
আগন্তুক (ড০ কৰবি বেজবৰুৱা)
মেঘ (অ, ল) ঃ অতিৰিক্ত পৰিশ্ৰম হ’ব পাৰে। কৰ্মক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লগা হ’ব পাৰে। উপহাৰ লাভ হ’ব। ব্যৱসায়ত কিছু শংকা থাকিব পাৰে। মনৰ কোনো আশা পূৰণ হ’ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সাফল্যৰ যোগ দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত বিভিন্ন বিষয়ত মনোমালিন্য সৃষ্টিৰ সম্ভাৱনা। স্ত্ৰীৰ পৰামৰ্শত কোনো পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব।
বৃষ (ই, উ, ব) ঃ বাক্য আৰু ব্যৱহাৰত সংযম ৰাখিব। বয়োজ্যষ্ঠৰ পৰামৰ্শত উপকৃত হ’ব। কোনো বন্ধু বা আত্মীয়þৰ ব্যৱহাৰ দুখ পাব পাৰে। চৰকাৰী-বেচৰকাৰী চাকৰিত পৰিশ্ৰম বাঢ়িব। ব্যৱসায়ীসকলৰ আয় বৃদ্ধিৰ সম্ভাৱনা। অৱসৰপ্ৰাপ্ত ব্যক্তিৰ আকস্মৎ কোনো কৰ্মপ্ৰাপ্তি ঘটিব পাৰে। তৰ্ক-বিৰোধ এৰাই চলিব। সন্তানৰ সাফল্যত গৰ্বিত হ’ব পাৰে। আঘাত প্ৰাপ্তিৰ যোগ আছে।
মিথুন (ক, ছ) ঃ কৰ্মত সাফল্য লাভ তথা আৰ্থিক উন্নতি ঘটিব। গৱেষণাত লাগি থকাসকলে সাফল্য লাভ কৰিব। আৰ্থিক উন্নতিৰ সম্ভাৱনা আছে। কোনো প্ৰশিক্...