শিক্ষা হৈছে জীৱনব্যাপী চলা এটি অন্তহীন প্ৰক্ৰিয়া (Education is a lifelong process of development) আমি প্ৰত্যেকেই জন্মৰ পৰা মৃত্যুলৈকে শিক্ষাৰ দ্ধাৰা প্ৰভাৱিত হওঁ৷ আনুষ্ঠানিক অথবা অনানুষ্ঠানিক শিক্ষা আমাৰ জীৱনৰ অবিচ্ছেদ্য অঙ্গ৷ পৃথিৱীত এনে কোনো ব্যক্তি নাই যিয়ে একো শিকা নাই৷ বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত আমি প্ৰত্যেকেই কিবা নহয় কিবা শিকিয়েই থাকোঁ৷ শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে লুপ্ত প্ৰতিভাসমূহ উদ্ধাৰ কৰি সৰ্ববিকাশ প্ৰাপ্ত কৰা৷ এই প্ৰক্ৰিয়াৰ সহায়তে শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু চৰিত্ৰৰ সংশোধন কৰিব পাৰে৷ পাৰিপািৰ্শ্বকতাৰ সংস্পৰ্শত লাভ কৰা অভিজ্ঞতাৰ ফলত মানুহৰ ব্যৱহাৰৰ যি পৰিৱৰ্তন হয় আৰু যিয়ে মানুহক উন্নতিৰ পথত অগ্ৰসৰ হৈ সাৰ্থক জীৱন–যাপন কৰিবলৈ সক্ষম কৰি তোলে সেয়া শিক্ষা৷ ই এনে এটা বিৰামহীন প্ৰক্ৰিয়া, যাৰ দ্ধাৰা ব্যক্তিয়ে নিজৰ গুণাৱলীৰ বিকাশ সাধন কৰাৰ উপৰিও সামাজিক জীৱনলৈও অৱদান যোগাব পাৰে৷
বিদ্যালয়–মহাবিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰাসকলক ছাত্ৰ– ছাত্ৰী বা বিদ্যাৰ্থী বুলি কোৱা হয়৷ বিদ্যা অৰ্জনকেই (Study)ছাত্ৰৰ প্ৰধান কৰ্তব্য বুলি কোৱা হয় যদিও বিদ্যা অৰ্জনৰ লগে লগে ছাত্ৰসকলে আন কিছুমান কৰ্তব্যও কৰি যাব লাগে৷ সাধাৰণতে ছাত্ৰাৱস্থাকেই মানৱ জীৱনৰ ভেটি স্বৰূপ বুলি গণ্য কৰা হয়৷ সেয়েহে, এই সময়ছোৱাত ছাত্ৰসকলে ভালদৰে শিকি–বুজি ভৱিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ লগতে দেশ–দহৰ উন্নতি সাধন কৰা উচিত৷ শিক্ষাবিদ সকলে ইংৰাজী ‘STUDENT’ শব্দটিৰ অৰ্থ বিভিন্ন ধৰণে ব্যাখ্যা কৰা দেখা যায়৷ তলত তাৰে দুটামান উল্লেখ কৰিলোঁ
ত্ৰঞ্চ stands for Study Or Smartness
থ্বঞ্চ stands for Truthfulness or Thoughtful
হুঞ্চ stands for Unity or Understanding
ড্ডঞ্চ stands for Discipline or Dutyfullness
ড্ৰঞ্চstands for Energy Or Efficiency
ত্ত্বঞ্চstands for neat and clean or notable
থ্বঞ্চstands for Treasure or technique
বিদ্যা অৰ্জন অথবা অধ্যয়নে (STUDY) ই ছাত্ৰ–ছাত্ৰীৰ মুখ্য কৰ্তব্য৷ কোৱা হৈছে, “ছাত্ৰানাং অধ্যয়নং তপঃ”৷ অৰ্থাৎ ছাত্ৰ–ছাত্ৰীৰ তপস্যা বা উপাসনা হৈছে অধ্যয়ন৷ স্কুল–কলেজৰ শিক্ষা অৰ্জন কৰাটো প্ৰত্যেক ছাত্ৰ অথবা ছাত্ৰীৰে প্ৰাথমিক কৰ্তব্য৷ ছাত্ৰাৱস্থাৰ অধ্যয়নৰ ওপৰতে সমগ্ৰ জীৱনৰ কালছোৱা নিৰ্ভৰশীল হৈ থাকে৷ এই সময়ছোৱাত ছাত্ৰ–ছাত্ৰী বা বিদ্যাৰ্থীসকলৰ মন অতি কোমল হৈ থাকে, যিফালেই ঢাল খুৱাব বিচাৰে সেইফালেই ঢাল খায়৷ অধ্যয়নৰ কালছোৱাত নিজকে কেনেদৰে অধ্যয়নত ব্ৰতী কৰিব লাগে তাৰ প্ৰতি ছাত্ৰ–ছাত্ৰী সকলে মনোযোগ দিব লাগে৷ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত অন্য কামবোৰ কৰি বিশেষকৈ বেয়া কামবোৰ যাতে কৰিব নোৱাৰে তাৰ বাবে বিশেষকৈ সচেতন মহল সজাগ থাকিব লাগে৷ (TRUTHFULNESত্ৰ) সেই সময়ছোৱাত যাতে মিছা কথা নকয় আৰু সত্যৰ প্ৰতি আকৰ্ষিত কৰিব লাগে৷ প্ৰকৃত মানুহ হোৱাৰ বাবে সত্যৰ বিকল্প নাই৷ (UNITY) সিহঁতৰ নিজৰ নিজৰ মাজত মিলা–প্ৰীতিৰে থকাৰ উপৰিও সমাজৰ মাজত মিলিজুলি থাকিলে যে প্ৰকৃততে সমাজ শান্তিপূৰ্ণ হ’ব সেই কথা উপলব্ধি কৰিব লাগিব৷ পিতৃ–মাতৃ, শিক্ষক অথবা সচেতন মহলে এইবোৰ শিক্ষা দিব লাগিব৷ কৰ্তব্য পৰায়ণ (DUTYFULLNESত্ৰ) গুণৰ অধিকাৰী নহ’লে যে কোনো কামতে সফল হ’ব নোৱাৰি এই কথা অন্তৰৰ পৰা মানি কৰ্তব্যৰ প্ৰতি সচেতন হ’ব লাগিব৷ নিজৰ পঢ়া–শুনাৰ লগতে শিক্ষক– শিক্ষয়িত্ৰীৰ উপদেশ মানিব লাগিব লগতে ডাঙৰৰ প্ৰতি শ্ৰদ্ধা সৰুৰ প্ৰতি মৰম কৰাৰ প্ৰকৃতি গঢ়ি তুলিব লাগিব৷ আনকি সমাজৰ প্ৰতিও দায়িত্ব পালন কৰিব লাগিব৷ (EFFICIENCY) যিকোনো কামত নিপুণভাবে কৰিব লাগিব যাতে দক্ষতা বৃদ্ধি পায়৷ (NEAT ANড্ড CLEAN) প্ৰত্যেকেই প্ৰতি মুহূৰ্ততে পৰিষ্কাৰ–পৰি২৬ন্ন হৈ থকাৰ লগতে স্কুল–চৌহদ কিম্বা নিজৰ গৃহ সুন্দৰ কৰি ৰাখিব লাগিব৷ নিজৰ দেহক পৰিষ্কাৰ–পৰি২৬ন্ন ৰখাৰ সমান্তৰাল ভাবে মানসিক পৰিষ্কাৰ–পৰি২৬ন্ন হ’বলৈ আপ্ৰাণ প্ৰয়াস কৰিব লাগে৷ আখৰ লিখাৰ ক্ষেত্ৰত পৰিষ্কাৰ–পৰি২৬ন্ন কৰিব লাগিব কিয়নো মহাত্মা গান্ধীয়ে কৈছিল, “Good Handwriting is a sign of perfect Education তেখেতে আৰু কৈছিল, Bad Handwriting is a sign of imperfect Education.’’ সেইদৰে প্ৰত্যেকেজন শিক্ষাৰ্থী গুপ্তধন (TREASURE)অৰ্থাৎ তেওঁলোকৰ লুপ্ত প্ৰতিভাৰ বিকাশ ঘটাব লাগিব আৰু এই ক্ষেত্ৰত তেওঁলোকৰো কিছু কৌশল ‘TECHNIQUড্ৰ’ আৰু দক্ষতা নথকা নহয়, সেইখিনি নিজেও প্ৰকাশ কৰিব লাগিব আৰু শিক্ষক তথা অভিভাৱকে বিকশিত কৰিব লাগিব৷ কোৱা হয়, “গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ান৷’’শিক্ষা হৈছে জীৱনব্যাপী চলা এটি অন্তহীন প্ৰক্ৰিয়া (Education is a lifelong process of development) আমি প্ৰত্যেকেই জন্মৰ পৰা মৃত্যুলৈকে শিক্ষাৰ দ্ধাৰা প্ৰভাৱিত হওঁ৷ আনুষ্ঠানিক অথবা অনানুষ্ঠানিক শিক্ষা আমাৰ জীৱনৰ অবিচ্ছেদ্য অঙ্গ৷ পৃথিৱীত এনে কোনো ব্যক্তি নাই যিয়ে একো শিকা নাই৷ বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত আমি প্ৰত্যেকেই কিবা নহয় কিবা শিকিয়েই থাকোঁ৷ শিক্ষাৰ মুখ্য উদ্দেশ্য হৈছে লুপ্ত প্ৰতিভাসমূহ উদ্ধাৰ কৰি সৰ্ববিকাশ প্ৰাপ্ত কৰা৷ এই প্ৰক্ৰিয়াৰ সহায়তে শিক্ষাৰ্থীয়ে নিজৰ আচৰণ আৰু চৰিত্ৰৰ সংশোধন কৰিব পাৰে৷ পাৰিপািৰ্শ্বকতাৰ সংস্পৰ্শত লাভ কৰা অভিজ্ঞতাৰ ফলত মানুহৰ ব্যৱহাৰৰ যি পৰিৱৰ্তন হয় আৰু যিয়ে মানুহক উন্নতিৰ পথত অগ্ৰসৰ হৈ সাৰ্থক জীৱন–যাপন কৰিবলৈ সক্ষম কৰি তোলে সেয়া শিক্ষা৷ ই এনে এটা বিৰামহীন প্ৰক্ৰিয়া, যাৰ দ্ধাৰা ব্যক্তিয়ে নিজৰ গুণাৱলীৰ বিকাশ সাধন কৰাৰ উপৰিও সামাজিক জীৱনলৈও অৱদান যোগাব পাৰে৷
বিদ্যালয়–মহাবিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰাসকলক ছাত্ৰ– ছাত্ৰী বা বিদ্যাৰ্থী বুলি কোৱা হয়৷ বিদ্যা অৰ্জনকেই (Study)ছাত্ৰৰ প্ৰধান কৰ্তব্য বুলি কোৱা হয় যদিও বিদ্যা অৰ্জনৰ লগে লগে ছাত্ৰসকলে আন কিছুমান কৰ্তব্যও কৰি যাব লাগে৷ সাধাৰণতে ছাত্ৰাৱস্থাকেই মানৱ জীৱনৰ ভেটি স্বৰূপ বুলি গণ্য কৰা হয়৷ সেয়েহে, এই সময়ছোৱাত ছাত্ৰসকলে ভালদৰে শিকি–বুজি ভৱিষ্যতে এজন সৎ আৰু দক্ষ নাগৰিক হৈ নিজৰ লগতে দেশ–দহৰ উন্নতি সাধন কৰা উচিত৷ শিক্ষাবিদ সকলে ইংৰাজী ‘STUDENT’ শব্দটিৰ অৰ্থ বিভিন্ন ধৰণে ব্যাখ্যা কৰা দেখা যায়৷ তলত তাৰে দুটামান উল্লেখ কৰিলোঁ
ত্ৰঞ্চ stands for Study Or Smartness
থ্বঞ্চ stands for Truthfulness or Thoughtful
হুঞ্চ stands for Unity or Understanding
ড্ডঞ্চ stands for Discipline or Dutyfullness
ড্ৰঞ্চstands for Energy Or Efficiency
ত্ত্বঞ্চstands for neat and clean or notable
থ্বঞ্চstands for Treasure or technique
বিদ্যা অৰ্জন অথবা অধ্যয়নে (STUDY) ই ছাত্ৰ–ছাত্ৰীৰ মুখ্য কৰ্তব্য৷ কোৱা হৈছে, “ছাত্ৰানাং অধ্যয়নং তপঃ”৷ অৰ্থাৎ ছাত্ৰ–ছাত্ৰীৰ তপস্যা বা উপাসনা হৈছে অধ্যয়ন৷ স্কুল–কলেজৰ শিক্ষা অৰ্জন কৰাটো প্ৰত্যেক ছাত্ৰ অথবা ছাত্ৰীৰে প্ৰাথমিক কৰ্তব্য৷ ছাত্ৰাৱস্থাৰ অধ্যয়নৰ ওপৰতে সমগ্ৰ জীৱনৰ কালছোৱা নিৰ্ভৰশীল হৈ থাকে৷ এই সময়ছোৱাত ছাত্ৰ–ছাত্ৰী বা বিদ্যাৰ্থীসকলৰ মন অতি কোমল হৈ থাকে, যিফালেই ঢাল খুৱাব বিচাৰে সেইফালেই ঢাল খায়৷ অধ্যয়নৰ কালছোৱাত নিজকে কেনেদৰে অধ্যয়নত ব্ৰতী কৰিব লাগে তাৰ প্ৰতি ছাত্ৰ–ছাত্ৰী সকলে মনোযোগ দিব লাগে৷ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত অন্য কামবোৰ কৰি বিশেষকৈ বেয়া কামবোৰ যাতে কৰিব নোৱাৰে তাৰ বাবে বিশেষকৈ সচেতন মহল সজাগ থাকিব লাগে৷ (TRUTHFULNESত্ৰ) সেই সময়ছোৱাত যাতে মিছা কথা নকয় আৰু সত্যৰ প্ৰতি আকৰ্ষিত কৰিব লাগে৷ প্ৰকৃত মানুহ হোৱাৰ বাবে সত্যৰ বিকল্প নাই৷ (UNITY) সিহঁতৰ নিজৰ নিজৰ মাজত মিলা–প্ৰীতিৰে থকাৰ উপৰিও সমাজৰ মাজত মিলিজুলি থাকিলে যে প্ৰকৃততে সমাজ শান্তিপূৰ্ণ হ’ব সেই কথা উপলব্ধি কৰিব লাগিব৷ পিতৃ–মাতৃ, শিক্ষক অথবা সচেতন মহলে এইবোৰ শিক্ষা দিব লাগিব৷ কৰ্তব্য পৰায়ণ (DUTYFULLNESত্ৰ) গুণৰ অধিকাৰী নহ’লে যে কোনো কামতে সফল হ’ব নোৱাৰি এই কথা অন্তৰৰ পৰা মানি কৰ্তব্যৰ প্ৰতি সচেতন হ’ব লাগিব৷ নিজৰ পঢ়া–শুনাৰ লগতে শিক্ষক– শিক্ষয়িত্ৰীৰ উপদেশ মানিব লাগিব লগতে ডাঙৰৰ প্ৰতি শ্ৰদ্ধা সৰুৰ প্ৰতি মৰম কৰাৰ প্ৰকৃতি গঢ়ি তুলিব লাগিব৷ আনকি সমাজৰ প্ৰতিও দায়িত্ব পালন কৰিব লাগিব৷ (EFFICIENCY) যিকোনো কামত নিপুণভাবে কৰিব লাগিব যাতে দক্ষতা বৃদ্ধি পায়৷ (NEAT ANড্ড CLEAN) প্ৰত্যেকেই প্ৰতি মুহূৰ্ততে পৰিষ্কাৰ–পৰি২৬ন্ন হৈ থকাৰ লগতে স্কুল–চৌহদ কিম্বা নিজৰ গৃহ সুন্দৰ কৰি ৰাখিব লাগিব৷ নিজৰ দেহক পৰিষ্কাৰ–পৰি২৬ন্ন ৰখাৰ সমান্তৰাল ভাবে মানসিক পৰিষ্কাৰ–পৰি২৬ন্ন হ’বলৈ আপ্ৰাণ প্ৰয়াস কৰিব লাগে৷ আখৰ লিখাৰ ক্ষেত্ৰত পৰিষ্কাৰ–পৰি২৬ন্ন কৰিব লাগিব কিয়নো মহাত্মা গান্ধীয়ে কৈছিল, “Good Handwriting is a sign of perfect Education তেখেতে আৰু কৈছিল, Bad Handwriting is a sign of imperfect Education.’’ সেইদৰে প্ৰত্যেকেজন শিক্ষাৰ্থী গুপ্তধন (TREASURE)অৰ্থাৎ তেওঁলোকৰ লুপ্ত প্ৰতিভাৰ বিকাশ ঘটাব লাগিব আৰু এই ক্ষেত্ৰত তেওঁলোকৰো কিছু কৌশল ‘TECHNIQUড্ৰ’ আৰু দক্ষতা নথকা নহয়, সেইখিনি নিজেও প্ৰকাশ কৰিব লাগিব আৰু শিক্ষক তথা অভিভাৱকে বিকশিত কৰিব লাগিব৷ কোৱা হয়, “গুৰুতকৈ শিষ্য হয় শিয়ান, খুচৰি খুচৰি লয় গিয়ান৷’’

শিক্ষাৰ্থী সকলৰ নিজৰ নিজৰ লক্ষ্য থকাটো অতি জৰুৰী কিয়নো কোৱা হয়, “An aimless man is like a boat without rudder’’ অৰ্থাৎ লক্ষ্যহীন লোক বঠাহীন নৌকাৰ দৰে, কোন ফালে যায় তাৰ কোনো ঠিকনা নাই৷ কোনো কৰ্মকে ঘৃণাৰ ভাব নাৰাখি আপোন চাহিদা অনুযায়ী নিজৰ লক্ষ্যত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস কৰিব লাগে৷ আজিৰ শিক্ষাৰ্থী কাইলৈ দেশৰ নাগৰিক, সেয়ে প্ৰত্যেকেই নিজৰ দায়িত্ব তথা কৰ্তব্য সুচাৰুৰূপে পালন কৰি যাব লাগে৷ বৈজ্ঞানিক, ইঞ্জিনীয়াৰিং, চিকিৎসক, অন্যান্য বিষয়া, আদৰ্শ শিক্ষক, আদৰ্শ নাগৰিক আদি হোৱাৰ সপোন ৰখা ভাল কিয়নো সপোন আৰু আশাই মানুহক বহুদূৰ আগুৱাই লৈ যায়৷ ভাৰতৰত্ন, প্ৰাক্তন ৰাষ্ট্ৰপতি তথা বিখ্যাত বৈজ্ঞানিক ড॰ এ, পি, জে আব্দুল কালামে কৈছিল, “তুমি এনে সপোন দেখা যি সপোনে তোমাক শুবলৈ নিদিয়ে৷’’
বিশ্বৰ মহান ব্যক্তিসকলক অধ্যয়ন কৰিলে দেখা যায় যে, তেওঁলোকে নিজৰ উচ্চ আসন গঢ়িবলৈ যেনেকৈ সমৰ্থ হৈছে ঠিক সেইদৰে বহুবাৰ ব্যৰ্থও হৈছে৷ সেয়েহে হয়তো কলিন পায়েলে কৈছে, “There are no secret to success, it is the result of preparation, hard work and learning from failure.”
বহুতে বিফল/ পৰাজয় (FAIL) শব্দটোৰ অৰ্থ এইদৰে কৰা দেখা যায়৷
ণ্ঠঞ্চ First, ট্টঞ্চAttempt, Iঞ্চIn, Lঞ্চLearning
(যিটোৱে শিক্ষণৰ প্ৰথম প্ৰয়াস বুজায়)
গতিকে ব্যৰ্থতাৰ বাবে আমি নিতৌ ভাগ্যক দোষাৰোপ নকৰি যদি ইয়াৰ কাৰণবোৰ বা ত্ৰুটিবোৰ উলিয়াই কঠোৰ পৰিশ্ৰম তথা নিজৰ ওপৰত বিশ্বাস কৰিলে ভাগ্য ভাল হোৱাৰ আশা কৰিব পাৰি৷ কোনো বিষয়ত এবাৰ বা দুবাৰ অনুত্তীৰ্ণ বা ব্যৰ্থতাই শেষ হোৱা নুবুজায়৷ ‘চেষ্টাৰ অসাধ্য নাই’ কথাষাৰ মনত ৰাখি আত্মবিশ্বাস ৰাখিলে সফলতা আহিবই৷ কোৱা হয় সফলতা (SUCCESত্ৰ) মানে—
ত্ৰঞ্চ See your goal
হুঞ্চ Understand the obstacles
ট্ৰঞ্চ Creat a positive mental picture
ট্ৰঞ্চ Clean your mind of self doubt
ড্ৰঞ্চ Embrace the challenge
ত্ৰঞ্চ Stay on track
ত্ৰঞ্চ Show the world you can do it.
মুঠতে পৰিশ্ৰম, পৰিশ্ৰম আৰু পৰিশ্ৰম, কিন্তু গাধৰ দৰে নহয় অৰ্থাৎ বুদ্ধি প্ৰয়োগ কৰি পৰিশ্ৰম কৰাই জীৱনত সফলতা অৰ্জনৰ মুল চাবি কাঠি৷ অৱশ্য সফলতা মানৱ জীৱনৰ ভিন্ন অৰ্থত ব্যৱহৃত হয়৷ কিছুমানৰ মতে, হাজাৰ কোটি টকাৰ মালিক হোৱা, কাৰোবাৰ মতে, সম্পত্তি নহয় সন্মানৰ গৰাকী হোৱা, আন কাৰোবাৰ মতে, দুয়োটাই হোৱা৷ কিন্তু বেছিভাগৰ মতে, এনে কাম কৰি থৈ যোৱা যি বৰ্তমান, আৰু ভৱিষ্যতত নিজৰ অথবা সকলোৰে বাবে উপকাৰ হয়৷
শিক্ষাৰ্থীসকলৰ জীৱনত সফলতা সাধিবলৈ কেইটামান কাৰক হ’ল —
ৰ)) সৎ পথত থকা৷
২) সময় অপব্যয় নকৰা৷
৩) সোনকালে শুৱাৰ পৰা উঠা৷
৪) জীৱনৰ লক্ষ্য স্থিৰ কৰা৷
প্ত) জ্ঞান অৰ্জন কৰা৷
৬) ব্যায়াম কৰা, শৰীৰ চৰ্চা কৰা৷
৭) ধাৰ্মিক হোৱা৷
৮) ক্ষমাশীল ও ধৈৰ্যশীল হোৱা৷
৯) ভাগ্যৰ ওপৰত বিশ্বাস ৰাখি কঠোৰ পৰিশ্ৰম কৰা৷
১০) ইতিবাচক চিন্তা কৰা আৰু নেতিবাচক চিন্তাৰ পৰা বিৰত থকা৷
ৰৰ) নিজৰ ওপৰত প্ৰবল বিশ্বাস ৰখা৷
১২) মহান ব্যক্তিসকলক অনুসৰণ কৰা ইত্যাদি৷
জীৱনত কৰ্তব্য ও দায়িত্ব সুচাৰুৰূপে পালন কৰি গ’লে সফলতা আহিবই৷ কোৱা হয়, “Success is the result of perfection, hard working, learning from failure loyalty and persistence.” অৰ্থাৎ সফলতা পৰিপূৰ্ণ হয়– কঠোৰ পৰিশ্ৰম, বিফলতাৰ পৰা পোৱা শিক্ষণ আৰু অধ্যৱসায়ৰ বলত৷ সফল যিমানেই নহওক কিয় ইয়াৰ সমান্তৰা ভাবে প্ৰকৃত মানুহ হোৱাটোও নিত্যান্ত দৰকাৰী৷ আমি অলপ উনুকিয়াই চালেই দেখো যে, পৃথিৱীখন ভৰ্তি হৈ আছে মানুহেৰে কিন্তু পৃথিৱীয়ে বৰকৈ হাহাঁকাৰ কৰিছে প্ৰকৃত মানুহ বিচাৰি৷ অৰ্থাৎ প্ৰকৃত মানুহ হ’বলৈ– সত্যবাদী, ন্যায়পৰায়ণতা, ধৈৰ্য–সহ্য, স্বাৰ্থহীন, ত্যাগ স্বীকাৰ, সু–চৰিত্ৰবান, মানৱতাৰ ৰক্ষক আদি গুণসম্পন্ন হোৱাৰ প্ৰয়োজন৷
সাম্প্ৰতিক পৃথিৱীখনে বৰকৈ কান্দিছে, চকুলো টুকিছে আৰু এই কান্দোনৰ ধ্বনি কেৱলমাত্ৰ প্ৰকৃত মানুহে শুনা পায়৷ চৌপাশে হত্যা, লুণ্ঠন, ধৰ্ষণ, প্ৰকৃতিৰ ওপৰত নিৰ্যাতন, সাম্প্ৰদায়িক সংঘৰ্ষ, অন্যায়, অত্যাচাৰ, যুদ্ধ আদিয়ে ঘেৰি ধৰিছে৷ আমি সকলোৱে অৱগত যে, প্ৰায় ৮০ বছৰ আগতে সন্মুখীন হৈছো৷ অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতা৷ হিৰোচিমা তথা নাগাচাকীৰ ভয়ংকৰ ধ্বংস লীলা৷ কেনেবাকৈ যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেন্তে হয়তো মানুহ বোলা প্ৰাণী বিচাৰি পোৱা নাযাব৷ ধ্বংস লীলা উপভোগ কৰিবলৈ হয়তো নাথাকিব কোনো দৰ্শক৷ কেতিয়াও এনে পৰিস্থিতিৰ উদ্ভৱ নহওক৷ সেয়া কৰিব লাগিলে হয়তো জীৱশ্ৰেষ্ঠৰ নামকৰণতো কলংক ঘটিব৷ সেয়েহে প্ৰত্যেকেজন শিক্ষাৰ্থী প্ৰকৃত মানুহ হ’ব লাগিব৷ চৌপাশে শান্তিৰ নৈ বোৱাব লাগিব৷ এই আলসুৱা বসুন্ধৰা আৰু ভৱিষ্যত প্ৰজন্মৰ ৰক্ষণাবেক্ষণ প্ৰকৃত মানুহে ল’ব লাগিব৷