EDITORIAL – Purbodix.com

EDITORIAL

সামাজিক মাধ্যম আৰু সাহিত্য চৰ্চা (জিতুমণি বৰা)

এখন কিতাপ, এটা গান, এটা কবিতা, এটা প্ৰবন্ধ লিখাৰ আঁৰত এটা বিশেষ পৰিৱেশ জড়িত হৈ থাকে৷ আবেগ, অনুভূতি প্ৰকাশ লেখক ভেদে ভিন্ন হোৱাটো স্বাভাৱিক৷ নহলে সকলো গায়ক মহম্মদ ৰফি, কিশোৰ কুমাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা লহেতেন/ সকলো লেখক শংকৰদেৱ, বেজবৰুৱা, ৰূপকোঁৱৰ, বিষ্ণুপ্ৰসাদ ৰাভা, কৃষ্ণকান্ত সন্দিকৈ, বিৰিঞ্চি বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, হোমেন বৰগোহাঞি , লক্ষ্মীনন্দন বৰা, হীৰেন গোহাঁই হৈ পৰিলেহেতেনসেইদৰে আজিৰ প্ৰজন্মৰ মাজতো বহু প্ৰতিভাৱান কবি, গল্পকাৰ, লেখক, ঔপন্যাসিকৰ জন্ম হৈছে৷ এইসকলৰ মূল্যায়ন বলৈ আৰু কিছু সময় লাগিব৷ যিদৰে একেদিনাই ভূপেন হাজৰিকা, মহেশ্বৰ নেওগ, বিৰিঞ্চি বৰুৱাৰো মূল্যায়ন হোৱা নাছিল৷

কিতাপৰ ভবিষ্যৎ নাই বুলি একাংশ লেখক আৰু প্ৰকাশকে আশংকা কৰিবলৈ লৈছে হয়, সময়ৰ লগে লগে সকলোৰে পৰিৱৰ্তন হয়৷  কেছেট গুচি চিডি আহিছিল৷ এতিয়া চিডি অতীত হৈ গান ইউটিউবত উপলব্ধ ল৷ গায়কসকলেও তেওঁলোকৰ সংগীত ইউটিউবত আপলোড কৰি জনপ্ৰিয়তা আৰু সুখ অনুভৱ কৰিবলৈ লৈছে৷

কিতাপ থাকিবই৷ পৃথিৱীত এনে কোনো শক্তি নাই যি গ্ৰন্থক ধৰাৰ পৰা বিদায় দিব/ ভাল কিতাপৰ মৃত্যু নাই৷ পৃথিৱীৰ উন্নত ৰাষ্ট্ৰসমূহত ছপা আখৰৰ সমুখত কোনো প্ৰত্যাহ৩ান অহা নাই৷ সম্প্ৰতি ডিজিটেল মিডিয়াৰ আগ্ৰাসী ৰূপৰ সমুখত বহু মাধ্যমে নিজকে সময় অনুসৰি সলাবলগীয়া হৈছে৷

এনে সময়তে ডিজিটেল মাধ্যমত গ্ৰন্থ বা কিতাপ সম্পৰ্কীয় কেইবাটাও গোটৰ জন্ম হৈছে৷ কিতাপক লৈ ৰুচিপূৰ্ণ আলোচনা হৈছে কেউটা গোটত৷

পঢ়ি বেয়া পোৱা কিতাপখনক লৈয়ো এটা গোটত খুব সুন্দৰ চৰ্চা দেখিছোঁ৷ আমি সকলোৱে জানো সকলো উজ্জ্বল বস্তু মানেই সোণ বা হীৰা নহয়৷ গ্ৰন্থ মেলাৰ সময়ত কিছুমান কিতাপক লৈ কৌশলেৰে মাৰ্কেটিঙ কৰা হয়৷ কেতবোৰ লোকে একপ্ৰকাৰ হুলস্থুল লগাই দিয়ে৷ গ্ৰন্থ সম্পৰ্কীয় এটা গোটত হোৱা আলোচনাত এইটো পৰিষ্কাৰ হৈছে৷ যোৱাবাৰ  যিখন কিতাপক লৈ সৰ্বাধিক চিঞঁৰা হৈছিল সেই কিতাপখন পঢ়ি বেয়া পোৱা মানুহৰ সংখ্যাই এতিয়া বেছি ওলাইছে৷ যিদৰে বজাৰত ওলোৱাৰ লগে লগে জিলে জিলে, আচিক বনায়া, নাযাবা মোকে এৰি থৈ জাতীয় গীতবোৰে পোৱা জনপ্ৰিয়তাৰ বিপৰীতে এতিয়া কোনো চৰ্চা নাই, কোনো প্ৰাসংগিকতাও নাই৷ আগ্ৰাসী প্ৰচাৰৰ ৰূপ দেখি এনেকুৱাও  লাগে আমাৰ দৰে লেখকে বছৰ বছৰ ধৰি মানসিক আৰু শাৰীৰিক শ্ৰমৰ বিনিময়ত লিখি উলিওৱা কিতাপৰ  কি ?

অধিক চিন্তিত হৈ পৰো তেতিয়া, যেতিয়া বিৰিঞ্চি বৰুৱা, ভবেন্দ্ৰনাথ শইকীয়া, মহেশ্বৰ নেওগ, বেজবৰুৱা, সূৰ্য কুমাৰ ভূঞা আদিৰ কিতাপক লৈ কোনো ধৰণৰ বৌদ্ধিক আলোচনা তো দেখিবলৈ নাপাওঁ৷

কিন্তু এইখিনিতে এটা অনুৰোধ কৰিব বিচাৰোঁ, সকলো লেখকেই শ্ৰম কৰে৷ কোনোবা এখন কিতাপ পঢ়ি কোনো এজন বা দুজনে বেয়া পালে লেখকজনক হতাশ কৰি মন্তব্য দিলে আটাইতকৈ ক্ষতি হয় সেই সৃষ্টিশীল লেখকজনৰ৷ কিছুমান মানুহ আছে কেৱল আনৰ দোষ খোচৰা৷ আপুনি জানি আচৰিত যে কিম্বদন্তি শিল্পী ভূপেন হাজৰিকাৰ সৰ্বাধিক জনপ্ৰিয় আৰু কালজয়ী গীতকেইটাতো ইউটিউবত আনলাইক কৰা মানুহ এইখন সমাজতে আছে৷ লাইফ অব ড্ৰাইভাৰৰ মাজত ভবেন্দ্ৰনাথ শইকীয়া, লক্ষ্মীনন্দন বৰাক বিচাৰিলে নহব৷ এই কিতাপখনে এচাম নতুন পঢ়ুৱৈৰ সৃষ্টি কৰা কথাটো অসমীয়া সাহিত্য জগতৰ বাবে এটা সুখৰ খবৰ৷

এইখিনিতে আন এটা কথা উনুকিয়াব বিচাৰিছো৷ ডিজিটেল মাধ্যমৰ গ্ৰন্থ বা কিতাপ সম্পৰ্কীয় গোটবোৰে অসমীয়া কিতাপৰ এখন বজাৰ সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে চিন্তাকৰ্ষক আলোচনাৰো আঁত ধৰি আহিছে৷ ইয়াৰ মাজতে দুইএটা গোটে নিজৰ অজ্ঞাতে নিৰ্দিষ্ট দুইএক লেখকৰ ব্যক্তিগত প্ৰচাৰক হৈ পৰিছে যেন অনুভৱ কৰিছোঁ৷ এয়া মোৰেই নহয়, অসমীয়া গ্ৰন্থৰ বহু পঢ়ুৱৈ আৰু লেখকেও অনুভৱ কৰিবলৈ লৈছে৷ নিৰ্দিষ্ট লেখকৰ একেবোৰ কিতাপ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বিজ্ঞাপনৰ দৰে প্ৰচাৰ কৰে৷ এইক্ষেত্ৰত গোটৰ মুৰব্বীয়ে এইটো নকৰিবলৈ আহ৩ান জনাব পাৰে লগতে নিজা উদ্যোগত অন্য লেখকৰ ভাল গ্ৰন্থৰ চৰ্চা কৰিব পাৰে৷ নজনালেও কথা নাই, কাৰণ, এয়া তেওঁলোকৰ নিজা সিদ্ধান্ত৷n