POEM – Purbodix.com

POEM

অবাঞ্চিত (জ্যোতিকা ৰাজখোৱা বৰা)

POEM
মই যিদিনা আইৰ গৰ্ভত থিতাপি লৈছিলোঁ কিবা এক অজান আশংকাত বুকু দুৰু দুৰু কঁপিছিল মোৰ আইৰ,   ষড়যন্ত্ৰ চলিছিল এটি নিষ্পাপ প্ৰাণৰ আগমনত বাধা ঘটোৱাৰ, মোহাৰি পেলাব খুজিছিল এটি কলি,   কিন্তু, ঈশ্বৰ সুপ্ৰসন্ন থাকিলে পাৰে জানো কোনো মনুষ্যই অনিষ্ট কৰিব ঈশ্বৰ সন্তানক? সেয়েহে মই আজিও অক্ষত৷   মই যিদিনা ভূমিষ্ঠ হৈছিলোঁ আইৰ ঘৰত, চৌদিশে ৰো-ৰোৱাই উঠিছিল এটি বাক্যই, ’ছোৱালী এজনী হ’ল ’ চিৰপৰিচিত এটি উপেক্ষিত বাক্য, মই হ’লো আই-বোপাইৰ অবাঞ্চিত সন্তান, সেয়েহে জন্মৰেপৰাই মই অৱহেলিত, অনাদৃত৷   মোৰ জন্মত হয়তো আইৰ বক্ষইদি অমৃত বৈছিল কিন্তু সেই অমৃতত নাছিল আইৰ আন্তৰিকতা৷ নাপালো কোনোদিন আইৰ উমাল নিৰাপত্তা, মৰমৰ সাহচৰ্য, সেয়ে কিজানি মোৰ বাবেও হৈ পৰিল আই উপেক্ষিতা৷ কোনোদিন নুশুনিলোঁ আইৰ মুখেদি সেই চিৰকাংক্ষিত বাক্যটি “মাজনী, তোৰ কাষত...

প্ৰেম

POEM
ইন্দিৰা দেৱী মোৰ পৰা তেওঁৰ ঘৰলৈ দুখোজৰ বাট৷ ইহজনম পৰজনম উজাই উজাই মই অক্লান্তা৷ সৰু সৰু শিপাবোৰে পোখা মেলি শীৰ্ষমৃত্তিকাত পোত খাইছিলহে মাত্ৰ, আকাশমুখী সেউজীয়া আগটোৰপৰা বিহ্বলিত ঠাল-ঠেঙুলিবোৰে আহল-বহলকৈ হাতবোৰ মেলি দিছিল৷ জিৰজিৰীয়া বতাহৰ সিৰসিৰনিত উদভ্ৰান্ত হৈ দিকভ্ৰান্ত নহ’লেও, উভতি চালে তেওঁৰ ছাঁটোত আজিও মোৰেই প্ৰতিবিম্ব প্ৰতিবিম্বিত হয়৷ অপৰিসীমৰ সীমাত ৰৈ ৰৌদ্ৰোজ্জ্বল পুৱাত সদ্যস্নাতা কোনো মহিমাময়ীৰ আকুল আহ্বানত এদিন তেওঁ বিলীন হৈ গ’ল৷৷ মোলৈ এৰি থৈ গ’ল ক্ষত-বিক্ষত ক্ষোভৰ দগমগীয়া জুইকুৰা৷ পুনৰ, নেদেখাকৈয়ে তেওঁৰ গোপন প্ৰত্যাৱৰ্তন৷ উটি বুৰি ক’ৰবাত হেৰাই যোৱা এতিয়া মই এটা মৃত আত্মা৷৷...

ৰক্ত কণিকা

POEM
আমৃণা জেৰিয়ানা এমুঠি উশাহ বিচাৰি তেজ ৰঙা সপোনবোৰ লৈ জীৱনৰ মায়াবৃত্তত এটি ৰক্ত কণিকাই বাৰে বাৰে কিয় হেৰুৱায় সংযম/   প্ৰেমৰ প্ৰহৰী সেই ৰক্ত কণিকাটি বৈ থাকে নীৰৱে উচুপে নিঃশব্দে, বাট পাহৰি সি উশাহ হেৰুৱায়... জীৱন বোৱা সিৰাই সিৰাই৷   মৌনতাৰ উত্তাপে দহে হৃদয় মণিকোঠ নিঃসংগ প্ৰহৰে প্ৰহৰে, তাৰে সৈত দহে ৰক্ত কণিকাটি... অস্তিত্ব বোৱা সিৰাই সিৰাই৷   প্ৰেমৰ চানেকিৰে ফুল তোলা বিহুৱান অনাদৰে উঁৱলিব, পৰাচিত হ’ব ভুলৰ ভঁৰাল... আৰু, ৰক্ত কণিকাটি৷   নিদানৰ পথিক সেই ৰক্ত কণিকাটি বৈ থাকে নীৰৱে উচুপে নিঃশব্দে, এমুঠি উশাহ বিচাৰি তেজ ৰঙা সপোনবোৰ হেৰুৱায়... মৃত্যু বোৱা সিৰাই সিৰাই৷   নিদানৰ পথিক সেই ৰক্ত কণিকাটি বৈ থাকে নীৰৱে উচুপে নিঃশব্দে, এমুঠি উশাহ বিচাৰি তেজ ৰঙা সপোনবোৰ হেৰুৱায়... মৃত্যু বোৱা সিৰাই সিৰাই৷   জীৱনৰ মায়াবৃত্তত ৰক্ত কণিকা...

মৃত্যুৰ কিৰীলি (বিপুল গগৈ)

POEM
আই অথবা পিতাইক অকালতে চিতাগ্নিত তোলা স্বামী, পত্নী, সন্তান আৰু আত্মীয় স্বজনক বগা কাপোৰেৰে ঢাকি দিয়া বেদনাসিক্ত মৰ্মান্তিক দৃশ্যবোৰ শোকৰ কৰুণ চিৎকাৰবোৰ অনাকাংক্ষিত মৰণৰ কিৰীলিবোৰ হ্নদয়ৰ কোঁহে কোঁহে শেল হৈ বিন্ধে মনৰ আঁহে আঁহে বিষাদৰ বাঁহীৰ সুৰৰ আঘাত হৈ কাপ খাই ধৰে, চিতাৰ অগ্নি ফিৰিঙতিয়ে দেহ মন তিল তিলকৈ পুৰে৷ বসুন্ধৰাৰ বুকুত এতিয়া কেৱল জীৱন যুঁজৰ নিনাদ  ঘাট-প্ৰতিঘাত প্ৰাণৰ মমতাৰ আতংকত  ঘৰে - ঘৰুৱাহে গাঁৱে - কুটুম্বে সমন্বিতে জীৱন সঞ্জীৱনী সুধা বক্ষত লৈ বৈ অহা গংগা অলকানন্দাত মানৱৰ সৰ্ব অহংকাৰ উচাত্মিকতা সঁপি দি পুঁৱতিৰ সমজুৱা স্নানৰ কিৰীলি -- জীয়াই থকাৰ একান্ত তাড়নাত জগতৰ চৌদিশে এতিয়া মনুষ্য শিৰনত নিৰাকাৰ প্ৰভুৰ শ্ৰীচৰণত৷...

আহিবা বুলি (দীপলু শৰ্মা)

POEM
বৰষুণজাকে তুমি অহাৰ উমান দিয়ে, শীতল বতাহ জাকেও আহিবা বুলি বতৰা দিয়ে৷   চকুজুৰিয়েও বাৰে বাৰে চাই ৰয় পদুলিলৈ, প্ৰেমৰ ভাষা চকুৰে বুজাবলৈ৷   তোমাৰ বুকুত মুৰ গুজি এপ’লক জিৰাও   ভাগৰুৱা দেহ-মন শাঁত পেলাওঁ৷   বাজে সুৰ হৃদয়ত অইঃ নিতমৰ   প্ৰেমৰ জোঁৱাৰ উঠে মনৰ সাগৰৰ তীৰত৷   একো নকবা মাথো চকুলৈ চাই ৰোৱা অনুভৱ প্ৰেম বিশালতাৰ৷   ৰঙা চাহৰ কাপত ওঁঠৰ ৰঙা বোল যেন অমৃতৰ সৰোবৰ৷   তুমি অহাৰ অপেক্ষা   চকুজুৰিও ভাগৰুৱা৷...

অব্যক্ত (ৰূপজ্যোতি হাজৰিকা দত্ত)

POEM
কাৰ বুকুত কোনে গুজি থৈ আহে ফুলিব বুলি ফুলপুলি এটা   আঘোণৰ সোণফুলৰ সুখ এটাৰ দৰে আশা এটা আকাশত বনাই ফুৰে   বেলি এটা উঠাৰ পৰা নমালৈকে ক’ত কিমান ফুল ফুলে, সৰে গুজি থৈ অহা ফুলজোপা বুকুৱে বুকুৱে শিপালে অথচঃ ফুলিবলৈ   বুকুত নাথাকিল শূণ্যতাৰ বাগিচা এখন   ফুলিব পৰাকৈ সকলোৰে   বুকুত সিমানখিনি ঠাই নাথাকে যিমানখিনি ঠাইত দুখৰ আকাশখন ওন্দোলাই আহে৷...

শব্দহীন মই আজি

CURRENT TOPIC, POEM
আহিনৰ পদুলিত ঊমামণি গগৈ হাজৰিকা শব্দহীনতাত ভুগিছো মই, শব্দহীনতাৰ বাবে থমকি ৰৈছোঁ, শব্দহীনতাৰ বাবেই উকা হৈ ৰৈছে অনুভৱৰ দলিচা৷ শব্দৰ বাবেই জোনালী চকুত জীৱনৰ গান আধা ৰচা হ’ল, শব্দৰ বাবেই অভিমানত সাৰে থকা কথাবোৰ আধা লিখা হ’ল, শাৰদীয় চঞ্চল জোনৰ জোনাকো দেখোন আজি আহিনৰ পদুলিৰ নিয়ৰত পৰি ৰ’ল–   তথাপিও পদুলিত ৰলোহি স্বপ্নবিভোৰা হৈ, আহিনৰ মিচিকিয়া বাটৰ সিপাৰে ৰৈ শাৰদী জোনাকে যেন কাণে কাণে ক’লে– আধৰুৱা সপোনৰ বাখৰুৱা ফুল চন্দ্ৰাৱলী শৰতৰ সেউজী বুকুত সৰিব এদিন ঠেকেৰা ফুলৰ দৰে, উদাস আহিনতো কামিনী কাঞ্চনে হাঁহিব ভাবনাৰ কোঁহে কোঁহে....   এক আছুতীয়া শক্তি শব্দৰ ছাঁয়া-প্১২৬ায়া হৈ সিপাৰৰ পৰা মোক সাৱটি ধৰিছে, মই পুনৰ শব্দৰ উশাহেৰে জী উঠিব খোজোঁ, শব্দৰেই তোমাক কবিতাত বান্ধি ৰাখিব খোজোঁ৷ কিন্তু কবিতা কেনেকৈ লিখো কোৱা? তুমিতো জানাই, মই যে নিজেই তোমাৰ অনুৰাগৰ আধিক্যৰে লুতুৰি-পুতুৰি এটি আধা লিখা কবি...

কবিতা

POEM
আহিনৰ পৰশত চন্দ্ৰ দত্ত  আহিনৰ পৰশত গাখীৰতী ধানৰ থোকে থোকে লাগি থাকে কৃষকৰ ঘাম আৰু তেজৰ চেঁকুৰা, আশাৰ বৰ্ণিল স্বপ্ন ভাঁহি থাকে মেহনতী মানুহৰ চকুৱে চকুৱে৷   আহিনৰ পৰশত জুৰিটিৰ পাৰত ফুলে কোমল কহুঁৱা ফুল বিৰিণাই হালি-জালি নাচে, আকাশৰ বুকুৰে সৰে টোপ টোপ নিয়ৰৰ কণা, শৰতৰ প্ৰেম শেৱালিৰ স’তে গোপন অভিসাৰ/ নিয়ৰৰ আলিংগন/ পুৱাৰ সুৰুযৰ সোণালী কিৰণত মুকুতা মণি জ্বলে দুবৰিৰ শিৰত৷   আহিনৰ পৰশত বিলৰ বুকুত ফুলে পদুমৰ পাহি, কুঁৱলিৰ আৱৰণ ফালি জিলিকি উঠে ৰক্তিম আভা, তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/   আহিনৰ পৰশত বিলৰ বুকুত ফুলে পদুমৰ পাহি, কুঁৱলিৰ আবৰণ ফালি জিলিকি উঠে ৰক্তিম আভা, তোমাৰ ওৰণি তলৰ সলাজ হাঁহিৰ দৰে/ আহিনৰ পৰশত আলসুৱা শৰতৰ আকলুৱা মৰম ফৰকাল আকাশত qw ডাৱৰ দিগন্ত সীমনাৰে উৰি যায় দিক্‌ভ্ৰান্ত শৰালিৰ জাক৷   শাৰদী জোনৰ স্নিগ্ধ জোনাকত উৰি ফুৰে সুৰ এটি হৈ আশাভৰা জীৱনৰ গান৷  ...