
মিঠাব্যঞ্জন (নীলাক্ষীবৰা)
নাৰিকল গাখীৰৰ পুডিং (পালেংশাকৰ ক্ষীৰৰ লগত)
কি কি লাগিব ঃ নাৰিকল গাখীৰৰ পুডিংৰ বাবে লাগিব সৰু জোখৰ নাৰিকল এটা, চেনি একাপ, কৰ্ণফ্ল’ৰ চাৰিচামুচ৷
পালেং শাকৰ ক্ষীৰৰ বাবে লাগিব পালেঙৰ পাত এমুঠী, গাখীৰ তিনিপোৱা, চেনি আধাবাটি, পাউদাৰ গাখীৰ চাৰিচামুচ, ইলাচী পাউদাৰ এচামুচ ঘিঁউ এচামুচ আৰু কাজু পিষ্টা কেইটামান৷
ক্ষীৰ বনোৱা প্ৰণালী– গাখীৰখিনি উতলাই উতলাই পগাই আধা কৰি লব৷ আনহাতে পালেংখিনিৰ ঠাৰি ছিঙি পাতখিনি ধুই ল’ব৷ এটা চচ্পেনত একাপ পানী উতলাই পালেঙৰ পাতখিনি দি দুই মিনিট ৰাখি একাপ ঠাণ্ডা পানীত পালেঙৰ পাতখিনি দি একমিনিটমান ৰাখি পানীৰ পৰা টুকি লৈ পেষ্ট বনাই ল’ব অকণমান পানী মিলাই৷ পেষ্টখিনি চেকী ল’ব এটা চচ্পেন গৰমাই ঘি দি তাত পালেঙৰ ৰসখিনি দি উতলাই ইলাচী যোগ কৰি নমাই থব৷ অকণমান কুহুমীয়া গাখীৰত পাউদাৰ গাখীৰখিনি দি ভালকৈ মিলাই গুলি ল’ব৷ এতিয়া পগাই লোৱা গাখীৰখিনি পুনৰ চুলাত গৰমাই তাত পালেঙৰ ৰস আগতে ঘিঁ...