
আহিন মাহ আহিল৷ প্ৰত্যেক বছৰে অতি আগ্ৰহেৰে বাট চাই থকা শাৰদীয় দুৰ্গোৎসৱ আমাৰ সকলোৰে পদূলি মুখত৷ আনন্দ, উৎসাহ আৰু উলহ মালহৰ ৰঙীন সমাহাৰ৷ শেৱালি, নিয়ৰ আৰু নীলা আকাশে মনবোৰ উতনুৱা কৰি তুলিছে৷
শৰতৰ এটি সুন্দৰ আবেলি মই ৰাওনা হ’লো শান্তিপুৰ অভিমুখে৷ উদ্দেশ্য,
সকলোৰে আদৰৰ ‘‘বাবা দা’’ অৰ্থাৎ দীপাংকৰ কাশ্যপদাৰ লগত কিছু বাৰ্তালাপ কৰা ঃ পূজা, ফেশ্বন আৰু তেওঁৰ বৰ্ণিল জীৱনৰ কিছু কথা পূৰ্বদিশৰ পাঠকক জনাবলৈ৷
তেখেতৰ দুই দশকতকৈও অধিক অভিজ্ঞতাৰ পৰা ময়ো লাভ কৰিলো এইবাৰৰ পূজাৰ বাবে কিছু ফেশ্বন টিপ্ছ৷ আহকচোন, আপোনালোকেও পঢ়ি চাওক, তেওঁ কি ক’লে৷
পোন প্ৰথমে, তেওঁ ক’লে যে ১০ বছৰ আগৰ আৰু এতিয়াৰ পূজাৰ আয়োজন আৰু সাজ–পোছাকৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন ঘটিছে৷ বৰ্তমান নাৰী–পুৰুষ, কিশোৰ কিশোৰী আনকি শিশুসকলৰ ক্ষেত্ৰত অভিভাৱক সকলেও শেহতীয়া ফেশ্বন ট্ৰেণ্ড অনুকৰণ ( follow) কৰে৷ আৰু সকলো উৎসৱতে নিজকে সুন্দৰকৈ সজাই তুলিবলৈ চেষ্টা কৰে৷
বিভিন্ন ধৰণৰ সাজ–পোছাকৰ ভিতৰত শাৰী অথবা মেখেলা–চাদৰকে এইবেলি পূজাৰ বাবে উপযুক্ত বুলি ক’লে দীপাংকৰ দাই৷ বিবাহিত মহিলা সকলে দিনত পূজা দিবলৈ গ’লে অথবা ৰাতি মণ্ডপ দৰ্শন কৰিবলৈ গ’লে,
পৰম্পৰাগত শাৰী বা মেখেলা চাদৰে পিন্ধিলে ভাল লাগিব৷
আনহাতে, অবিবাহিত ছোৱালীসকলৰ মাজত এইবাৰ চেলৱাৰ–কামিজৰ ‘‘আনাৰ কলী’’ ডিজাইনটোৱে অধিক সমাদৰ লাভ কৰিব৷
ল’ৰা আৰু পুৰুষসকলৰ বাবে তেওঁ কুৰ্তা–পায়জামাই
recommend কৰিলে৷ ধূতি–কুৰ্তাৰ প্ৰচলন কমি আহিছে বুলি কোৱাৰ লগতে, তেওঁ কয় যে, সৰু প্ৰিণ্ট আৰু উজ্জ্বল ৰঙৰ কুৰ্তা–পায়জামা পুৰুষসকলৰ বাবে ট্ৰেণ্ডিং
(Trending) হ’ব৷
এতিয়া আহো, ৰং আৰু ডিজাইনলৈ৷ বিগত বছৰবোৰত উজ্জ্বল ৰং (যেনে হালধীয়া, ৰঙা, কমলা ইত্যাদি) সমূহ বেছিকৈ চলিছিল৷ কিন্তু এইবাৰ ‘‘মেটেলিক’’
(metallic) ৰঙবোৰে প্ৰাধান্য পাইছে৷ পূজাৰ বতৰত ফ্ল’ৰেল (floral) প্ৰিণ্ট আৰু ডিজাইন সমূহে ভাল লাগিব৷ সকলো বৰণ আৰু শকত বা ক্ষীণ লোকে ৰাতিৰ বাবে গাঢ়
(dark) ৰং বাচি লোৱাতো উচিত বুলি তেওঁ কয়৷ তাৰ অন্তৰ্নিহিত কাৰণ হ’ল যে কৃত্ৰিম পোহৰত গাঢ় ৰঙৰ পোছাক পিন্ধিলে ক্ষীণ লোকৰ শাৰিৰীক গঠন (figure) সুন্দৰকৈ ফুটি উঠে আৰু শকত লোকৰ মেদবহুলতা দেখাত কিছু পৰিমাণে হ্ৰাস পায়৷
মহিলা আৰু যুৱতীসকলে সুন্দৰ পোছাকযোৰ উজ্জ্বল মেক্–আপ আৰু সুন্দৰ গহনাৰ লগত পৰিধান কৰিব পাৰিব৷ বিভিন্ন ধৰণৰ ছিলভাৰ জাংক জুৱেলাৰী
(silver junk jewellry) বোৰে তেওঁলোকক আকৰ্ষণীয় কৰি তুলিব৷
মই তেওঁৰ জীৱনযাত্ৰা আৰু কৰ্মৰাজীৰ বিষয়েও ইটো–সিটো কথা সুধিলো৷

দীপাংকৰ কাশ্যপ বৰ্তমান এজন জ্যেষ্ঠ আৰু প্ৰতিষ্ঠিত ফেশ্বন ডিজাইনাৰ৷ দেশৰ প্ৰায় প্ৰতিখন চহৰতে এহেজাৰৰো অধিক ফেশ্বন শ্ব’ তেওঁ ইতিমধ্যে কৰিছে৷ জুবিন গাৰ্গ, প্ৰিয়ংকা চোপ্ৰা, টাইগাৰ শ্ৰ’ৰ্ফ আদিকে ধৰি বিভিন্ন অভিনেতা–অভিনেত্ৰী আৰু মডেলসকলে তেওঁৰ দ্বাৰা নিৰ্মিত পোছাক পিন্ধিছে৷ উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় দুই দশক আগতেই ২০০০ চনত তেতিয়াৰ মিছ ইণ্ডিয়া প্ৰিয়াংকা চোপ্ৰাক আমাৰ অসমীয়া পাটৰ মেখেলা চাদৰ পৰিধান কৰোৱাইছিল৷
তেওঁ ইংৰাজী বিষয়ত স্নাতকোত্তৰ
(M.A.) যদিও, পেচা হিচাপে ফেশ্বনৰ জগতখনক বাচি ল’লে৷ তেওঁৰ পৰিয়ালৰ মহিলাসকলক (মা, মাহী, খুৰী আদি)
stylish বুলি অভিহিত কৰি কয় যে, তেওঁলোকে তেওঁক অনুপ্ৰেৰণা যোগাইছিল আৰু শিক্ষাবৃত্তি বাদ দি ফেশ্বনৰ জগতলৈ আহোঁতে পৰিয়ালৰ পৰা কোনো বাধা পোৱা নাছিল৷
সৰুৰে পৰা তেওঁ নিৰ্দেশনা
(direction) ১ প্ৰতিও অতিকৈ আকৰ্ষিত হৈছিল৷ তেওঁ ইতিমধ্যে মিউজিক ভিডিঅ’ আৰু ৱেব্ছিৰিজৰ নিৰ্দেশনা কৰিছে৷
এইবাৰ পূজাত তেওঁ ৰাইজলৈ উপহাৰ দিব অনিন্দিতা প’লৰ কণ্ঠত এটি সুন্দৰ গীত ‘‘উশাহ’’
আৰু এখন চুটি ছবি ‘‘অ’টম লীভজ্’’ ( Autum leaves)৷ শেহতীয়াকৈ তেওঁৰ দ্বাৰা নিৰ্দেশিত
‘‘মায়া–দ্যা ট্ৰেপ্’’ জনপ্ৰিয়তাৰ শিখৰত থকা ৱেব্
ছিৰিজ৷
ক’ভিড–১৯ অতিমাৰীৰ সময়ত তেওঁ এক মিশ্ৰিত অভিজ্ঞতাৰে সময় অতিবাহিত কৰিছে৷ বেছিভাগ সময় তেওঁ ‘‘script’’ লিখাত ব্যস্ত আছে৷ কিন্তু ফেশ্বনৰ লগত জড়িত সৃষ্টিমূলক কামসমূহ ক্ষতিগ্ৰস্ত হৈছে বুলি আমাক জানিবলৈ দিয়ে৷
নৱপ্ৰজন্মৰ ফেশ্বন–জগতৰ প্ৰতি আগ্ৰহী যুৱক–যুৱতীৰ প্ৰতি শুভে২৬া জনাই তেওঁ কয় যে, এইখন জগতত কৰিবলগীয়া বহুত কাম আছে৷ নিষ্ঠাৰে কাম কৰি নিজৰ সৃষ্টিসমূহ সুন্দৰভাৱে উপস্থাপন আৰু প্ৰদৰ্শন কৰি এক উপাৰ্জনৰ পথ হিচাপে ল’ব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ এইবেলি পূজাত তেওঁ পৰিয়ালৰ লগতে সময় অতিবাহিত কৰিব৷ প্ৰয়াত পিতৃ–মাতৃৰ স্মৃতিত দেৱীৰ মূৰ্তি এখন স্থানীয় পূজাত আগবঢ়োৱাৰ মনোবাঞ্চা আমাৰ আগত ব্যক্ত কৰে৷
শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক্মুহূৰ্তত আজিৰ আবেলিটিয়ে সজীৱ কৰি তুলিলে পূজাৰ আবেগ, আনন্দ আৰু প্ৰস্তুতি কথাৰে৷ দীপাংকৰ দাৰ ঘৰৰ পৰা বুটলি আনিলো ৰাইজৰ প্ৰতি তেওঁৰ হিয়াভৰা শুভে২৬া৷ শুভ দুৰ্গাপূজা/
(আগ্ৰহী পাঠকে তেওঁ ডিজাইন কৰা পোছাকৰ বাবে যোগাযোগ কৰিব পাৰে ঃ ঋ ৯১ ৯৮৯৯৯ ৭৯৩২৯)
It’s awesome to pay a quick visit this website and reading the views of all colleagues on the
topic of this article, while I am also eager of getting
familiarity.
Thanks
Hello, yes this piece of writing is in fact fastidious and I have learned
lot of things from it regarding blogging. thanks.
Thanks, It means a lot for us