
মধুপুৰসত্ৰতমহাপুৰুষশ্ৰীমন্তশংকৰদেৱৰসাহিত্যচৰ্চা (নাছিৰআহমেদ)
এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে জীৱনৰ অন্তিম কালত (৯৭ বছৰ বয়সত) কোচবিহাৰ ৰাজ্যৰ ভেলা-মধুপুৰ সত্ৰত থাকি এই ভক্তি ধৰ্মৰ প্ৰচাৰ চলাই যোৱাৰ উপৰিও সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছিল৷ প্ৰথমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচবিহাৰ ৰাজ্যলৈ আহিব বিচৰা নাছিল৷ কাৰণ, কোচবিহাৰ ৰাজ্যৰ কোচ ৰজা নৰনাৰায়ণো শাক্ত ধৰ্মৰ উপাসক আছিল৷ কিন্তু, কোচ ৰজা নৰনাৰায়ণৰ বিদ্যোৎসাহী মনোভাৱ, সাহিত্য চৰ্চাৰ প্ৰতি গভীৰ অনুৰাগ আৰু তেওঁৰ পৃষ্ঠপোষকতাত কোচবিহাৰৰ ৰাজসভাত ভাৰতৰ সোণালী গুপ্ত যুগৰ দ্বিতীয় বিক্ৰমাদিত্যৰ ৰাজসভাত নৱৰত্নৰ সমাবেশ ঘটাৰ দৰে কোচবিহাৰ ৰাজ্যৰ সকলো কবি, সাহিত্যকে প্ৰাচীন কমতাপুৰী বা ৰাজবংশী তথা দেশী ভাষাত সাহিত্য চৰ্চা কৰা দেখি অত্যুৎসাহী হৈ উজনি অসমৰ শাক্ত-পন্থী ৰজাসকলৰ দ্বাৰা নিগৃহিত হৈয়েই নামনি অসমৰ পাটবাউসীলৈ ক্ৰমে মাধৱদেৱ, হৰিদেৱ, ৰামৰায়, নাৰায়ণ ঠাকুৰ, ৰামৰাম ঠাকুৰ আদিকে কৰি...