ফাগুন ফাগুন লাগিছে গাত(এছ ইছলাম) – Purbodix.com

ফাগুন ফাগুন লাগিছে গাত(এছ ইছলাম)

কুলিৰ কুউ কুউ মাতে

হৃদয়ত শিহঁৰণ জাগে

আমে মলিয়ালে

কঠালে পেলালে মুচি

আই বসুমতী ৰজঃস্বলা এৰি

হৈ পৰিল শুচি৷

 

গছে গছে মেলিছে

নতুন নতুন কুঁহিপাত

ডেকাগাভৰুৰ উতলা মন

তত নাইকিয়া হৈছে গাত৷

 

ফাগুনী বাই আবিৰ ছটিয়াই

ধৰণীৰ গা ৰাঙলী কৰিছে

প্ৰকৃতিয়ে ফাকুৱা খেলিছে

বসন্ত ৰাণীৰ লগত

শিমলু পলাশৰ ৰঙত

ৰাঙলী হৈছে গোটেই জগত৷

 

প্ৰকৃতিৰ বিনন্দীয়া ৰূপ

মদাৰৰ গোন্ধেৰে হৃদয় আমোলমোল

শেৱালিৰ তলত কথা পাতিছে

যুগল প্ৰেমিকৰ দলে৷

 

নদীৰ দুয়ো কুল

ফুলিছে কঁহুৱা ফুল

বতাহত হালিছে জালিছে

টুনিবুলবুলিয়ে উৰুলি মাৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *