তলাবন্ধ [লক-ডাউন]ৰ পূৰ্বৰে পৰাই আমাৰ দেশত ‘ইউটিউব’ মজিয়াখনত ৱেব-চিৰিজ, চুটি ছবি তথা পকেট ভিডিঅ’ আদি নিৰ্মানৰ ঢৌ উঠিছিল৷ পিছত তলাবন্ধ [লক-ডাউন] এ নৱপ্ৰজন্মৰ চিনেমা শিল্পৰ সৈতে জড়িত সকলক এই ‘ইউটিউব’ ক্ষেত্ৰখনৰ বিষয়ে ভালকৈ ভাবিবলৈ সুযোগ আনি দিলে৷ বিগত বছৰটোৱে ‘ইউটিউব’ মোবাইল স্কিনৰ দৰ্শকৰ মাজত সাংঘাতিক ভাৱে সোমাই গৈছিল বিভিন্ন ৱেব-চিৰিজ, চুটি ছবিৰ লগতে বিভিন্ন ধৰণৰ মনোৰঞ্জন মূলক পকেট ভিডিঅ’ৰ মাধ্যমেৰে৷
বৰ্তমান সময়ত অসমীয়া ৱেব-চিৰিজ তথা চুটি ছবিজগতখনৰ খবৰ বেয়া বুলি ক’লে নি(য় ভুল হ’ব৷ কেইবাজনো নৱাগত পৰিচালকৰ ছবিয়ে ইতিমধ্যে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ এফালে আকৌ বহুকেইখন ৱেব-চিৰিজ তথা চুটি ছবি আন্তঃৰাষ্টীয় প্ৰেক্ষাপটতো পুৰস্কৃত হৈছে৷ শেহতীয়াকৈ মুক্তি লাভ কৰা ৰবি শৰ্মা অভিনীত ‘‘ILLEGAL’’ ৱেব-চিৰিজখনেও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে৷


অসমত বৰ্তমানেও আৰু বহুকেইখন সৰু-ডাঙৰ ৱেব-চিৰিজ তথা চুটি ছবিৰ ইতিমধ্যে দৃশ্যগ্ৰহণৰ কাম চলি আছে৷ তাৰে ভিতৰত অন্যতম আহিবলগীয়া ৱেব-চিৰিজখন হৈছে- ‘হেকাৰ’৷ ‘আৰ. জি’ প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ৱেব-চিৰিজখনিৰ কাহিনীভাগ হৈছে ঋতু গোস্বামী আৰু সন্তোষ কুমাৰ বৰদলৈৰ৷ লগতে, ৱেব-চিৰিজখনিৰ চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা কৰিছে মডেল তথা সূদৰ্শন অভিনেতা ঋতু গোস্বামীয়ে৷ ৱেব-চিৰিজখনিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ঋতু গোস্বামী আৰু ভৱেন চন্দ্ৰ ডেকাই৷
লগতে, এজন বিশেষ সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে সন্তোষ কুমাৰ বৰদলৈয়ে৷ অন্যহাতে জিণ্টু, অৰ্ণৱ, নিশান আৰু কণিকা ৰাভাকে আদি কৰি বহুকেইজন নৱপ্ৰজন্মৰ প্ৰতিভাশালী যুৱক-যুৱতীক দেখা পোৱা যাব এই ৱেব-চিৰি জখনত৷ ‘হেকাৰ’ৰ চিত্ৰগ্ৰহণৰ ভূমিকা লৈছে অৰ্ণৱ, জিণ্টু আৰু মানৱ জ্যোতি শইকীয়াই৷ কাছাৰী, দিছপুৰ, খানাপাৰা আদিৰ দৰে গুৱাহাটীৰ বিভিন্ন পটভূমিত ৱেব-চিৰিজখনিৰ দৃশ্যগ্ৰহণ লোৱা হয়৷ তাৰোপৰি ‘হেকাৰ’ৰ সম্পাদনাও কৰিছে ঋতু গোস্বামীয়েই৷ পৰিচালকজনে ইয়াৰ পূৰ্বেও তেওঁৰ ‘আৰ. জি’ প্ৰডাকচনৰ বেনাৰত ‘মানবীয়তা [humanity never die], ‘কালস্বপ্ন [ট্ট Mysterious dream)’, ‘FAN [The King Maker)ক্স, ‘বন্দেমাতৰম [দ্দ্বঙ্গ are one)’ আদিৰ দৰে ব্যতিক্ৰম ধৰ্মী চুটি ছবি তথা পকেট ভিডিঅ’ আদি নিৰ্মান কৰি ‘শঙ্কৰ-আজান সমন্বয় বঁটা’ও আজুৰি আনিবলৈ সক্ষম হৈছে৷ আৰু এই ‘হেকাৰ’ হৈছে তেওঁৰ প্ৰডাকচনৰ ফালৰ পৰা মুক্তি পাবলগীয়া ছয় নম্বৰটি প্ৰকল্প৷ তদুপৰি ‘হেকাৰ’ৰ সন্দৰ্ভত গোস্বামীয়ে কয় যে, এখন ছবি নিৰ্মানৰ ক্ষেত্ৰত ইউনিট এটাৰ বহু ত্যাগ আৰু কষ্ট নিহিত হৈ থাকে৷ গতিকে, এইক্ষেত্ৰত অসমবাসী ৰাইজৰ ওচৰত গোস্বামীৰ এটাই অনুৰোধ যে, সকলোৱেই যাতে এই ৱেব-চিৰিজখনি চাই আৰু আদৰি লয় লগতে, ভুল-ভ্ৰান্তিসমূহো আঙুলিয়াই দিয়ে যেন৷ ‘হেকাৰ’ৰ মুক্তিৰ সন্দৰ্ভত আমি গোস্বামীক প্ৰশ্ন কৰাত এই চলিত মাহৰ শেষৰ ফালে ‘আৰ. জি’ প্ৰডাকচন ‘ইউটিউব’ চেনেলটিৰ মাধ্যমেৰে ৱেব-চিৰিজখনি মুক্তি লাভ কৰিব বুলি তেওঁ আমাক জানিব লৈ দিয়ে৷