(ৰ)
ফাগুন
তোমাৰ বাবে
কলম তুলি ল’লো হাতত
আৰু আনটো হাতত
নামি অহা ফাগুনৰ বা
ফাগুনৰ ৰঙেৰে৷
(২)
অলংকৃত
বাৰীৰ ঢাপৰ শিমলুুজোপা
খুলি দিয়া
পদূলিমুখৰ নঙলা
পছোৱা হৈ চুমি যাব
ফাগুন অহাৰ বাটেৰে৷
(৩)
শত শত
সৰাপাতৰ অস্তাচল
প্ৰতিটো পল-অনুপল
চিনাকি সুৰত ভাঁহে
সৰা পাতে পাতে ফাগুন নামে৷
(৪)
যি বাটেৰে ফাগুন গৰকি যায়
সেই বাটেৰেই নকৈ গজালি মেলে সপোনে
তাতে পাহি পাহি কপৌৱে হাঁহে
পাহি মেলি
আশা, প্ৰত্যাশা, আকুলতাৰে
নতুন প্ৰভাতে দি যায়
এটি এটি মৃদু হাঁহি………৷৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]