
ঈশ্বৰৰ সবাতোকৈ সুন্দৰ আৰু অনুপম সৃষ্টিয়েই হৈছে নাৰী৷ নাৰী সৌন্দৰ্য আৰু ত্যাগৰ প্ৰতীক, সৃষ্টিৰ অবিস্মৰণীয় অধিকাৰী৷ নাৰী দশভূজা, কবিৰ ভাষাত নাৰী সদায় অপৰূপা, মৰ্ত্যৰ অপ্সৰা৷ এয়া আজিৰ কথা নহয়, অনাদি কালৰে পৰাই নাৰীক এইদৰে নানা উপমাৰে মূল্যায়ন কৰি অহা হৈছে৷ যেতিয়া কন্যা সন্তানৰ জন্ম হয় তেতিয়া ঘৰলৈ লক্ষ্মী আহে বুলি কোৱা হয়৷ সেয়াই আৰম্ভণি৷ জীৱনৰ বাটত এগৰকী নাৰীয়ে কন্যা, পত্নী, মাতৃ আদি বিভিন্ন ৰূপেৰে নিজৰ ঘৰখন তথা পৰিয়ালৰ বাবে কৰ্তব্য সমাপন কৰি আহিছে৷ নিজৰ পিতৃ–মাতৃক চিৰদিনৰ বাবে এৰি পত্নী ৰূপে আনৰ ঘৰ এখন নিজৰ কৰি লোৱা সহজ নহয়৷ কিন্তু এই ত্যাগ কেৱল নাৰীৰ বাবেহে সম্ভৱপৰ হয়৷ কোনো নাৰীয়ে এই প্ৰথাৰ প্ৰতিবাদ নকৰি নিৰ্বিবাদে মানি আহিছে৷ যদিও খাছীয়া সকলৰ ক্ষেত্ৰত ইয়াৰ ঠিক বিপৰীত ছবি এখন দেখা যায়৷ য’ত নাৰী থাকে তাত ফুলেও মিচিকিয়াই হাঁহে৷ স্বামীৰ ঘৰখনক আপোন কৰি সকলোৰে প্ৰতি মান্যতা প্ৰদৰ্শন কৰি এখন ঘৰ সৰগীয় অনুভৱেৰে ভৰাই তোলে৷ মাতৃৰ বুকুত শিশুৱে নিৰ্বিঘ্নে টোপনি যায়৷ সন্তান জন্ম দি লালন –পালন কৰা, পৰিয়ালৰ সকলোৰে প্ৰতি কৰ্তব্য আৰু দায়িত্ব নিষ্ঠাৰে সমাপন কৰাৰ উপৰিও নাৰীয়ে আৰ্থিক দিশতো সহযোগিতা আগবঢ়াই আহিছে৷ এই সকলোবোৰ মুৰ পাতি ল’ব পাৰে কেৱল নাৰীয়েহে৷ তথাপিও কিয় বাৰে বাৰে নাৰী হয় লাঞ্চিতা? কিয় হয় বঞ্চিতা? কিয় হয় উপেক্ষিতা? কিয় বাৰে বাৰে নাৰীক শাৰীৰিক বা মানসিকভাৱে অপমান কৰা হয়? কিয় নাৰী নিৰ্যাতিতা হয়? কিয় নাৰী পুৰুষৰ কামনাৰ বলি হয়? কিয়? শাৰীৰিকভাৱে পুৰুষতকৈ দূৰ্বল হোৱা বাবেই নে? আজিৰ নাৰীয়ে পুৰুষৰ সৈতে সমানেই সকলো দিশত খোজ পেলাইছে, স্বয়ং নিজৰ পৰিচয় গঢ়িছে৷ ৰাষ্ট্ৰৰ মুৰব্বী হৈছে, মহাকাশতো খোজ পেলাইছে তথাপিও যেন ক’ৰবাত কিবা এটা খুঁত ৰৈ গৈছে৷
আচলতে আমি নাৰীবোৰ সঁচাই বৰ আৱেগিক৷ আৱেগৰ ঢৌত উঠি–ভাঁহি আমি কিছু ক্ষেত্ৰত নিজেই নিজৰ অনিষ্ট সাধন কৰিছোঁ৷ যিটো এটা ঋণাত্মক দিশ বুলি ভাবিব পাৰি৷ আৱেগক প্ৰশ্ৰয় দি চকুলোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাতো ভুল৷ আৱেগৰ বশৱৰ্তী হৈয়ে নাৰীয়ে নকৰিবলগীয়া কাম কৰিছে৷ সৃষ্টিৰ অধিকাৰী হৈয়ো ধংস কৰিবলৈ উঠি পৰি লাগিছে৷ যেতিয়া বিবেকতকৈ আৱেগৰ জোৰ বেছি হয় তেতিয়াই নাৰীয়ে অজানিতে ধংসৰ পথলৈ আগবাঢ়ি যায়৷ অতি বেছি পাশ্চাত্যক অনুকৰণ কৰিবলৈ গৈয়ো বহু ক্ষেত্ৰত আমি নিজৰ বিপদ নিজেই মাতি আনিছোঁ৷ শালীনতা নাৰীৰ ভূষণ বুলি জানিও নগ্নতাক প্ৰশ্ৰয় দিছোঁ৷ স্থান কাল পাত্ৰ আদি পাহৰি অতি বেছি পশ্চিমীয়া সংস্কৃতিক আকোঁৱালি লৈ আমি নিজেই নিজৰ সৰ্ব্বনাশ মাতি আনিছো৷ আজিৰ সমাজত ঘটি থকা নাৰীকেন্দ্ৰিক অপৰাধবোৰক যেন আওপকীয়াকৈ আমিয়েই উদগনি যোগাইছোঁ৷ পুৰুষৰ সৈতে সম অধিকাৰ পায়ো কিয় নাৰী অনাদৃত হৈ ৰৈছে? ইয়াৰ হয়তো এটাই কাৰণ নাৰীয়ে নিজকে যথোচিতভাবে মূল্যাঙ্কন কৰিবলৈ শিকা নাই৷ আজিও আমাৰ সমাজত এগৰাকী নাৰী উচ্চ শিক্ষিতা তথা স্বনিৰ্ভৰশীল হোৱাৰ পিছতো পুৰুষৰ দ্বাৰা শোষিত হৈ আছে৷ সেয়া লাগিলে তেওঁৰ স্বামীয়েই নহওক কিয়? আজিও নাৰীক ভোগৰ সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা হয়৷ যথোচিত সন্মানৰ পৰা বঞ্চিত কৰা হয়, দূৰ্বলতাৰ সুযোগ লোৱা হয়৷ তাতোতকৈও ডাঙৰ কথা এগৰাকী নাৰীয়েই আন এগৰাকী নাৰীক অত্যাচাৰ কৰিবলৈ উঠি পৰি লাগে, পুৰুষক প্ৰৰোচিত কৰে৷ যদি নাৰীয়েই নাৰীৰ শত্ৰু হয় তেন্তে নাৰীৰ হকে মাত মাতিব কোনে?

নাৰীৰ সৱলীকৰণ তথা সুৰক্ষাৰ বাবে দেশত আইন প্ৰণয়ন কৰা হৈছে৷ বিভিন্ন আঁচনি আদিৰ দ্বাৰা নাৰীক স্বাৱলম্বী কৰাৰ যোজনা লোৱা গৈছে৷ মহিলাৰ বাবে বিভিন্ন শিতানত সংৰক্ষণৰ ব্যৱস্থা আছে৷ কিন্তু “লাউ সদায় পাতৰ তল’’ বুলি ভাবি নাৰীয়েই যদি নাৰীৰ হকে মাত নামাতে, অন্যায়ৰ প্ৰতিবাদ নকৰে, নাৰীয়েই নাৰীৰ পথৰ কণ্টক হৈ থাকে, নিজকে পুৰুষৰ ওচৰত উদঙাই দিয়ে তেন্তে নাৰী সদায়েই পুৰুষৰ লালসাৰ বলি তথা শোষিত হৈ থাকিব৷ নাৰীয়ে নাৰীৰ সুৰক্ষাৰ বাবে মাত মাতিব লাগিব, আত্মৰক্ষাৰ বাবে সজাগ থাকিব লাগিব৷ মানসিকভাবে স্থিত হ’ব লাগিব তথা দূৰ্বলতাক প্ৰশ্ৰয় দিব নালাগিব৷ নাৰীয়ে প্ৰতি টোপাল চকুলোৰ বিপৰীতে নিজকে মানসিকভাৱে শক্তিশালী হোৱাৰ অংগীকাৰ ল’ব লাগিব৷ নাৰীয়েই নাৰীৰ প্ৰগতিৰ বাট পোনাব লাগিব৷ স্ব–অভিমান নাৰীৰ অলংকাৰ সেয়া পাহৰিলে নহ’ব৷ নহ’লে কোনো সুৰক্ষা আইন আৰু ৰক্ষা কৱচে নাৰীক সুৰক্ষিত কৰিব নোৱাৰে৷ নাৰীয়ে যেতিয়ালৈকে নিজেই নিজকে সলনি নকৰে তেতিয়ালৈকে নাৰীৰ মুক্তি তথা পোহৰ অহা বাট ৰুদ্ধ হৈয়ে থাকিব৷vv