
শিক্ষাৰ মাধ্যম আৰু কিছু চিন্তা (মামণি গগৈ হাজৰিকা)
সাম্প্ৰতিক সমাজত শিক্ষাৰ মাধ্যম বিষয়টো এটা বহু চৰ্চিত তথা চিন্তনীয় বিষয় হিচাপে পৰিলক্ষিত হৈছে৷ শিক্ষা মানে কি, শিক্ষাৰ উদ্দেশ্য বা শিক্ষা আহৰণ পদ্ধতি কি ইয়াক ভালকৈ উপলব্ধি কৰিব নোৱাৰিলে কেৱল মাধ্যমৰ ওপৰত গুৰুত্ব দিলেই প্ৰকৃত শিক্ষা নহয়৷ শিক্ষাৰ লগত মানৱ জীৱনৰ অনেক দিশ জড়িত৷ শিক্ষাৰ অবিহনে বৰ্তমান পৃথিৱীত এক সুন্দৰ সামাজিক আৰু সুৰক্ষিত জীৱন-যাপন সম্ভৱেই নহয়৷ মানৱ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সৰ্বদিশৰ সঠিক জ্ঞান লাভ কৰিবলৈ শিক্ষাই হৈছে আটাইতকৈ শক্তিশালী মাধ্যম৷ শিক্ষা দৰ্শনৰ জগতখনৰ লগত জড়িত বিভিন্ন প্ৰশ্নৰ উত্তৰত বিখ্যাত দাৰ্শনিকসকলৰ মতবোৰ বেলেগ বেলেগ৷ তেওঁলোকৰ মতসমূহৰ থুলমূল ধাৰণাটো এনেধৰণৰ– ভাষা, অংক, বিজ্ঞান, কলা আদি দিশসমূহৰ ওপৰত মানুহে যিবোৰ প্ৰতীকৰ সৃষ্টি কৰিছে সেইবোৰ জানিবলৈ-বুজিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ শিকাৰ প্ৰক্ৰিয়াই হৈছে শিক্ষা৷
জ্ঞান আহৰণৰ প্ৰধান আহিলা যিদৰে শিক্ষা সেইদৰে শিক্...