
চ’তৰ চেৰেকীয়ে আইৰ স’তে মিতিৰালি কৰাৰ দিনৰ পৰাই ব’হাগে মনত পোখা মেলিছিল৷ বাউলি বৰদৈচিলা জাক হিলদল ভাঙি মাকৰ ঘৰলৈ যোৱা পৰতো যেন আমাক ব’হাগ অহাৰ বতৰা দি গৈছিল৷ ফাগুনে লঠঙা কৰি যোৱা গছবোৰত কুঁহিপাতবোৰে পোখা মেলা পৰত মনত অহৰহ ব’হাগ ব’হাগ লগা অনুভৱ এটাই মনটোক ভৰাই তুলিছিল জেতুকা পাতৰ ৰংবোৰৰ দৰে৷
ড॰ ভূপেন হাজৰিকাদেেৱ কোৱাৰ দৰে-“ব’হাগ মাথোঁ এটি ঋতু নহয়যনহয় ই এটি মাহযঅসমীয়া মানুহৰ ই আয়ুসৰেখায গণজীৱনৰ ই সাহ৷’’
প্ৰতিজন অসমীয়াৰ হৃদয়ত ব’হাগ জীয়াই আছে৷ গোহালিত পিতায়ে মাহ–হালধিৰে গৰুকেইটা নোৱাওতে ধোৱাওতে, আইৰ চিনাকি আখলখনত তিলপিঠা–ঘিলাপিঠাবোৰ মোক খা, মোক খাকৈ ফুৰফুৰাই গোন্ধাই থাকোঁতে, আইতাই হেলেঙী বোৱাই তামোল খাই খাই বাৰীত এশ এবিধ শাক বিচাৰি ফুৰোতে, ককাদেউতাই সংক্ৰান্তিৰ দিনা গোঁসাই ঘৰৰ থাপনাত শৰাইখন সজাওতে, কণকণ ল’ৰা–ছোৱালী কেইটাই হুচৰি মাৰিবলৈ আহি পদূলি মুখত নঙলা খুলি যেতিয়া “কৃষ্ণাই মূৰতে বকুল ফুল এপাহিয নিয়ৰ পাই মুকলি হ’ল ঐ গোবিন্দায় ৰাম৷’’ বুলি গাইছিল সেই প্ৰতিটো মূহূৰ্ত্তত ব’হাগ আমাৰ মনত সাৰ পাই উঠিছিল৷ নাচনীৰ খোপাৰ কপৌফুল পাহত, আইৰ জপাৰ ফুলাম গামোচাখনত প্ৰতিবছৰে ব’হাগ যেন নকৈ সাৰ পাই উঠে ফুলে–ফলে জাতিষ্কাৰ হৈ৷
ব’হাগত আছে সম্প্ৰীতিৰ বান্ধোন৷ ব’হাগে ঢোলৰ বৰতিয়ে আঁতি আঁতি বন্ধাৰ দৰে সকলোকে বান্ধি পেলায় আদৰ–মৰম আৰু হেঁপাহেৰে৷ হুচৰিযোৰাৰ “এটা বাটিত নহৰুযএটা বাটিত পনৰুযএটা বাটিত খুতৰা শাকযমূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁযগৃহস্থ কুশলে থাক বুলি দিয়া আশীৰ্বাদত বুকুখন ঠন ধৰি উঠে৷
আচলতে ব’হাগৰ ৰঙেৰে সকলো মতলীয়া হয়৷ ঢোল–পেঁপা–গগণাৰে প্ৰতিটো ব’হাগত গাঁৱ–চহৰ মুখৰিত হয়৷ প্ৰবাসী অসমীয়া সকলেও বিদেশত থাকিও ব’হাগ বিহু আৰু পৰম্পৰাবোৰক জীয়াই ৰখা বিভিন্ন সামাজিক মাধ্যমত পৰিলক্ষিত হয়৷ ব’হাগ আমাৰ প্ৰতিজন অসমীয়াৰ বুকুতে প্ৰতিপল জীয়াই আছে৷ সেয়েহে আমি জী আছো ব’হাগৰ ৰঙেৰে৷