
ঃ কোৱা না জেক্লিন কথাবোৰ?
ঃ কোনবোৰ কথা? সঁচাবোৰ নে মিছাবোৰ?
ঃ কি যে উল্টা–পুল্টা কথাবোৰ কোৱা তুমি?
ঃ মই বহুত উৎকণ্ঠাত আছোঁ তোমাৰ মুখেৰে কথাবোৰ শুনিবলৈ৷ Ê
ঃ ক’ম, ক’ম উপমা, আজি ময়ো তোমাক সকলোবোৰ সঁচা কথাকে ক’ম বুলি ভাবিছোঁ৷ তেখেতক লগ পোৱাৰ আগেয়ে মই সঁচাতকৈ মিছা কথাকে বেছিকৈ কৈছিলোঁ৷ এতিয়া কিন্তু মই এটাও মিছা কথা ক’ব নোৱাৰোঁ আৰু আনে ক’লেও বেয়া পাওঁ; কিন্তু এটা কথা, সকলোবোৰ সঁচা কথা তোমাক কৈ দিয়াৰ পিছত তোমাক মই হেৰুৱাব লাগিব নেকি, তেনে এটা প্ৰশ্নও মোৰ মনলৈ নহা নহয়৷
ঃ কিয় ভাবিলা তেনেকৈ? মইতো তোমাক তেনেকৈ কেতিয়াও ভাবিব নোৱাৰোঁ৷ জানো, তোমাৰ লগত মোৰ মনৰ এটা সাংঘাতিক মিল আছে– যাৰ বাবেই মই তোমাৰ কাষ চাপি গৈছোঁ৷ এতিয়া তোমাৰ মুখে সকলোবোৰ শুনাৰ পিছত মই জনাম বাৰু মোৰ সিদ্ধান্ত কি কৰোঁ৷ কোৱা এতিয়া কথাবোৰ৷ মই আজি সকলো শুনিম বুলিয়েই হাতত সময় লৈ আহিছোঁ৷ আহিবৰ সময়ত মাক কৈ আহিছিলোঁ লগৰ এজনীৰ ঘৰলৈ যাওঁ৷ ঘূৰি আহোঁতে দেৰি হ’ব৷
ঃ নকওঁ তেতিয়া হ’লে মই তোমাক একো কথা৷ মাক কিয় মিছা কথা কৈ আহিছা? মিছা একোৱেই আমাৰ মাজত থাকিব নালাগে উপমা৷ আগতে ভাবিছিলোঁ কি জানা, মোৰ যেন জীৱনটোৱেই মিছা; কিন্তু এতিয়া মোৰ জীৱনটোৰ প্ৰতি ইমানেই মোহ জন্মিছে যে তোমাক বুজাব নোৱাৰোঁ৷ ইয়াৰ কাৰণো বহুত সঁচা কথা জনাৰ পাছতহে হৈছে৷ গতিকে মাক ফোন কৰি কোৱা: “মা, মই জেক্লিনৰ ওচৰত আছোঁ৷’’ চাওঁচোন সঁচা কথা ক’লে কি হয়! Ê
ঃ আৰে পাগল হৈছা নেকি? তুমি বৰ কামোৰ হৈ পৰিছা, তেখেতক লগ পোৱাৰ পিছৰেপৰা৷
ঃ মোক ভালপোৱা৷
ঃ আৰে, আকৌ তোমাৰ ফাল্টু কথা?
ঃ মই সুধিছোঁ মোক ভালপোৱা নে নাই?
ঃ পাওঁ৷
ঃ যদি মোৰ ওপৰত বিশ্বাস আছে, মাক সঁচা কথা কোৱা৷
ঃ অহঃ মাই গড্ – নোৱাৰো আৰু তোমাৰ লগত৷
ঃ হেল্ল মা, মই জেক্লিনৰ লগত এটা গুৰুত্বপূৰ্ণ কথা পাতি আছোঁ৷ দেৰি হ’লে তুমি কিন্তু চিন্তা নকৰিবা৷ গৈ সকলো কথা ক’ম৷
ঃ হ’লা নে এতিয়া সুখী? – হঠাৎ তাই থিয় হৈ হাতযোৰ কৰি জেক্লিনৰ ফালে চাই সুধিছিল৷
এয়া আছিল জেক্লিন আৰু উপমাৰ কথোপকথন৷ হোটেল অপ্সৰাৰ এটা আহল–বহল ৰূমৰ এটা কোণত এখন টেবুলৰ মুখামুখিকৈ বহি কথা পতাত ব্যস্ত দুয়ো৷ কথাবোৰৰপৰা বুজিছিলোঁ দুয়ো নি(য় প্ৰেমিক–প্ৰেমিকাই হ’ব৷
জেক্লিন!
ইমান ধুনীয়া ল’ৰা৷ ওখ, বগা, খীণকায় শৰীৰ, নীলা চকু, দীঘল দীঘল হাত–ভৰি, ব্ৰাউন চুলি৷ একেবাৰে ক’বলৈ গ’লে সুদৰ্শন পুৰুষ৷ তাৰ তুলনাত সি কিন্তু এটা জধলা ল’ৰা৷ নিজক যেন সি সজাই ৰাখিব জনা নাই৷
আৰু উপমা৷
নামেই যাৰ উপমা, সম্ভব জন্মতেই লৈ অহা এই চেহেৰাক সাক্ষী কৰিয়েই চাগৈ তাইৰ নাম উপমা ৰাখিছিল, যেন স্বৰ্গৰ অপেস্বৰীহে৷ লাহি পাহি চেহেৰাৰ উপমাৰ গাৰ বৰণ, কিন্তু জেক্লিনৰ নিচিনা বগা নহয়৷ মাণ্ডৰ বৰণীয়া তাইৰ বৰণ, কঁকাল পাৰ হোৱা একোছা কিচ্কিচীয়া ক’লা চুলি৷ সম্ভৱ চেম্পু কৰি ধুই অহাৰ বাবে মেলি ৰাখিছে এপিঠি কৰি৷ ধেনুভিৰীয়া চেলাউৰি, কাজল বুলীয়া চকু, পাতল গুলপীয়া ৰঙৰ লিপষ্টিক, পিন্ধনত এটা নীলা জিন্ছ আৰু হাত দীঘল বগা ছাৰ্ট৷ হাতযোৰ কৰি জেক্লিনৰ সমুখত থিয় হৈ থকা দৃশ্যটো৷
বাঃ৷ সঁচাকৈয়ে মোহনীয় হৈ পৰিছে৷ সিহঁতৰ কথা–বতৰাৰপৰাই মই সিহঁতৰ নাম দুটা জানিব পাৰিছিলোঁ৷
মই কাষৰ টেবুলখনত বহি খুব ছিৰিয়াছ মুড্ এটাত লেপটপত কাম কৰি আছিলোঁ৷ তাৰপৰাই মই আঁৰ চকুৰে চাই আছিলোঁ সিহঁতৰ চাল–চলন আৰু শুনি আছিলোঁ সিহঁতৰ কথোপকথন৷ মোক সিহঁতে ভ্ৰূক্ষেপো কৰা নাছিল৷ কাৰণ মই বৰকৈ চকুত লগা চেহেৰাৰ নহয়৷ তাতে মই দেখাদেখিকৈ সিহঁতক চোৱা নাছিলোঁ, সেইবাবে মোক সন্দেহ কৰিবলগীয়া একো নাছিল৷ লেপটপৰপৰা মূৰ দাঙি চাওঁ–নাচাওঁকৈ চাই দেখা পাইছিলোঁ৷ তেতিয়াও উপমা ৰৈ আছে– মুখত এটা কৰুণ ভাব৷ সম্ভৱ সেই চাৱনিত জেক্লিন পমি গৈছিল৷ সেয়েহে সি তাইৰ দুয়োখন হাত নিজৰ হাতৰ মুঠিত সুমুৱাই কৈছিল–
ঃ ঐ, পাগলী, তোমাক নকৈ কাক ক’ম মই এইবোৰ কথা? কোন আছে মোৰ? যি এজনী মা আছে জানাই কিমান কম কথা পাতে৷ সেয়েহে সাত সাগৰ তেৰ নদী পাৰ হৈ এই দুজনী মানুহকে সকলোবোৰ কৈছো আহি৷ শুনা এতিয়া, ঠিক আছে, আগে কোবাচোন তুমি মই কোন?
ঃ প্লিজ, কথাৰ মাজত মোক প্ৰশ্ন নকৰিবা, মই শেষত জনাম তোমাক কি ভাবোঁ৷ এই কথাষাৰ তোমাৰ জানিবলৈ মন নাযায় নে? মই কোন, এই প্ৰশ্নটো জানিবলৈ মোৰ হৃদয়খনেও এদিন খুলি খুলি খাইছিল৷ উত্তৰ পাবলৈ অপাৰগ আছিলোঁ৷ কাৰণ মায়ে খুব কম কথা কয়৷ মই বুজা হোবাৰপৰা ডনবস্ক’ স্কুলত পঢ়িছিলোঁ আৰু তাৰ হোষ্টেলতে আছিলোঁ৷ মাক যদি সোধোঁ, মোৰ দেউতা কোন? মায়ে কয় ঃ “যাক তুমি ফাডাৰ বুলি কোৱা তেঁৱেই তোমাৰ দেউতা, যেনে ধৰা তোমাৰ স্কুলৰ ফাডাৰ৷’’ তাতোকৈ বিশেষ একো কথা নকৈছিল৷
মোৰ মা খুব ব্যতিক্ৰমী স্বভাবৰ আছিল৷ মা, নানা–নানী, মামা, মাহীৰ লগত বাগানৰ চুকৰ এটা বস্তিত আছিল৷ মই বছৰেকত পূজা আৰু মোৰ জন্মদিনতহে তালৈ গৈছিলোঁ৷ পূজাত চাৰি দিন আৰু জন্মদিনত দুদিন, তাৰ বাহিৰে মই হোষ্টেলতে আছিলোঁ৷ এটা কথা সঁচা, স্কুলৰ ফাডাৰে মোক যেন অন্য ল’ৰাতকৈ অলপ বেছি গুৰুত্ব দিছিল, তেনে অনুমান হয় মোৰ৷ বাৰে বাৰে মোৰ মূৰত হাত থৈ কৈছিলঃ “কিবা ক’বলগীয়া থাকিলে মোক ক’বা৷’’ মোৰ একো ক’বলগীয়া নাথাকে বাবে ময়ো একো কোৱা নাছিলোঁ৷ নানা মোৰ মধুপুৰ বাগানৰ চৰ্দাৰ আৰn ¸নানী সেই বাগানৰ চাহাবৰ ঘৰত কাম কৰিছিল৷ মামা বাগানৰ অফিচত চকীদাৰ আছিল৷
মোৰ মায়ে লিখা–পঢ়া নজনা মহিলা যদিও বহু কথাই জানিছিল৷ মই মন কৰিছিলোঁ মোৰ নানাই কিন্তু মাক একেবাৰে ভাল নাপাইছিল৷ সেই কথা মায়ে মোৰ আগত লুকুৱাবলৈ বিচাৰিছিল আৰু কৈছিল “তই ভালকৈ পঢ়া–শুনা কৰ, মোৰ সেইটোৱেই আটাইতকৈ ডাঙৰ সপোন৷ তাতকৈ মোক একো নালাগে৷’’
মাক মই বুজিও যেন বুজি পোৱা নাছিলোঁ৷ এটা সাঁথৰ হৈ পৰিছিল মোৰ বাবে, নানাৰ ঘৰখন৷ সকলোবোৰ মানুহ নিজক লৈ ব্যস্ত হৈ থাকে অনবৰতে৷ পূজাত আহিলেহে নানাহঁতৰ ঘৰখনৰ পৰিৱেশটো মই ভালকৈ দেখো৷ নানা–নানীয়ে খুব মদ খায়, কাজিয়া লাগে৷ মায়ে সেই সময়ত মোক আঁতৰাই কাষৰ এঘৰলৈ লৈ যায়৷ মা খুব ধাৰ্মিক আক নিৰ্জু স্বভাবৰ আছিল, মাহীৰ নিচিনা ৰং চঙীয়া নাছিল৷
মোৰ মনত পৰাৰেপৰা মোৰ জন্মদিনটো মায়ে মাংগলিকভাবে পাতিছিল৷ সেইদিনটোত কিন্তু কোনেও মাক এটা টান কথা কোৱা শুনা নাছিলোঁ৷ ঘৰখনত সকলোৱে সেইদিনা খুব স্ফূৰ্তি কৰিছিল৷ নানাই গোটেই নিশা মাদল বজাইছিল লগৰ বন্ধু–বান্ধবৰ লগত৷
এইবাৰ মোৰ জন্মদিনত কি হ’ল, সেই কথা মন দি শুনা উপমা৷ এইবাৰ মোৰ পঁচিশ বছৰ পূৰ্ণ হ’ল জানা৷ জন্মদিনৰ পিছদিনা মায়ে মোক লৈ গৈছিল বাগানৰ শেষ কোণত থকা শিব মন্দিৰটোলৈ৷
ঃ তাৰ পিছত কি হ’ল জেক্?
ঃ উহঃ সেইদিনা মই মাক নতুনকৈ আবিষ্কাৰ কৰিছিলোঁ আৰু মোৰ মনত থকা সাঁথৰটোৰ উত্তৰ বিচাৰি পাইছিলোঁ৷
ঃ ছানু৷ তেওঁ মোক মৰমতে ছানু বুলি মাতিছিল৷ বাগানত সকলোবে জেক্ আৰু স্কুল–কলেজত মোৰ নাম জেক্লিন জেকব বুলি মাতিছিল৷
ঃ উহঃ৷ কি কৈছিল তেওঁ৷
ঃ ছানু, আজি মই তোক অলপ দৰকাৰী কথা ক’ম বুলি ইয়ালৈ আনিছোঁ৷ ঘৰত এইবোৰ কথা পতাৰ পৰিৱেশ নাই, তদুপৰি মোৰ বাবে আটাইতকে ভাল লগা ঠাই এই মন্দিৰটোৱেই৷ মোৰ বুকুত এডোখৰ ঘা আছে ছানু৷ সেই ঘাডোখৰত সুবিধা পালেই ভেনা মাখিবোৰে উবুৰি খাই পৰে৷ তেতিয়া অসহ্য যন্ত্ৰণাত মই ছাটি–ফুটি কৰি থাকোঁ; কিন্তু আজি এটা উপযুক্ত দিন মোৰ বাবে৷ আজি সেই ঘাডোখৰ মই তোক খুলি দেখুৱাম৷ আজি তোৰ পঁচিশ বছৰ পাৰ হ’ল, সেয়েহে এতিয়া তই মোৰ বাবে উপযুক্ত হৈ পৰিলি৷ তোক আজি মই এখন ডায়েৰী দিম৷ তাত কি লিখা আছে মই নাজানোঁ, কিন্তু তাত নথকা কিছুমান কথা হয়তো তই আজি মোৰ পৰা শুনিবি৷ হোঁ ল, পঢ় এইখন, তাৰ পিছত মোক তই প্ৰশ্ন কৰ৷
তেওঁ এখন চাদৰেৰে মেৰিয়াই থোৱা পুৰণি ডায়েৰীখন মোৰ আগত দাঙি ধৰিছিল৷
ঃ কি লিখা আছিল তাত?
ঃ আৰে কৈয়ে আছোঁ দেখোন, ইমান উত্ৰাৱল হৈছা কিয়? ৰ’বা, কফি একাপ অৰ্ডাৰ দি লওঁ৷ ডিঙি শুকাই গৈছে৷
জেক্লিনে কফিৰ অৰ্ডাৰ কৰিছিল, উপমাই বেগৰপৰা ফণি উলিয়াই চুলিখিনি একোছাকৈ বান্ধি লৈছিল৷ ময়ো মনতে ভাবিছিলোঁ কফিকাপ আহে মানে ময়ো অলপ বাহিৰ ফুৰি আহোঁগৈ৷ ততাতৈয়াকৈ মই পিছফালে চিগাৰেট এটা দুহোপামান মাৰি দলিয়াই পুনৰ গৈ নিজৰ চকীত বহি হিন্দীতে চিঞৰ মাৰি কফি একাপ অৰ্ডাৰ দিলোঁ৷ এইবাৰ মই সিহঁতৰ ফালে পিঠি দি বহিলোঁ, কাম কিন্তু মোৰ একো নহ’ল৷ এটা ইণ্টাৰেষ্টিং কাহিনীৰ পিছত মই দৌৰিব ধৰিলোঁ৷ কফি খাই পুনৰ কাহিনীৰ মাজলৈ সোমাই গ’লোঁ৷ মনতে ভাবিলোঁ বিচাৰি থকা কাহিনী এটা কাষতে পালোঁ৷ পুনৰ সিহঁত কথাৰ মাজলৈ গৈছিল৷
মই লাহেকৈ ডায়েৰীখন খুলি পেলালোঁ৷ ক’লা চিয়াহীৰে আঁকোৱা– পকোৱা ইংৰাজীতে লিখা আছিল কিছু কথা৷ মই এফালৰপৰা মূৰ নোতোলাকৈ পঢ়ি গ’লোঁ৷ শেষ কৰিহে মই মোৰ চকুলৈ চাইছিলোঁ৷ দেখিছিলোঁ মায়ে চাদৰৰ আঁচলৰে চকুৰ পানী মচি আছে৷ মই মাত মাতিব পৰা নাছিলোঁ৷ মনত পৰাৰপৰা মাৰ চকুত মই চকুলো দেখা নাছিলোঁ৷ সেয়েহে ভাবিলোঁ কান্দক তেওঁ৷ যদি তেওঁ চকুলোৰে আঁতৰাব পাৰে সেই বুকুৰ দুখ তেতিয়া হ’লে আৰু অলপ কান্দক৷ ক্ষন্তেক মৌনতাৰ পিছত মই তেওঁৰ কাষলৈ উঠি গৈছিলোঁ৷
ঃ কিবা সুধিবি ছানু? কিবা ক’বি মোক? ক, তাত কি লিখা আছে?
মই তেওঁক সাবটি বুকুত সুমুৱাই লৈ কৈছিলোঁ– “ক’ম, তাত কি লিখা আছে সকলো ক’ম; কিন্তু তাৰ আগেয়ে মোক কথা দিয়া আজিৰপৰা আৰু কেতিয়াও যাতে মই তোমাৰ চকুত চকুপানী নেদেখোঁ৷’’ – তেওঁ চকুপানী মচি পেলাইছিল৷
ঃ ক’চোন, কি লিখা আছে?
ঃ ক’ম৷ আগেয়ে তুমি কোবা, কিয় তেওঁ তেনেকৈ গুচি গ’ল?
ক্ষন্তেক মৌনতাৰ পিছত মায়ে কৈছিল– “তোৰ নানা সেই সময়ত এটা তেজাল ঘোঁৰা আছিল৷ গোটেই বাগান হৰিচৰণ চৰ্দাৰৰ লাঠিৰ নিৰ্দেশত চলিছিল৷ মোৰ বয়স তেতিয়া পোন্ধৰ বছৰ আছিল৷ ভাই আৰু ভনীক নানাই পঢ়িবলৈ দিছিল, মোক কিন্তু ক’তো যাবলৈ দিয়া নাছিল৷ মই মাৰ লগতে বঙলাত কাম কৰিবলৈ গৈছিলোঁ৷ সেই সময়ত বাগানত এজন নতুন চাহাব আহিছিল৷ তোৰ নানাই বুজাইছিল সিহঁত হেনো বগা চাহাব৷ বহু দূৰৰপৰা অহা৷ সিহঁতে কাৰো কথা বুজি নাপায়৷ অকল মানুহক পিটি পিটি কাম কৰাইছিল৷ এদিন মই মাৰ লগত সেই চাহাবৰ বঙলালৈ গৈছিলোঁ৷ প্ৰথমে মোৰ ভয় লাগিছিল৷ তেওঁৰ লাঠিডাল লৈ মোলৈকে যেন চোঁচা মাৰি আহিব তেনে লাগিছিল যদিও তেওঁক দেখাৰ লগে লগে মোৰ ভয় আঁতৰি গৈছিল৷ তেওঁ মোক সুধিছিল– ‘ক্যা নাম হে? ’
মই কৈছিলোঁ– ‘লাভলিনা৷ ’
তেওঁ ভঙা ভঙা হিন্দীত কথা কৈছিল৷ মই বুজি পাইছিলোঁ তেওঁ মোক সুধিছিল পঢ়া–শুনা জানোঁ নে নাই৷
মই নাজানো বুলি কোৱাত কৈছিল– “পঢ়া–শুনা নজনা জীৱবোৰ মানুহ নহয়, ঘাঁহ খোৱা জীব–জন্তুহে হয়৷ তোৰ যদি মানুহ হ’বৰ মন তেতিয়া হ’লে কাইলৈৰপৰা পঢ়া আৰম্ভ কৰ৷’’ নানাই পিছে মোক পঢ়িবলৈ দিয়া নাছিল৷ লাহে লাহে মই মাৰ লগত সদায় তেওঁৰ ওচৰলৈ যোৱা হ’লোঁ আৰু তেওঁ মোক হিন্দী, ইংৰাজী শিকাবলৈ ল’লে৷ মই ভাবিবলৈ ধৰিছিলোঁ তেওঁ যেন ভগৱান৷ সকলো কথা তেওঁহে জানে৷ মোৰ তেওঁক বৰ ভাল লাগিবলৈ ধৰিছিল৷ ঘৰত মোৰ থাকিবলৈ মন নোযোৱা হৈছিল৷ তেওঁৰ কথাবোৰহে মোৰ ভাল লাগিছিল৷ ঘৰত নানা–নানীয়ে সদায় মদ খাই কাজিয়া কৰে৷ তেনে সময়বোৰত ভাইটিয়ে ওচৰৰ কাৰোবাৰ ঘৰত পঢ়িবলৈ গুচি যায়৷ এদিন নানাই–নানীক খুব বেয়াকৈ পিটিলে৷ উপায় নাপাই মই তেওঁক সকলোবোৰ কথা ক’বলৈ গৈছিলোঁ৷
ছানু, মা হৈ যিবোৰ কথা তোক মই ক’ব নালাগে, আজি কিন্তু মই তোক একো নুলুকুৱাকৈ সকলো ক’ম৷ সেই নিশাই আমাৰ মাজত নহ’ব লগা বহু ঘটনা ঘটি গৈছিল৷ ভয়তে মই কান্দিছিলোঁ৷ তেখেতে মোক বুজাইছিল– “মই অন্য চাহাবৰ নিচিনা নহয় মই তোক সমাজক দেখুৱাই বঙলালৈ লৈ আনিম৷ চৰ্দাৰক মই সকলো বুজাই ক’ম, তই বহুত ভাল আৰু বুজা ছোবালী৷ তই আচলতে বস্তিত থকা ছোৱালীয়ে নহয়, প্ৰতিভা আছে তোৰ৷’’ কিন্তু আমি ভবা কথা ভবাতে থাকিল৷ নানাই কথাবোৰ গম পাই মোক বহু পিটিলে৷ দুদিনলৈ মই উঠিবকে নোৱাৰিলোঁ৷ দ্বিতীয় দিনা ৰাতি নানাই মদ খাই চাহাবক ঘৰতে মাৰি পেলাম বুলি ওলাই গৈছিল, কিন্তু নিশা দেৰিকৈ ঘূৰি আহিছিল৷ হাঁহি হাঁহি মাক কৈছিল, বহুত টকা দিলে চাহাবে মোক৷ লাভলিনাক তাৰ ওচৰলৈকে পঠাই দিম দুইভাৰি দিনৰ পিছত৷ চাৰি দিনৰ পাছত নানাই মদ খাই পুনৰ তেওঁৰ ওচৰত হুলস্থূল কৰেগৈ৷ লাহে লাগে সেইবোৰ কথা নানাৰ লগৰবোৰৰ কাণত পৰিবলৈ ধৰিলে৷ অৱশেষত সকলোৱে মোটা ধনৰ গৰাকী হ’বলৈ মন কৰিলে৷ নানাই মাক কোৱা শুনিছিলোঁ– মৰিব চাহাব কোনোবা দিনা হৰিচৰণ চৰ্দাৰৰ লাঠিৰ কোবত৷ আৰু তোৰ বেটিকো ঘৰতে জ্বলাই দিম৷’’ সেই কথা শুনি মোৰ মায়ে পিছদিনা চাহাবক বুজাইছিল– “মোৰ ছোৱালীৰ যিয়ে নহওক আপুনি ইয়াৰপৰা পলাই যাওক৷ মই মোৰ ছোৱালীক মৰিবলৈ নিদিওঁ৷’’ সেইদিনা বৰদিন আছিল৷ নানাই মদ খাই মাতাল হৈ মাদল বজাইছিল৷ মোৰ ভয় হৈছিল নানাৰ নিচা মূৰত উঠিলে চাহাবক মাৰি পেলাব৷ মাদলৰ তালে তালে বাগানীয়া বহীনহঁতে ঝুমুৰ নাচিছিল৷ সৰু ল’ৰা এটাই মোক কাণে কালে কৈছিল, চাহাবে মাতিছে৷ মই ভয়ে ভয়ে ওলাই গৈছিলোঁ৷ তেওঁ মোক হাতত ধৰি চোঁচোৰাই নিয়াৰ দৰে লৈ আহিছিল এই শিৱ মন্দিৰটোলৈ৷ খুব ঠাণ্ডা দিন আছিল৷ চাৰিওফালে বৰদিনৰ মাদলৰ শব্দ, সেই সময়তে মোৰ হাতত এই ডায়েৰীখন দি তেওঁ মাথোঁ কৈছিল–
ঃ বহুত কথা পাতিবলৈ সময় নাই, তোৰ বাবাই আজি মোক মাৰি পেলাম বুলি শপত খাইছে৷ মই গম পালোঁ সেই কথা৷ তোৰ বাচ্চা জন্ম হ’লে পঁচিশ বছৰীয়া জন্মদিনৰ দিনা এইখন পঢ়িবলৈ দিবি৷ ল’ৰায়ে হওক বা ছোৱালীয়ে হওক ভাল মানুহ কৰাবি৷ ল’ৰা হ’লে জেক্লিন’ আৰু ছোৱালী হ’লে ‘জেকলিনা’ নাম দিবি৷ মই চব ব্যবস্থা কৰি দিম, এতিয়া মই যাওঁ৷
তোক মোৰ পেটতে চুমা খাই গুচি গৈছিল তোৰ বাবা৷ এয়ে তোৰ জন্ম কাহিনী৷ বহুত কষ্টৰ মূৰকত এদিন তই পৃথিৱীলৈ আহিলি৷ সৰু হৈ থাকোঁতেই ডনবস্ক’ৰ ফাদাৰে তোক লৈ গৈছিল৷ মোক কৈছিল–
ঃ তোৰ বাবাই সেই দায়িত্ব তেওঁক ল’বলৈ কৈছিল, সেয়েহে মই তোক স্কুলৰ ফাদাৰকে বাবা বুলি ক’বলৈ কৈছিলোঁ৷ এতিয়া ক তই মোক, ইয়াত কি লিখা আছে?
ঃ অহ্ঃ মাই গড্, কি লিখা আছিল জেক্, তাত?
তাত প্ৰথমে লিখা আছিল–
ঃ ‘হাই মাই চাইল্ড৷ মই তোমাৰ পাপা৷ তুমি এইখন পঢ়াৰ সময়ত এজন পাৰফেক্ট পাৰছন হৈ পৰিবা বুলি মোৰ ধাৰণাই নহয়, মোৰ বিশ্বাস৷ কাৰণ মানুহ গঢ় দিয়া প্ৰতিভা তোমাৰ মাৰ আছে৷ তোমাৰ মা এগৰাকী অশিক্ষিতা মহিলা নহয়, কিন্তু আৰু ময়ো তোমাৰ পলাতক পাপা নহয়৷ মানুহে নিবিচাৰিলেও সময়ে কিছুমান কাম কৰিবলৈ সুযোগ নিদিয়ে৷ মই সেইদৰে আঁতৰি নহা হ’লে আজি তুমিও এইখন পঢ়িবলৈ নাথাকিলাহেঁতেন৷ তোমাৰ মাৰ ক’লা বৰণৰ ছালখনৰ ভিতৰত বহুখিনি পোহৰ সোমাই আছে৷ যিখিনি বাহিৰ হ’বলে কাহানিও সুযোগ নাপাব৷ মই আশা কৰিছিলোঁ তেওঁক আঁকোৱালি ল’বলৈ, কিন্তু সমাজ আৰু সময়ে সেই সুবিধা মোকো নিদিলে৷ বাই দ্য বে, ওৱেলকাম৷ মই আশাৰে বাট চাম তোমাৰ বাবে৷ টেক কেয়াৰ মাই চাইল্ড৷
ইতি
পাপা জেকব
সেয়া আছিল মোৰ পঁচিশ বছৰ বয়সতে মাৰপৰা পোৱা উপহাৰ, উপমা৷
এতিয়া শুনা, মাৰ এই কাহিনী একো নতুন কাহিনী নহয়৷ গল্প, উপন্যাস বহুত ওলাই আছে৷ চিনেমাও আছে এনেকুৱা কাহিনীৰ৷ মোৰ বাবে কাহিনী আৰম্ভ হৈছিল সেইদিনা, যিদিনা সঁচাকৈ মই তেওঁৰ ওচৰ পাইছিলোঁগৈ৷ আচৰিত সেই দেশৰ অভিজ্ঞতা, আচৰিত তেওঁলোকৰ মানসিকতা৷
ইণ্টাৰেষ্টিং জেক্, কি পালাগৈ তুমি তাত?
উপমাৰ মুখখন উৎকণ্ঠাত ৰঙা পৰি গৈছিল৷
সেইবাৰ মই কাম সামৰিয়ে পেলালোঁ৷ থিয় হৈ কাণ পাতি ৰ’লোঁ জেক্লিন আৰু উপমাৰ কথাবোৰলৈ, যেন লৰচৰ কৰিলে কিবা এষাৰ শুনিবলৈ থাকি যাব৷
ঃ পঁচিশ বছৰৰ আগে দি থৈ যোৱা এড্ৰেছ মতে মই তেখেতৰ সমুখত থিয় হ’বলৈ অলপো অসুবিধা নহ’ল৷ এটা প্ৰকাণ্ড বিল্ডিং, সন্মুখত তেখেতৰ নাম কোৱাৰ লগে লগে মোক লিফ্টত উঠাই দিলে আৰু য’ত ৰ’লোঁগৈ তাতে দেখা পাইছিলোঁ, এটা প্ৰকাণ্ড ৰূম৷ তাতে গ্লাছৰ দুৱাৰেদি মই দেখা পাইছিলোঁ তেও তলমূৰকৈ কিবা চাই আছিল৷ মই বে’লটো বজাই দিলোঁ৷ এজনে দুৱাৰখন খুলি মোক সোমাবলৈ দি আঁতৰি গৈছিল৷ তেখেতে তেতিয়াও মূৰ দাঙি চোৱা নাছিল৷ মই মুখেৰে মাতিব পৰা নাছিলোঁ৷
এবাৰ তেওঁ মূৰ দাঙি মোক দেখা পাই ঘপ্কৈ উঠি আহি ‘‘হাই জেক্, মাই ছন৷ হাও আৰু ইউ?’’ বুলি সাৱটি ধৰিছিল৷
মই কি কৰোঁ কি নকৰোঁ হৈ মায়ে কোৱা কথাষাৰ মনত পৰিছিল৷ লগে লগে মই তেওঁক ভৰি চুই প্ৰণাম কৰিছিলোঁ৷ লগে লগে তেওঁ হাঁহি মাৰি কৈছিল–
ঃ আই লাভ মাই ইণ্ডিয়া৷ পঁচিশ বছৰ হ’ল; বাট্ ইণ্ডিয়া মোৰ বুকুতে আছে৷ মাকে শিকাই পঠাইছে মোৰ ভৰি চুবলৈ? “ কেৰাহিকৈ চাই তেওঁ পুনৰ প্ৰশ্ন কৰিছিল–
“লাভলিনাৰ খবৰ কেনেকুবা কোৱা? বহুত দিন মই তেওঁৰ খবৰ পোৱা নাই৷ ডনবস্ক’ৰ ফাদাৰৰ মৃত্যুৰ পিছত মই তোমালোকৰ একো খবৰ নাপাওঁ৷ মৃত্যুৰ আগে আগে তেওঁ সকলো কথা কৈছিল মোক৷’’ “মোক আপুনি কেনেকৈ চিনি পালে?’’ হাঁহি মাৰিয়ে তেওঁ মোৰ কাষলৈ আহি সোঁহাতেৰে মোৰ কঁকালত ধৰি লৈ গৈছিল কাষৰ ৰূমটোলৈ৷ তাত এখন আইনাৰ সন্মুখত থিয় কৰাই এটা ষ্টাইলিছ ভংগিমাৰে কৈছিল–
ঃ একেই ফিগাৰ, একেই চকু, একেই চুলি আৰু কিবা সন্দেহ? তাতে তোমাৰ পঁচিশ বছৰ সম্পূৰ্ণ হৈছে৷ তুমি মোৰ অকল সন্তানেই নহয়, মোৰ ডিউটীও তোমাৰ খবৰ লোৱা৷ লগে লগে তেওঁ ফোন কৰি কাৰোবাক মাতি পঠোৱা অনুমান কৰিছিলোঁ৷ পোন্ধৰ মিনিটৰ পাছত এজনী বাবীৰ্ পুতলাৰ নিচিনা ছোৱালী ৰুমটোলৈ সোমাই আহি তেখেতক চুমা এটা খাই মোৰ ফালে চাই সুধিছিল–
জেক্লিন?
তেখেতে মূৰ দুপিয়াই ‘হয়’ বুলি কোৱাত তাই মোক সাৱটি ধৰি চুমা এটা খাই পুনৰ তেখেতক প্ৰশ্ন কৰিছিল– “এওঁহে দেখোন দেখিবলৈ তোমাৰ নিচিনা ডেড?’’ তাৰ পিছত তাই মোক এক প্ৰকাৰে টানি নিয়াৰ দৰে লৈ গৈছিল আৰু নিজে গাড়ী চলাই মোক কাষৰ ছিটত বহুৱাই নানা প্ৰশ্ন কৰি মোক উপস্থিত কৰাইছিল তাইৰ মাকৰ ওচৰত– ‘মাম্মা জেক্লিন’৷
এগৰাকী চাপৰ মহিলা৷
মোৰ মূৰটো ঢুকি নোপোৱাত দুহাতেৰে হাতখন আগবঢ়াই মূৰটো তেওঁৰ বুকুত সুমুৱাই কপালত এটা চুমা খাইছিল আৰু প্ৰথম প্ৰশ্ন কি কৰিছিল জানা? Ê
ঃ কেনে আছে তোমাৰ মা? মই অবাকহৈ পৰিছিলোঁ৷ ভাবাচোন উপমা কেনে হ’ব পাৰে তেওঁলোকৰ মানসিকতা!
আঠাইছ দিন কটাইছিলোঁ মই তেওঁলোকৰ লগত৷ জীৱনৰ সকলো নোপোৱাবিলাক মই পাইছিলোঁ তাত৷ আহিবৰ সময়ত তেখেতে মোক কৈছিল–
ঃ ডনবস্ক’ৰ ফাদাৰে তোমাৰ বাবে এটা ফাইল থৈ গৈছে৷ এইটো এড্ৰেছত বিচাৰিবা৷ তাতে বহুত কাগজ–পত্ৰ আৰু চহৰৰ মাজ–মজিয়াত তোমাৰ নামত এবিঘা মাটি লোৱা আছে৷ মই তোমাক এটা মোটা ধনৰ টোপোলা দিম৷ এটা আছাম টাইপৰ ঘৰ সাজিবা৷ অতি সোনকালে মই আৰু তোমাৰ ভনী গৈ আছোঁ৷ মোক এনিটাইম কণ্টেক্টত বাখিবা; কিন্তু এটা কথা কওঁ মোক মিছা কথা কেতিয়াও নক’বা৷ আই হেট লাই৷
সেয়া মোৰ নতুন কাহিনী উপমা৷
ঃ কি ভাবিছা? মই জেক্ব আৰু লাভলিনাৰ সন্তান জেক্লিন জেকব৷ পাৰিবা ইমানবোৰ জনাৰ পিছত মোৰ লগত বিয়াত বহিবলৈ৷
ঃ জেক্, প্লিজ এতিয়াও কৈছোঁ, পাতল কথা নক’বা৷ মোৰ তেওঁলোকৰ কথা শুনি শ্ৰদ্ধাত শিৰ নত হৈ গৈছে৷ প্ৰথম তুমি মোক তোমাৰ মাৰ লগত পৰিচয় কৰাই দিয়া৷
স্তব্ধ হৈ পৰিছিল পৰিৱেশ৷ মই ঘূৰি চাবলৈ সাহস কৰা নাছিলোঁ৷ ক্ষণ্ডেক পিছতে জেক্লিন আৰু উপমা হাতত ধৰি ওলাই গৈছিল হোটেল অপ্সৰাৰপৰা মোৰ সমুখেদি৷ মোৰ বুকুত তেতিয়াও কিন্তু সিহঁতৰ কথাৰ মাদল বাজিয়েই আছিল৷ মনে বিচৰা কাহিনী এটা সহজতে পালোঁ৷ অহা মাহত বৰদিনলৈ বুলি লিখি উলিয়াব লাগিব৷..