CURRENT TOPIC
পাকঘৰ
তিল দিয়া
চিৰাৰ
লাড়ু
ৰুবি দত্ত
তাৰ বাবে লাগিব ....
ৰ) চিৰা এক কাপ
২) কলা তিল তিনি চামুচ
৩) গুৰ আধা কাপ
৪) ঘিঁউ এক চামুচ
প্ত) ৰিফাইন তেল
প্ৰণালী ঃ চিৰা ভালকৈ চাফা কৰি গোটা গোটা চিৰা ল’ব৷ এতিয়া গেছত কেৰাহী পাতি তিলখিনি ভাজি নমাই ৰাখিব, , , এতিয়া সেইখন কেৰাহিতে সৰহকৈ তেল দিব, তেল গৰম হ’লে তাত এক মুঠি চিৰা দিব, , চিৰাখিনি ফুলি আহিলে নমাই ৰাখিব, , , এই দৰে আটাইখিনি চিৰা ভাজি ল’ব৷
আন এখন কেৰাহীত গুৰখিনি গলাই ল’ব, , , গুৰৰ পাগ হৈছেনে নে নাই চাবৰ বাবে সৰু বাতি এটাত পানী ল’ব, , তাতে পগোৱা গুৰ এক দুই টোপাল দি দিব, , , যদি টোপাল কেইটা পানীৰ তললৈ গৈছে, , , হাতেৰে চুই চাব, , যদি গোটা হৈ পৰিছে তেতিয়া বুজিব গুৰখিনিৰ পাগ জোখৰ হৈছে৷ গুৰ পগাই থাকোঁতেই ঘিঁউ আৰু তিল মিলাই দিব৷
এতিয়া গুৰ গেছৰ পৰা নমাই তাত ভাজি ৰখা চিৰা অলপ অল...
কেনে আছে আপোন মানুহবোৰ অথবা কুশল প্ৰাৰ্থনাবোৰ(বৰ্ষা শইকীয়া)
কেতিয়াবা লাহ যোৱা বেলিৰ পোহৰত নষ্টালজিক হয়নে আপুনি? নামঘৰৰ ডবাৰ কোবত মনত পৰেনে একান্তই আত্মীয় মানুহবোৰলৈ? অথবা ধূনাৰ গোন্ধেৰে আমোলমোল সন্ধিয়াবোৰত আপোনাৰ হিয়াই বিচাৰেনে ককাদেউতা অথবা আইতাৰ কোলাৰ উম? বিচাৰেনে ফাগুনৰ এই দিনবোৰত পলাশ-শিমলু-মাদৰৰ ৰংবোৰ বুটলিবলৈ// ক্ৰমশঃ হেৰাই গৈছে সান্নিধ্যৰ ছাঁ আৰু বুকুৰ আন্তৰিকতাবোৰ৷ আমি সকলো হৈ পৰিছোঁ মাথো ভাৰ্চুৱেল পৃথিৱী এখনৰ বাসিন্দা৷ ৰঙা-নীলা ছবিবোৰৰ মাজত ৰঙা-নীলা আখৰবোৰৰ মাজত আমি হেৰাই গৈছোঁ কোনোবাখিনিত// হেৰাই গৈছে বুকুৰ টান অথবা ভালপোৱাবোৰৰ ভৰ৷ এই ভাৰ্চুৱেল পৃথিৱীত মন গ’লেই আমি ভাব বিনিময় কৰিছোঁ আৰু মন গ’লেই কাৰোবাক ব্লক কৰিছোঁ৷ সোণাৰু ফুলৰ হালধীয়াবোৰত জী উঠা আমাৰ শৈশৱ অথবা কৈশোৰৰ পৃষ্ঠাবোৰ লুটিয়াই চাবলৈ আমাৰ যেন অকণো অৱকাশেই নাই৷ তাৰ পাছতো আমি জীৱনৰ কথা কৈছোঁ৷ ভালপোৱাৰ কথা পাতিছোঁ অথবা প্ৰতিশ্ৰুতি দিছোঁ সহৃদয়তাৰ৷ ফটো এখনত বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ছাতি...
আচিফ ফাউণ্ডেশ্বন
আচিফ ফাউণ্ডেশ্বনৰ উদ্যোগত ১৮ মাৰ্চ ২০২৪ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত ‘আচিফ ইকবাল হুছেইন’ সোঁৱৰণী বঁটা তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷
অকালতে মৃত্যুবৰণ কৰা প্ৰয়াত বিশিষ্ট পৰিচালক আচিফ ইকবাল হুছেইন বহু দূৰদৰ্শন ধাৰাবাহিক, নাটক, চুটি ছবি, ৰেডিঅ’ নাটক তথা ‘আজান ফকিৰ চাহেব’ নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবিৰ পৰিচালক আছিল৷
এই বঁটাটি বিশিষ্ট পৰিচালক মৃদুল গুপ্তাক ২০২৪ আচিফ ইকবাল হুছেইন সোঁৱৰণী বঁটা প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, উপন্যাসিক শ্ৰীযুত প্ৰভাত গোস্বামীয়ে, বন্তি প্১৮লন কৰে বিশিষ্ট পৰিচালক শ্ৰীশুভেশ্বৰ দাসে৷ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসমৰ চলচ্চিত্ৰ আৰু বিত্তীয় নিগমৰ উপাধ্যক্ষ শ্ৰীযুত আলেখ্য বৰুৱা আৰু বিশিষ্ট অভিনেত্ৰী ডঃ আকাশীতৰাই৷ ইয়াৰ লগতে সাংস্কৃতিক জগতৰ বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা, আদৰণি বক্তব্য আগবঢ়াই আচিফ ফাউণ্ড...
ৰমজান ঈদ(সবিতা বেগম)
শ্ৰেষ্ঠ আৰু পবিত্ৰ ত্ৰিশ দিন মাহ ৰমজান,ৰহমত, মাগফিৰাত, নাজাত অপৰূপ দান৷চয়তান, জীন, অশুভ শক্তি বন্দী,দ্বেষহীন ভাতৃত্ববোধ, সাধ্যসাৰীৰ জৰুৰী৷কিয়ামতৰ সাফা, শৰীৰৰ জাকাত ৰমজান,হেদায়ত সত্য পথ খোলা জান্নাতে ‘ৰাইয়ান’৷অবতীৰ্ণ পবিত্ৰ মহা গ্ৰন্থ গোটেই ৰমজান জুৰি,দানৰ পবিত্ৰ মাহ পঞ্চম স্তম্ভৰ শক্তিশালী খুটি৷ৰোজাৰ পুৰস্কাৰ দিব নিজ হস্তেমহান স্ৰষ্টা যি৷নতুনত্বত পূৰ্ণ পৃথিৱী উল্লাস গুঞ্জন মিলা-প্ৰীতি,ৰোজাৰ শেষত পশ্চিমাকাশত কাঁচিজোন দেখিঈদৰ আনন্দত বাজিব আকাশে বতাহে শান্তিৰ ধ্বনিখোৱা - লোৱা আশীৰ্বাদ আৰু কতনা খেল-ধেমালি৷পাপ বিশৃঙ্খলাৰ মনোমালিন্য সকলো অৱসান কৰি,সমবেত হৈ নামাজ পৰি দোৱা কৰিব প্ৰাণ ভৰি৷বিনিময় কৰিব আনন্দ সুখ-শান্তি আৰু সমৃদ্ধি৷৷...
নাম তাইৰ কবিতা(জিনামণি বৰা)
তুমি হেনো প্ৰেমত পৰিছা সেয়ে সুধিছিল তাইকোন বাৰু তেওঁঞ্জকৈছিলা তুমিনাম তাইৰ কবিতাএদিন জোনাক নিশানৈৰ পাৰত তোমাৰ কাষলৈ আহিতাই কৈছিল–আজি তুমি কোৱামই শুনিমমাথোঁন শুনিম তোমাৰ মুখততোমাৰ প্ৰেমৰ ৰাণী কবিতাৰ কথাপ্ৰেমৰ গোপনীয়তা ৰক্ষা কৰিতুমি কৈ গৈছিলা–জোনাক নিশাআকাশৰ নীলাবোৰৰ মাজে মাজেশুকুলা ডাৱৰৰ আঁৰে আঁৰেজোন আৰু তৰা হৈকবিতাৰ লগত তুমি লুকা-ভাকু খেলামন যায় তোমাৰনৈৰ পাৰৰ বালিচৰত বহিকবিতাক সাবটি ধৰিতাইৰ দেহৰ উষ্ণতাৰ উমাল লৈবলিয়া নৈৰ সোঁতত উটি যাবলৈশব্দবিহীনভাৱেমৌনতাৰে মাথোঁন তুমিঅনুভৱ কৰি যোৱাতোমাৰ কবিতাৰ ৰাণীককাৰণ কবিতাই কাৰো লগতকথা নাপাতেলগ পোৱা নাইদেখা নাই কাহানিওসেয়ে কবিতাক চাব খোজা তুমিঅশান্ত মন শান্ত কৰিবলৈযিকোনো সময়তযিকোনো ঠাইতযিকোনো পৰিস্থিতিততুমি কৰা অনুভৱবুজিব আৰু জানিব বিচৰাকবিতাৰ ভাবমনে তোমাৰ বিচাৰে বহুত কিবাকিবিহেঁপাহ নপলোৱাকৈ অন্তৰ্দৃষ্টিৰে তুমিকবিতাক প্ৰাণভৰি চোৱাতোমাৰ বুকুৰ মাজত লৈতাইৰ ...
মৰীচিকা(এছ ইছলাম)
জীৱনৰ হাজাৰ আশা মোৰ কলিতে মৰহি গ’ল,জীৱনৰ বহুতো কথাবোৰ নোকোৱা সাধু হ’ল৷ মৰুৰ বুকুত পথ বিচাৰি দিশহাৰা হ’লো,জীৱন মৰুত মৰম বিচাৰি হাবাথুৰি খালোঁ৷ জীৱন বেলি মাৰ যাওঁ যাওঁ জীৱনৰ বিয়লি বেলা,ভুলৰ বুকুতে শেষ হ’ল মোৰ জীৱনৰ যত খেলা৷
“ব’হাগ যেতিয়া আহে’’(পাৰ্থ বিজয় বৰুৱা)
ব’হাগ যেতিয়া আহেতোমাৰ জেতুকাবুলিয়া দুহাতেৰে বুই উলিওৱা গামোচাখনলৈ,মোৰ বৰ মনত পৰে৷বহাগ যেতিয়া আহেমোৰ পদূলিমুখত যেতিয়া তগৰবোৰ ফুলে আৰু কপৌজোপা যেতিয়া কাঁচিয়লি ৰ’দত জিলিকি উঠে তেতিয়া,তোমালৈ বৰকৈ মনত পৰে৷ব’হাগ যেতিয়া আহেতুমিয়ে জানো মোৰ দুহাতত জেতুকা ঘঁহি দিয়া নাছিলা৷বহাগ যেতিয়া আহেমোৰ বাৰীৰ এচুকত থকা আমজোপাই যেতিয়া কলি পেলায়,গছৰ ডালত পৰি থকা কুলিজনীয়ে যেতিয়া বিনায়,তেতিয়া তোমালৈ বৰ মনত পৰে৷ব’হাগ যেতিয়া আহেতুমি ওঁঠত বৰ্হমথুৰি ঘঁহিৰঙা মেখেলা চাদৰযোৰ পিন্ধি, কপৌ ফুলেৰে খোপাটি সজাই,বিহুৰ দিনা মোলৈ যেতিয়া পিঠা লৈ আহাআজিও মোৰ সেইবোৰ বৰ কথা মনত পৰে৷ব’হাগ যেতিয়া আহেচাৰিওপিনে লঠঙা গছবোৰত নতুন কুঁহিপাত মেলেৰঙালীয়ে আদৰে নতুন বছৰ,চৰাইৰ মাত, বগলীৰ জাকবাঁহীৰ মাতেৰে উতনুৱা তাইৰ মন,দুচকুত কত যে ভালপোৱা, কত যে সপোন,তোমাৰ হাঁহিৰ সেই চঞ্চলতাই নিমিষতে মোক বলিয়া কৰে৷ব’হাগ আজি আকৌ আহিছে,সকলোৰে মনত কিমান স্ফূৰ্তি লা...
অল্প বিদ্যা ভয়ঙ্কৰ(আয়নাল হক)
একোকে ধৰিবই নোৱাৰিকিহতনো লাগে কেনাদৰ-দাম কৰোঁতেই চাগেলাগি যায় লেঠা৷ কিমান সস্তীয়া হ’লেঅনুভৱৰ বজাৰ বহে!অল্প বিদ্যা ভয়ঙ্কৰএইকথা সকলোৱে জানে৷ যোগ্যতাঅৰ্জন কৰিবলৈপ্ৰচুৰ সাধনাৰ প্ৰয়োজনতেন্তে যোগ্যতাক কিনিবলৈকিহৰ ইমান আয়োজন? কিনি লোৱা সন্মানতথাকে জানো মূল্য?দক্ষতাৰেসন্মানিত হওক সন্মান হ’ব অমূল্য৷...
নাৰী(বাহাৰুল ইছলাম)
সৃষ্টিৰ আধাৰ তুমি নাৰী বীৰাংগনাসহনশীলা তুমিয়েই বসুন্ধৰানাৰী তুমি গৰীয়সী তুমিয়েই মমতাময়ীআনিব পাৰাশান্তিৰ নিলয়, সফলতাৰ বন্যাআছে শকতি তোমাৰবিশ্ব বিজয়ৰ৷ তোমাৰ মাজত মা জননীআকাশ সম উদাৰতাজীৱন সঙ্গিনী প্ৰতিপলৰ লগৰী পুৰুষৰ,ভগ্নী হৈ তুমিয়েই গঢ়ি তোলাএনাজৰী মৰমৰ৷ হ’বই নোৱাৰা তুমি অবলাত্যাগৰ প্ৰতিমা তুমি অপৰূপাতোমাৰ হাততেই আছে পুৰুষৰজয়-পৰাজয়ৰ বন্তি,সৌন্দৰ্যৰ শীৰ্ষত উঠি জ্যোতি সানিছাতমোময় জগতক৷ কত অভিনয়েৰে কৰা মোহিত জগতককত ক্ষয় হয় পৰ্বত তোমাৰকোমল পৰশত,ৰূপান্তৰ হয় মৃদু হাঁহিতকত শিলাময় হিয়া৷ সৰ্বদিশত নৰৰূপী আছে অৱদানতৎস্বত্বেও হৈছা ধৰ্ষিতা, লাঞ্ছিতা, পীড়িতাৰচিছে অপযশ জীৱশ্ৰেষ্ঠইদানৱৰ বেশ ধৰি নৰৰ কলংক সানিঅপৰাধ কৰিছে অনেকে৷ কিয় হ’বা তুমি ছলনাময়!হ’বা কিয় তুমি অশান্তিৰ কাৰণতুমি যে বোৱতী নৈ!কেতিয়াবা প্লাৱনৰ ৰূপত নাশ কৰিবাদানৱৰূপী কুলাংগাৰক৷ হে নাৰী! তুমিয়েই বজ্ৰকণ্ঠৰ গৰাকীআগুৱাই যোৱা বৰদৈচিলা হৈন্যায় আৰু অ...