কবিতা – Purbodix.com

কবিতা

ইয়াত এতিয়া আন্ধাৰ(

বৰষা কাশ্যপ)

এইখিনিতে

ঠিক এইখিনিতে উমলি আছিল

কুঁৱলীৰ চাদৰ সৰকি উৰি অহা

পুৱাৰ এমুঠি

 

দূৰৈত বাজিছিল গতিময় নদীৰ গান

আৰু পখীৰ কাকলি

 

….আৰু আমি প্ৰেমত পৰিছিলোঁ

ইজনে সিজনৰ

 

‘…এনেকৈয়ে ফুলে প্ৰেমৰ পাৰিজাত

এনেকৈয়ে ফুলে প্ৰেমৰ পাৰিজাত…’

শীত সনা বতাহজাকে সিয়াঁৰি গৈছিল কাণে কাণে

 

শূন্য শৰীৰী দূৰত্বত

কঁপিছিলোঁ দুয়ো দুৰু দুৰু

দৰ পখিলাই আমনি কৰিছিল মোক

দৰ পখিলাই আমনি কৰিছিল তোমাক

 

আৰু আমি ছাঁ বিচাৰি আঁতৰি গৈছিলোঁ

পাহাৰটোৰ নামনিলে

 

স্মৃতিৰ পাপৰি হৈ মন বলুকাত আজিও সৰে

সেই হেৰোৱা দিনৰ হাঁহি

ৰৈ ৰৈ বাজে তোমাৰ আকলুৱা বুকুৰ বাঁহী

 

হয়,

এইখিনিতে

ঠিকএইখিনিতে উমলি আছিল

কুঁৱলীৰ চাদৰ সৰকি উৰি অহা

পুৱাৰ এমুঠি

 

এতিয়া ঘিটমিট আন্ধা১

Leave a Reply

Your email address will not be published. Required fields are marked *