ডঃ নগেন শইকীয়াৰ গল্পৰ অবলম্বনত সাৰ্থক চিত্ৰায়ন(অংকুৰ কাশ্যপ) – Purbodix.com

ডঃ নগেন শইকীয়াৰ গল্পৰ অবলম্বনত সাৰ্থক চিত্ৰায়ন(অংকুৰ কাশ্যপ)

“ৱাইড এংগল’’

ছবিখন চাই উচুপি উঠিল ডঃ শইকীয়া, , , সত্তৰযআশী বছৰীয়া বৃদ্ধবৃদ্ধা হৈ পৰিল নষ্টালজিক, , , , , , ,

যোৱা ২২ মাৰ্চত সমগ্ৰ অসমৰ চবিগৃহতে মুক্তি লাভ কৰিলে ‘‘স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট’’ বেনাৰত দেৱজ্যোতি বৰা প্ৰযোজিত আৰু জয়ন্ত নাথ পৰিচালিত ছবিৱাইড এংগল’’ জুয়ে পোৰা তিৰশীৰ ঐতিহাসিক অসমৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰেক্ষাপটত এগৰাকী সৎ, সাহসী, নিষ্ঠাবান ফটো সাংবাদিকৰ জীৱনৰ ঘাটপ্ৰতিঘাতসংঘাত তথা আন বহুতো ঘটনাপৰিঘটনাক লৈ আশীৰ দশকতে ডঃ নগেন শইকীয়াই লিখা তথা ইংৰাজী, হিন্দী, ফ্ৰান্স, জাৰ্মানী আদি বিভিন্ন ভাষালৈ অনুদিত হোৱা বহু পঠিত গল্পষ্টাফ ফটোগ্ৰাফাৰাৰ ছবি’’ আধাৰত ছবিখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে পংকজ জ্যোতি ভূঞাই৷ মূল গল্পৰ আবেদনক অকণো হানিবিঘিনী নোহোৱাকৈ এখন নিটোল চিত্ৰনাট্য প্ৰস্তুত কৰি দৰ্শকক এখন সুন্দৰ মননশীল ছবি উপহাৰ দিলে চিত্ৰনাট্যকাৰে৷ এক সুন্দৰ কাহিনীৰ কলাত্মক চিন্তাৰ প্ৰতিফলন ঘটা ছবি খনে মুক্তিৰ পাছৰে পৰাই বাণিজ্যিক ভাবেও সফলতা লাভ কৰি দৰ্শকক চিত্ৰগৃহলৈ টানি নিবলৈ সক্ষম হৈছে৷ ছবিখন চাই দৰ্শকে নিজকে ৰোমন্থন কৰিছে আৰু নতুন প্ৰজন্মই আগৰ ইতিহাস জানিবলৈ উৎসুক হৈ পৰিছে৷ ছবিখন প্ৰত্যক্ষ কৰি সত্তৰযআশীৰ উদ্ধৰ বৃদ্ধবৃদ্ধাইও পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰা দেখা গৈছে৷ আনকি চিত্ৰগৃহত ছবিখন উপভোগ কৰি গল্পকাৰ ডঃ নগেন শইকীয়া দেৱ নিজেও আবেগিক হৈ উচুপি উঠা দেখা গৈছিল৷ এয়াই হয়তো ছবিখনৰ সাৰ্থকতা আৰু সফলতা৷

 জয়ন্ত নাথৰ পৰিচালনাত ছবিখন সুন্দৰকৈ ফ্ৰেমত বন্দী কৰিলে অসমৰ সুদক্ষ চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰাই৷ ছবিখনত কেমেৰাৰ কাম অতি সুন্দৰ আৰু নান্দনিক৷ এইক্ষেত্ৰত সুমন দুৱৰাক অৱশ্যেই ধন্যবাদ দিবই লাগিব৷ ছবিৰ সংগীত গ্ৰহণযোগ্য৷ এই ক্ষেত্ৰত শ্যামল ভূঞা আৰু জয়ন্ত নাথ ধন্যবাদৰ পাত্ৰ৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক দীপক নাথৰ৷ ছবিখনত চৰিত্ৰই দাবী কৰা ধৰণেৰে বিশ্ব কলিতাই সুন্দৰ ৰূপসজ্জা (make up) কৰিছে৷ দেৱজিৎ দত্তৰ সম্পাদনা সুন্দৰ৷ স্থিৰ চিত্ৰ পল্লব মহন্তৰ৷

এতিয়া আহোঁ ছবিখনৰ মূল চালিকাশক্তি অভিনয়ৰ প্ৰসংগ লৈ অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম লাগিব মুখ্য চৰিত্ৰত অভিনয় কৰা বলিষ্ঠ অভিনেতা তপন দাসৰ৷ চৰিত্ৰৰ ভাব আৰু অনুভৱৰ মাজত একাত্ম হৈ অভিনয় কৰা অভিনেতা গৰাকীৰ প্ৰাণস্পৰ্শী অভিনয়ে অন্তৰ চুই ল৷ অভিনেতা হিচাবে সঁচাই অদ্বিতীয় তপন দাস৷ ছবিখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অভিনয় সাৱলীল৷ ছবিখনৰ আন দুটি মুখ্য নাৰী চৰিত্ৰত দুই শক্তিশালী অভিনেত্ৰী অপৰ্ণা দত্ত চৌধুৰী আৰু জ্বলী লস্কৰৰ প্ৰাণৱন্ত সংবেদনশীল অভিনয়ে মন ভৰাই তোলে৷ সেইদৰে আন আন চৰিত্ৰত গীতাৱালী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী, পবিত্ৰ বৰুৱা, দীপাংকৰ ৰয়, ধ্যানী মহন, ৰূপ কুমাৰ বৰা, মুক্তাৰুল হুছেইন আদিকে ধৰি চৰিত্ৰনুযায়ী সকলোৱে সুন্দৰ অভিনয় কৰিছে৷ সমাজলৈ এক সুন্দৰ আৰু বলিষ্ঠ বাৰ্তা থকা ছবিখনে এতিয়া বাণিজ্যিকভাবেও অপাৰ সফলতা পাবলৈ গৈ আছে৷ অতি আধুনিকতাৰ ধামখুমীয়াত দুই এখন অসমীয়া ছবিয়ে নিজস্বতা হেৰুৱাই পেলোৱাৰ সময়তেইৱাইড এংগল’’ এক উৎকৃষ্ট নিদৰ্শন৷ যিখিনি সময়ত অসমীয়া ছবিয়ে দক্ষিণ ভাৰতীয় ছবি অথবা বলিউদী ছবিৰ নকল সংস্কৃতিয়ে মানুহক আমোদ দিয়াৰ প্ৰয়াস পৰিছে সেইখিনি সময়তেৱাইড এংগলে’’ অসমৰ জাতিমাটিৰ গোন্ধ থকা, মানবীয় প্ৰমূল্যবোধৰ এটি মিঠা কাহিনীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে, , , এইক্ষেত্ৰত যুৱ প্ৰযোজক দেৱজ্যোতি বৰাক অৱশ্যেই ধন্যবাদ দিব লাগিব কিয়নো তেওঁ কোনো ধৰণৰ হিন্দী ছবিৰ নকল কাহিনীৰে মছলাযুক্ত ছবি নিৰ্মাণ নকৰি যশস্বী সাহিত্যিকৰ এটি মননশীল গল্পক ছবি কৰিবলৈ কাহিনী হিচাবে বাচি লোৱাটো অতিকে গুৰুত্বপূৰ্ণ৷ এনেধৰণৰ বহু সাহিত্যিকৰ আৰু গল্পউপন্যাস আছে৷ সেইবিলাকৰ আধাৰাটো ছবি নিৰ্মাণ হওক, , , আমি এই প্ৰতিবেদন লিখি থকাৰ সময়ত সগৌৰবেৰে চিত্ৰ গৃহত চলি আছেৱাইড এংগল এটি ৰুচিশীল কাহিনীৰ আধাৰত নিৰ্মিত ছবিখন এইদৰেই ৰাইজে আঁকোৱালি লওক, ছবিখনে অপাৰ সফলতা লাভ কৰক৷

Leave a Reply

Your email address will not be published. Required fields are marked *