
গৰমৰ দিনত আমাৰ শৰীৰ–মন ঠাণ্ডা অৰ্থাৎ শীতল কৰি ৰাখিবলৈ বিশেষ কিছুমান প্ৰাণায়াম কৰা হয়৷ তাৰ ভিতৰত শীতলীকৰণ প্ৰাণায়াম
(Cooling Pranayama) অন্যতম৷ সেই কেইবিধ হ’ল–
ৰ৷ শীতলী (Sital Pranayama), ২৷ শীতকাৰী (Sitkari Pranayama) আৰু ৩৷ সদন্ত
(Sadanta Pranayama)৷
‘শীতলী’ৰ অৰ্থ হ’ল শীতল, শান্ত,
ভাৱহীন৷ এই তিনিবিধ প্ৰাণায়ামে শৰীৰৰ লগতে মস্তিষ্কতো শীতলতা প্ৰদান কৰে৷ লগতে মানসিক উত্তেজনা কম কৰি গোটেই শৰীৰত প্ৰাণ–শক্তি প্ৰৱাহিত কৰিবলৈ উৎসাহ যোগায়৷ এই প্ৰাণায়ামৰ নিৰন্তৰ অভ্যাসে গৰমৰ দিনত গৰমৰ পৰা ৰক্ষা কৰি দেহটো ঠাণ্ডা কৰি ৰাখে৷ পাচনতন্ত্ৰ মজবুত কৰাৰ লগতে এই তন্ত্ৰৰ লগত জড়িত বেমাৰবোৰৰ পৰা বহু পৰিমাণে মুক্তি দিয়ে৷ হজম শক্তি বঢ়ায়৷ শৰীৰৰ অতিৰিক্ত গৰম দূৰ কৰি শৰীৰটো ঠাণ্ডা কৰি ৰখাৰ ফলত খং, দুচিন্তা, টেনচন্
আদি কম কৰে৷ উচ্চ ৰক্তচাপত ভুগি থকা সকলৰ বাবেও শীতলীকৰণ প্ৰাণায়াম অতি উত্তম৷ এই অভ্যাস যদি সূৰ্যে্যাদয়ৰ আগে আগে কৰিব পাৰে তেন্তে স্মৃতিশক্তি আৰু বুদ্ধি বৃদ্ধি কৰাত সহায় কৰে৷ নিদ্ৰাহীনতাত ভোগা ব্যক্তিসকলৰ বাবেও এই প্ৰাণায়াম খুব উপকাৰী৷ ই শৰীৰ আৰু মনক স্ফূৰ্তিবান কৰি শৰীৰত শুদ্ধ ৰক্ত প্ৰৱাহিত কৰে৷ যাৰ শৰীৰ খুব গৰম তেওঁলোকৰ বাবে খুব লাভকাৰী এই তিনিবিধ প্ৰাণায়াম৷
যাৰ অৰুচি আছে, অৰ্থাৎ ভোক–পিয়াহ যদি নালাগে সেই সমস্যাৰ পৰাও লাহে লাহে মুক্তি পায়৷ সেইদৰে পিত্তৰোগ, পাইলচ, মুখৰ ভিতৰত যদি কিবা ঘাঁ হৈছে ভাল হয়৷ সেইদৰে মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা সমস্যা বহু পৰিমাণে দূৰ হয় কাৰণ ই পেট ঠাণ্ডা কৰি ৰাখে৷ সেইদৰে যাৰ মুখত শালমন
(Pimples) ১ সমস্যা আছে সেইবোৰো দূৰ হয়৷ যাৰ শৰীৰৰ পৰা অতিৰিক্ত ঘাম ওলায়, এই প্ৰাণায়ামৰ অভ্যাসে শীতলতা আনি সেই সমস্যাৰ পৰাও মুক্তি দিয়ে৷
Cooling Pranayam কৰিলে শৰীৰত অক্সিজেনৰ পৰিমাণ কেতিয়াও কম নহয় বুলি কোৱা হয়৷ শৰীৰৰ ভাগৰ আঁতৰাই স্ফূৰ্তি আনে৷ সেইদৰে পায়োৰিয়া, ডিঙি আৰু মুখৰ বিভিন্ন ৰোগ, নাক আৰু জিভাত হোৱা বিভিন্ন ৰোগ নিৰ্মূল কৰে৷ পেটৰ জ্বলন–পোৰণ নাইিকয়া কৰি পাচনক্ৰীয়া ভালদৰে কৰাত সহায় কৰে৷ তেজ চাফা ( Blood Purify) হোৱাৰ ফলত আমাৰ চেহেৰাত আপোনা–আপুনি উজ্জ্বলতা বাঢ়ে৷ কোৱা হয় যে এই প্ৰাণায়ামৰ দ্বাৰা ভোক–পিয়াহ নিয়ন্ত্ৰণ কৰি ঋষি–মুণি সকলে বহুদিনলৈকে তপস্যাত বহিব পাৰিছিল৷
এতিয়া জানো আহক কিদৰে এই প্ৰাণায়াম কৰিব পাৰি৷ ‘শীতলী’
(Sithali) প্ৰাণায়ামত জিভা চৰাইৰ ঠোঁটৰ দৰে হয়৷ প্ৰথমে মেৰুদণ্ড পোন কৰি নিজৰ সুবিধা অনুযায়ী যিকোনো আসনত (সুখাসন,
বজ্ৰাসন,
পদ্মাসন ইত্যাদি) বহক অথবা অসুবিধা হ’লে চকিত বহিও কৰিব পাৰিব৷ দুয়োটা হাতত জ্ঞান মুদ্ৰা বা ছিন্ মুদ্ৰা (বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মূৰ দুটা লগাব আৰু বাকী তিনিটা আঙুলি চিধাকৈ থাকিব) লৈ দুই আঁঠুত দুখন হাত ৰাখিব৷ চিত্ৰত দেখুওৱাৰ দৰে জিভাখনৰ দুয়ো দাঁতি ভাঁজ কৰি বহিবলৈ উলিয়াই জিভাৰ বাটটো যিমান পাৰে সৰু কৰি দিয়ক৷ এতিয়া মুখেৰে উশাহ লৈ মুখ বন্ধ কৰি দুই নাকেৰে উশাহ এৰি দিয়ক৷ এইদৰে পুনৰাবৃত্তি কৰিব৷ নিজৰ সাধ্যানুসৰি যিমান বাৰ পাৰে কৰিব৷ ৯ ১ পৰা ২০ বাৰলৈও কৰিব পাৰে৷

‘শীতকাৰী’ ( Sitkari) প্ৰাণায়ামত
‘শীত’
শব্দৰ দৰে আৱাজ ওলায় বাবে ইয়াৰ নাম ‘শীতকাৰী’
হ’ল বুলি কোৱা হয়৷ জিভা পকাই এই প্ৰাণায়াম কৰা হয়৷ এই প্ৰাণায়ামো অতি সহজ আৰু উপযোগী প্ৰাণায়াম৷ যিকোনো সহজ আসনত মেৰুদণ্ড পোন কৰি বহি লৈ চকু বন্ধ কৰি জিভাখন ওলোটা কৰি পাক খোৱাই দুই দাঁতৰ মাজেৰে ওপৰলৈ ভাঁজ কৰিব লাগে আৰু জিভাৰ আগটো তালুত হেঁচি ধৰিব লাগে যাতে জিভাৰ দুয়োকাষে দুটা ঠেক বাট খোলা থাকে৷ এই খোলা বাটেদিয়েই উশাহ ভিতৰলৈ যাব৷ চিত্ৰত দেখুওৱাৰ দৰে এই প্ৰাণায়ামতো উশাহ মুখেৰে ল’ব আৰু মুখ বন্ধ কৰি দুই নাকেৰে উশাহ এৰিব৷ এইদৰে পুনৰাবৃত্তি কৰিব৷ এই প্ৰাণায়ামো অধিকতম ৯১ পৰা ২০ বাৰলৈকে কৰিব পাৰিব নিজৰ সাধ্যানুযায়ী৷

সেইদৰে ‘সদন্ত’ অৰ্থাৎ ‘সঋদন্ত’ ( Sadanta Paranayam) প্ৰাণায়াম হ’ল দাঁতৰ মাজেদি উশাহ লৈ কৰা প্ৰাণায়াম৷ এই প্ৰাণায়াম কৰোঁতেও মেৰুদণ্ড পোন কৰি নিজৰ সুবিধা অনুযায়ী যিকোনো আসনত বহি হাতত জ্ঞান মুদ্ৰা লৈ দুই হাত আঁঠুৰ ওপৰত ৰাখিব৷ এতিয়া ওপৰৰ পাৰি দাঁতেৰে তলৰ পাৰি দাঁত হেঁচি ধৰক৷ দুয়োপাৰি দাঁতৰ মাজেৰে মুখেদি উশাহ ভিতৰলৈ টানক৷ এতিয়া মুখ বন্ধ কৰি দুই নাকেৰে উশাহ এৰক৷ এইদৰে পুনৰাবৃত্তি কৰিব৷ দাঁতৰ সংবেদনশীলতা ( Sensitivity) ১ বাবে ‘সদন্ত’ প্ৰাণায়াম বিশেষ লাভকাৰী৷
ৰাতিপুৱাৰ সময় খিনিয়েই প্ৰাণায়ামৰ বাবে উত্তম৷ সময় নাপালে পিছবেলা কৰিব পাৰিব, কিন্তু খালী পেট (খোৱাৰ ২–৩ ঘণ্টাৰ পিছত) আৰু শান্ত পৰিৱেশত কৰিব৷ খালী পেটত পুৱাই কৰিলে Blood Circulation খুব গতিশীল হয় আৰু ইয়াৰ পৰা অধিক লাভ পোৱা যায়৷ যদি বেলেগ প্ৰাণায়ামো কৰিব বিচাৰিছে,
যেনে–
ভন্ত্ৰিকা,
কপালভাটি,
অনুলোম–বিলোম বা নাড়ীশুদ্ধি প্ৰাণায়াম আদি, তেন্তে এইখিনি আগতে কৰি তাৰ পিছত শীতলীকৰণ প্ৰাণায়াম কৰিব৷ তাৰ পিছত ‘ভ্ৰাম্ৰী’ কৰিব পাৰে৷ যদি বেলেগ প্ৰাণায়াম কৰিব বিচৰা নাই তেন্তে পোনে পোনেই এই তিনিবিধ প্ৰামায়াম কৰিব পাৰিব৷
যিকোনো প্ৰাণায়াম কৰোঁতে আমি উশাহ–নিশাহৰ ওপৰত সম্পূৰ্ণ ধ্যান দিব লাগে৷ কেতিয়া কেনেকৈ উশাহ লৈছো আৰু কেতিয়া কেনেকৈ উশাহ এৰিছো আদি ধ্যান দিলে প্ৰাণায়ামৰ আৰু বেছি লাভ উঠাব পৰা যায়৷ পিছলৈ অভ্যস্ত হ’লে উশাহ লৈ অলপ দেৰি ৰখাই এৰিব পাৰিব৷ কিন্তু উচ্চ ৰক্তচাপৰ ব্যক্তিয়ে উশাহ নৰখাব৷ অলপ দিন অভ্যাস কৰাৰ পিছত উচ্চ ৰক্তচাপৰ ব্যক্তিয়ে নিজৰ ৰক্তচাপ পৰীক্ষা
(B. P. Check) কৰি চাব পাৰে৷ সাধাৰণতে আমাৰ নিশাহত গৰমবায়ু ওলায়৷ কিন্তু এই প্ৰাণায়াম কৰোঁতে লাহে লাহে নিশাহত ঠাণ্ডা বায়ু ওলাবলৈ ধৰে৷ তেতিয়া এই প্ৰাণায়ামৰ অভ্যাস বন্ধ কৰিব কাৰণ জানিব যে আপোনাৰ শৰীৰটো ইতিমধ্যে যথেষ্ট ঠাণ্ডা হৈ পৰিছে৷
নিম্নৰক্তচাপৰ ব্যক্তি, কফ আদিৰ সমস্যাত ভুগি থকা ব্যক্তিয়ে এই শীতলীকৰণ প্ৰাণায়াম কৰিব নালাগে৷ সেইদৰে জ্বৰ, চৰ্দি হৈ থাকিলে বা নাকৰ এলাৰ্জি হোৱা ব্যক্তিয়ে নকৰিব৷ ঠাণ্ডা দিনত এই প্ৰাণায়াম কৰিব নালাগে৷ কাৰণ মিনিটতে আপোনাৰ শৰীৰ ঠাণ্ডা হৈ যাব আৰু চৰ্দি লাগিব পাৰে৷ সেইদৰে ঠাণ্ডা বাতাৱৰণৰ ঠাইত এই প্ৰাণায়াম কৰা অনুচিত৷
এই প্ৰাণায়াম প্ৰথম অৱস্থাত ১০ দিন অভ্যাস কৰি অলপ দিন মাজত ব্যৱধান ৰাখিব৷ পুনৰ অভ্যাস কৰিব৷ সেইদৰে প্ৰথমে যদি চকু বন্ধ কৰি কৰোঁতে অসুবিধা পায়, তেন্তে চকু খুলি কৰিব৷ পিছলৈ লাহে লাহে চকু বন্ধ কৰি অভ্যাস কৰিব৷
তেন্তে আহকচোন আমি এই প্ৰাণায়াম কৰি আমাৰ শৰীৰৰ লগতে মনটোও শীতল কৰি ৰাখো৷
প্ৰীতিশা গোস্বামী
গুৱাহাটী