ৰঙালীৰ পৰিচয় গামোচা, কপৌফুল, জেতুকা(জোনাকী দেৱী কাশ্যপ) – Purbodix.com

ৰঙালীৰ পৰিচয় গামোচা, কপৌফুল, জেতুকা(জোনাকী দেৱী কাশ্যপ)

অসমৰ জাতীয় উৎসৱ বিহু৷ প্ৰতিটো বিহুৰে সুকীয়া সুকীয়া তাৎপৰ্য আছে৷ বসন্তৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে নৰূপত সাজিকাচি ৰঙালীক আদৰণি জনায়৷ প্ৰতিজন অসমীয়াই কুলিৰ মাতত আপোন পাহৰা হয়৷ মুগাৰ সাজযোৰ, বিহুৱানখনি, বিহুনাচগীত, গামোচা, কপৌফুল, জেতুকা আদিৰ প্ৰতি বিশেষ টান অনুভৱ কৰে অসমীয়াই৷

অসমীয়াৰ পৰিচয় গামোচাখন, অসমীয়াৰ মৰমৰ সম্পদ গামোচা৷ দৈনন্দিন কামৰ পৰা আৰম্ভ কৰি উৎসৱপাৰ্বণ সকলোতে গামোচা অসমীয়া জনজীৱনৰ অপৰিহাৰ্য অংগ৷ ৰঙালী বিহুৰ বতৰত ফুলাম গামোচাখনিৰ বিশেষ গুৰুত্ব আছে৷ ৰঙালী বিহুটিত প্ৰিয়জনক তথা জেষ্ঠজনক ফুলাম গামোচা এখন যচাটো আনন্দৰ কথা৷ বোৱনীসকল বিহুৰ বতৰত অধিক ব্যস্ত পৰে গামোচা বৈ উলিয়াবলৈ৷ বিভিন্ন আকৰ্ষণীয় ফুল তুলি গামোচাখন মনোমোহ কৰি তোলে৷ সাধাৰণতে গামোচাক তিনিটা ভাগত ভগাব পাৰে৷ সাধাৰণ গামোচা, ফুলাম গামোচা আৰু শুচি সূচক গামোচা আমি দৈনন্দিন কৰ্মত সাধাৰণ গামোচায়ে ব্যৱহাৰ কৰোঁ৷ ফুলাম গামোচা ৰঙালী বিহুত বিহুৱানৰূপে দিয়া হয় তথা সন্মানীয় ব্যক্তিকো প্ৰদান কৰা হয়৷ শুচি সূচক গামোচা ধৰ্মগ্ৰন্থসমূহ ঢাকিবলৈ ব্যৱহাৰ কৰা হয়৷

কপৌ পাহি তোৰে খোপাত কিমান ধুনীয়া দেখিঅপূৰ্ব বেজবৰুৱাৰ এইটো এটি জনপ্ৰিয় গীত৷ ৰঙালী বতৰত এই গীতটিয়ে মন ৰোমাঞ্চিত কৰে৷ অসমীয়া লোকসংস্কৃতিত কপৌফুলৰ এক সুকীয়া স্থান আছে৷ সুবাসেৰে পৰিপূৰ্ণ কপৌফুলৰ সৌন্দৰ্যই সুকীয়া৷ ৰঙীণ বসন্তৰ আগমনৰ বতৰা দিয়ে এই কপৌপাহিয়ে৷ কপৌ ফুলপাহে নাচনীৰ খোপাত দুগুণে জেউতি চৰায়৷ কপৌফুল অসমৰ ৰাজ্যিক ফুল হিচাপে স্বীকৃতিপ্ৰাপ্ত৷ কপৌফুল আৰু ৰঙালী বিহুৰ এৰাব নোৱাৰা সম্পৰ্ক৷ খোপাত কপৌফুল বিহীন বিহুৱতীৰ কল্পনা কৰিব নোৱাৰি৷ ডেকাগাভৰুসকলে ইয়াক প্ৰেমৰ প্ৰতীক তথা উৰ্বৰতা আৰু সুখসমৃদ্ধিৰ প্ৰতীক ৰূপে গণ্য কৰে৷ মৰমৰ প্ৰেয়সীৰ বাবে কপৌফুল পাহ আনি দিয়াটো গৌৰৱৰ কথা৷

ৰিঙেকৈ পহুৰে শিঙে মোৰ মইনা

ৰিঙেকৈ পহুৰে শিং

তাই পৰেবতৰ কপৌফুল আনিছোঁ

খোপাতে পিন্ধায়ে দিম৷

অকল বিহুগীততে নহয়, কাব্যৰ পৰা চলচ্চিত্ৰলৈকে সকলোতে কপৌফুলৰ ৰূপগুণ বিয়পি আছে৷

 

কপৌফুল পাহি অসমীয়াৰ অতি মৰমৰ, অতি চেনেহৰ সম্পদ৷ ৰঙালীৰ সময়ত অসমৰ গাঁৱেভূঞে, হাবিয়েবননিয়ে কপৌফুল সহজলভ্য হৈ উঠে৷ কপৌ ফুলৰ বহুতো ঔষধি গুণ আছে৷ এই উদ্ভিদ কটাছিঙা আৰু ঘা আদিৰ চি কিৎসাত ব্যৱহাৰ কৰা হয়৷

জেতুকা, জেতুকা দুহাততসাধনা স্বৰগমৰ এই জনপ্ৰিয় গীতটি সকলোৱে নি( এবাৰ লেও শুনিছে৷ জেতুকা ৰঙে সঁচাকৈয়ে হৃদয়খনকে ৰঙীণ কৰি পেলায়৷ প্ৰতিগৰাকী অসমীয়া মহিলাই ৰঙালীৰ সময়ত হাতত জেতুকাৰ বোল আঁকি লয়৷ জেতুকাই কেৱল হাতৰ তলুৱা, নখ, ভৰিৰ তলুৱাৰ সৌন্দৰ্য বৰ্ধনেই নকৰে, বিভিন্ন চৰ্মৰোগ প্ৰতিৰোধতো বিশেষ ভূমিকা গ্ৰহণ কৰে৷ জেতুকা ভৰিৰ নখত লগালে চকু আৰু চুলিৰ সৌন্দৰ্য বৃদ্ধি পায়৷ কেৱল অসমতে নহয়, পৃথিৱীৰ ভিন ভিন দেশত হাজাৰ বছৰ পূৰ্বৰ পৰাই জেতুকা ব্যৱহাৰ হৈ থকাৰ তথ্য পোৱা যায়৷ অংগৰাগ তথা ঔষধি গুণেৰে পৰিপূৰ্ণ এই জেতুকাৰ ৰস খ্ৰীষ্টপূৰ্ব ১৫৮ঙ্ম১৬৫০ মাজৰ মিছৰৰমামী চুলিতো প্ৰয়োগ কৰাৰ প্ৰমাণ পোৱা বুলি বুৰঞ্জীবিদ এলিয়ট স্মিথৰ লিখনিত উল্লেখ আছে৷ জেতুকা এতিয়া ‘Heena’ বুলিহে পৰিচিত হৈছে৷ আচলতে ‘Heena’ জেতুকাত থকা ঔষধি দ্ৰব্য বিধৰ আৰবীয় নাম৷

ৰঙালী মানেই ৰঙৰ, আনন্দৰ উৎসৱ৷ সময়ৰ লগে লগে ৰঙালীৰো কিছু পৰিৱৰ্তন নি( হৈছৈ৷ আধুনিকতাৰ পৰশ পৰিলেও আজিও ৰঙালী আহিলে অসমীয়াৰ হিয়া আনন্দত ভৰি পৰে, ৰঙালীক আদৰিবলৈ সাজু হয়৷ ৰঙালীৰ বতৰত গামোচা এখন বিহুৱান দিয়াটো গৌৰৱৰ কথা৷ ৰাংঢালী গাভৰুৰ খোপাত কপৌফুল আৰু হাতত জেতুকাৰ ৰঙে নয়ন জুৰায়৷ অইন বেলিৰ নিচিনাকৈ এইবেলিও ৰঙালী আহিছে৷ আশা কৰিছোঁ ৰঙালীৰ ৰঙে সকলো অসমবাসীৰে জীৱন ৰঙীণ কৰি তোলক

Leave a Reply

Your email address will not be published. Required fields are marked *