
মহাকাব্য মহাভাৰতৰ অতি জটিল আৰু ৰহস্যময় চৰিত্ৰটোৱেই হ’ল শকুনি৷ গান্ধাৰৰাজ সুবলৰ পুত্ৰ, হস্তিনাপুৰৰ ৰজা ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভাতৃ, দুৰ্যোধনসহ শত কৌৰৱৰ মোমায়েক এই শকুনি৷ বাহ্যিক দৃষ্টিত শকুনিক এজন দুষ্ট প্ৰকৃতিৰ চৰিত্ৰ বুলি চিহ্নিত কৰিলেও এই ৰহস্যময় চৰিত্ৰটিৰ প্ৰতিশোধৰ স্পৃহা আৰু অন্তদ্বৰ্ন্দক বিশ্লেণ কৰি নাটক ৰচনা কৰা ইমান সহজ কাম নহয়৷ পাপৰি কবি গণেশ গগৈ দেৱৰ কালজয়ী সৃষ্টি ‘‘শকুনিৰ প্ৰতিশোধ’’ৰ পাছত তেনেকৈ এই মহাকাব্যিক চৰিত্ৰক লৈ নাটক সৃষ্টি কৰা মনত নপৰে৷ অসমীয়া ভাষাত তেনে এটি দুঃসাহসিক কামকে কৰিলে বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক ৰূপ কুমাৰ বৰাই৷ যুগ যুগ ধৰি শকুনিৰ চৰিত্ৰক লৈ মানুহৰ মনত দোলা দি থকা বহু প্ৰশ্নৰ উত্তৰ বিচাৰি সৃষ্টি কৰিলে এখন অগতানুগতিক চিন্তা উদ্ৰেককাৰী নাটক ‘‘অহম শকুনি’’৷ আচলতে শিল্পীৰ কাম শিল্প সৃষ্টি কৰা৷ গতানুগতিকতাৰ বাহিৰত সদায়ে নতুনত্বৰ সন্ধানত থকা দুই অনুভৱী মনৰ নাট্যকাৰ, পৰিচালক, অভিনেতাই হৈছে ৰূপ কুমাৰ বৰা আৰু মননশীল পৰিলাচলক, অভিনেতা গুণাকৰ দেৱ গোস্বামী৷ দুয়োৰে যুগলবন্দীয়ে এখন সুন্দৰ নাটক উপহাৰ দিলে নাট্যপ্ৰেমী ৰাইজক৷ নাট্যকাৰ হিচাবে ৰূপকুমাৰ বৰাৰ এইয়া এক সাৰ্থক সৃষ্টি৷
যোৱা ১০ আৰু ১১ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ ৰংগমঞ্চত মঞ্চায়ন হ’ল এই ‘অহম শকুনি’৷ অসমৰ যশস্বী নাট পৰিচালক, অভিনেতা গুণাকৰ দেৱ গোস্বামীৰ সুন্দৰ পৰিকল্পনা, সুদক্ষ আৰু দৃষ্টিনন্দন পৰিচালনাৰে মঞ্চস্থ হোৱা নাটকখনিয়ে প্ৰায় এক ঘণ্টা পোন্ধৰ মিনিট সময় সকলো দৰ্শককে মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ মাত্ৰ একক চৰিত্ৰ আৰু মঞ্চত চাৰিগৰাকী সহশিল্পী (প্ৰয়োজন অনুসৰি বিভিন্ন ৰূপত)ৰে মঞ্চায়ন হোৱা নাটকখনিয়ে আৰম্ভণিৰে পৰা নাটকৰ অন্তিম মুহূৰ্তটিলৈকে দৰ্শকক বান্ধি ৰাখে৷ দুয়োটা দিনেই পূৰ্ণ প্ৰেক্ষাগৃহেৰে মঞ্চায়ন হোৱা নাটকখনিয়ে যোৰহাটবাসী ৰাইজক এক নতুন ৰসৰ স্বাদ দিবলৈ সক্ষম হয়৷ আমি প্ৰথম দিনাৰ নাট্য সন্ধ্যাৰ দৰ্শক হৈ সৰু সৰু সহজে চকুত নপৰা দুই এটা খঁুটি–নাতিৰ বাহিৰে এটি পৰিছন্ন প্ৰযোজনা উপভোগ কৰিলোঁ৷ নাটকৰ পোহৰ প্ৰক্ষেপন আৰু দৃশ্যসজ্জা আছিল অতি নান্দনিক আৰু দৃষ্টিনন্দন৷ এই ক্ষেত্ৰত আলোক শিল্পী ৰাতুল বৰা (বোকাখাত) আৰু কলা নিৰ্দেশক বিচিত্ৰ–মানসৰ শলাগ ল’বই লাগিব৷ নাটকৰ সফলতাত সংগীতে সদায় এক উল্লেখযোগ্য ভূমিকা পালন কৰে৷ ‘অহম শকুনি’ৰ সংগীত নাটকে বিচৰা ধৰণেৰে অতি উচ্চমানৰ আছিল লোক সংগীত আৰু চিম্ফনীৰ সুষম সমাহাৰ ঘটাই নাটকত প্ৰয়োগ কৰা সংগীতে নাটকখনক এক অনন্য মাত্ৰা প্ৰদান কৰে৷ এইক্ষেত্ৰত জনপ্ৰিয় সংগীত পৰিচালক মানস জ্যোতি বৰা (বুবু) আৰু তেওঁৰ সহযোগীসকল সঁচাই ধন্যবাদৰ পাত্ৰ৷ নাটকৰ শব্দ যথাযথ৷ ৰূপসজ্জা আৰু সাজসজ্জা নাটকৰ চৰিত্ৰই বিচৰা ধৰণেৰে সুন্দৰ৷

এতিয়া আহোঁ অভিনয়ৰ প্ৰসংগলৈ৷ এক কথাত, শকুনিৰ চৰিত্ৰত নাট্যকাৰ ৰূপ কুমাৰ বৰা অনন্য৷ এই কাৰণেই কৈছোঁ ষাঠিৰ উৰ্দ্ধৰ এইগৰাকী জনপ্ৰিয় অভিনেতাই অতি কষ্টেৰে যি বলিষ্ঠ অভিনয় প্ৰদৰ্শন কৰিলে সেইয়া সঁচাই প্ৰশংসনীয়৷ তেওঁৰ উদ্যম শলাগিবলগীয়া৷ বাকী চাৰিগৰাকী অভিনয় শিল্পীৰো অভিনয় আছিল অতি আকৰ্ষণীয় আৰু মন পৰশা৷ তেওঁলোকৰ শৰীৰৰ অভিব্যক্তি আছিল অপূৰ্ব আৰু অনন্য৷ অৱশ্যে এইক্ষেত্ৰত পৰিচালক গুণাকৰ দেৱ গোস্বামী দেৱেই এই সকলো কৃতিত্বৰ দাবীদাৰ৷ এনে এটি ৰহস্যময় চৰিত্ৰৰ এখন গধুৰ বিষয়বস্তুৰ নাটক মঞ্চত অতি সৰলভাবে সফল মঞ্চায়ন কৰাটো পৰিচালক গুণাকৰ দেৱ গোস্বামীৰ বাবেহে সম্ভৱ৷ লগতে মুখ্য সহকাৰী পৰিচালক বিৰিঞ্চি দত্তকো ধন্যবাদ দিবই লাগিব৷ বিশেষকৈ নাটকখনৰ আৰম্ভণি আছিল অতি চমকপ্ৰদ৷ নাটকৰ আৰম্ভণিতে আটাইকেইগৰাকী প্ৰতিষ্ঠিত শিল্পীয়ে মঞ্চত পৰিৱেশন কৰা মহাভাৰতৰ গীত আৰু শিৱ ভক্ত শকুনিৰ চৰিত্ৰৰ লগত মিলাকৈ পৰিৱেশন কৰা শিৱ বন্দনাই সকলোকে মোহিত কৰে৷
এখন সৰ্বাংগসুন্দৰ নাটক উপহাৰ দিয়াৰ বাবে হবিসমী ক্ৰিয়েচনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ ভৱিষ্যতে তেখেতসকলৰ পৰা আৰু সুন্দৰ সুন্দৰ নাট্য প্ৰযোজনা পাম বুলি আশা ৰাখিলোঁ৷