
গাখীৰৰ গিলাছেটাত এচামুছ মৌ মিহলাই দিয়াৰ বাবে মৌৰ ৰঙটো গাখীৰত বিয়পি গৈছে৷ তাকে দেখি মিচেছ চাহনীয়ে গাখীৰত বিহ মিহলোৱা আছে বুলি চিঞৰ বাখৰ কৰাত গোটেই ঘৰখন তল–ওপৰ কৰি আছে৷ চাজুমানে মিচেছ চাহনীৰ পুতেকে মেগাজিন এখন মেলি বেলকনিৰ চকীখনত বহি ইফালে সিফালে চাই মোক দেখা পাই হাঁহিৰ দৰে কিবা এটা ভংগী দিলে৷ মোৰ বেলকনিৰ পৰা মিচেছ চাহনীৰ বেলকনিৰ দূৰত্ব দহ ইঞ্চিতকৈও বেছি নহ’ব৷ আমি আগতে এনেকৈয়ে কথা পাতিছিলোঁ৷ এতিয়াতো পুৰণা কথাবোৰ মনত পেলাই বেলকনিখনলৈ চাবহে পাৰো৷ মানুহবোৰে কয় মিচেছ চাহনীৰ মগজুৰ বিকৃতি হৈছে৷ কোৱা কথাকে কৈ থাকে নহ’লে অবাস্তৱ আৰু কাল্পনিক কাহিনী দুটামান নিজকে নিজে কোৱাৰ দৰে কৈ হাঁহি হাঁহি কান্দে অথবা কান্দি কান্দি হাঁহে৷
বাৰ বছৰতকৈ বেছি দিন হ’ল মই এই ফ্লেটতোত থকা৷ মিচেছ চাহনীহঁত প্ৰায় চল্লিশ বছৰ ধৰি আছে ইয়াত৷ মোৰ অফিচৰ জ্যেষ্ঠ বাইদেউ এগৰাকীয়ে জীৱনৰ শেষ সময়খিনি নিজৰ পৰিয়ালৰ মানুহৰ লগত কটাম বুলি এই ফ্লেটতো বিক্ৰী কৰাৰ কথা কৈছিল৷ চিনাকী আৰু ইনষ্টলমেণ্টৰ সুবিধাৰ বাবে ময়েই ঘপহকৈ ফ্লেটতো কিনি ল’লো৷ পাচঁ নম্বৰ ফ্ল’ৰত ছটা ফ্লেট আছে যদিও মিচেছ চাহনীৰ পৰিয়ালটোৰ বাদে বাকী কেইজন আবাসীক তেনেকৈ দেখা পোৱা নাযায়৷ ব্যস্ত বা অকলে থাকি ভাল পোৱা মানুহ সেইসকল৷ মিচেছ চাহনী অলপ বেলেগ৷ মোক প্ৰথম দিনাই মাতি নি ঘৰত চাহ আৰু জেলেপী খুৱাইহে এৰিলে৷ মানুহগৰাকী আজলী, কিন্তু কথা অলপ বেছিকৈ কয়৷ মিচেছ চাহনীৰ স্বামী আৰু পুতেকৰ সৈতে সৰn পৰিয়াল৷
বেলকনিত থোৱা আচাৰৰ বটলকেইটা লাহেকৈ দাঙি মই ভিতৰলৈ সোমালো৷ আজি মোৰ অফিচ নাই৷ ছুটি কেইটামান বাকী থকাৰ বাবে নিজকে অলপ সময় দিওঁ বুলি এই পাচঁদিন মই অফিচৰ কামৰ পৰা আতঁৰত আছোঁ৷ বন্ধাকবিৰ পাতেৰে ৰন্ধা পুৰী কেইখন প্লেটত লওঁতেই মিচেছ চাহনীৰ বেলকনিত কোনোবাই কান্দি থকা শুনিলোঁ৷ প্লে টখন থৈ মই মোৰ বেলকনিৰ পৰা চালোঁ, মিচেছ চাহনীয়ে শাৰীৰ আচঁলেৰে চকুপানী মোহাৰি কান্দি আছে৷ মোৰ ভাল নালাগিল৷ চাজু ওলাই গ’লনে লিনজাৰ লগত কিবা লাগিছে৷ ৰাতিপুৱা কালি থাকি যোৱা পাতকবিৰ পাতকেইখিলাৰে পুৰী বনাইছিলোঁ৷ লগত তিল দি ভজা আলু৷ এনেকৈ মিচেছ চাহনীৰ ঘৰত খাইছিলোঁ মই আগতে৷ ঘৰত বনাই থোৱা বস্তুবোৰ এৰি মই এতিয়া মিচেছ চাহনীৰ ঘৰৰ দুৱাৰ মুখত কলিং বেল বজাই থিয় হৈ আছোঁ৷ দহ মিনিটমানৰ পিছত চাজুৱে দুৱাৰখন খুলিলে৷
বে’ডৰুমৰ প্ৰায়বোৰ বস্তু মিচেছ চাহনীয়ে তুলি তালি নি বেলকনিত থৈছে৷ মই লাহেকৈ মাত লগালো৷ মিচেছ চাহনীয়ে মোৰ মুখখন ওচৰৰ পৰা চাই জোৰ জোৰকৈ হাঁহি দিলে৷ বেলকনিৰ চকীখনতে বহি মই বেলকনিত দমাই থোৱা বস্তুবোৰ চালো৷ গাৰুৰ কভাৰৰ পৰা আৰম্ভ কৰি তেওঁ দৰৱ খোৱা চামুচখনলৈকে পৰি আছে৷
প্ৰথম ফ্লেটলৈ আহেঁাতে অফিচৰ পৰা আহি চাহকাপ হাতত লৈ প্ৰায়ে মই মোৰ বেলকনিৰ পৰা মিচেছ চাহনীৰ লগত কথা পাতো৷ এদিন হঠাতে তেওঁ মোক বজাৰলৈ বুলি লগ ধৰিলে৷ গধূলি বজাৰ শেষ কৰি আমি বাহিৰতে বেচনৰ বৰফি আৰু চাহ খাইছিলোঁ৷ কথাৰ মাজতে মই লক্ষ্য কৰিলোঁ মিচেছ চাহনীয়ে চাৰিটামান বৰফি খালে৷ মই চাই থকা দেখি তেওঁ কৈছিল ঘৰত চাজু আৰn তেওঁৰ স্বামীয়ে ভালপোৱা বস্তুবোৰহে বনাই থকা হয়৷ বেচনৰ বৰফী মিচেছ চাহনীৰ বৰ প্ৰিয়৷ গতিকে বাহিৰলৈ ওলাই আহিলেই তেওঁ কেইবাটাও খাই লয়৷ মোৰ হাঁহিও উঠিছিল৷ সেইদিনাৰ পৰা কিয় জানো মোৰ মিচেছ চাহনীক আপোন আপোন লাগি গৈছিল৷ ক’ৰবালৈ যোৱাৰ আগতে তেওঁক এবাৰ কৈ যোৱাৰ পৰা আৰম্ভ কৰি জীৱনৰ কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে মিচেছ চাহনীক নক’লে মোৰ ভালেই নালাগিছিল৷ তেওঁৰ এটা খুউব ভাল অভ্যাস আছিল মই ক’ৰবাত দুই তিনি দিনৰ বাবে যাবলৈ ওলালে মোক জোৰকৈ অলপ সময়ৰ বাবে সাৱটি ধৰে৷ তেওঁৰ মতে স্পৰ্শৰ এক আচৰিত শক্তি থাকে৷ সাৱটি ধৰাজন মনৰ মাজত ৰৈ যায়৷ কেতিয়াবা বেয়া পোৱা মানুহ এজনক সাৱটি ধৰিলে অনুভৱ কৰিব পাৰি আচলতে তেওঁক এনেই সৰু কথাতে বেয়া পাই আছোঁ৷ তেওঁ ইমান উপেক্ষিত মানুহ নহয়েই৷ কিছুমান স্পৰ্শত বিশ্বাস আৰু ভাল পোৱাৰ নিৰাপত্তা থাকে৷ সেয়া মই লাহে লাহে অনুভৱ কৰিছিলোঁ৷

মিচেছ চাহনীৰ স্বামী সাংঘাতিক মদপী৷ মদ খালে ঘৰৰ মানুহক গালি পৰা, বস্তু ভঙা তেওঁৰ বাবে সাধাৰণ কথা৷ চাজুৱে দেউতাকৰ ভয়ত কেতিয়াবা মোৰ ঘৰত সোমাই থাকেহি৷ মিচেছ চাহনীয়ে চাজু ডাঙৰ হৈ অহাৰ লগে লগে ল’ৰাটোৰ ভৱিষ্যত আৰু মানসিক অৱস্থাৰ কথা ভাবি বিৰাট ভয় খাইছিল হেনো৷ এদিন তেওঁলোকৰ ঘৰত পূজা আছিল৷ পূজাৰ সময়ত চাজুৰ দেউতাক আহি হুলস্থূল কৰি পূজাৰীজনকো অপমান কৰিছিল৷ সেইদিনা বোলে চাজুৰ দেউতাকৰ ব্যৱসায়ত ডাঙৰ লোকচান হৈছিল৷ মদ এসোপা ডিঙিলৈকে গিলি ড্ৰয়িং ৰুমৰ চোফাখনতে মিষ্টাৰ চাহনীয়ে গোটে ই ৰাতিটো পৰি থাকিল৷ পিছদিনা মিচেছ চাহনীয়ে মোৰ আগত কৈছিল পৃথিৱীত যদি এনেকুৱা শক্তি থাকিলহেতেঁন পাৰ হৈ যোৱা দিনবোৰ সম্পুৰ্ণৰূপে পাহৰি নতুনকৈ জীৱনটো আৰম্ভ কৰাৰ সুযোগ পোৱা হ’লে তেওঁ চাগৈ সুখী হোৱাৰ বাট এটা বিচাৰি পালে হয়! সেইদিনা গম পাইছিলোঁ নিজক বাৰে বাৰে নিজেই বুজাই সুখী হৈ থকা মিচেছ চাহনী ক’ৰবাত খালী হৈ আছিল৷ দেখিছিলোঁ ব্যৱসায়ৰ লাভ লোকচানৰ লগত চাজুৰ দেউতাকৰ মুড ঘূৰি থাকে৷ ভালদৰে চলি থাকিাল ঘৰত পাৰ্টী, আলহী সকলোবোৰ থাকে৷ আৰু ইফাল সিফাল হ’লেই মদ খাই হুলস্থূল৷ মিচেছ চাহনীয়ে তাৰ মাজেতা মনে মনে থাকি যিমান পাৰি শান্তিৰে পৰিয়ালটো চলাই নিয়ে৷ চাজুৰ পঢ়া শুনাৰ বাবে তেওঁ প্ৰায়ে চিন্তা কৰে যদিও সি ভালদৰে সকলোবোৰ আয়ত্তলৈ আনি লৈছিল৷ সি লাহে লাহে বুজন হৈছে৷ নিজৰ লগতে মাককো সাহস দিব পৰা হ’ল৷ কিন্তু চাজুৰ দেউতাক সলনি নহ’ল৷ লাহে লাহে তেওঁ নিজৰ ঘৰখনকে বাৰ বনাই ল’লে৷ হজম হ’লে বোলে বিহো খাব পাৰি৷ এটোপাল মদতে হিংস্ৰ জন্তুৰ আটাইকেইটা ৰূপেই দেখা দিয়া চাজুৰ দেউতাকক দেখিলে মোৰ মুখখন অন্যফালে ঘূৰি যায়৷ মিচেছ চাহনীয়ে কোনোদিন অভিযোগ নকৰে কাৰো আগত৷ মাত্ৰ ধেমালি আৰু খঙতে কৈ থাকে পুৰণা দিনবোৰ পাহৰি যোৱাৰ দৰৱ ওলালেই তেওঁক কোনোবাই জনাই দিয়ে যেন৷ চাজুৱে সেমেকা হাঁহি এটা মাৰে৷ মোৰ মনে মনে বৰ বেয়া লাগে৷ দিনটো কামৰ শেষত গধূলি মিচেছ চাহনীয়ে বেলকনিত বহি মোৰ লগত কথা পাতে৷ অকল তেওঁৰ আৰn ে¸মাৰ কথা৷ মোৰ কিবা এটা সৰু বা ডাঙৰ সমস্যা হ’লেই তেওঁক কওঁ৷ সেইখিনি সময়ত তেওঁ নিজৰবোৰ পাহৰি মোক বুজায়৷ মোৰ ভাল লাগে মানুহগৰাকীৰ চিন্তাবোৰ ইমান যোগাত্মক৷ তেওঁৰ দৰে মন থকা মানুহেবাৰক হাজাৰ দুখেও ভাঙি পেলাব নোৱাৰিব হয়তো! অথচ মই তেওঁক দেখি বহুত পিছলৈহে বুজি পালো আনক আৱৰি ৰখা মানুহেবাৰেই কোনেও নেদেখাকৈ শেষ ৰাতি অকলে অকলে কান্দে৷
দুবছৰৰ আগৰ পৰা মন কৰিছিলোঁ মিচেছ চাহনীয়ে মই অফিচৰ পৰা আহিলে সোধে ক’ত গৈছিলা বা মই ইয়াত নতুনকৈ আহিছোঁ নেকি ইত্যাদি ইত্যাদি৷ মই আচৰিত হৈ যাওঁ৷ দীঘলীয়া সময়ৰ বাবে যোৱা ট্ৰেইনিংটোৰ পৰা আহি দেখো মিচেছ চাহনীয়ে এটা নতুন ৰূপ লৈছে৷ এতিয়া আৰু মই তেওঁৰ মৰমৰ ছোৱালীজনী হৈ থকা নাই৷ মাজে মাজে কিবা এটা মনত পৰাৰ দৰে এবাৰ আহি ওচৰত বহেহি৷ আগৰ দৰে মোক আৰু সাৱটি নধৰে৷ কেতিয়াবা ধৰিলেও তেওঁ মোৰ মাজত আগৰ সেই টান অনুভৱ নকৰে কিন্তু মই যেন তেওঁক এৰিয়েই নিদিম৷ স্পৰ্শৰ যে যাদু আছে সেয়া মিচেছ চাহনীয়ে মোক বুজাই দিছিল৷
মিচেছ চাহনীৰ ডিমেনচিয়া হৈছে৷ তেওঁ প্ৰায়বোৰ কথাই পাহৰি গৈছে৷ আগতে কৈছিল ভগৱানক প্ৰাৰ্থনা কৰোঁতে তেওঁ হেনো কয় মনত কষ্ট দিয়া দিনবোৰ পাহৰি একো চিন্তা নথকা দিন এটা হ’লেও মৃত্যুৰ আগত তেওঁক দিবলৈ বুলি৷ ভগৱানে শুনিলে৷ এতিয়া মিচেছ চাহনীৰ একো কথা মনত নাই, তেওঁ এতিয়া একো নাজানে, একো নুবুজে৷ কষ্ট, সুখ–দুখ, ভৱিষ্যতৰ কোনো শংকা নাই তেওঁৰ৷
বেলকনিৰ চকীখনৰ পৰা মই উঠি আহিলোঁ৷ মিচেছ চাহনী বিচনাত টোপনি গৈছে৷ এতিয়া সাৰে থকাতকৈ টোপনিত থকাই ভাল তেওঁৰ বাবে৷ লিনজাই চাহ একাপ আনিছে মোৰ বাবে৷ চাজুৱে লিনজাক মিচেছ চাহনীৰ কেয়াৰটেকাৰ হিচাপে ৰাখিছে৷ কৰ্প’ৰেট অফিচ এটাত চাজুৱে চাকৰি কৰি আছে৷ চাকৰি পোৱা তাৰ বেছিদিন হোৱা নাই৷ মাকৰ বাবে সামৰ্থ অনুসৰি সকলোখিনিয়েই কৰিছে সি৷ এই মৰমখিনি যদি মিচেছ চাহনীয়ে দেখা পালে হয়৷
লিনজাই দিবলৈ বুলি উলিওৱা ইনজেকচনটো আকৌ টেবুলত থৈছেগৈ৷ চাজুৱে দুৱাৰমুখৰ পৰা মাকক চাই আছে৷ বে’ডৰুমৰ পৰা দেখি থকা টেবুলখনত চাজুৰ দেউতাকে ব্যৱসায়ৰ কিবা হিচাপ কৰি আছে৷ ব্যৱসায়ৰ লাভৰ লগতে জীৱনৰ লোকচানৰ হিচাপবোৰো যদি তেওঁ দেখা পালে হয়! মই লাহেকৈ মিচেছ চাহনীৰ হাতখনত মোৰ হাতখন থ’লো৷ তেওঁ টোপনিতে জোৰকৈ মুঠি মাৰি ধৰিলে৷ বিশ্বাসেৰে মোৰ হাতখন ধৰি বেৰৰ ফালে মুখখন ঘূৰাই তেওঁ আকৌ শুই গ’ল৷ মই কাষতে বহি দিলোঁ৷ এই মুঠিটোতে সময়বোৰ ৰৈ যাওক৷ সাৰ পোৱা মানেই যে হাহাঁকাৰ৷ জীৱন এটাত জীয়াই থকাৰ হাহাঁকাৰ৷ ওচৰতে থকা আপোনজনক বিচাৰি নোপোৱাৰ হাহাঁকাৰ৷ সময়ৰ স’তে আগবাঢ়িব বিচৰা মানুহগৰাকীক আজি সময়েই লগ এৰি দিলে৷ এইটো জনমত মিচেছ চাহনীয়ে হয়তো নিজকে আৰু কোনোদিন বিচাৰি নাপাব৷