এখন নতুন চৰকাৰ আৰু ৰাইজৰ আশা – Purbodix.com

এখন নতুন চৰকাৰ আৰু ৰাইজৰ আশা

প্ৰত্যাশিতভাৱে দিছপুৰলৈ উভতি আহিল বিজেপি৷ অসমত পুনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ল৷ অসমৰ ৰাজনীতিত এয়া প্ৰথমবাৰৰ বাবে সম্ভৱ হৈছে একেৰাহে দ্বিতীয়বাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ দিছপুৰৰ মচনদত৷ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত বিজেপিয়ে এককভাৱে চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নাপালেও মিত্ৰজোঁটে ৭৫খন আসন লাভ কৰিলে৷ এতিয়া দিছপুৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে পাঁচ বছৰ শাসন কৰিব৷ উল্লেখযোগ্য যে মিত্ৰজোঁটৰ অংশীদাৰ অগপই ন খন আৰু ইউ পি পি এলে ছখন আসন লাভ কৰিছে৷ সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ পুনৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে৷ কংগ্ৰেছে ২৯খন আসন আৰু কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ এ আই ইউ ডি এফে ১৬খন, বি পি এফে চাৰিখন আসনসহ মুঠ ৪৯খন আসন লাভ কৰিছে৷ বিধানসভা নিৰ্বাচনে অসমত ‘কা’বিৰোধী ভোটৰ তিনি ভাগত বিভাজন ঘটালে৷ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ‘কা’বিৰোধী ভোট বিভাজন ঘটাই বিজেপিক ক্ষমতা দখলৰ বাট দেখুৱাই দিলে দুটাকৈ নৱ গঠিত আঞ্চলিক দলে৷ কংগ্ৰেছেও অভিযোগ কৰিছে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বাবে তেওঁলোকে ১০টা সমষ্টিত পৰাজয় বৰণ কৰিবলগীয়া হ’ল৷

উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি বিজেপিয়ে ‘কা’ বলবৎ কৰিব খুজিছিল৷ বিজেপিয়ে বাংলাদেশত থকা হিন্দুসকলক ভাৰতত নাগৰিকত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷ ইয়াৰ আঁৰত থকা ৰাজনৈতিক উদ্দেশ্য আছিল পশ্চিমবংগৰ জনতাৰ হূদয় জয় কৰাটো৷ দুৰ্ভাগ্যবশতঃ অসমৰ সৈতে একেলগে অনুষ্ঠিত হোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপি শোচনীয় পৰাজয়ৰ সন্মুখীন হয়৷ এতিয়া প্ৰশ্ন উঠিছে, ইয়াৰ পাছত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ক লৈ বিজেপি ব্যস্ত হ’বনেঞ্জ এই ক্ষেত্ৰত দেশৰ ৰাজনৈতিক বিশে¡ষকসকলে পূৰ্বানুমান কৰিছে যে বিজেপিয়ে ‘কা’কেন্দ্ৰিক তৎপৰতাক স্তিমিত কৰি আনিব৷ পশ্চিমবংগই বাংলাদেশৰ বাংলাভাষী হিন্দুসকলক নাগৰিকত্ব দিয়াৰ উদ্দেশ্যৰে বিজেপিৰ ‘কা’কেন্দ্ৰিক ৰাজনীতিক প্ৰত্যাখ্যান কৰিলে৷ অসমত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ হাতলৈ ক্ষমতা আহিল যদিও এইবাৰ আঞ্চলিক দল অগপই পূৰ্বতকৈ দুৰ্বল ৰূপত আত্মপ্ৰকাশ কৰিছে৷ ২০১৬ত অগপই বিজেপিৰ অক্সিজেন লৈ ১৪খন আসন লাভ কৰিছিল৷ পাঁচ বছৰত অগপৰ আসনৰ সংখ্যা পাঁচখনলৈ হ্ৰাস পালে৷ এইবাৰ অগপই মাত্ৰ নখন আসন লাভ কৰি বিজেপিৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিল৷ ইয়াৰ পৰা এই ধৰণৰ আশংকা কৰা হৈছে যে ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনলৈ অগপই সাংগঠনিক ভাৱে সবল হোৱাৰ সম্ভাৱনা লাহে লাহে টুটি আহিব৷ একে সময়তে প্ৰশ্ন উঠিছে, অসমত আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যৎ কিঞ্জ অসমৰ লগতে যি পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল, তাৰে তিনিখন বৃহৎ ৰাজ্যৰ দুখনত আঞ্চলিক শক্তিৰ হাতত বিজেপিয়ে শোচনীয়ভাৱে পৰাজয়বৰণ কৰিছে৷ পশ্চিমবংগত আঞ্চলিক ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছে অকলেই বিজেপিক পৰাস্ত কৰিছে৷ তামিলনাডুত কংগ্ৰেছ আৰু ডি এম কেৰ জোঁটে বিজেপিক ক্ষমতাচ্যুত কৰিলে৷ কেৰালাত বাঁওমৰ্চাৰ হাতত বিজেপিয়ে এখন আসনো লাভ নকৰাকৈ পৰাস্ত হ’ল৷ কেৱল অসমত দুটা নৱ গঠিত আঞ্চলিক ৰাজনৈতিক দলে ঘটোৱা ভোট বিভাজনৰ সুযোগ লৈ বিজেপি ক্ষমতালৈ আহিল৷ পাঁচ বছৰৰ বাবে দিছপুৰৰ ক্ষমতা হস্তগত কৰা মিত্ৰজোঁটে অসমীয়া মানুহৰ ভৱিষ্যতৰ স্বাৰ্থত কি কৰিবঞ্জ –এই প্ৰশ্নটো এতিয়া কেউপিনে চৰ্চিত হৈছে৷ অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ তথা কমেও ১০০ বিধানসভা সমষ্টি খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ লগতে চৰকাৰী-বেচৰকাৰী খণ্ডত থলুৱাৰ নিযুক্তি ১০০ শতাংশ সংৰক্ষণ কৰাত এই চৰকাৰে সিদ্ধান্ত ল’বনেঞ্জ অসমীয়া হাতৰ পৰা খেতিপথাৰসমূহ ক্ৰমান্বয়ে বহিৰাগত একাংশ ব্যৱসায়ীৰ হাতলৈ গৈ আছে৷ খিলঞ্জীয়াৰ সা-সম্পত্তি ৰক্ষা কৰিবৰ বাবে এখন আইন প্ৰণয়নৰ দাবী বহু দিনৰ পৰা উত্থাপিত হৈ আহিছে৷ এই ক্ষেত্ৰত নতুন চৰকাৰে সময়োপযোগী সিদ্ধান্ত ল’ব পাৰিবনেঞ্জ ৰাজনৈতিক প্ৰতিবেদক

Leave a Reply

Your email address will not be published. Required fields are marked *