SERIES STORY – Page 2 – Purbodix.com

SERIES STORY

ধাৰাবাহিক উপন্যাস -দেৱদাসী  (যোৱা সংখ্যাৰ পিছৰ পৰা)

ধাৰাবাহিক উপন্যাস -দেৱদাসী (যোৱা সংখ্যাৰ পিছৰ পৰা)

SERIES STORY
বিজয়লক্ষ্মীয়ে মুখ ওফোন্দাই ঘৰতে বহি গিৰিয়েক অহালৈ বাট চাই আছিল৷ গিৰিয়েকৰ আগমনত তাই মনে মনে আনন্দিত হ’ল যদিও বাহিৰত একো প্ৰকাশ নকৰিলে৷ বৰঞ্চ গিৰিয়েকক কটাক্ষ কৰিহে ক’লে– ‘শেষ হ’ল নে মন্দিৰৰ নটীৰ নৃত্য উপভোগ? শিৱ দেৱতা অৰ্থাৎ ঈশ্বৰ সৰগৰ পৰা আহিছিল নে?’’ ‘‘আস তেনেকৈ ক’ব নাপায় নহয়৷ বিগ্ৰহে ৰূপ ধাৰণ নকৰে নহয়৷ প্ৰভু শিৱ স্বয়ং কৈলাশ পৰ্বততহে বিৰাজমান হৈ থাকে৷’’ এইবুলি শিৱবৰ শৰ্মাইও ততালিকে যিমান পাৰি অতি শান্তভাৱেই ক’লে৷ এইবাৰ বিজয়লক্ষ্মীয়ে উচাৎ মাৰি উঠি ক’লে– ‘‘তেনেহ’লে ইয়াত মানে মন্দিৰত নৈবেদ্য প্ৰদান কৰি, নৃত্যাঞ্জলী দি, দেৱদাসী তেওঁলৈ উ২৬১্গা কৰি জানো কিবা লাভ আছে?’’‘‘তুমি বৰ নাস্তিকৰ নিচিনাকৈ কথা কৈছা৷ এই দেশৰ অশুভ তন্ত্ৰ-মন্ত্ৰই তোমাক স্পৰ্শ কৰিছে নেকি? শিৱ হৈছে আদি দেৱতা, তেওঁ সৰ্বভূতৰ গৰাকী, ভূতনাথ৷ তেওঁৰ ওপৰত আৰু কোনো নাই৷’’‘‘নাথাকিব পাৰে৷ আৰু কোনো অশুভ তন্ত্ৰ-মন্ত্ৰই মোক উন...