সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক(প্ৰাণ প্ৰতিমা বড়াসন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক) – Purbodix.com

সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক(প্ৰাণ প্ৰতিমা বড়াসন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰক)

আমাৰ সন্তানসকল দেশৰ ভৱিষ্যত৷ শিশু অৱস্থাৰে পৰা আমাৰ সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰাটো বৰ দৰকাৰী কথা৷ আজিৰ আলোচনাৰ বিষয়টোৰ লগত অভিভাৱকঅভিভাৱিকাৰ মাজৰপৰা আমি মাতৃ আৰু সন্তানৰ চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰিছোঁ৷ সন্তান এটা জন্মৰেপৰা এগৰাকী মাতৃৰ লগত বেছিভাগ সময় অতিবাহিত কৰে৷ সন্তান এটা গঢ় দিয়াৰ ক্ষেত্ৰত পৰিয়ালৰ আন আন সদস্যৰ লগতে পাৰিপািৰ্শ্বক পৰিৱেশৰ উপৰিও বন্ধুবৰ্গৰ প্ৰভাৱ থাকে যদিও এগৰাকী মাতৃৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ৷ সন্তান এটিয়ে জন্মৰ পিছৰেপৰা মাতৃৰ কৰ্মৰাজিক অনুকৰণ কৰে৷ গতিকে সন্তান এটিক সদায়েই গঠনমূলক চিন্তাধাৰাৰে পুষ্ট কৰাটো বৰ জৰুৰী৷ আমাৰ সন্তানসকলৰ কৰ্মই এখন সমাজত প্ৰভাৱ বিস্তাৰ কৰে৷ সুকৰ্মৰ অধিকাৰী সন্তান এটিয়ে সমাজৰ বাবে সুফল কঢ়িয়াই আনে৷ অন্যহাতেদি কুকৰ্মৰ জৰিয়তে এটি সন্তানে পৰিয়ালৰ লগতে এখন সমাজত বেয়া প্ৰভাৱ বিস্তাৰ কৰে৷ বহুতো মাতৃৰ মনৰ ভাৱ পৰ্যবেক্ষণ কৰি গম পোৱা যায় যে বহুতো সন্তানে ঘৰুৱা পৰিৱেশত অথবা এগৰাকী মাতৃৰ গঠনমূলক চিন্তা আৰু ভাবধাৰাৰ অভাৱত সন্তানটিয়ো গঠনমূলক চিন্তাৰ পৰা দুৰত থাকে৷  শিশুসকলৰ ভুল হয় বা পাৰে৷ সাধাৰণ কথা৷ আমাৰো ভুল হয়৷ কিন্ত অভিভাৱকঅভিভাৱিকাসকলৰ আৰু সন্তানৰ ভুলৰ মাজত এটাই পাৰ্থক্য আছে৷ আমিবোৰে জানিবুজি ভুল কৰোঁ, আৰু আমাৰ সন্তানে নজনাকৈ বা নুবুজাকৈ ভুল কৰে৷  কিন্ত এটা কথা সঁচা যে যিগৰাকী মাতৃৰ চিন্তাধাৰা পজিটিভ তেওঁলোকৰ সন্তানেও মাতৃগৰাকীৰ মনোভাবক অনুকৰণ কৰিবলৈ চেষ্টা কৰে৷ নিজৰ সন্তানৰ আগত একে বয়সৰ আন সন্তানৰ কথা বেয়াকৈ আলোচনা কৰাৰ পৰিপেক্ষিতত সেই সন্তানেও এক পজিটিভ চিন্তাৰ পৰা বঞ্চিত হয়৷ সন্তানসকলৰ কৰ্মকাণ্ডত বেয়াভাল দুয়োটাই থাকে৷ পৃথিৱীত বাস কৰা কোনো মানুহেই পাৰ্ফেক্ট নহয়৷ কিন্ত শিশুসকলৰ মাজত থকা ভাল গুণবোৰক যদিকৈ আলোচনা কৰা হয় তেতিয়াহলে সেই পজিটিভ কথাবোৰৰ প্ৰভাৱ আমাৰ সন্তানেও গ্ৰহণ কৰে৷  শিশু অৱস্থাৰে পৰা আমাৰ সন্তানসকলক আমি কুমলীয়া বাঁহ এডালৰ লগত তুলনা কৰিব পাৰোঁ৷ বাঁহডাল পোনকৈ ভাঁজ দিলে পোন , বেঁকাকৈ ভাঁজ দিলে বেঁকা ব৷ গতিকে এটা কথা ধূৰূপ সত্য যে আমাৰ সন্তানসকলে ভৱিষ্যতে এখন সমাজক প্ৰতিনিধিত্ব কৰিব৷ এগৰাকী মাতৃৰ পৰম কৰ্তব্য যে সৰুৰেপৰা আমি আমাৰ সন্তানক গঠনমূলক চিন্তাৰে পুষ্ট কৰিব লাগিব৷  এই ক্ষেত্ৰত আপুনি বা মই নহয়, সমাজৰ প্ৰতিগৰাকী মাতৃৰে দায়িত্ব যে আমি আমাৰ প্ৰত্যেকৰে সন্তানক গঠনমূলক চিন্তাৰে সুস্থসবল মানসিকতাৰে পুষ্ট কৰি তুলিব লাগিব৷ তেতিয়াহে আমি ভৱিষ্যতলৈ এখন সুস্থিৰ সমাজৰ আশা কৰিব পাৰিম৷.

Leave a Reply

Your email address will not be published. Required fields are marked *