Author: Arup Kakoti
পাকঘৰ
কেইবিধমান ফলেৰে
কৰিব
পৰা
চৰ্বত(নৱাব নাৰ্জী ইছলাম)
পকা অমিতাৰ চৰ্বত
Loaউপকৰণ ঃ পকা অমিতা এটা, পূৰঠ নেমু এটা, টেবুল চামুচেৰে চেনি চাৰি চামুচ, অলপ জালুকৰ গুড়ি, ক’লা নিমখৰ গুড়ি (স্বাদ অনুসৰি) কেইটুকুৰামান বৰফ আৰু ঠাণ্ডা পানী৷
প্ৰণালীঃ অমিতাখিনি বাকলি আৰু গুটি গুচাই তিনি গিলাচমান পানীত সিজাই ঠাণ্ডা কৰিব৷ এতিয়া চেনি, ক’লা নিমখ, জালুকৰ গুড়ি, নেমুৰ ৰস দি ভালদৰে ফেটি তাৰ পিছত কেইখিলামান পদিনা আৰু বৰফৰ টুকুৰা দি পৰিৱেশন কৰক৷
ডালিমৰ চৰ্বত
উপকৰণ ঃ এটা ৰঙা অৰ্থাৎ পূৰঠ ডালিম আৰু পৰিমাণ অনুসাৰে চেনি, পানী আৰু অকণমান চফৰ গুড়ি৷
প্ৰণালীঃ ডালিমটোৰ বাকলিভাগ আৰু ভিতৰত ওলোৱা পাতল ছাল সদৃশ তৰপকেইটা পেলাই মাথোঁ গুটিভাগৰ ৰস বাহিৰ কৰি চেনি আৰু ঠাণ্ডা পানীৰ সৈতে ভালদৰে মিহলাই চফৰ গুড়ি দি পৰিৱেশন কৰক৷
বেলৰ চৰ্বত
উপকৰণ ঃ এটা পকা বেল, ১০০ গ্ৰাম দৈ, কেইটুকুৰামান বৰফ আৰু প্ৰয়োজন অনুসৰি চেনি বা খেজুৰৰ গুৰ৷...
এজাক নীলা চৰাই(খুকুমণি মুদৈ দাস)
নীলিমাত বন্দী
মন- প্ৰাণেৰে
উৰি যায় এজাক
নীলা চৰাই,
নীল আকাশৰ
বিশালতাৰ বুকুত
পৰে বিলীন
হৈ, সিহঁতৰ
ভিজা ওঁঠত ফুলে
জুই ফুল ৷
অৰণ্যৰ মাজত হেৰায়
লগৰী ৷
পোৱা নোপোৱাৰ হেঁপাহত
ৰচে জীৱনৰ গান ,
আহে যায় সময়
নিমগ্ন হৈ পৰে
পৃথিৱী পোহৰ
মেৰুদণ্ডহীন দিন ৰাতিত
নিজমে কথা পাতে৷
বসন্তৰ এমুঠি সেউজীয়া অনুভৱ,,,
(ৰিণুমণি বৰুৱা ভূঞা)
বসন্ত মানেই যেন জীৱনৰ সেউজীয়া যৌৱন
এক মিঠা মিঠা আবেগৰ বৰ্ণিল অনুভৱ
ৰুদ্ধহিয়াৰ প্ৰাচীৰ ভাঙি বৈ অহা প্ৰাণো২৬ল
মাদকতাত জীপাল হৈ পৰা সুগন্ধিত যেন
লুকাই থাকে স্নিগ্ধ কোমল হেঁপাহৰ ব’হাগ৷
উতলা বৰদৈচিলাজনীয়ে উৰুৱাব খোজে
জীৱনৰ গহনকোণত বাহৰ পতা জীৱন্ত
সপোনৰ ইতিহাস কঢ়িওৱা কেঁচা কেঁচা ৰং
বসন্তৰ পূৰ্ণতাৰ প্ৰস্তুতিত ফুলি উঠে জীৱনে
আমন্ত্ৰণ কৰা সেউজসনা এটি পূৰ্ণাংগ প্ৰভাত৷
দ্বিধামুক্ত হেঁপাহৰ স্বপ্নৰে সজাব খোজা
অনুভবৰ দলিছাত লিপিবদ্ধ হৈ উঠে আজি
ফুল, তৰা, গানৰ ব’হাগ ব’হাগ লগা পাণ্ডুলিপি৷
বহাগৰ আলফুল অনুভবৰ অনুৰণনত
বুকুৰ মাজত মৃদু মধুৰ আলোড়িত মলয়াই
জগাই তোলে স্নেহশিক্ত জীৱন জিয়াৰ হেঁপাহ
সেউজসিক্ত বননিখনত হালধীয়া সোণাৰু কিম্বা
কৃষ্ণচূড়া নতুবা নাহৰৰ পাহি সিঁচা সময়তে
বাঁহীৰ সুৰৰ মূ২৬১্ণাত, ব’হাগে আবিৰ সানে
সৃষ্টিৰ শিহৰিত মায়াৱী অনুৰাগেৰে
সেউজীয়া, সেউজীয়া আৰু সেউজীয়া...৷৷...
কবিতা
ৰাজনীতিৰ গান
(জেতবন বৰুৱা)
কি দেখিছোঁ কি দেখিছোঁ
ক’বিনে মোৰ আই দেশৰ ভেকো-ভাওনা দেখি
আজি লাজ লাগি যায়!
আসন বিচাৰি বিচাৰি
ভাষণৰ ফুলজাৰি
নিজৰ বিবেক-বুধি-জ্ঞান
দিছে বিক্ৰী কৰি,
সভ্য সমাজত জানো
এইবোৰ শোভা পায়!
কি দেখিছোঁ কি দেখিছোঁ
ক’বিনে মোৰ আই!
ফাঁকি আৰু প্ৰৱঞ্চনাত
হৈছে পাৰ সময়,
গুচিল জানো কেতিয়াবা
ভোকাতুৰৰ প্ৰলয়,
আন্ধাৰে পোহৰে দুষ্টই
লৈ আহিছে ঠাই!
কি দেখিছোঁ কি দেখিছোঁ
ক’বিনে মোৰ আই!
ৰথী-মহাৰথী
বহু আছিলে তোৰ সন্তান,
স্বাৰ্থ নাছিল, পেছা নাছিল
কৰিছিল তোকে সন্মান,
ত্যাগীজনৰ আজি দেশত
পৰিচিতি নাই!
কি দেখিছোঁ কি দেখিছোঁ
ক’বিনে মোৰ আই!...
ধাৰাবাহিক উপন্যাস
মানুহ মানুহৰ বাবে
(তৃতীয় খণ্ড)
(স্বপ্না বৰঠাকুৰ)
হিচ্ হিচ্ ঝক ঝক কৰি গভীৰ নিশা ৰে’লখন আগবাঢ়িল৷ যাত্ৰীৰ নাকৰ ঘোৰঘোৰণি, আসনৰ কাষৰ ড্ৰীম লাইটৰ পোহৰ, মাজে মাজে যাত্ৰীৰ উঠা-নমা৷ ইয়াৰ বাহিৰে যেন এই গভীৰ নিশা একো অনুভৱ কৰিব পৰা নাযায়৷ নিৰ্দিষ্ট সংৰক্ষিত আসনখনত পৰি লেখিকাগৰাকীয়ে মূৰে-গায়ে কম্বলখন টানি ল’লে৷ তেওঁৰ স্বামীও শুই পৰিল সন্মুখৰ নিৰ্ধাৰিত আসনখনতে৷ নাই, ৰে’লৰ এনে যাত্ৰাত সঘনাই অভ্যস্ত নহয় তেওঁলোক; তথাপি তেওঁলোকে চেষ্টা কৰিলে টোপনি যাবলৈ৷ এতিয়া যে আপোন পৰিয়ালৰ পৰা আঁতৰত থাকি তেওঁলোকৰ জীৱনৰ সকলো ক্ষণ নিজেই নিয়ন্ত্ৰণ কৰিব লাগিব৷ তেওঁলোকে কামৰূপ এক্সপ্ৰেছেৰে যাত্ৰা আৰম্ভ কৰিছে ৩ জানুৱাৰীৰ নিশা ১ বজাত৷ পশ্চিমবঙ্গৰ শান্তিপুৰ পাবগৈ ৫ জানুৱাৰীৰ পুৱতি নিশা৷ নাই, তেওঁলোকে নিজৰ যত্ন নিজেই ল’ব লাগিব৷ গা বেয়া লাগিলে জানো হ’ব! কথাবোৰ ভাবি ভাবি গভীৰ নিশা সংৰক্ষিত আসনত দীঘল দি ...
কবিতা
পথাৰ
(এছ ইছলাম)
পথাৰত প্ৰখৰ ৰ’দৰ উত্তাপ
আওকাণ কৰি কৃষকে
পথাৰখন চাহ কৰে,
পথাৰতেই কৃষকৰ সপোন
গাভৰু শইচবোৰে
জীৱনৰ পাতনি মেলে৷
পথাৰত কঠীয়াৰ উত্তৰণ ঘটাই
পথাৰখন সেউজীয়া কৰে
পথাৰৰ লেপথেপীয়া
বোকাপানী খচি গাৰ ঘাম মচি
ভুঁই ৰুৱে৷
পথাৰত কঠীয়াই ঠন ধৰি
লহপহ কৈ বাঢ়ে
গাভৰু থোকবোৰে
বতাহত হালে-জালে
লখিমী আইয়ে
মিচিকিয়াই হাঁহে৷
কুঁৱলীৰ আৱৰণ ফালি
পুৱতিৰ ৰ’দজাক গাত লৈ
বিৰিয়াৰ ৰুণ্ জুন্ শব্দেৰে
গাঁৱলীয়া পথ সুসজ্জিত কৰে৷
আইতাই মূৰ দোঁৱাই
কৃষকৰ সপোনৰ ভেঁটিত
জীৱনৰ ৰং বিচাৰি পায়,
আইতাই চোতালখন মচি
লখিমী আইক
আদৰি আনে স্বগৃহলৈ
সাঁচি থ’ব শীতল ভঁৰালত৷
প্ৰভুৰ শ্ৰীচৰণত ভক্তিভাবে
ন-খোৱা লগে ভাগে খাই
প্ৰশান্তি লভে গৃহস্থই
পথাৰতেই কৃষকৰ
ভৱিষ্যতৰ সপোন গঢ়ে৷...
প্ৰাপ্তি-অপ্ৰাপ্তিৰ দোমোজাত জীৱন…(দৰ্শনা বৰঠাকুৰ)
(এক)
আমি যে জীৱনটোত কি কি নকৰো৷ কিমানক যে কি নকওঁ৷
এই যে ৰাতিপুৱাই শুই উঠিলোঁ, উঠিয়েই চোকা ৰ’দটোৰ ওপৰত দিলো খংবোৰ উজাৰি৷
ঃ ওলাল আৰু এইডাল৷ কি যে নহয়৷ দিনটো শেষ কৰিবলৈ৷
আকৌ আহিল কি নাহিল বতৰৰ বৰষুণ বচ আমি আৰম্ভ কৰিয়েই দিওঁ
ঃ আহিলেই নহয়৷ এহ শেষেই আৰু ৷ আজিও যোৱা নহ’ব৷ গোটেই বাটতো এতিয়া পানীময় হ’ব৷ কাপোৰবোৰ কিমানদিন হ’ল কিবা ভেকেটে ভেকেটা গোন্ধাইছে পায়৷ কেতিয়া যে বৰষুণটো কমিব৷ অ বৰুণ দেৱতা বোলো ক্ষান্ত হোৱা৷
সেইয়া আমি বৰষুণৰ পৰা বৰুণ দেৱতালৈকে দিলো নহয় পুৱাই পুৱাই গালি এসোপা পাৰি৷
কথা হ’লনে বাৰু৷ ৰাতিপুৱাই ৰ’দটোৱে আমনি কৰিব৷ আকৌ বৰষুণ দিলেও বিপদ৷ মুঠতে মনৰ শান্তি নাই৷ মনটোৰ আপত্তিবোৰ বতৰক লৈ কেতিয়া যে শেষ হ’ব ভগৱানেহে জানে৷ শেষত ভগৱানলৈকে ঠেলি দিছো সকলো৷
(দুই)
আকৌ যদি আমাৰ বাতৰিকাকতখন লৈ তেওঁ অহা দেৰি হ’ল বৰুৱা দাই মাতটো লগাবই নহয়৷ বোলো কি হে ডেকা ল’ৰা৷ পেপাৰখন পঢ়িম বুলি ৰৈ আছোঁ অ...
চলিহা বাৰেঘৰ সত্ৰৰ নতুন সত্ৰাধিকাৰ
ইন্দুভূষণ মহন্তক
সত্ৰাধিকাৰ হিচাপে নিৰ্মালি অৰ্পণ
অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে বৈষ্ণৱ সাহিত্য, সংগীত, নৃত্য, নাট, ভাস্কৰ্য, মুখাশিল্প আদিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰসমূহে গুৰু দায়িত্ব পালন কৰি আহিছে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ চলিহা বাৰেঘৰ সত্ৰইও সেই গৰিমা অক্ষুণ্ণ ৰাখি আহিছে৷ সত্ৰাধিকাৰ অতুল চন্দ্ৰ মহন্তদেৱৰ দেহাৱসানৰ পিছত আজি দুবছৰে ডেকা সত্ৰাধিকাৰ ইন্দুভূষণ মহন্তই সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাবে কাৰ্যনিৰ্বাহ কৰি আহিছে৷ যোৱা ৬ এপ্ৰিল শনিবাৰে প্ৰয়াত ডিম্বেশ্বৰ মহন্ত আৰু মহেশ্বৰী মহন্তৰ জ্যেষ্ঠ পুত্ৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, শিক্ষাবিদ, সমাজসেৱক ইন্দুভূষণ মহন্তক সত্ৰাধিকাৰ ৰূপে নিৰ্মালি প্ৰদান কৰা হয়৷ তেখেত সৰুৰে পৰাই সত্ৰীয়া সংস্কৃতিৰ থলী সত্ৰতেই জীৱন নিৰ্বাহ কৰি সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনা, গায়ন-বায়ন আদিৰ লগত জড়িত হৈ আছে৷ অসম সত্ৰ মহাসভা, গোপালদেৱ থান আদিৰ লগত জড...
দেশী জনগোষ্ঠীৰ বিষমা বা বিষুৱা(নাছিৰ আহমেদ)
চ’ত-ব’হাগৰ দোমাহী; যাক মহা বিষুৱ বা চ’ত সংক্ৰান্তি বুলি কোৱা হয়, অবিভক্ত গোৱালপাৰা জিলা তথা দেশী জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত ইয়াক চ’ত বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়৷ এই চ’ত বিষমা বা বিষুৱাৰ দিনাই কেঁহা, টেঙা, জ্বলা, নিমখীয়া আৰু মিঠা এই পাঁচ বিধ ঘৰৰ সকলোৱে খায়৷ আৰু ঘৰৰ সন্মুখৰ দুৱাৰৰ ওপৰৰ পাৰিত তিঁতা গছৰ ঠাৰি (নিমগছ আৰু কেঁহৰাজ গছ) পাতেৰে সৈতে ওলোমাই ৰাখে৷ দেশী জনগোষ্ঠীয় (হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ) লোকসকলে বিশ্বাস কৰে যে, এনেকৈ তিঁতা গছৰ ঠাৰি ওলমাই ৰাখিলে জ্বৰ -জাৰি বা অপায় -অমঙ্গল আদি নহয়৷
ব’হাগ বিহু বা ৰঙালী বিহুত পথাৰত বা মঞ্চত নানা যৌৱনোদৃপ্ত লয়লাস ভংগীৰে নৃত্য-গীত প্ৰদৰ্শন কৰাৰ পৰিৱৰ্তে দেশী জনগোষ্ঠীয়ে ইয়াক মেলামুখী উৎসৱলৈ পৰিণত কৰে আৰু এই উৎসৱটি একেৰাহে সাতদিন ধৰি উদযাপন কৰে৷ চ’তৰ সংক্ৰান্তিৰ দিনক চ’ত বিষমা বা বিষুৱা আৰু শেষৰ দিনৰ উৎসৱটিক সাত বিষমা বা বিষুৱা উৎসৱ বুলি কোৱা হয়...