University of Science & Technology, Meghalaya (প্ৰজ্ঞানভ বৰা) – Purbodix.com

University of Science & Technology, Meghalaya (প্ৰজ্ঞানভ বৰা)

সামাজিক পৰিৱৰ্তন আৰু উত্তৰণৰ ক্ষেত্ৰত শিক্ষাই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে৷ সমাজৰ প্ৰয়োজনীয় পৰিৱৰ্তন আৰু আধুনিকীকৰণৰ বীজ ৰোপণ কৰে শিক্ষাইহে৷ শিক্ষাই মানৱ জীৱনক প্ৰদান কৰে পোহৰ, কৰ্মকুশলতা, স্বাৱলম্বিতা আৰু জীৱন ধাৰণৰ উপায়৷ প্ৰতিফলিত হয় এখন সমাজৰ জীৱন ধাৰণৰ কৌশল, সাহিত্য, সভ্যতা আৰু সংস্কৃতি৷

সমাজ পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা অতি ব্যাপক৷ এখন সমাজ বা দেশৰ উন্নতি সাধন কৰিবলৈ তাৰ সদস্য সকলে যি লক্ষ্য আৰু উদ্দেশ্য গ্ৰহণ কৰে সেই উদ্দেশ্যৰ বাস্তৱ ৰূপ দিবলৈ ভৱিষ্যতৰ নাগৰিকসকলক সুশিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগিব৷ এজন ছাত্ৰছাত্ৰীক সামাজিক, অৰ্থনৈতিক ভাৱে দৃঢ় কৰিবলৈ তথা আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সুশিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব আৰু শিক্ষা ব্যৱস্থাটোক উৎপাদনমুখী কৰি গঢ়ি তুলিব লাগিব৷ এনেধৰণৰ এক চিন্তা আৰু আদৰ্শ আগত ৰাখিয়েই ছাত্ৰছাত্ৰীৰ বৰ্হিগমনৰ এই সময়ছোৱাত গুণগত শিক্ষা আৰু অত্যাধুনিক সাসুবিধাৰে শিক্ষিত কৰি আত্মনিৰ্ভৰ হৈ থিয় দিব পৰা এজন দক্ষ সমৰ্থবান নাগৰিক গঢ়ি তোলাৰ মানসেৰে নিৰবিচ্ছিন্ন সাধনাত ব্ৰতী হৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান  University of Science and Technology, Meghalaya চমুকৈ USTত্ত য়ে৷ ২০১১ চনত প্ৰতিষ্ঠা লাভ কৰা  USTত্ত হৈছে উত্তৰপূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ বিশ্ববিদ্যালয়৷ ছাত্ৰছাত্ৰীৰ চাহিদা পূৰণ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বিভাগ ( Department) ইয়াত সন্নিৱিষ্ট হৈ আছে৷ তাৰোপৰি অভিজ্ঞতাপুষ্ট দক্ষ শিক্ষকৰ দ্বাৰা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলতে শৈক্ষিক জাগৰণৰ সৃষ্টি কৰি শিক্ষা জগতত এক নতুন দিগন্তৰ সুচনা কৰিবলৈ সক্ষম হৈছে৷ বিজ্ঞান আৰু প্ৰযুক্তিগত শিক্ষাৰ উপৰিও  ক্টSocial  Science গু Humanitiesক্ট অধ্যায়নৰ অন্তৰ্গত বিষয় যেনে–  English, Political Science, Rural Development, Library গু Information Science, Sociology গু Social Work আদিৰ দৰে গুৰুত্বপূৰ্ণ কিছু বিষয় সন্নিৱিষ্ট হৈ আছে৷ এনেধৰণৰ শিক্ষাথীৰ্ কেন্দ্ৰিক পাঠ্যক্ৰমৰ উপৰিও বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে পৰীক্ষাকেন্দ্ৰিক কিছু পাঠ্যক্ৰমৰ ব্যৱস্থা হাতত লৈছে৷

যিখিনি সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুতো মেধাবী ছাত্ৰছাত্ৰীয়ে উন্নত শিক্ষাৰ বাবে লাখ লাখ টকা খৰচ কৰি বাহিৰলৈ ঢাপলি মেলিছে, সেই সময়তেই ভাৰতীয় প্ৰশাসনিক সেৱা (UPSট্ৰ) আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত নিজৰ স্থান নিশ্চিত কৰিব বিচৰা প্ৰত্যাশীসকলৰ বাবে  USTত্ত য়ে নতুন বাটৰ সন্ধান দিছে৷

 Vision ৫০ Academy

ভাৰতীয় প্ৰশাসনিক সেৱাৰ লগতে অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ এজন সফল IAS বা IPS বিষয়া বিচৰা সকললৈ এক আশাৰ বতৰা লৈ আহিছে৷  ERড্ড Foundation সহযোগত  Vision ৫০ Academy য়ে এই প্ৰচেষ্টা হাতত লৈছে৷ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ যি সকল ছাত্ৰছাত্ৰীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ লগত নিজকে প্ৰবৃত্ত কৰিব বিচাৰিছে তেওঁলোকৰ সপোনক বাস্তৱ ৰূপ দিবলৈ বিচৰা হৈছে৷ দক্ষ আৰু অভিজ্ঞতা সম্পন্ন শিক্ষকক লগত লৈ ছাত্ৰছাত্ৰী সকলক প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলৈ যোগ্য কৰি তোলাৰ লগতে ফলাফলত স্থান সুনিশ্চিত কৰিবৰ বাবে চেষ্টা হাতত লৈছে৷ গুৱাহাটীস্থিত তেওঁলোকৰ এই কেন্দ্ৰটিত ছাত্ৰছাত্ৰী সকলৰ সহায় হোৱাকৈ বিভিন্ন অত্যাধুনিক সাসুবিধা প্ৰদান কৰিছে৷ উন্নত গ্ৰন্থাগাৰ, অধ্যয়নৰ সামগ্ৰী যোগান ধৰাৰ উপৰিও থলুৱা ছাত্ৰছাত্ৰীৰ সহায়ক হোৱাকৈ বাছ সেৱাও প্ৰদান কৰি আহিছে৷

VISION ৫০ TALENথ্ব HUNT নামৰ এক পৰীক্ষা অনুস্থিত কৰি তেওঁলোকে ৫০ জন যোগ্য ছাত্ৰছাত্ৰীক নিৰ্বাচিত কৰি জলপানীৰ ( Scholarship) ব্যৱস্থাও হাতত লৈছে৷ তাৰোপৰি প্ৰশাসনিক সেৱাত নিজৰ স্থান সুনিশ্চিত কৰা সকললৈ সন্মানিত Chancellor’ব্দ Awards ৰে সন্মানিত কৰাৰ প্ৰচেষ্টাও হাতত লৈছে৷

 

SCHOLARSHIP

100% Scholarship                                                               50 Numbers

 

50% Scholarship                                                                  50 Numbers

                         BA Administration & Governance (BAAG)

                        (Under centre for competitive examinations, USTM in Association with VISION 50                                                                   Academy)

 

University of Science & Technology, Meghalaya  VISION ৫০ সহযোগত তিনি বছৰীয়া এক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে, ছাত্ৰছাত্ৰী সকলক তিনিবছৰীয়া স্নাতক অধ্যয়নৰ লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ পাঠ্যক্ৰম সংযোজন কৰি ছাত্ৰছাত্ৰী সকলক  Bট্ট পৰ্যায়ৰ পৰাই  Administration গু Governmence পাঠ্যক্ৰমৰ যোগেদি পাৰদৰ্শী কৰি গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈছে৷ এই পৰীক্ষাসমূহৰ প্ৰস্তুতিৰ বাবে ছাত্ৰছাত্ৰী সকলে বেলেগে সময় আৰু টকাৰ অপচয় কৰিব নালাগে৷ ইয়াৰ জৰিয়তে ছাত্ৰছাত্ৰী তথা অভিভাৱক সকলক সকাহ দিব বিচৰা হৈছে৷

এনে ধৰণৰ বহু স্বপ্ন বিলাসী প্ৰকল্প হাতত লৈ USTত্ত পৰিয়াল আগবাঢ়ি আহিছে৷ ইয়াৰ দ্বাৰা ছাত্ৰছাত্ৰীৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ লগতে গাঁঠিৰ ধন ভাঙি উন্নত শিক্ষাৰ বাবে বাহিৰলৈ পঠিওৱা অভিভাৱক সকলকো কিছু অৰ্থনৈতিক সকাহ দি তেওঁলোকৰ কাষত থিয় দিয়াৰ প্ৰয়াস কৰিছে৷

 


Leave a Reply

Your email address will not be published. Required fields are marked *