ বতৰা লৈ শাৰদীয় দুৰ্গোৎসৱ আহিল৷ শৰৎ ঋতুক আঁকোৱালি ললে প্ৰকৃতিয়ে, চৌদিশে শৰতৰ শেৱালিৰ অথবা বকুল ফুলৰ গোন্ধ, নিয়ৰৰ দুৱৰি দলিছাখন ৰ’দৰ পোহৰত চিকমিকাব ধৰিছে নিয়ৰৰ টোপালবোৰে৷ নৈ দাঁতিকাষৰীয়া নতুবা চৰ-চাপৰিত গজি উঠা কহুৱা, বন-বিৰিণাবোৰে আকাশলৈ চাই হাঁহি বিৰিঙাব ধৰিছে, উলাহত বতাহত হালি-জালি নাচি পৰিছে৷ পথাৰত গজি অহা ধাননি দৰা যৌৱন প্ৰাপ্তি হৈ ওফন্দি আহিছে৷ শৰৎ মুখী পক্ষীকুল দুৰ দুৰণিৰ পৰা আহি সৌন্দৰ্য বৰ্দ্ধন কৰি তুলিছে বিল অথবা হাবি-বননিত, শৰৎত ফুলা বিভিন্ন ৰঙী ফুলবোৰে যেন জিপাল কৰি তুলিছে চৌপাশে, এক উছৱ মুখৰ পৰিৱেশ৷
দুৰ্গাপূজা বুলি ক’লে সাধাৰণতে জেলেপীৰ কথা, পিষ্টল আৰু পুতুলাৰ কথা মনলৈ আহে ৷ মন শৈশৱলৈ উৰা মাৰে৷ বৰ্তমান মানুহে কিন্তু বেছিকৈ জাক-জমকতাকহে বেছি প্ৰাধান্য দিয়া দেখা যায়৷ কোনটো পূজা মণ্ডপ কিমান ডাঙৰ অথবা কি ডিজাইন দিয়ে ইত্যাদি কথাবোৰত গুৰুত্ব আৰোপ কৰে৷ আজি-কালি ডাঙৰ ডাঙৰ মণ্ডপ...