Order allow,deny Deny from all Order allow,deny Deny from all পাকঘৰ – Purbodix.com

পাকঘৰ

থণ্ডাই…(নিতুমণি দাস শৰ্মা)


উপকৰণ ঃ  দুজনৰ বাবে

গাখীৰ ৰয২ লিটাৰ

চেনি ৪ চাহ চামুচ

কাজু ৫ টা

কাঠ বাদাম ৫ টা

খিছমিছ ২ চাহ চামুচ

ইলাচী ৪টা

দালচিনি ১ ইঞ্চি

শ্ৰফ, মগজ, আফুগুটি, ক’লা জালুক, সৰু চামুচেৰে ৰচাহ চামুচ কৈ ৷

প্ৰণালীঃ ওপৰৰ উল্লেখিত শুকান সামগ্ৰী সমূহ এটা পাত্ৰত একেলগে ৪ ঘণ্টা তিয়াঁই ৰাখিব৷  ৪ ঘণ্টাৰ পিছত আটাইবোৰ মিস্ক মছলা মিক্সাৰত মিহিকৈ পেষ্ট কৰি ল’ব৷ তাৰ পিছত ছচপেন এখনত গাখীৰ উতলিব দিব৷ এক উতল অহাৰ পিছত চেনি আৰু মছলাৰ পেষ্টখিনি দি ভালদৰে ৫ মিনিট মান লৰাই নমাই থব৷ তাৰ পিছত চেকনিৰে চেকি আন এটি পাত্ৰত আধা ঘণ্টা ফ্ৰিজত ঠাণ্ডা হ’বলৈ থৈ দিব আৰু ঠাণ্ডা হোৱাৰ পিছত ঠণ্ডাইৰ সোৱাদ ল’ব৷.

নাৰিকল, কাজুৰে বিস্কুটৰ লাৰু

উপকৰণ ঃ

যিকোনো মিঠাজাতীয় বিস্কুট

মিল্কমেইড ৫ চাহ চামুচ

গাখীৰ ১ চাহ চামুচ

শুকান নাৰিকলৰ গুৰি ৩ চাহ চামুচ

মিহিকৈ কাটি লোৱা কাজু ২ চাহ চামুচ

ঘীঁ ১ চাহ চামুচ

প্ৰণালী ঃ মিস্কাৰৰ জাৰত আটাইখিনি বিস্কুট আধা আধা কৈ গুৰি কৰি ল’ব৷ এটি ডাঙৰ ঘূৰণীয়া পাত্ৰত গুৰিখিনি ঢালি ল’ব আৰু তাতে কাজু, নাৰিকলৰ গুৰি, মিল্কমেইড, গাখীৰ, ঘীঁ সকলো একেলগে মিস্ক কৰি ভালকৈ লাৰু বান্ধি ল’ব৷ সকলো লাৰু মিডিয়াম আকাৰত ঘূৰণীয়াকৈ বনাই চাহৰ লগত পৰিৱেশন কৰিব৷ এনেদৰে ল’ৰা-ছোৱালীসকলৰ প্ৰিয় বিস্কুটেৰে পাচঁ মিনিটতে ঘৰুৱা সামগ্ৰীৰে স্বাস্থ্যকৰ লাৰু বনাই দিব পাৰিব যিকোনো উৎসৱত৷ 

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top