পূৰ্বদিশৰ সমূহ পাঠকলৈ অসমীয়া নৱবৰ্ষৰ শুভে২৬া জ্ঞাপন কৰিলোঁ৷
অসমীয়া নৱবৰ্ষ মানেই আমাৰ চেনেহৰ ৰঙালী বিহুটিৰ উদ্যাপন৷ প্ৰকৃতিৰ ন–সেউজী কুঁহিপাত যেন আমাৰ পৃথিৱীৰ ৰং সলনি কৰি দিয়ে৷ লগে লগে আমি দেহ–মনতো অনুভব কৰো এক আনন্দময় পৰিৱৰ্তন৷
যদিও মূলতঃ বিহু এক কৃষিভিত্তিক সাংস্কৃতিক উৎসৱহে আছিল সময়ৰ সোঁতত, পৰিৱৰ্তনৰ ধামখুমীয়াত বিহু এতিয়া এক সাংস্কৃতিক সন্ধিয়ালৈহে পৰ্যবসিত হৈছে৷ প্ৰশ্ন হয় এনেবোৰ সাংস্কৃতিক সন্ধিয়াত থলুৱা সংস্কৃতিয়ে কিমান আদৰ পায়? ৰাইজে বিহু মঞ্চত থলুৱা নৃত্য–গীত চাবলৈ আগ্ৰহ প্ৰকাশ কৰেনে? ৰাজ্যত প্ৰতিবছৰে অনুষ্ঠিত হোৱা হেজাৰৰো অধিক বিহু মঞ্চবোৰৰ উপযোগিতা কি? ই কি ধৰণে অসমৰ সাংস্কৃতিক জগতখনক সমৃদ্ধ কৰিছে?
এইবোৰ প্ৰশ্নৰ উত্তৰ সকলোৱে জানে– কিন্তু কোনেও দিব নোখোজে৷ কেইজনমান স্থানীয় সাংস্কৃতিক কৰ্মীক সুদা গামোচাৰে সম্বৰ্দ্ধনা, এটি–দুটি বিহু দলক বহু দৰ দাম কৰি অত্যন্ত এলাগীভাবে বিহু মঞ্চত বিহু প্ৰদৰ্শন কৰিব দিয়া আদি কাৰ্য এতিয়া প্ৰায়বোৰ বিহুমঞ্চতেই সুলভ৷
অথচ বছৰটোতে লোকসংগীতৰ লোকজীৱনৰ গীত আৰু গানেই লোক–সংগীত চৰ্চা কৰা নুবুজায়৷ খ্যাতিমান বিহুমঞ্চই এক অঘোষিত প্ৰতিযোগিতাত নামি পৰে৷ এইবাৰ আমাৰ বিহুত অমুক শিল্পী (?) তমুক শিল্পী বুলি ডাঙৰ ডাঙৰ পোষ্টাৰ–হৰ্ডিং লগোৱা হয়৷
এইবোৰটো সকলোৱে জনা কথা– সকলোৰে নিজৰ চকুৰ আগত দেখি অহা কথা৷ ব্যক্তিগতভাৱে জীৱনৰ পঞ্চাশতম্ বিহু অতিক্ৰম কৰিলোঁ৷ বহু পৰিবৰ্তনৰে বিহু সমৃদ্ধ (?) হ’ল৷ তথাপি আমি আশা কৰিম নতুন প্ৰজন্মই বিহুক বাৰে বাৰে জগত সভাত উজলাই তুলিব৷ লোককৃষ্টি আৰু লোক জীৱনৰ ৰীতি–নীতি পৰম্পৰাক নতুন প্ৰজন্মই সাৱটি ৰাখিব৷
ধন্যবাদ