
বিজ্ঞান আৰু প্ৰযুক্তি কৌশলৰ অভিনৱ উদ্ভাৱনে কিতাপ পঢ়াৰ ক্ষেত্ৰত যি বাধাৰ সৃষ্টি কৰিছে তাক নাইকিয়া কৰিবলৈ হ’লে কিতাপ পঢ়াৰ অভ্যাসৰ পৰা আমি কেনেদৰে উপকৃত হ’ব পাৰোঁ, সেইটো বিশ্লেষণ কৰাতো বৰ্তমান খুবেই প্ৰয়োজনীয় হৈ পৰিছে৷ ম’বাইল, লেপটপ, কম্পিউটাৰ ইত্যাদিৰ অপব্যৱহাৰৰ প্ৰভাৱত ল’ৰা–ছোৱালীৰ মনত কিতাপ পঢ়াৰ আগ্ৰহ কমি আহিছে৷ এনে প্ৰেক্ষাপটত “কিতাপ কিয় পঢ়িব লাগে’’ বিষয়টোৰ প্ৰাসঙ্গিকতা অনস্বীকাৰ্য৷
যি কি নহওক, এটা কথা সদায় মনত ৰাখিব লাগিব যে এখন ভাল কিতাপ হ’ল প্ৰকৃত বন্ধু, যাৰ সান্নিধ্যত থাকিলে আমি কেতিয়াও বিপদত নপৰোঁ৷ এখন কিতাপ হ’ল এজন ব্যক্তিৰ ভিন্ন অভিজ্ঞতাৰ পৰা উপলব্ধ জ্ঞানৰ ভঁৰাল৷ সঞ্চিত জ্ঞান অধ্যয়নৰ জৰিয়তে যিকোনো ব্যক্তিয়েই উপকৃত হ’ব পাৰে৷ উদাহৰণস্বৰূপে, ভ্ৰমণ কাহিনীবোৰৰ জৰিয়তে আমি ভিন্ন ঠাইৰ অৱস্থিতি, খাদ্যাভ্যাস, ৰীতি–নীতি ইত্যাদিৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰোঁ৷ বুৰঞ্জীমূলক কিতাপ অধ্যয়ন কৰিলে কোনো এটা সময়ৰ কোনো এটা জাতি বা সম্প্ৰদায়ৰ সভ্যতাৰ বিকাশ, কলা–সংস্কৃতিৰ বিষয়ে জানিব পাৰি৷ বিজ্ঞানভিত্তিক কিতাপৰ অধ্যয়নে বৈজ্ঞানিক মানসিকতাৰ উত্তৰণ ঘটায়৷ উপন্যাস এখন পঢ়িলে ঔপন্যাসিকজনৰ জীৱন–বোধ, লিখন শৈলী, অভিজ্ঞতাপুষ্ট অনুভৱ আদিৰ বিষয়ে সুন্দৰকৈ জানিব পাৰি৷ ঠিক তেনেদৰে কবিতা–পুথিৰ জৰিয়তে কবিজনৰ সৃষ্টিশীল অনুভৱৰ নান্দনিক ৰূপ প্ৰত্যক্ষ কৰিব পাৰি৷ কবিতাৰ সোৱাদে অৱসাদ দূৰ কৰি মানুহৰ নিঃসঙ্গতা নাইকিয়া কৰে৷ এখন ভাল কিতাপ উত্তম সঙ্গী৷ কণ কণ মইনাহঁতৰ হাতত ম’বাইল দি মাতৃয়ে কাম কৰাৰ অভ্যাস আঁতৰাই এখন ছবি সম্বলিত পুথিও দি তেওঁলোকৰ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব পাৰে৷
এখন ঘৰত শিশুসকলক কিতাপ পঢ়াৰ পৰিৱেশ সৰুৰে পৰা দিব লাগে৷ ল’ৰা–ছোৱালীক পঢ়িবলৈ দি মাক–দেউতাক যদি ম’বাইল, লেপটপত ব্যস্ত থাকে, তেন্তে তেনে শিশুৰ কিতাপৰ প্ৰতি ধাউতি নাইকিয়া হ’ব৷ অৱশ্যে ম’বাইলৰ সু–প্ৰভাৱবোৰৰ পৰা ও তেওঁলোকক বঞ্চিত কৰিব নালাগে৷
এখন মহৎ গ্ৰন্থৰ অধ্যয়নে আমাৰ মনৰ দিগন্ত প্ৰসাৰিত কৰি বহল মনৰ অধিকাৰী কৰিব পাৰে৷ কিন্তু এখন বেয়া কিতাপে মানুহৰ মনত কু–প্ৰভাৱ পেলাই অসৎ চৰিত্ৰ গঠনত অৰিহণা যোগায়৷ গতিকে যিকোনো কিতাপ পঢ়িব নালাগে৷
আহক, আমি আমাৰ মূল্যৱান সময় অপচয় নকৰি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলোঁ৷ v