by Arup Kakoti
সেউজীয়া আঘোণৰ পথাৰ
চাহ কৰিছে আমাৰ পিতাই
নাঙল, কোৰ লৈ ব্যস্ত হৈছে
মাটিৰ কেঁচা গোন্ধে হৃদয় জুৰাইছে৷
গাৰ ঘাম মচি বোকা পানী খচি
ৰুইছে ধাননি বাৰে বৰণীয়া
গাভৰু থোকবোৰ হালিছে জালিছে
লখিমী আই মিচিকিয়াই হাঁহিছে৷
কাঁচিত শান দিছে দাৱনি মাতিছে
গাভৰুহঁতে হাতত কাঁচি লৈছে
হাতত কাঁচি মুঠি মুঠি ডাঙৰি
বিৰিয়াবোৰ লৈ পথাৰলৈ গৈছে৷
হাতত কাঁচিৰ কেচ কেচ, চিকমিক
শব্দবোৰৰ যুঁজখন চলিছে
দাৱনিহঁতে গুৱা–পাণ খাইছে
মুখখন টিকটিকীয়া ৰঙা কৰিছে৷
‘মোকো এখিলা তামোল–পাণ দে’ বুলি
গাত হেঁচা দি খিলখিলাই হাঁহিছে
দাৱনিহঁতে উৰুলি মাৰিছে
ৰাগীত পথাৰখন জমিছে৷
এবাৰ সুধি চাবৰ মন গৈছে
মোৰো জেউতি আছে নেকি?
দাৱনিহঁতৰ মাজত
লাজতে অন্তৰখন দহিছে৷
আঘোণৰ পথাৰত কাম আছে
দাৱনিহঁতে মূৰ নোতোলা হৈছে
খোপাত পিন্ধা মালতী ফুলথোপা
জিলিকি উঠিছে৷