
“এখননেদেখানদীৰসিপাৰে’’ (ঊমঞ্জুমেচ)
যোৱা সংখ্যাৰ পিছৰ পৰা..
মানকীয়ে বাৰাণ্ডাতে ৰৈ বাহিৰৰ পৰিৱেশটো অনুভৱ কৰিলে৷ এই কেইদিন বাৰিষাৰ ডাৱৰে ঢাকি থোৱা আকাশখন আজি কিয় জানো ফৰকাল হৈ পৰিছে! মানকীয়ে ভাবিলে-
বাৰিষাৰ আকাশৰ ক’ত যে লীলা! কতৰ যে সপোন লৈ বাৰিষাৰ ভৰ যৌৱন! তাই সন্মুখৰ আলিটোলৈ চাই পঠিয়ালে৷ ক্ষণিকতে মানকীৰ মনটো গধুৰ হৈ আহিল৷ প্ৰবাল বৰাই লেঙেৰিয়াই লেঙেিৰয়াই খোজকাঢ়ি মানকীহঁতৰ পদূলিটো পাৰ হৈ গৈছে৷ এক অব্যক্ত ভাবনাত যেন মানুহজন নিজতে নিজে বিলীন হৈ গৈছে৷ ইমান অহংকাৰী মানুহজনৰ আজি এই অৱস্থা! এনেদৰে খোজকাঢ়ি গৈ থকা প্ৰবালক দেখি মানকীৰ মনটো অলপ বেয়াও লাগিল৷
আজিৰ পৰা প্ৰায় চাৰি বছৰমান আগতে এক মটৰ দুৰ্ঘটনাত পতিত হৈ প্ৰবালে ভৰি আৰু হাতত বেয়াকৈ দুখ পাইছিল৷ তেতিয়াৰ পৰাই প্ৰবালে ভালকৈ খোজকাঢ়িবলৈ, গাড়ী চলাবলৈ নোৱাৰা হ’ল৷ প্ৰবাল মানকীহঁতৰ গাঁৱৰে মানুহ৷ হয়তো টকা থকাৰ বাবে অহংকাৰী প্ৰবাল সাংসাৰিক জীৱনৰ খেলি-মেলিবোৰৰ বাবে অধিক জেদী হৈ পৰ...