
“এখন নেদেখা নদীৰ সিপাৰে’’ (ঊমঞ্জু মেচ)
ছেপ্টেম্বৰ মাহৰ সংখ্যাৰ পিছৰ পৰা..
পৃথিৱীৰ প্ৰতিটো জীৱৰ জীৱনেই এক মায়াময় খেল৷ জীৱন নদীৰ পাৰে পাৰে ক’ত কিমান যে ঘাত-প্ৰতিঘাত! হয়তো সেইবাবেই জীৱনৰ কত সময়ত জীৱ শ্ৰেষ্ঠ মানুহো পিছলি পৰে৷ অশেষ কষ্টৰে পুনৰ থিয় হয়৷ এই ধুনীয়া পৃথিৱীখনৰ পাৰ ভাঙি মানুহ সহজেই কলৈকো যাব নোৱাৰে৷ কিয়নো; মানুহ আশাবাদী৷ বহু আশা-আকাংক্ষা আৰু সপোনৰ প্ৰহেলিকাত বান্ধখাই মানুহ জীয়াই থাকে বা জীয়াই থাকিবলৈ বাধ্য হয়৷ তদুপৰি পৃথিৱীয়েও নিবিচাৰে পৃথিৱীৰ বুকু সুদা কৰি মানুহ কোনো অজান পৃথিৱীলৈ গুছি যাওক৷ মানুহ অবিহনে এই ধুনীয়া পৃথিৱীখন যে অপূৰ্ণ৷
ভাবি পাৰ নোপোৱা বহু কথাই মানকীৰ হৃদয়ত দোলা দি থাকে৷ মানকীৰ জীৱনৰ ওপৰেদিও পাৰ হৈ গৈছে নিজান পৃথিৱীৰ অমাৱস্যাই বৰণহীন কৰা ক’লা গোলাপৰ দৰে ৰাতি৷ মুক্ত মনৰ মানকীয়ে কুটিলতা কি চিনি নাপাইছিল৷ বিয়াৰ পাছত ৰাজীৱৰ পৰিয়ালত যি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেয়া ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ এসময়ত মানকীয়ে বৰ...