“অমানিশাৰ বুকুত এটি জোনাকী’’(প্ৰাণ প্ৰতিমা বড়া) – Purbodix.com

“অমানিশাৰ বুকুত এটি জোনাকী’’(প্ৰাণ প্ৰতিমা বড়া)

স্নিগ্ধ জোনাক মোৰ সদায়েই প্ৰিয়৷ জোনাকৰ জোনালীৰ বুকুত মোৰ মনৰ আৱেগবোৰৰ হিচাপনিকাচ কৰি ভাল পাওঁ৷ পূৰ্ণিমাৰ জোনৰ প্ৰেমত পৰোঁ বাবেই হয়তো মোৰ মনটোৱে মুকলি আকাশৰ তলত জিৰণি খোজে বাৰে বাৰে৷ মোৰ মনটো তেনেই এক তেজাল ঘোঁৰা৷ দৌৰিব খুজোঁ মই সময়ৰ তে৷ ৰাতি প্ৰায় ১১ মান বাজিছে৷ মোৰ মনটোৱে জোনাকৰ জোনালীৰ বুকুত উমলিব খুজিছে৷ নাই নহয় অলপ ওলাই যোৱাই ভাল ব৷ বন্ধু অম্লানলৈ ফোনটো লগালোঁ৷ ৰাতিৰ সময়ত গাড়ীখন লৈ অকলে ওলাই যাবলৈও মনটোৱে নকলে৷ অন্ততঃ লগ এটা লে বিন্দাছ এপাক ঘূৰি আহিব পৰা যায়৷ মহানগৰীৰ মায়াত বন্দী সকলো৷ আজৰি সময় যেন মাজৰাতিহে৷ অন্ততঃ মহানগৰীয়ে অলপ লেও উশাহ পায় মাজনিশা৷ বেছি ভাবি নাথাকিলোঁ আৰু গাড়ীখন লৈ একে কোবে অম্লানৰ ঘৰ পাই তালৈ ফোন লগালোঁ৷ সি পোনেপোনে আহি মোৰ গাড়ীৰ ড্ৰাইভিং চিটটো দখল কৰিলে৷ ময়ো বেয়া পোৱা ভকত নহয়, কাষৰ চিটত বহি অন্ততঃ মই জোনাকৰ সৈতে প্ৰেমালাপ কৰিব পাৰিম৷ সেইসময়ত গাড়ীৰ চাউণ্ডচিষ্টেমত জুবিনদাৰ কণ্ঠৰ এটি প্ৰিয় গীত বজাই দিলোঁ৷

জোনাকে কাণে কাণে আহি লে

নিবিৰ অবুজ ভাষাৰে

তুমি মোৰ মাথোঁঁ মোৰ

 জুবিনদাৰ এই গীতটিয়ে মোৰ হৃদয়ৰ কোনোবা কোণত খুচি ধৰে৷ মোৰ মনৰ অনুভৱত এই গীতটোৰ প্ৰভাৱ নথকাওঁ নহয়৷ অম্লানে গীতটিৰ লগে লগে আওৰাই ল৷ মোৰ মনে কিন্ত জোনৰ বুকুৰ জোনালীৰ সৈতে প্ৰেমালাপত ব্যস্ত বলৈ ধৰিলে৷ উফঃ মোৰ আৱেগবোৰ জড়িত হয় এই জোনটিৰ সৈতে৷ সেই যে আকাশৰ বুকুত জোনটিৰ মিচিকিয়া হাঁহি তেনেই মোৰ প্ৰেয়সীৰ দৰে৷ জোনাক ৰাতিৰ জোনটিৰ বুকুতে মই তাইৰ আৱেগবোৰ বিচাৰি পাওঁ৷ কিমান নিষ্পাপ তাইৰ মৰমলগা হাঁহিটো৷ তাই মোৰ কাষত নাই বাবেই হয়তো মই অনুভৱ কৰোঁ জোনাকৰ জোনালীৰ আৱেগবোৰক৷ চৌদিশে মাথোঁ অনুভৱ কৰোঁ মই তাইৰ উপস্থিতি৷ কিয়নো এই মায়াময় নিশা মোৰ প্ৰেয়সী মোৰ কাষত থকাহেঁতেন সংসাৰৰ সকলোতকৈ সুখী ব্যক্তিজন ময়ে লোহেঁতেন৷ উফঃ কি যন্ত্ৰণা/ সময়ৰ শৰ সময়ত মাৰিম নোৱাৰাৰ দোষতে হয়তো তাই আজি মোৰ কাষত নাই৷ ভুল কাৰ? বাৰেবাৰে নিজৰ মনটোক প্ৰশ্ন কৰোঁ৷ অলপ মোৰ অলপ তাইৰ৷ হয়তো ভাগ্যৰ৷ ভাগ্যৰ বিধি কোনেও খণ্ডাব নোৱাৰি৷ উফঃ কি অসহ্যকৰ বিষ এটাই মোৰ হৃদয়ৰ কোণত মিহিকৈ খোচ এটা মাৰিলে৷ এই মায়াময় জোনাক ৰাতিৰ প্ৰেমত পাগল মই৷ তাই মোৰ কাষত নাই যদিও ভগৱানক সদায়েই কওঁ তাই সুখত থাকক, কিয়নো মই ভালদৰেই অনুভৱ কৰোঁ তাইক৷ তাই কেতিয়াও বেয়া নাছিল আৰু কেতিয়াও বেয়া নহয়৷ অতীতে যেতিয়াই খুন্দিয়াই মনত কষ্ট পাওঁ৷ সেয়ে হয়তো মনটো পাতল কৰিবলৈ মই জোনাকৰ লগত সময় কটাই ভাল পাওঁ৷ অতীতৰ কথাবোৰে আমনি কৰিলে মোৰ নিজৰ ওপৰতে খং উঠে৷ কেনেবাকৈ অতীতক ঘূৰাই পোৱা লে, উফঃ অসহ্যকৰ অনুভৱ৷ কথাবোৰ অনুভৱৰ জখলাৰে বগুৱা বাই যোৱাৰ বাবে বৰ আকুলতাৰে চকু দুটা মুদি দিলোঁ৷ কিমান সময় যে তেনেদৰে পাৰ কৰিলোঁ গমকে নাপালোঁ৷

মই মৰিলোঁ , মৰিলোঁ , …..

বচোৱা মোক.., ….’

 কোনোবা নাৰী ক্ৰন্দনত মোৰ তন্দ্ৰা ভাগিল৷ উচপ খাই উঠিলোঁ৷ দুৰৈৰপৰা দেখিলোঁ এজন পুৰুষে এগৰাকী মহিলাক টনাআঁজোৰা কৰি আছে৷ দৃশ্যটো দেখাৰ লগে লগে মোৰ সৰ্বশৰীৰ খঙত কঁপিবলৈ ধৰিলে৷

অম্লান গাড়ী ৰখা

 সেইসময়ত মই কিমান জোৰত চিঞৰিছিলোঁ মই গমকে নাপালোঁ৷ অম্লানে হয়তো বুজিব পাৰিছিল যে মোৰ সেইসময়ত প্ৰচণ্ড খং উঠিছিল৷ সি ভালদৰে জানে মোক, অমানৱীয় কিবা কাম দেখিলে মোৰ খংটো মই কণ্ট্ৰোল কৰিব নোৱাৰোঁ৷ অম্লানে সজোঁৰে গাড়ীত ব্ৰেক মাৰিলে৷ আমি সেই চিটুৱেচনৰ একেবাৰে কাষত গৈ পালোঁগৈ৷ কাষ চাপি মই অনুভৱ কৰিলোঁ মহিলাগৰাকী মানসিক ভাৰসাম্য হেৰুৱা এগৰাকী মহিলা৷ কিয়নো মহিলাগৰাকীৰ আচৰণত একেবাৰে সুস্থিৰতা নাছিল৷ মহিলাগৰাকীৰ অৱস্থাটো দেখি মোৰ কাপুৰুষটোলৈ অসহ্য খং উঠিল৷ নিজকে সংযম কৰিব নোৱাৰিলোঁ৷ গাড়ীৰপৰাই মই সেই মহান কাপুৰুষজনক পিটিবলৈ আৰম্ভ কৰিলোঁ৷ কিমান সময় মই তাক পিটিলো মই গমকে নাপালোঁ৷ অম্লানে মোক অতঁৰাবলৈ বহুত চেষ্টা কৰিও বিফল ল৷ কাপুৰুষজনে ভয়তে মোৰ ভৰিত পৰি ক্ষমা বিচাৰিছিল৷ মই মানুহজনক ক্ষমা কৰিব পৰা নাছিলোঁ৷ মই ধৰিব পাৰিছিলোঁ৷ মই খঙতে কপি আছিলোঁ৷ কিছুপৰ তেনেকৈ সময় কটোৱাৰ পিছত মই মহিলাগৰাকীক ৰাস্তাত বিচাৰিলোঁ৷ নাই সিমান সময়লৈ মানুহগৰাকী সেই ঠাই পৰিত্যাগ কৰিছিল৷

 বহু সময় ধৰি শান্ত হব পৰা নাছিলোঁ৷ অম্লানৰ অনুৰোধত মই গাড়ীত বহিলোঁ৷ কিন্ত বাৰে বাৰে এই কথাটোৱে মোক আমনি কৰি থাকিল৷ কিয় হয় এনেকুৱা মানুহৰ মানসিকতা? কিয় ৰাস্তাত থকা মানসিক বিকাৰগ্ৰস্ত এগৰাকীও বাছি যাব নোৱাৰে? আজি ঠিক সময়ত আমি পালোঁ কাৰণে তাই বাচি ল৷ কিন্ত দিনক দিনে কিমানৰ ওপৰত এনে অত্যাচাৰ হৈ আছে? উফঃ কিমান পুৰুষ মায়াময় নিশাৰ সান্নিধ্যত কাপুৰুষ হৈ পৰে! যেতিয়ালৈকে আমি আমাৰ মানসিকতা সলনি কৰিব নোৱাৰিম তেতিয়ালৈকে এনে ধৰণৰ অপৰাধ হৈয়ে থাকিব৷ কথাবোৰ চিন্তা কৰি মনটো কিবা গধুৰ হৈ পৰিল৷ গধুৰ ভাবৰ মনটোৰে সৈতে ঘৰমুৱা লোঁ৷

Leave a Reply

Your email address will not be published. Required fields are marked *