সাৰাংশ
মূল ঃ ড॰ গৌৰহৰি দাস
অনুবাদ ঃ নিৰ্মালি মহন্ত

যোৱা সংখ্যাৰ পিছৰ পৰা…
ঃ তেজৰ নৈ বৈ যাব, কৈ দিলোঁ – হুংকাৰ মাৰি উঠিল ৰমাকান্ত৷ তাৰ মাতত অকল গাঁৱৰ মানুহেই নহয়, তাৰ দেউতাক সনাতন দাসো চক খাই উঠিল৷
কাৰ্তিক মাঝীৰ ৰমাকান্তৰ প্ৰতি আগৰ পৰাই এক আন্তৰিকতা আছে৷ সেয়ে সি থিয় হৈ ৰমাকান্তক শান্ত কৰাৰ উদ্দেশ্যৰে ক’লে, “বোপা তই থিক কথাই কৈছ৷ পিছে এই সময় উগ্ৰমূৰ্তি ধৰাৰ নহয়৷ আমাৰ গাওঁ এতিয়া সংকটৰ মাজত৷ এনেকুৱা সময়ত ভালকৈ ভাবি–চিন্তি যি কৰিলে সকলোৰে কাৰণে মংগল হ’ব, তাকে কৰিব লাগিব৷ নহ’লে গোটেইখনৰে হাৰাশাস্তি হ’ব৷”
লুলু বিৱাল পাটপুৰৰ এজন সম্ভ্ৰান্ত আৰু লগতে জনা–বুজা লোক৷ তেওঁ কাৰ্তিকৰ কথাক সমৰ্থন কৰি ক’লে, “আমি আমাৰ গোটেই শক্তিখিনি যদি খং–ৰাগতেই উৰুৱাই দিওঁ, তেনেহ’লে আহি থকা যুঁজখনত কিটো কৰিম? এই বিপদৰ সময়ত একেবাৰে ঠাণ্ডা মগজুৰে কথাবোৰ ভাবিব লাগিব৷”
আন মানুহবোৰেও লুলু বিৱালৰ কথাত হয়ভৰ দিলে৷
“এনেকৈ লেহেম গতিত আগবাঢ়িলে, পগোৱা গুৰ হাতৰ পৰা বৈ কিলাকুটি পাবগৈ৷ মই চ্যেগ্যু ভেৰাক অনুসৰণ কৰা মানুহ৷ কথা–বতৰাৰে ৰফা কৰা মোৰ নৈতিকতাৰ বাহিৰত৷ আপোনালোকে যিয়েই নাভাবক, মই কিন্তু হয় মাৰিম, নহ’লে মৰিম৷” – ৰমাকান্তই ক’লে৷
সকলোৰে মাজত থৈ দিয়া পেট্ৰো মাস্ক লাইটটোৰ চাৰিওফালে পোক কিছুমান উৰি ফুৰিছিল৷ ফাগুনৰ পছোৱা বতাহজাকেও মন্দিৰৰ আশে–পাশে পৰি থকা শুকান পাতবোৰৰ সৈতে ল’ৰা–ধেমালি কৰিছিল৷ মিটিঙলৈ অহা মানুহেবাৰৰ মুখত এতিয়া চিন্তাৰ চাপ৷ ৰমাকান্তৰ কথাবোৰে তেওঁলোকৰ ওপৰত প্ৰভাৱ কিছু পেলাইছিল৷
তাৰে মাজতে লুলু বিৱালে সুধিলে, “এই চ্যেগ্যু ভেৰাদেৱৰ আশ্ৰমটো ক’ত নো?”
ইমান উদ্বিগ্নতাৰ মাজতো লুলু বিৱালৰ শিশুসুলভ কথাষাৰ শুনি ৰমাকান্তৰ হাঁহি উঠিল৷ লুলু বিৱালৰ পইচা আছে হয়, কিন্তু মানুহেটাৱে হাইস্কুলে পাৰ কৰিব নোৱাৰিলে৷ বৈষ্ণৱ গুৰু এজনৰ শিষ্য৷ তেওঁৰ কাৰণে গুৰু ভালেই তেওঁৰ ভাল৷ মানুহটোৰ আদি অন্ত সকলো তেওঁৰ গুৰুতেই৷ ৰমাকান্তই ওলাই আহিব খোজা হাঁহিক নিয়ন্ত্ৰণ কৰি ক’লে, “ তেওঁ আমাৰ ধৰ্মীয় গুৰুসকলৰ দৰে নহয়৷ তেওঁ আছিল এজন মহান যোদ্ধা, যিয়ে আমেৰিকাৰ দৰে শক্তিশালী দেশকো ঘোটে ঘোটে পানী খুৱাইছিল৷ সেয়ে আমেৰিকাই ষড়যন্ত্ৰ কৰি, মাত্ৰ ঊনচল্লিছ বছৰ বয়সতেই তেওঁক হত্যা কৰোৱাইছিল৷”
ঃ অ’, মই আকৌ কোনোবা গুৰুজনা বুলিহে ভাবিছিলোঁ৷ বাৰু বাদ দে সেইবোৰ৷ বোলো কয়েই নহয়, ধীৰে ধীৰে কৰা কাজৰ হে হয় সিদ্ধি৷ নভবা–নিচিন্তাকৈ, খৰখেদা লগাই আমি যেন কোনো ভুল সিদ্ধান্ত নলও৷ সনাতন কাইটিয়ে ভালকৈ জানে, এইখন গাঁৱতে এটাক মৰি পেলোৱাৰ কাৰণে কেনেকৈ দুই পুৰুষলৈকে গাঁৱৰ মানুহে ভুগিব লগাত পৰিছিল৷ সেই মামলাৰ অন্ত পৰোঁতে পৰোঁতে এটা যুগ পাৰ হৈ গৈছিল৷ – লুলু বিৱালে বুজোৱাৰ সুৰত ক’লে৷
ঃ যি মূল্যই দিব লগা নহওক কিয়, সেইয়া কেতিয়াও নিজৰ সাতামপুৰুষীয়া মাটিৰ সমান মূল্যৱান হ’ব নোৱাৰে লুলুকাই৷ – গহীনাই উত্তৰ দিলে ৰমাকান্তই৷
ঃ থিকেই কৈছ’, কিন্তু নৈ নেদেখোঁতেই কানি–কাপোৰ খুলি উলংগ হোৱাটো জানো ঠিক? – কাৰ্তিকে মাজতে মাত দিলে৷ হঠাৎ সনাতন দাসৰ গল–হেকাৰণি শুনি সভাৰ সকলো চুপ হৈ গ’ল৷
গহীন সুৰত এইবাৰ সনাতন দাসে আৰম্ভ কৰিলে, “আমাৰ এই গাওঁ আজিৰ নহয়৷ শ শ বছৰ পুৰণি গাওঁ৷ এতিয়া অত বছৰ ধৰি যিখন গাঁৱত কোনোদিনে বিধায়কে আহি ভৰি নিদিলে, আজি হঠাৎ বিধায়কৰ লগতে মন্ত্ৰীও আহি ওলোৱাটো জানো আচৰিত কথা নহয়?
কোনোবাই এবাৰ কথাটো ভাবি চাইছনে? তৎপৰতাৰে সভা–সমিতি আয়োজন কৰা, সমানে সমানে ভোজ পাতি গাঁৱৰ মানুহক খুওৱা, এই কথাবোৰে মোৰ মনলৈ সন্দেহ আনিছিল৷ কিন্তু আজি সোণপাহাৰ ভঙাৰ প্ৰচণ্ড শব্দই সকলো স্পষ্ট কৰি দিলে৷ এই মন্ত্ৰী, বিধায়কে আমাৰ কোনো সুখ–দুখৰ কথা বুজিবলৈ অহা নাছিল৷ তেওঁলোক আহিছিল কোম্পানিৰ স্বাৰ্থত৷ মহাবীৰ কোম্পানী কোনো দানী হৰি(ন্দ্ৰ নহয়৷ ইহঁত হৈছে লাভখোৰ কোম্পানি৷ বিনা মতলবত সিহঁতে আমাৰ গাঁৱত না ৰাস্তা বনাব, না নৈৰ ওপৰত দলং৷ আৰু কৰিবই বা কিয়? এইয়াটো চৰকাৰৰ কাম৷ এতিয়া চৰকাৰে কৰা নাই সেইটো বেলেগ কথা৷ এতিয়া সেই কাম কোম্পানিয়ে কৰিছে মানে, হাত ভৰোৱাৰ আগত আঙুলি সোমোৱাৰ দৰে কথা৷ মনত ৰাখক সকলোৱে, এই সময়ত আমি যদি একগোট হৈ নাথাকো, আমাৰ অনিষ্ট হ’বলৈ বেছিপৰ নালাগিব৷ মোৰ এতিয়া ভালেখিনি বয়স হ’ল৷ আৰুনো কিমান দিন জীয়াই থাকিম; কিন্তু কিবা হ’লে আমাৰ গাঁৱৰ ল’ৰা–ছোৱালীবোৰৰ ভৱিষ্যত কি হ’ব? সিহঁতবোৰ ক’লৈ যাব? সমুদ্ৰ তীৰৰ তপত বলুকাত পোত যাব? ”
শেষৰ ফাললৈ সনাতন দাসৰ গধুৰ কথাবোৰে পৰিৱেশটোক গহীন কৰি পেলাইছি ল৷ সনাতন দাসৰ দৰে অগ্নিকুণ্ডই আজি ইমান শান্ত হৈ কথাবোৰ কোৱা দেখি বয়োজ্যেষ্ঠ মানুহখিনিও অলপ চিন্তিত হৈ পৰিছিল৷
লুলু বিৱালে অলপ ৰৈ লাহেকৈ সুধিলে, “ মই হৈছোঁ বেপাৰী মানুহ৷ বহু কথাই গম নাপাওঁ বা বুজি নাপাওঁ৷ কিন্তু মই ক’ব খুজিছোঁ যে জুইত জাপ দিয়াৰ আগতে, আমি কথাবোৰ ভালকৈ চলি–জাৰি চোৱাটো ভাল হ’ব৷ প্ৰকৃততে চৰকাৰৰনো উদ্দেশ্য কি, সেইটো নজনাকৈয়ে কিবা এটা কৰি পেলালে, ওলোটাই চৰকাৰ হে আমাৰ শত্ৰু হৈ পৰিব৷ গতিকে আমাৰ মাজৰে কোনবাই আগে ভদ্ৰকৰ কালেক্টৰিয়েট অফিচলৈ গৈ কথাটো বুজি আহকগৈ৷ তাৰ পিছত লাগিলে আমি আকৌ এই বিষয়ত আলোচনা কৰিম৷ পাহাৰ ফলাটো কোনো বেয়া কথা নহয়৷ আমি জানো এই কাম কৰিব পাৰিলোঁ হয়৷ কিন্তু ইয়াৰ অৰ্থ এইয়া নহয় যে সেই ৰাস্তা আমাৰ ঘৰেদি সোমাই নৈৰ ফালে যাব৷” কথাখিনি কৈ লুলু বিৱালে ইফালে–সিফালে চাই ৰমাকান্তক সুধিলে, “ৰমা, ইন্দ্ৰক দেখা নাই যে?”
ঃ ইন্দ্ৰমণি নাহিল৷ – শান্ত হৈ ৰমাকান্তই ক’লে৷
লগে লগে সনাতন দাসে ক’লে, “সি আজি আহিব নোৱাৰিব৷ তাৰ ক্লাবতে কোম্পানিয়ে আজি ভোজ পাতিছে৷ ইন্দ্ৰমণি এতিয়া তাতেই আছে৷”
“আপোনালোকে যদি কৈছে, তেতিয়া হ’লে মই ভদ্ৰকলৈ যাম৷ কিন্তু জিলা কাৰ্যালয়ত সকলো তথ্য পোৱা নাযাবও পাৰে৷ মহাবীৰ কোম্পানি সৰু–সুৰা কোম্পানি নহয়৷ সিহঁতে নিয়ন্ত্ৰণবোৰ ভুৱনেশ্বৰৰ পৰাই কৰি আছে চাগৈ৷” – ৰমাকান্তই ক’লে৷
ঃ যদি দৰকাৰ হয়, আমি ভুৱনেশ্বৰলৈকো যাম৷ কিন্তু একো নজনাকৈয়ে, কৰোঁ বুলিয়েই কিবা এটা কৰি দিয়াটো জানো ঠিক হ’ব? নে কি কয় সনাতন কাইটি? সমুদ্ৰ মন্থনৰ পৰা জানো বিষৰ লগতে অমৃতো ওলোৱা নাছিল?” – লুলু বিৱালে ক’লে৷
“কিন্তু আগে সকলোৱে কথা দিয়ক যে কোম্পানিৰ লালসাত যেন কোনো নপৰে৷ হিৰাকুদ বান্ধৰ সময়ত নিজৰ মাটিবাৰী হেৰুৱা মানুহে আজিলৈকে ক্ষতিপূৰণ নাপালে৷ ইফালে ব্ৰজৰাজ নগৰ আৰু ঝাৰসুগুাৰ পৰা অনুগুল পৰ্যন্ত যিমানবোৰ কোম্পানিৰ প্ৰজেক্ট চলিল, কোনো ঠাইতে চৰকাৰে স্থানীয় লোকৰ থান–থিত লগাব নোৱাৰিলে৷ এনেও এনেকুৱা কাৰখানা বহাবলৈ ৰাজ্যখনত বহুত ঠাই আছে৷ তেনে ক্ষেত্ৰত আমাৰ পাটপুৰকেই কিয় লোৱা হ’ল?”- ৰমাকান্তই বুজাবলৈ চেষ্টা কৰিলে৷
ঃ সঁচাইতো! একদম ঠিক কথা কৈছ৷ – কাৰ্তিক মাঝীয়ে মাত দিলে৷
এনেকৈ কিছু সময় গাঁৱৰ ৰাইজৰ মাজত আলোচনা চলি থকাৰ পিছত, শেষত এইটোৱে সিদ্ধান্ত লোৱা গ’ল যে তেওঁলোকে সাতদিনৰ পিছত আকৌ এখন বৈঠক পাতিব৷ আজি যিসকলে আলোচনালৈ আহিব নোৱাৰিলে, তেওঁলোককো খবৰ দিয়া হ’ব৷ সেইদিনাই গাঁৱৰ মানুহখিনিয়ে মহাদেৱ মন্দিৰৰ বেলপত্ৰ হাতত লৈ শপত খাব৷
ইয়াৰ মাজতে ৰমাকান্তই ভুৱনেশ্বৰলৈ গৈ য’ত যেনেকৈ পাৰে সকলো তথ্য সংগ্ৰহ কৰিব৷
সনাতন দাসে, লুলু বিৱালক কাষলৈ মাতি ক’লে, “কোম্পানিয়ে আগে হয় সাগৰৰ পিনে থকা চৰকাৰী মাটিত কাম আৰম্ভ কৰিব, নহ’লে পাহাৰৰ ফালৰ পৰাও লাহে লাহে ৱাল গাঠি আহিব পাৰে৷ গতিকে আমি সজাগ হৈ থাকিব লাগিব৷ নহ’লে এই চৰকাৰ আৰু কোম্পানিয়ে মিলি অজগৰৰ দৰে আমাক গিলি পেলাব৷ আমাক ৰাস্তা আৰু দলঙৰহে প্ৰয়োজন৷ কাৰখানাৰ নহয়৷”
“অলপো চিন্তা নকৰিব কাইটি, আমাৰ মানুহবোৰ এই উদ্ধৱ মহান্তি বা নৰোত্তম মণ্ডলৰ কথাত উটি যোৱা মানুহ নহয় ৷ ভৰসা ৰাখক৷ ” – লুলু বিৱালে সাbLনা দিলে৷
Êঃ মোৰ তোৰ ওপৰত বিশ্বাস আছে লুলু৷ – সনাতন দাসেও ওলোটাই ক’লে৷
অৱশেষত সভা ভংগ হ’ল৷
এজনৰ পিছত এজনকৈ সকলোৱে ঘৰা–ঘৰি হ’ল৷ কিন্তু ৰমাকান্ত তাতেই বহি থাকিল৷ সকলো যোৱাৰ পিছত সি কাৰ্তিক মাঝীকো তাতেই বহি থকা দেখিলে৷ সি তাৰ ওচৰলৈ গৈ সুধিলে, “কি ভাবিছে?”
ঃ দেৱী মা হঠাৎ এনেকৈ পাটপুৰৰ পৰা অন্তৰ্ধান কিয় হৈ গ’লনো? তেতিয়াৰ পৰাই মোৰ কিবা এটা ভয় ভয় লাগি আছে৷ এই গাওঁখনক গোসাঁনীয়ে কিয় এৰি থৈ গ’ল? ইয়াৰ অৰ্থ হৈছৈ, পাটপুৰত কিবা এটা অমংগল হ’বলৈ গৈ আছে৷
ঃ গোসাঁনী? কথাটো সুধিয়েই ৰমাকান্তও অলপ অস্থিৰ হৈ পৰিল৷ কাৰণ সি জানে, কাৰ্তিকে নিশিগন্ধাৰ কথাকেই কৈছে বুলি৷ সঁচাকৈ! ক’লৈ যে গুচি গ’ল তাই?
ৰমাকান্তই তথাপিও ক’লে, “গোসাঁনী কেতিয়া আহে, কেতিয়া যায়, সেই কথা আমি সাধাৰণ মানুহে জানোঁ বুজি পাওঁ ?”
“একেবাৰে সঁচা কথা, গোসাঁনীৰ কথা আমি সাধাৰণ মানুহবোৰে জানো বুজি পাম৷ বাৰু ৰমাকান্ত মই আহোঁ৷ কিন্তু কিবা দৰকাৰ হ’লে নোকোৱাকৈ নাথাকিবি৷ তোৰ কাৰণে মই মোৰ জীৱন দি দিম৷ কোম্পানিৰ কথাত অলপো ভোল নাযাওঁ৷ কিন্তু ইন্দ্ৰমণিয়ে এনেকুৱা কৰিব বুলি কেতিয়াও ভবা নাছিলোঁ৷ পাৰিলে তাক অলপ বুজাবি৷” – কাৰ্তিকে ক’লে৷
ঃ বুজাইছিলোঁ৷ তথাপিও আকৌ এবাৰ বুজাবলৈ চেষ্টা কৰিম৷ কাৰণ বিপদৰ সময়তহে প্ৰকৃত বন্ধু কোন চিনি পোৱা যায়৷ – ৰমাকান্তই মন্দিৰৰ ফালে চাই উত্তৰ দিলে৷
কাৰ্তিক ঘৰলৈ উভতি গ’ল৷
ৰমাকান্তই মনতে ভাবিলে, “পাটপুৰৰ পৰা গোসাঁনীৰ অন্তৰ্ধান হোৱাটো কাৰ্তিক মাঝীৰ মনৰ ভ্ৰম হ’লেও, মন্ত্ৰীৰ আগমন কিন্তু কোনোপধ্যেই শুভ লক্ষণ নহয়৷ কিবা এটা হ’লে গাঁৱৰ মানুহখিনিয়ে বা কিমানলৈকে বাধা দিব পাৰিব?” ৰমাকান্তৰ নিজৰ উদ্যমৰ ওপৰতো লাহে লাহে সন্দেহ হ’বলৈ ধৰিলে৷ এতিয়া দেশৰ সকলো ঠাইতে কোম্পানিৰ ৰাজ চলিছে৷ টকাৰ কাৰণে নেতাবোৰ কোম্পানিৰ হাতত বান্ধ খাই পৰিছে৷ টকা নাপালে মানুহে ভোট নিদিয়া হ’ল৷ এনেকুৱা অৱস্থাত এতিয়া নিৰ্যাতনৰ বলি হোৱা মানুহেবাৰ যাব কাৰ ওচৰলৈ? নিজৰ মনৰ কথা ক’বলৈ নেতাসকলৰ লগত মুখামুখি হয় পাঁচ বছৰৰ মূৰত এবাৰ৷”
এইবাৰ ৰমাকান্তই নিজৰ মনটো দৃঢ় কৰি ল’লে৷ লাগে যিয়ে নহওক, সি কিন্তু শেষলৈকে যুঁজি যাব৷ পশ্চিমবংগৰ পৰা যদি টাটাৰ দৰে কোম্পানিক খেদি পঠিয়াব পাৰে, জগতসিংপুৰৰ পৰা ‘পোস্কো’ক উলিয়াই পঠিয়াব পাৰে, তেতিয়াহ’লে সিহঁততকৈ সৰু মহাবীৰ কোম্পানি কি বস্তু৷ মাত্ৰ গাঁৱৰ মানুহখিনি লৰচৰ নহ’লেই হ’ল৷ কথাখিনি ভাবি থাকোঁতেই তাৰ সভাপতিৰ ভোজৰ কথা মনত পৰিল৷ ইন্দ্ৰমণিয়ে তাতনো কি কৰি আছে, জানিবলৈ খুব মন গ’ল৷ কিন্তু খবৰ এতিয়া দিব কোনে? হঠাৎ ৰমাকান্তৰ গংগাধৰ মাষ্টৰৰ কথা মনত পৰিল৷ তেওঁ নি(য় এতিয়া ভোজতে আছে৷ তেওঁৰ পৰাই কিবা উলিয়াব লাগিব৷
ইন্দ্ৰমণিয়ে গৈ উদ্ধৱ মহান্তিক সুধিলে, “ৰাতি ন বাজিবৰ হ’ল৷ কিবা কথা আলোচনা কৰিব লগা আছিল বুলি কৈছিল নহয়?”
লাহেকৈ উদ্ধৱ মহান্তিয়ে ক’লে, “আচ্ছা ইন্দ্ৰমণি, তোৰ সেই নাটকখন আকৌ এবাৰ কৰিব পৰা নাযাব নে? মইতো ভালকৈ চাবই নাপালোঁ, না নৰোত্তমে পাৰিলে৷ আৰু কিমানে বা নোৱাৰিলে চাগে৷ এই জহকালিৰ আগতে আকৌ এবাৰ কৰা নহ’লে৷ নে কি কোৱা নৰোত্তম?”
ঃ একদম উদ্ধৱ দা৷ আচ্ছা ইন্দ্ৰমণি তোৰ কলা–নিকেতনৰ ল’ৰাবোৰ ক’লৈ গ’ল? – নৰোত্তমে গহীনাই সুধিলে৷
ইন্দ্ৰমণিয়ে এবাৰ পুখুৰীৰ পাৰত থকা নাৰিকল গছৰ ফাঁকেৰে দেখা পোৱা জোনটোলৈ, আৰn ¸এবাৰ নৰোত্তম মণ্ডললৈ চালে৷
তাৰ পিছত লাহেকৈ উদ্ধৱ মহান্তিক ক’লে, “অহাত সকলোৱেই আহিছে৷ পিছে আলোচনাৰ কথাটো কি হ’ল?”
ঃ বাৰু সেইবোৰ হৈ থাকিব৷ আগে ধনিয়া দি ৰন্ধা কুকুৰাৰ সেউজীয়া মাংসখিনি সিজিলে নে নাই চাই আহচোন৷ ভোজৰ মেইন আইটেম সেইটো৷ সেইবিধ ভাল হ’ল মানে ভোজ সাৰ্থক হ’ল৷ খুউৱা–বুউৱা হোৱাৰ পিছতেই লাহেকৈ আমাৰ শুভেন্দু বাবুক গাঁৱৰ মানুহখিনিৰ লগত চিনাকি কৰাই দিব লাগিব৷ – উদ্ধৱ মহান্তিয়ে ক’লে৷
“হ’ব বাৰু, মই চাই আহোগৈ৷”- ইন্দ্ৰমণিয়ে ক’লে৷
‘কালিদাস কলা–নিকেতন’ৰ গাতে লাগি থকা বকুল গছজোপাৰ তলতে প্লাষ্টিক চেয়াৰখন পাৰি লৈ শুভেন্দু বহি আছিল৷ গাঁৱৰ মানুহখিনিলৈ চাই মাজে মাজে চিন্তাটো পৰিছে৷ ঠিক সেই সময়তেই উদ্ধৱ মহান্তি লৰালৰিকৈ তেওঁৰ কাষলৈ আহি ক’লে, “মোৰ আপোনাৰ কথাটো মনত আছে৷ ভোজটো হৈ যোৱাৰ পিছত এখন দীঘল কাগজত সকলোৰে দস্তখত লৈ লম৷”
আনে দিয়া আশ্বাসে কেনেকৈ যে মনৰ চিন্তা দূৰ কৰি পেলাব পাৰে? উদ্ধৱ মহান্তিৰ কথা শুনি মুখত ফুটি উঠা শিথিলতাখিনিক শুভেন্দুৱেও মাত্ৰ এষাৰি বাক্যৰেই প্ৰকাশ কৰিলে, “প্ৰকৃত অৰ্থত ক’বলৈ গ’লে আপুনি সঁচাকৈ এজন বুদ্ধিমান আৰু পৰোপকাৰী ব্যক্তি৷ ”
নৰোত্তমে পিছফালে চাই চিঞৰ এটা মাৰি ক’লে, “ঐ, পাতবোৰ এফালৰ পৰা পাৰি যা৷ তাৰ আগতে ঠাইখিনিত পানী অলপ অলপ মাৰি ল৷ নহ’লে ধূলি পৰিব আৰু কোনোবাই লাইট এটা লৈ আনগৈ৷ এইটো নুমাও নুমাও যেন হৈছে৷”
উদ্ধৱ মহান্তি লাহেকৈ গাঁৱৰ মানুহখিনি বহি থকা ঠাইডোখৰলৈ গ’ল আৰু গল হেকাৰি তেওঁলোকৰ ফালে চাই ক’লে, “আপোনালোকক মোৰ দুআষাৰ কথা ক’বলগীয়া আছে৷ আচ্ছা মোক এতিয়া কওকচোন, আমাৰ গাঁওখনৰ উন্নতি হোৱা আপোনালোকে বিচাৰে নে নিবিচাৰে? মোক যিহেতু ভোট নিদিয়ে, গতিকে মোৰ কথাক সঁচা বুলি নামানিবও পাৰে? কিন্তু আমাৰ এই কোম্পানিৰ বাবুজনৰ কথাটো বিশ্বাস কৰিব৷ এখেত হৈছৈ শুভেন্দু পট্টনায়ক৷ এতিয়া তেখেতক মই অনুৰোধ কৰিম, সকলোৰে আগত দুআষাৰ ক’বলৈ৷ এওঁ কথাখিনি কোৱাৰ পিছত মোৰ নালাগে আৰু কিবা বেলেগকৈ বুজোৱাৰ দৰকাৰ পৰিব বুলি৷ আৰু কাৰোবাৰ কিবা খোকোজা লাগিলেও, তেওঁ নিঃসংকোচে শুভেন্দু বাবুৰ ওচৰলৈ আহি সকলো দূৰ কৰিব পাৰিব৷ কাৰণ তেওঁ আজিৰ পৰা আমাৰ গাৱতেই থাকিব৷ শুভেন্দু বাবু আহক৷”
যোৱা দুদিন ধৰি শুভেন্দু পটনায়ক এই মফচলীয় গাঁৱখনত থাকি বিৰক্ত হৈ পৰিছিল৷ না কাৰেণ্ট আছে, না ফেন চলিছে৷ এয়াৰ কণ্ডিছন বা কুলাৰৰ কথা ভবাতো সপোনৰ নিচিনা৷ এনেকৈ গাঁৱৰ মানুহখিনিয়ে কেনেকৈ ইয়াত থাকিব পাৰিছে, তাকে শুভেন্দুৱে মাজে মাজে ভাবে৷ কিন্তু কি কৰিব সি, প্ৰজেক্ট একজিকিউটিভৰ চাকৰি এইয়া৷
কোম্পানিৰ এম. ডি গৌতম আধিকাৰীয়ে কয়, ঘাম মিহলি ধূলি আৰু বালি আমাৰ প্ৰজেক্টৰ ষ্টাফসকলৰ কাৰণে চন্দনৰ নিচিনা৷ তাক মূল্য দি কাম কৰিব নিশিকিলে, পদোন্নতি হোৱাৰো আশা কৰিব নোৱাৰি৷ কোনোবাই বেছিকৈ ওজৰ–আপত্তি কৰিলে আকৌ কয়, “এই অভাৱতকৈ অভাৱবোৰৰ গুৰুত্বহে বেছি৷ এ.চি নহ’লে থাকিব নোৱাৰা আমাৰ কোম্পানিৰ মানুহখিনিয়ে জনা দৰকাৰ যে ভাৰতত নিৰানব্বৈ দশমিক পাঁচ শতাংশ লোকে এ.ছি নোহোৱাকৈ চলি আছে৷ বিনা পাঙ্খা বা বিজুলি বাতি নোহোৱাকৈ থাকিব নোৱাৰাসকলে এবাৰ আদিবাসী অঞ্চললৈ গৈ চাওঁক গৈ৷”
এম.ডি ১ কথা শুনি শুভেন্দুৰ লগৰটোৱে উপলুঙা কৰি শুভেন্দুৰ কাণে কাণে কোনেও নেদেখাকৈ কয়, “সেই কাৰণেতো আমাৰ কোম্পানিবোৰে পাহাৰবোৰলৈ গৈ সিহঁতক তাহাতৰ ঠাইৰ পৰা বহিষ্কাৰ কৰোগৈ৷ আদিবাসীবোৰৰ সমস্যাৰ সমাধান ইয়াতকৈ সহজ উপায়েৰে জানো আৰn ¸হ’ব পাৰে!”
উদ্ধৱ মহান্তিৰ কথা শেষ হোৱাৰ পিছত শুভেন্দু বহাৰ পৰা উঠিল৷ সি ভাবিছিল দুই –চাৰিটা কথাকৈ বহি যাব৷ এনেও তাৰ এই প্ৰজেক্টত ভূমিকা বৰ বেছি নাই৷ অৱশ্যে প্ৰজেক্টটো সফল হ’লে কোম্পানিৰ একজিকিউটিভসকলৰ মিটিঙত তাৰ সুনাম হোৱাটোও খাটাং৷ হয়তো কোম্পানিয়ে তাক প্ৰমোচন দি দিল্লী বা বেংগালুৰুলৈও পঠিয়াই দিব পাৰে৷
কিন্তু শুভেন্দুৱে কিবা ক’বলৈ থিয় হওঁতেই, তাৰ চকু পৰিল সেই সুন্দৰ চেহেৰাৰ ওপৰত, যাক সেইদিনা ৰঙ্গমঞ্চত দেখি নজনাকৈয়ৈই সি ভালপাই পেলাইছিল৷ এইজনী সেই ৰেজিয়া চুলতানাৰ চৰিত্ৰত অভিনয় কৰা ছোৱালীজনীয়েই৷ তাইৰ হৰিণী–নয়না চঞ্চল চকুযুৰি, তাইৰ অংগী–ভংগী দেখি সি তাইক এইখন গাঁৱৰে বুলি বিশ্বাসেই কৰা নাছিল৷
কোনোবা পেছাগত অভিনেত্ৰী বুলিহে ভাবিছিল৷ আজি আকৌ তাইক ইয়াত দেখিহে গম পালে যে তাই এইখন গাঁৱৰেই ছোৱালী৷ শুভেন্দুৱে বহুপৰ তাইলৈকে চাই থাকিল৷ কিন্তু শুভেন্দুক এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ কৰিবলৈ সেইমুখখন লাহেকৈ কলা নিকেতনৰ পিছফালে লুকাই পৰিল৷
শুভেন্দুৱেও নিজকে চম্ভালি ল’লে৷ এতিয়া তাৰ সমুখত প্ৰায় দুশ লোকৰ সমাগম৷ তেওঁলোকৰ মাজত সৰু সৰু ল’ৰা–ছোৱালীৰ পৰা বয়স্ক বুঢ়া মানুহলৈকে আছে৷ কিবা ভাবিছে তাক তেওঁলোকে!
সি সময় নষ্ট নকৰি লগে লগে ক’লে, “নমস্কাৰ, প্ৰথমে আপোনালোকে মোক এই গাঁৱখনত থাকিবলৈ দিয়াৰ কাৰণে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ মোৰ আপোনালোকক বিশেষ একো ক’বলগীয়া নাই, মাত্ৰ এটা কথা সুধিব লগা আছে৷ আপোনালোকে পাটপুৰৰ পৰিৱৰ্তন বিচাৰে নে সদায় এনেকৈয়েই পিছ পৰি থকাটো বিচাৰে? এটা সময় আছিল যেতিয়া ভাৰত আৰু ইংলণ্ডৰ আয় প্ৰায় সমান আছিল; মাত্ৰ ষ্টীম ইঞ্জিনৰ আৱিস্কাৰে ভাৰতক পিছ পেলাই ইংলেণ্ড আগুৱাই গৈছিল৷ আমাৰ দেশতকৈ গ্ৰেট ব্ৰিটেনৰ মাটিকালি কম, কিন্তু তথাপিও তেওঁলোক আমাতকৈ কেনেকৈ আগুৱাই গ’ল? উদ্যোগীকৰণৰ দ্বাৰা৷ কলিকতাৰ পৰা লণ্ডনলৈ যিমান দূৰত্ব, লণ্ডনৰ পৰাও কলিকতালৈ সেই একেই দূৰত্ব৷ এতিয়া মই সুধিব বিচাৰিছোঁ, তেওঁলোকে যে আহি আমাৰ দেশ শাসন কৰিছিল, আমি কিয় তেওঁলোকৰ দেশলৈ গৈ শাসন কৰিব নোৱাৰিলোঁ? কাৰণ আমাৰ ওচৰত না বিজ্ঞান আছিল না ধন৷ সঁচা কথা ক’বলৈ গ’লে তাক লৈ আমাৰ কোনেও চিন্তাও কৰা নাছিল৷ যেতিয়া ইংৰাজসকলে সাত–সাগৰ পাৰ হৈ দেশ জয় কৰাৰ কথা চিন্তা কৰিছিল, তেতিয়া আমাৰ দেশৰ মোগল ৰজাসকলে কোনদিনা দাঢ়িত কোনটো আতৰ লগাব সেই কথা ভাবিছিল৷ দাঢ়িত আতৰ লগোৱা কথাষাৰে সমুখত বহি থকা ল’ৰা–ছোৱালীবোৰক খুব আমোদ দিছিল৷ কেইদিনমান আগতে হৈ যোৱা ৰেজিয়া চুলতানা নাটকখনত দাঢ়ি লগোৱা দুটা সৈনিকে আতৰ লগোৱা দেখা পাইছিল কাৰণে সিহঁতে কথাটো ভালকৈ বুজি পাইছিল৷
কলানিকেতনৰ ঘৰৰ পিছফালৰ পৰা নিজৰ লগৰবোৰৰ সৈতে থিয় হৈ মালতীয়ে শুভেন্দুৰ ভাষণ একান্তমনে শুনি গৈছিল৷ তাইৰ কাণ দুখন শহা কাণৰ দৰে থিয় কৰি সকলো শুনিছিল৷ কি সুন্দৰ ভাষণ, কি সুন্দৰ কথা কোৱাৰ ভংগী৷ মন গৈছিল গোটেই ৰাতি এনেকৈয়ে শুনি থাকিব৷ দাঢ়িত আতৰ লগোৱাৰ কথা শুনি তাইৰো হাঁহি উঠিল৷
কাষতে ৰৈ থকা মই দৰবাৰৰ প্ৰহৰীৰ দৰে মালতীক ধেমালিৰ সুৰত ক’লোঁ, “ফৰমাইয়ে চুলতান ৰেজিয়া৷” লগে লগে মালতীয়ে তাইক চিকুট মাৰি ক’লে, “ধেৎ!”
ইফালে শুভেন্দুৱে গহীন–গম্ভীৰ হৈ নিজৰ কথা কৈ গৈছিল, আৰn ¸গাঁৱৰ মানুহেবাৰে মুখ মেলি শুনি আছিল৷ কিমান যে কথা জানে ল’ৰাজনে! প্ৰথমে ‘মোৰ ক’বলগীয়া একো নাই’ বুলি কোৱা শুভেন্দুৱে কমেও আধা ঘণ্টা জুৰি ভাষণ দিছিল৷ কথাবোৰ কৈ উঠি অৱশেষত সি আকৌ গাঁৱৰ মানুহখিনিক একেটা প্ৰশ্নকে সুধিলে, “এতিয়া আপোনালোকেই কওক, আমি ধনী হ’বলৈ চেষ্টা কৰা উচি ত হ’ব নে, সদায় আগৰদৰেই দীন–দুখীয়া হৈ পৰি থকাটো উচিত? আমাৰ গাঁৱলৈ বিজুলি অহাটো বিচাৰে নে, এনেকৈয়ে অন্ধকাৰৰ মাজত পৰি থকাটো বিচাৰে? গাঁৱলৈ টিভি, মোবাইল ফোন, গাড়ী–মটৰ চলাচল কৰাটো বিচাৰে নে সেইবোৰ সোণপাহাৰ আৰু নুৱা নৈৰ সিপাৰেই থকাটো বিচাৰে আপোনালোকে?”
গাঁৱৰ মানুহখিনিয়ে ইজনে সিজনৰ মুখলৈ চাই ভাবিলে, “ল’ৰাটোৱেতো ঠিক কথাই কৈছে৷”
শুভেন্দুৱে ভাষণ শেষ কৰাৰ আগে আগে ক’লে, “দুখীয়া হৈ জন্ম লোৱাটো পাপ নহয়৷ কিন্তু দুখীয়া হৈ মৰাটো হ’লে পাপ৷ আমি যদি এনেকৈয়েই দুৰৱস্থাৰ মাজতেই ৰৈ যাওঁ, তেনেহ’লে আমাৰ পিছৰ প্ৰজন্মই আমাক কেতিয়াও ক্ষমা নকৰিব৷”
মানুহেবাৰেও কথা শুনি মূৰ লৰালে, মানে ঠিকেই কৈছে৷
উদ্ধৱ মহান্তিয়ে পিছফালে ঘূৰি সুধিলে, “মাংস সিজিল নে নাই?”
ইন্দ্ৰমণিয়ে ওচৰলৈ আহি ক’লে, “পাত খোৱা খাহী এইটো, কেতিয়াবাতে সিজিলে৷”
ঃ তেনেহ’লে আৰn দেৰি কৰি লাভ নাই নৰোত্তম৷
ঃ হয়, হয় আৰু দেৰি কৰাৰ প্ৰয়োজন নাই৷ আগে সৰn ¸ল’ৰা–ছোৱালী আৰু বয়সিয়ালখিনি বহাই দিয়ক৷
ঃ ঠিকেই৷
এই সুযোগতে নৰোত্তম মণ্ডলে, উদ্ধৱ মহান্তিৰ কাণত আকৌ এবাৰ ক’লে, “অহাবাৰ নাটকখনত আমাৰ বাসন্তীয়ে ৰেজিয়াৰ চৰিত্ৰটো কৰিব বুলি ইন্দ্ৰমণিক কৈ দিয়ক আকৌ৷”
ঃ ক’ম, ক’ম৷ সময় আহকচোন৷ – উদ্ধৱ মহান্তিয়ে এনেয়ে কৈ থৈ দিলে৷
কিন্তু শুনি নৰোত্তম মণ্ডলৰ মনটো ভাল লাগি গ’ল৷
উদ্ধৱ মহান্তিয়ে তাৰ মাজতে সুধিলে, “পিছে সিফালৰ খবৰ কি?”
মুখত লৈ থকা পিকখিনি অলপ দূৰলৈ পিকাই নৰোত্তমে ক’লে, “পানী এগিলাচ দিবলৈকো কোনো নাছিল৷ বাপেক–পুতেকে মিলিয়েই যি হাত–ভৰি মাৰিছিল৷ লুলু বিৱালে কৈছে যে সকলো চাই মেলিহে সিদ্ধান্ত ল’ব হেনো৷”
শুভেন্দুৱে ওখ পকী ঠাই এডোখৰতে বহি ইফালে–সিফালে চাইছিল৷ কলা নিকেতনৰ চাৰিওফালে বাহৰ জেওৰা৷ সি বহি থকা ঠাইখিনিৰ ওচৰতে এজোপা ডাঙৰ তগৰ গছ, যাৰ ডালবোৰ ফুলেৰে উপচি পৰিছিল৷ আন্ধাৰ ৰাতি এই গছজোপাৰ ফুলবোৰ কৃষ্ণপক্ষৰ আকাশৰ চিকমিকাই থকা তৰা যেনহে লাগিছিল৷ ভিতৰি ভিতৰি সি অস্থিৰ হৈ পৰিছিল৷ তাৰ মনটোৱে অকল সেই ছোৱালীজনীক বিচাৰিছিল৷
ইন্দ্ৰমণিয়ে মাষ্টৰক বিচাৰি আহিল নিজকে নিজে কৈ সেইখিনি পালেহি, “ছাৰ, ক’ত গ’লনো? দুটামান গান গাই শুনালে মানুহেও ভাল পালে হয়৷ এনেও একেলগে গোটেইবোৰক খুৱাব পৰা নাযাব৷”
ইন্দ্ৰক দেখি শুভেন্দুৱে ওচৰলৈ আহি ক’লে, “ইন্দ্ৰমণি বাবু আপোনালোকৰ হৈ যোৱা নাটকখন আকৌ কৰিব বুলি কৈছিল যে, মানে হ’লে আকৌ কেতিয়ালৈকে কৰিব?”
ঃ দেৰি হ’ব অলপ৷ আচলতে নৰোত্তম মণ্ডলে তেওঁৰ ছোৱালীক ৰেজিয়া চুলতানৰ চৰিত্ৰটোত অভিনয় কৰোৱাবলৈ অনুৰোধ কৰিছে৷ এতিয়া ডায়লগবোৰ তাই মনত ৰাখি কৰালৈকে অলপ সময় লাগিব৷
ঃ কিয়, ইতিমধ্যেচোন এজনে কৰিছিলেই?
ঃ কোন, মালতী? নাই এইবাৰ সেই চৰিত্ৰটো বাসন্তীয়ে কৰিব৷ কথাষাৰ কৈয়ে ইন্দ্ৰমণি আৰn ৰৈ নাথাকিল৷ মাষ্টৰক বিচাৰি খৰখেদাকৈ গুচি গ’ল৷ ক’ৰবাত বিড়ি টানি বহি থাকিব পায় মাষ্টৰ৷
শুভেন্দুৱে ইন্দ্ৰমণিক পিছফালৰ পৰা মাতিব বুলি ভাবিও কিন্তু ৰৈ গ’ল৷ লাহেকৈ সেই নামটো উচ্চাৰণ কৰি চালে, ‘মালতী, মালতী’৷
কলা নিকেতনৰ বাৰাণ্ডাত দুফালে দুটা পেট্ৰোমাস্ক জ্বলি আছিল৷ তাৰে মাজত কথ এখন পাৰি লৈ গংগাধৰ মাষ্টৰে হাৰমোনিয়াম বজাই গান গোৱা আৰম্ভ কৰিছিল৷ লগতে তেখেতৰ শিষ্যই তবলা বজাইছিল৷
শুভেন্দুৱে পেণ্টৰ পকেটত হাত ভৰাই খোজ কাঢ়ি কাঢ়ি পুখুৰীৰ পাৰলৈ গ’ল৷ মাষ্টৰে গাই থকা গীত আৰু তবলাৰ ধবনি সেইখিনিলৈকে ভাহি আহিছিল৷ মূৰৰ ওপৰত ফাগুনৰ আকাশ৷ চৌপাশক স্পৰ্শ কৰি বৈ গৈছে পছোৱা বতাহজাক৷ পুখুৰীৰ তৰঙ্গবিহীন পানীৰ মাজত প্ৰতিফলিত হৈছে ৰাতিৰ ফটফটীয়া জোন৷ কলা নিকেতনৰ সমুখৰ মুকলি ঠাইখিনিত ভোজ খাবলৈ অহা মানুহৰ কোলাহল৷ তথাপিও তাৰ বুকুখন কিবা খালি খালি যেন অনুভৱ হৈছিল৷ কিন্তু কিয়? কোম্পানিৰ এম.ডিয়ে ঠিকেই কৈছিল, অভাৱতকৈ অভাৱবোধৰ প্ৰয়োজন বেছি৷ কেইদিনমান আগলৈকে সি এনে কোনো শূন্যতা অনুভৱ কৰা নাছিল৷ কিন্তু যেতিয়াৰ পৰা মালতীক দেখিছে, তাৰ পিছৰ পৰাহে সি অনুভৱ কৰিব পাৰিছে তাৰ অভাৱবোধক৷ আজি কিবা সি নিজৰ ওপৰতেই যেন নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে৷
সঁচাকৈয়ে মালতীক নাপালে তাৰ কি জীৱন ব্যৰ্থ হৈ যাব?
শুভেন্দুৰ ইন্দ্ৰমণিৰ কথা মনত পৰিল৷ ল’ৰাটো খুবেই আবেগিক আৰু নিৰ্বোধ৷ সিহে যদি তাক ইয়াত সহায় কৰিব পাৰে৷
তেনেতে শুভেন্দুৱে দেখিলে পুখুৰীৰ ফালে কোনোবা এজন আহি আছে৷ ভালকৈ চাওঁতে গম পালে পঞ্চায়ত সভাপতি, উদ্ধৱ মহান্তি৷
শুভেন্দুৱে মাতিলে, “আহক, আহক৷”
ঃ আপুনি কিন্তু আজি বৰ ধুনীয়া ভাষণ দিলে দেই৷ মানুহবোৰৰ মনত উৎসাহ দেখিলে নে নাই? ডাইনামাইটৰ শব্দ শুনি যেনেকৈহে আতংকিত হৈ পৰিছিল মানুহবোৰ, মূৰত চিন্তাই লাগিছিল৷ কিন্তু আপুনি যেনেকৈহে বুজালে যে বিনা ত্যাগত কোনো ভাল ফল পোৱা নাযায়, আৰু ডাডিনামাটৰ শব্দক শুভ শংখ ধবনি বুলি, মানুহখিনিৰ মনৰ পৰা সকলো শংকা দূৰ হৈ গ’ল৷
অহা সংখ্যাত….