
১৯৪৭ চনৰ ১৪ আগষ্টত দ্বি–জাতি তত্ত্বৰ ভিত্তিত ভাৰতৰ পৰা দ্বিখণ্ডিত হৈ পাকিস্তান ৰাষ্ট্ৰৰ জন্ম হৈছিল৷ এক দীৰ্ঘতম ভৌগোলিক ব্যৱধান আৰু ভাষাগতভাবে পাৰ্থক্য থকা সত্বেও একেবাৰে পূব খণ্ডত অৱস্থিত পূৰ্ব বংগ পৰৱৰ্তী পূব পাকিস্তান নাম লৈ একেবাৰে পশ্চিম প্ৰান্তত অৱস্থিত পশ্চিম পাকিস্তানৰ লগত যুক্ত হৈ পাকিস্তান নামেৰে এটি ইছলামিক ৰাষ্ট্ৰ গঠন হৈছিল৷ পশ্চিম পাকিস্তানৰ ইছলাম ধৰ্মীয় জনসাধাৰণৰ মাতৃভাষা আছিল উৰ্দু আৰু পূব পাকিস্তানৰ মাতৃভাষা আছিল বাংলা৷ ধৰ্মীয় উন্মাদনাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ পূব পাকিস্তানৰ বাংলাভাষী মুছলমান সকলে নিজৰ মাতৃভাষাৰ কথা পাহৰি উৰ্দু ভাষাক পাকিস্তানৰ ৰাষ্ট্ৰভাষা হিচাপে গ্ৰহণ কৰিছিল৷ বা পশ্চিম পাকিস্তানৰ শক্তিশালী প্ৰশাসনৰ হাতত ধৰাশায়ী হৈ উৰ্দুক মাতৃভাষা হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল৷ কিন্তু, অতিশীঘ্ৰে তেওঁলোকৰ মোহভঙ্গ ঘটিছিল৷
নিজৰ মাতৃভাষাৰ মৰ্যদা হেৰুৱাই পূব পাকিস্তানৰ বাংলাভাষী মুছলমান আৰু হিন্দুসকলৰ বুকুত বিদ্ৰোহৰ জুই দপ্দপকৈ জ্বলি উঠিল৷ তাৰ বহিঃপ্ৰকাশ ঘটিল ১৯৫২ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত৷ পূব পাকিস্তানৰ লাখ লাখ জনতাই বাংলা ভাষাক পূব পাকিস্তানৰ মাতৃভাষা প্ৰদান কৰাৰ দাবীত পিকেটিং, হৰতাল, ৰি’লে আৰু গণ–সমাৱেশেৰে গোটেই পূব পাকিস্তান উত্তাল কৰি তুলিছিল৷ তেতিয়া পাকিস্তানৰ জংগী মিলিটাৰী প্ৰশাসনে আন্দোলনকাৰীসকলৰ ওপৰত জঁপিয়াই পৰি নিৰ্বিচাৰে গুলিওৱাৰ ফলত অসংখ্য প্ৰতিবাদকাৰী আহত আৰু নিহত হয়৷ ১৯৫২ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত পূব পাকিস্তানৰ পৰৱৰ্তী বাংলাদেশৰ আন্দোলনকাৰী বিশেষকৈ বঙালী ছাত্ৰসকলে মাতৃভাষা বাংলাক পুনৰুদ্ধাৰৰ বাবে শ্বহীদ হোৱা বীৰসকলৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ লগতে মাতৃভাষাক মৰ্যাদা দান কৰিবলৈ ১৯৯৯ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীত ৰাষ্ট্ৰসংঘৰ ইউনেস্কোই (United Nations Educational, scientific and Cultural Organisation) প্ৰতি বছৰে ২১ ফ্ৰেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে উদ্যাপন কৰিবলৈ সিদ্ধান্ত লয়৷ ২০২০ চনৰ ২১ ফেব্ৰুৱাৰীৰ পৰা এই দিৱসটি পৃথিৱীৰ প্ৰায় সকলো দেশতে আড়ম্বৰপূৰ্ণভাবে পালন কৰা হৈ আছে৷
২০২৪ চনৰ ২১ ফ্ৰেব্ৰুৱাৰীৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ মূল প্ৰতিপাদ্য বিষয় হ’ল – “Multilingual education —-a pillar of learning and inter generational learning.” অৰ্থাৎ মাতৃভাষাৰ মাধ্যমত শিক্ষা দান আৰু জনগোষ্ঠীয় ভাষাসমূহকো গুৰুত্ব আৰোপ কৰাই হ’ব এই বছৰৰ আন্তজাৰ্তিক মাতৃভাষা দিৱসৰ মূল প্ৰতিপাদ্য৷ এতিয়া আমি যদি অসম বুৰঞ্জী ফঁহিয়াই চাওঁ দেখিম যে, ১৯২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ ফলশ্ৰুতিত ব্ৰিটিছ শাসকে অসমত আধিপত্য বিস্তাৰ কৰি ৰাজ্যৰ প্ৰশাসন সুস্থভাবে আৰু দক্ষতাৰে পৰিচালনা কৰিবলৈ বঙ্গদেশৰ পৰা বঙালী কেৰাণী, মহৰী লৈ আহিছিল৷ এই বাঙালী কেৰাণী– মহৰীৰ ফুচলনিত বা ব্ৰিটিছ শাসকে ডিভাইড এণ্ড ৰুল পলিচিক সাৰোগত কৰি ১৯৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ শিক্ষানুষ্ঠান আৰু আদালত– কাছাৰীত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল; যাৰ বাবে, প্ৰাচীনতম ভাষা হিচাপে অসমীয়া ভাষা ভাৰতৰ অন্য ৰাজ্যসমূহৰ তুলনাত উন্নত আৰু সমৃদ্ধিশালী ভাষা হোৱা সত্বেও পঞ্চাছ বছৰ ধৰি অসমীয়া ভাষা নিজৰ ৰাজ্যতেই এলাগী হৈ পৰাৰ ফলত আধুনিক অসমীয়া ভাষা, সাহিত্য প্ৰতিৱেশী ৰাজ্যসমূহৰ বিশেষকৈ আধুনিক বাংলা ভাষা, সাহিত্যৰ তুলনাত বহুত পিছ UUকি গ’ল৷

তদুপৰি স্বাধীনোত্তৰ ভাৰততো অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হিচাপে এতিয়াও সম্পূৰ্ণ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ বৰাক উপত্যকাত বাংলা ভাষাক মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ উপৰিও ব্ৰহ্মপুত্ৰ উপত্যকাতো বহুত শিক্ষানুষ্ঠানতো বাঙালী বুদ্ধিজীৱীৰ প্ৰচেষ্টাত বাংলা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈ আছে৷ মাজে মাজে এই বিষয়টো লৈ অসমীয়া আৰু বাঙালীৰ মাজত সংঘাত তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ অসমত অসমীয়া ভাষাক মাতৃভাষা হিচাপে সাব্যস্ত কৰিবলৈ গৈ ১৯৬০ চনত মাতৃভাষা আন্দোলনত ৰঞ্জিত বৰপূজাৰীয়ে আৰু ১৯৭২ চনত মাধ্যম আন্দোলনত জঁপিয়াই পৰি মোজাম্মেল হকে প্ৰাণ আহুতি দি শ্বহীদ হৈছিল৷ ভাৰতবৰ্ষৰ অইন ৰাজ্যত এনে উদাহৰণ বিৰল৷
তাৰ উপৰিও ভূতৰ ওপৰত দানহ পৰাদি অসমৰ প্ৰায় সকলো প্ৰান্ততে বেঙৰ ছতাৰ দৰে ইংৰাজী মাধ্যমৰ বেচৰকাৰী শিক্ষানুষ্ঠান গঢ়ি উঠিছে৷ চৰকাৰী শিক্ষানুষ্ঠানসমূহ তুলনামূলকভাৱে নিম্ন মানৰ হোৱাৰ বাবেই ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানত অভিভাৱক বা অভিভাৱিকাসকলেও নিজৰ ল’ৰা–ছোৱালীক নামভৰ্তি কৰাই গৌৰৱ অনুভৱ কৰে; ল’ৰা ছোৱালীবোৰেও ইংৰাজী মিশ্ৰিত অসমীয়া ভাষা ইংৰাজী ষ্টাইলত কথোপকথন কৰি অসমীয়া ভাষাক সমাধিস্থ কৰি আছে৷ অৱশ্যে অসমীয়া মাধ্যমৰ জাতীয় বিদ্যালয়সমূহে এই ক্ষেত্ৰত অসমীয়া ভাষা উন্নয়নৰ গতি কিছু পৰিমাণে হ’লেও তৰান্বিত কৰি আছে৷
আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনাই অসমবাসীয়ে অসম ৰাজ্যত অসমীয়া ভাষাক মাতৃভাষা হিচাপে সম্পূৰ্ণৰূপে গ্ৰহণ কৰি সমগ্ৰ অসমতে (বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত) শিক্ষানুষ্ঠান, আদালত, কছাৰীত ইয়াক বাস্তৱায়িত কৰা উচিত৷ অসমৰ সকলো ঠাইতে অৱস্থিত জাননীপত্ৰ, দোকান, হোটেল, হাট–বজাৰ, চিকিৎসালয়, চিকিৎসকৰ পৰামৰ্শ গৃহ, চৰকাৰী প্ৰশাসনৰ সকলো বিভাগৰ কাৰ্যালয় আদিৰ নাম সকলোতে অসমীয়া ভাষাত লিখি ভাষাটোক পূৰ্ণ অধিকাৰ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ মাতৃভাষা অসমীয়া ভাষাৰ জৰিয়তে প্ৰথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ত সন্নিৱিষ্ট পাঠ্যক্ৰমৰ সকলো বিষয়, যেনে কলা, বিজ্ঞান, বাণিজ্য, আভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান, শিল্পকলা, ক্ৰীড়া, নৃত্য আদি সকলো দিশতে পাঠদান কৰিবলৈ সক্ষম কৰি তুলিবলৈ এই ভাষাটোক অত্যাধুনিক ৰূপে সজাই পৰাই তুলিব লাগিব৷ তাৰ বাবে লাগিব অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ পৰা শব্দসমূহ গ্ৰহণ কৰি অসমীয়া ভাষাৰ শব্দৰ ভঁৰাল চহকী কৰা৷ আন্তৰ্জাতিক ভাষা হিচাপে ইংৰাজী ভাষা বা দেশৰ অইন ৰাজ্যৰ পৰা শব্দৰ ভাণ্ডাৰ গ্ৰহণ কৰাত আপত্তি নাই; কেৱল অইন ভাষাৰ শব্দবোৰে অসমীয়া ভাষাক গিলিবলৈ চেষ্টা নকৰি অসমীয়া ভাষাক বিকাশ সাধন কৰাত যাতে সম্পূৰ্ণ সহযোগিতা আগবঢ়ায়, তাৰ বাবে অসমৰ সকলো সচেতন ৰাইজে অতন্দ্ৰ প্ৰহৰীৰ দৰে চোকা দৃষ্টি ৰাখিব লাগিব৷ আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ দিনটোত এয়াই হওক সকলোৰে কাম্য৷