নাম তাইৰ কবিতা (জিনামণি বৰা)
তুমি হেনো প্ৰেমত পৰিছা
সেয়ে সুধিছিল তাই
কোন বাৰু তেওঁ?
কৈছিলা তুমি
নাম তাইৰ কবিতা
এদিন জোনাক নিশা
নৈৰ পাৰত তোমাৰ কাষলৈ আহি
তাই কৈছিল—
আজি তুমি কোৱা
মই শুনিম
মাথোঁন শুনিম তোমাৰ মুখত
তোমাৰ প্ৰেমৰ ৰাণী কবিতাৰ কথা
প্ৰেমৰ গোপনীয়তা ৰক্ষা কৰি
তুমি কৈ গৈছিলা—
জোনাক নিশা
আকাশৰ নীলাবোৰৰ মাজে মাজে
শুকুলা ডাৱৰৰ আঁৰে আঁৰে
জোন আৰু তৰা হৈ
কবিতাৰ লগত তুমি লুকা–ভাকু খেলা
মন যায় তোমাৰ
নৈৰ পাৰৰ বালিচৰত বহি
কবিতাক সাবটি ধৰি
তাইৰ দেহৰ উষ্ণতাৰ উমাল লৈ
বলিয়া নৈৰ সোঁতত উটি যাবলৈ
শব্দবিহীন ভাবে
মৌনতাৰে মাথোঁন তুমি
অনুভৱ কৰি যোৱা
তোমাৰ কবিতাৰ ৰাণীক
কাৰণ কবিতাই কাৰো লগত
কথা নাপাতে
লগ পোৱা নাই
দেখা নাই কাহানিও
সেয়ে কবিতাক চাব খোজা তুমি
অশান্ত মন শান্ত কৰিবলৈ
যিকোনো সময়ত
যিকোনো ঠাইত
যিকোনো পৰিস্থিতিত
তুমি কৰা অনুভৱ
বুজিব আৰু জানিব বিচৰা
কবিতাৰ ভাব
মনে তোমাৰ বিচাৰে বহুত কিবাকিবি
হেঁপাহ নপলোৱাকৈ অন্তৰ্দৃষ্টিৰে তুমি
কবিতাক প্ৰাণভৰি চোৱা
তোমাৰ বুকুৰ মাজত লৈ
তাইৰ মেঘালী চুলি টাৰিত
আলফুলে আঙুলি বুলাই
অনুভবৰ মাজেৰেই
কবিতাক তুমি বিচাৰি পোৱা
তোমাৰ নিচেই কাষত৷