মৰলীয়া শাকৰ গুণাগুণ ও কেইটামান ব্যঞ্জন বিধি(নৱাব নাৰ্জী ইছলাম) – Purbodix.com

মৰলীয়া শাকৰ গুণাগুণ ও কেইটামান ব্যঞ্জন বিধি(নৱাব নাৰ্জী ইছলাম)

মৰলীয়া শাকৰ ব্যঞ্জন বিধি লিখাৰ আগতে এই শাকৰ বিষয়ে জানিবলৈ পোৱা কিছু কথা আপোনাসৱকো অৱগত কৰাৰ প্ৰয়োজন বোধ সামৰিব নোৱাৰিলো৷

 মৰলীয়া শাকক কিছুলোকে থুঠনি শাক বোলে৷ এই শাক বাৰিষা কালত মৰি যায় আৰু খৰালি কালত গজে৷ ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে কমবেছি পৰিমাণে এই শাকবিধ পোৱা যায়৷ এই শাক বিধৰ গাগছ অতি কোমল হোৱাৰ উপৰি জোপোহা আকাৰৰ হয়৷ ইয়াৰ উচ্চতা ১০ ছেঃমিঃ পৰা ২০২৫ ছেঃমিঃ হোৱা দেখা যায়৷ এই শাক বিধ পূৰঠ লে আগত বগা ফুল ফুলে৷ মৰলীয়া শাক বিধ সচৰাচৰ বিভিন্ন খেতিৰ মাজে মাজে হোৱা দেখা যায়৷ খেতিৰ মাজে মাজে হোৱাৰ বাবে খেতিয়কৰ চকুত উপেক্ষিত অৰ্থাৎ ‘‘নিৰাইবুলি সমাজত প্ৰচলিত৷ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এই শাক বিধৰ বিভিন্ন ঔষধি গুণ থকাৰ কথা বিভিন্ন উদ্ভিদ বিশেষজ্ঞ সকলে অৱগত কৰি আহিছে৷ এই শাক আঞ্জা কৰি খালে গাৰ বিষ, ভৰিহাতৰ গাঠিৰ বিষ নাশ হয়৷ ভাজি খালে কিডনীৰ বিভিন্ন সমস্যাৰ উপকাৰ হয়৷ ইয়াৰ উপৰিও মূৰৰ বিষ, মূৰ কামোৰণিযকৃত ৰোগ, কেচুঁমূৰীয়া ৰোগ নিৰাময়ৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা লয়৷ ইয়াৰ উপৰিও ভৰিহাতত আঘাত পালে মৰলীয়া শাক খুন্দি আঘাত পোৱা স্থানত বান্ধি দিলে বিষ উপশম হয়৷ এই শাকক ইংৰাজীত কেইবাটাও নামেৰে অভিহিত কৰিছে; Starwart, Chick Wed, Stellafia Media, Mallotus albus, Mallotus tetracoccus ইত্যাদি৷ মৰলীয়া শাকৰ পৰা বিষৰ ঔষধ তৈয়াৰ হোৱাৰ কথা কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ মেটেৰীয়া মেডিকা আৰু থেৰাপিউটিকমৰ প্ৰথম অধ্যাপক ডাঃ উইলিয়াম বৰিক এম. ডি. য়ে তেওঁৰ গ্ৰন্থমেদিকা উল্লেখ কৰিছে৷ মৰলীয়া শাকৰ পৰা হোমিঅপেথিক Stellaria Media ত্ব প্ৰস্তুত কৰা হয়৷ মৰলীয়া শাক কোমল অৱস্থাত খাবলৈ বৰ সোৱাদ৷ তাহানিতে এই মৰলীয়া শাকৰ যুতি সম্পৰ্কত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই শলাগি লিখিছিল – “বুঢ়া হাটলৈ, বুঢ়ীয়ে ধৰিলে নাচ৷ মোৰে মূৰ খাৱ বুঢ়া তই নিকিনিবি মাছ৷ মাছ কিনোতে মাছ কিনোতে টকা ক্ষয়, মৰলীয়াৰ খাৰটুপি অমৃত যেন হয়৷ ” 

  এতিয়া আহোঁ মৰলীয়া শাকৰ পৰা সহজে কৰিব পৰা কেইবিধমান ব্যঞ্জনৰ বিষয়ে

) মৰলীয়া শাকৰ কোমল আগৰ চাটনিঃ প্ৰণালী শাকখিনি ভালদৰে পৰিষ্কাৰ কৰি প্ৰয়োজনীয় নিমখ, কেঁচা জলকীয়া, পূৰা জলফাই দি মিহিকৈ বাটি শীতৰ দুপৰীয়াৰ ভাত সাজৰ লগত উপভোগ কৰক৷

) মৰলীয়া শাকৰ খাৰ উপকৰণ মৰলীয়া শাক মুঠি, ৰহৰ দাইল এবাটি, কলাখাৰ চাহ চামুচ, পিয়াজ মজলীয়া জোখৰ টা, নহৰু জ্জযজ্জ্ব কুহামান, আদা এক ইঞ্চি মানসৰিয়হ এক চাহ চামুচ, সৰিয়হ তেল চাহচামুচেৰে দুচামুচ, ঘৰতে শুকুৱাই লোৱা শাল মাছৰ যিকোনো এবিধ লে ভাল হয়৷ মাছ নিদিয়াকৈয়ো ৰান্ধিব পাৰে৷ 

 প্ৰণালী প্ৰথমে দাইলখিনি বাচি, ধুই পৰিষ্কাৰ পানীত অলপ সময় তিয়াই ৰাখি কোমলাই লওক৷ মৰলীয়া শাকখিনিয়ো ধূই মিহিকৈ কুটি লওক৷ এতিয়া কেৰাহীত তেল গৰম কৰি থেঁতালি লোৱা পিয়াজ, নহৰু ৰঙচুৱাকৈ ভাজি তাতে বাটিলোৱা সৰিয়হ আদা দি কুটিলোৱা শাক আৰু আৰু দাইলখিনি দি ভালদৰে লৰাই থাকক৷ এতিয়া শাক আৰু দাইলৰ পানী শুকাই যোৱা যেন লে প্ৰয়োজনীয় পানী, নিমখ আৰু পানীত গুলি লোৱা খাৰ চামুচ দি ঢাকোন মাৰি কিছুক্ষণ কম জুইত সিজিবলৈ দিব৷ আধা সিজা যেন অনুমান লে শুকান মাছৰ টুকুৰা কেইটা (ভালদৰে ধুই) তাত দি দিব আৰু ঢাকোন গুচাই ভালদৰে উতলাই ওপৰত ধনিয়া পাত আৰু কেঁচা জলকীয়া দি দুপৰীয়া গৰম ভাতৰ লগত তৃপ্তিৰে খাওক৷ (খাৰ দিয়া আঞ্জা নিশা নোখোৱা ভাল৷)

) মৰলীয়াশাক আৰু খোৱা আলুৰ ভাজিৰ উপকৰণঃ মৰলীয়া শাক এমুঠি, মোৱা আলু (কণ আলু) এবাতি, নিমখ হালধি, তেল আন্দাজমতে, কেইটামান নহৰু, আদা আৰু কেঁচাজলকীয়া স্বাদ অনুসাৰে ব৷ (আলুৰ সলনি সিদ্ধ বুটমাহ পাৰে) 

 প্ৰণালীঃ শাকখিনি ভালদৰে বাছি ধুই মিহিকৈ কুটি ব৷ শাকখিনিৰ দৰে সৰু আলুখিনি কেইবাবাৰো ধুই পৰিষ্কাৰ কৰি দুফাল দুফাল কৈ কাটি ব৷ এতিয়া এখন কেৰাহিত তেল গৰম বলৈ দি পাঁচফোৰণ দুটামান আৰু থেতেলিয়াই লোৱা নহৰু ফুটা ভাজি গন্ধ ওলাবলৈ দি তাতে শাক, আলু, জলকীয়া, আদা, নিমখ, হালধি সকলোখিনি উপকৰণ দি ভালদৰে মিহলাই ঢাকোন মাৰি কম জুইত সিজিবলৈ দিব৷ পৰাপক্ষত সঘনাই লৰাই থাকিব৷ সিজিলে গৰম ভাত বা ৰুটি, পৰঠাৰ লগত পৰিৱেশন কৰক৷

 মৰলীয়া শাক জীয়া আঁৰি, বৰালি, গৰৈ, তেলধৰা কাৱৈ মাছ আদিৰ যিকোনো এবিধৰ সৈতে বিলাহী দি ৰান্ধিলে বৰ তৃপ্তিদায়ক হয়৷ (খৰালি দিনত উপভোগ কৰিবলৈ নাপাহৰিব৷)

শেষত, মৰলীয়াৰ প্ৰেমত লিখিলো দুশাৰী

আপোনমনে গজি উঠা মৰলীয়াক

নিদিবা নিৰাই অপতৃণ বুলি

বতৰৰ শাক হৈ মৰলীয়াই দিব জানে

জিভাত যুতি শৰীৰত শক্তি

তাহানিতে ৰসৰাজ বেজবৰুৱাদেৱে লিখিছিল

মৰলীয়াৰ খাৰটুপি অমৃত যেন হয়৷ ” 

Leave a Reply

Your email address will not be published. Required fields are marked *