গল্প ভঙা আইনাৰ টুকুৰা (নয়নী বৰগোহাঁই) – Purbodix.com

গল্প ভঙা আইনাৰ টুকুৰা (নয়নী বৰগোহাঁই)

কাষৰ ৰুমৰ পৰা ধম ধামকৈ বস্তু দলিওৱা আৰn ¸চকী চোঁচোৰাই নিয়াৰ শব্দ আহিছে৷ নীহাৰে ঘড়ীটোলৈ চালে৷ দুপৰীয়া এক বাজিছে৷ সি ৰাতিপুৱা বজাত ৰুম সোমাইছেহিহে৷ দুই এটা সৰুসুৰা কাম কৰি বিচনাত উঠে মানে এঘাৰই বাজিছিল৷ এই দুঘণ্টাহে সি শুব পাৰিলে মানে! এই এলাৰ্ম ক্লকটো মানে এমিলী আণ্টিৰ হোমষ্টেটোৰ চেক আউট হৈ গৈছে বাৰ বজাত৷ গেষ্ট ওলাই যোৱাৰ পিছত ডেইলী একেই দৃশ্য৷ প্ৰচণ্ড শব্দৰে কঠোৰ বস্তু ঠেলা আৰু গোটেই মালিক বজাৰখনে শুনাকৈ এমিলী আণ্টিৰ চিঞৰ এই দুটাক বাদ দিলে নীহাৰৰ জীৱনত নতুনত্ব বুলিবলৈ একো নাই৷ প্ৰতিদিনেই বেলেগ বেলেগ গালিৰ সৈতে চকী, বিচনাবোৰ ঠেলি কোনো গেষ্টে ৰুমটো কিমান লেতেৰা কৰি সেইটো চিঞৰি চিঞৰি সকলোকে নজনালে এমিলী আণ্টিয়ে পানী এগিলাছো খাব নোৱাৰে৷ সেই সময়তে যদি নীহাৰে দৰ্জা খুলি বাহিৰলৈ চাবলৈ চেষ্টা কৰে তেনেহলেটো সৰ্বনাশ৷ এনেও ওচৰ পাজৰ মানুহে জানিয়েই গৈছে এমিলী আণ্টিৰ ভাড়াৰ ৰুমটোত থকা ৰাটোৱে দিনটো শুই থকা এক অদৰকাৰী নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰি আছে বুলি৷ দৰ্জাখন খুলিম ভাবিও নীহাৰে আকৌ বিচনাত উঠি বহিল৷ এক ঘণ্টাৰ পিছত এমিলী আণ্টিৰ ৰেডিঅবন্ধ ল৷ নীহাৰে দৰ্জা খুলি বাহিৰলৈ ওলাই আহিল৷ হোমষ্টেৰ পাচঁটা ৰুমৰ এটা ৰুমৰ দুৱাৰ খোলা হৈ আছে৷ নীহাৰে ভূমুকি মাৰি চাওঁতেই দেখিলে এমিলী আণ্টিয়ে ঝাৰুটোৰে বৰ সাৱধানেৰে কিবা এখিনি চাফা কৰি আছে৷ ৰুমটোত থকা ৱাল ফিটিং আইনাখনৰ তলৰছোৱা খহি পৰিছে৷ তাকেই তেওঁ চাফা কৰি আছে৷ লাগি থকা আইনাখনত নীহাৰে মুখখন চালে৷ কপালৰ ফালে থকা চুলি বিলাক পকিছে তাৰ৷  ‘ভঙা আইনাত মুখ চাব নাপায়৷ অশুভ শক্তিয়ে সাৰ পায়৷নীহাৰৰ টিচাৰ্টটোত ধৰি জোৰকৈ আতঁৰাই এমিলী আণ্টিয়ে আকৌ  ঝাৰুপাত লে৷ তাৰ কিবা এটা ভাল লাগিল৷ মাজে মাজে দুই এটা সৰু কথাই তাক ভাবিবলৈ বাধ্য কৰায় এমিলী আণ্টিৰ মনৰ ভিতৰত ভাল কিবা এটা আছে বুলি৷ নীহাৰে নিজৰ ৰুমৰ ফালে খোজ দিলে৷ এইগৰাকী মানুহক বেছ দেৰিলৈ সহ্য কৰাৰ ক্ষমতা তাক ভগৱানে দিয়া নাই৷

মানুহেবাৰে এৰাতিৰ কাৰণেহে ৰুমটো ভাড়ালৈ লয়৷ পিছে ভাবি লয় যে এৰাতিৰ কাৰণে ৰুমটো কিনি লয়৷ কি মান যে লেতেৰা কৰে …’ ফোনত ডাঙৰ ডাঙৰকৈ চিঞৰি কাৰোবাক কৈ আছে এমিলী আণ্টিয়ে৷ নীহাৰে বাথৰুমৰ পানীৰ বাল্টিটোকে তিনি চাৰিবাৰ ফ্লৰ দলিয়াই থাকিল৷ মাত্ৰ ছমাহ হৈছে তাৰ এই ভাড়াঘৰটোলৈ অহাৰ৷ মালিক বজাৰৰ গলিৰ ভিতৰত বাহিৰৰ পৰা ব্ৰিটিছৰ যুগৰ যেন লগা দুমহলীয়া এই অট্টালিকাটো৷ ছমাহমানৰ আগতে হোমষ্টে ফলকখন দেখি নীহাৰ ভিতৰলৈ সোমাই আহিছিল৷ এসপ্তাহমান থকাৰ পিছত সি ভাড়াঘৰ এটালৈ গুছি যোৱাৰ কথা আছিল৷ কিন্তু পাৰ্কষ্ট্ৰীট বা মালিক বজাৰৰ দৰে ঠাইত এসপ্তাহত ঘৰ পোৱাতো পৰ্বতত কাচ কণী বিচৰাৰ দৰে কথা৷ এমিলী আণ্টিৰ হোমষ্টেটোৰ পৰা ৰবালৈ যাবলৈ যাতায়তৰ সংযোগ ভাল৷ এইটো ভাবিয়েই নীহাৰে এদিন হোমষ্টেৰ ৰুম এটা তাক এমাহৰ বাবে ভাড়ালৈ দিব নেকি বুলি এমিলী আণ্টিক সুধিলে৷ ডাঙৰ ডাঙৰ চকুকেইটা আৰু বহল কৰি এমিলী আণ্টিয়ে তাক সেইদিনা যেনেকৈহে চাইছিল তাৰ সৰুতে কৃষ্ণ যশোদাৰ দৃশ্যটোলৈ মনত পৰি গৈছিল৷ পাৰ্থক্যটো আছিল যশোদাই কৃষ্ণৰ মুখত পৃথিৱীখন দেখিছিল আৰn এমিলী আণ্টিৰ চকুত নীহাৰে গোটেই পাতাল লোকৰ অসুৰে একেলগে তাণ্ডৱ কৰা দেখিছিল৷

এক মাহ? পাৰি৷ কিন্তু ভাড়া একেই থাকিব৷ এদিনত তিনি হাজাৰ লগত ব্ৰেকফাষ্ট ফ্ৰী৷এমিলী আণ্টিয়ে চশমাৰ তলেৰে নীহাৰক চাইছিল৷ বাপ্পা, কিহে যে পাইছিল তাক সুধিবলৈ৷ সি নিজকে নিজে দুটামান গালি দিছিল সেইদিনা৷ একো নভবানিচিন্তাকৈ হোমষ্টেটোত সোমোৱা কথাটোৱেই তাৰ ভুল আছিল চাগৈ! হাতত থকা পইচাও শেষ হৈ অহাত আৰু দিনে ৰাতি য়ে বিচাৰিও ঘৰ নোপোৱা দেখি এদিন সেই এমিলী আণ্টিয়েই কৈছিল ঘৰ নাই পোৱা যদি তেওঁৰ গেষ্টৰুমটোতে সি ভাড়ালৈ থাকিব পাৰিব বুলি৷ ভাড়াও কমকৈ মাত্ৰ ৰুমৰ ভিতৰত মদ, ভাং, চিগাৰে আদি খাব নোৱাৰিব আৰু পঢ়াৰ ৰিজাল্ট ভাল লাগিব৷ কথাষাৰ শুনি নীহাৰৰ মৰুভূমিত এটোপাল পানী পোৱা যেন লাগিছিল৷

এমিলী আণ্টিৰ গেষ্ট ৰুমটো যথেষ্ট ডাঙৰ৷ নীহাৰৰ দৰে ৰাৰ কাৰণেতো এখন পৃথিৱীয়েই৷ বিচনা আৰু টেবুলখনৰ বাদে বাকীবোৰ বস্তু সি ব্যৱহাৰ কৰিব লগা নহয়েই৷ ৰুমটোৰ এটা চুকত টেবুল এখনত চিংগল বাৰ্ণাৰ আৰু চিলিণ্ডাৰ এটাও এমিলী আণ্টিয়ে দিছে৷ ৰুমটো চাই বাথৰুমটো বৰ সৰু৷ মানে মানুহেটা সোমালে বাল্টিটো নোসোমায় আৰু বাল্টিটো সোমালে মানুহেটা  সুমুৱাব নোৱাৰি৷ তথাপিও চেণ্টাৰ প্লেচত এনেকে এটা ৰুম পোৱাটো তাৰ কাৰণে সৌভাগ্য বুলিয়েই ভাবিব পাৰি৷ অসহ্যকৰ বস্তু এইটো চৌহদত এটাই সেইটো এমিলী আণ্টিৰ চিঞৰবাখৰ৷ হোমষ্টেৰ চেক আউট টাইম বাৰ বজা৷ আৰু প্ৰায়েই বাৰৰ পৰা এক বজাৰ ভিতৰত কোনো অতিথি হোমষ্টেত নাথাকে৷ পৰাপক্ষত সিয়ো এইটো সময়ত ৰুমত নাথাকিবলৈ চেষ্টা কৰে৷ চেণ্টাৰৰ চাকৰিটোৰে সি পঢ়াশুনাৰ খৰচো উলিয়াব লগাত পৰে৷ গ্ৰেজুৱেচনৰ পিছত তাক পঢ়িবলৈ মানা কৰিছিল ঘৰত৷ সি নিজেই পঢ়াৰ খৰচ উলিয়াই বুলি কৈ এনিমেচনৰ এবছৰীয়া ৰ্চ এটা কৰিবলৈ ইয়ালৈ আহিছে৷ কাৰণ সিহঁতৰ ঘৰত পইচাৰ বাহিৰে যে একোৰে অভাৱ নাই৷ গতিকে বিনা কাৰণত পইচা খৰচ কৰি ঘূৰি নুফুৰি সি নিবিচাৰিলেও ৰুমতে সোমাই থাকিব লগাত পৰে৷

এমিলী আণ্টি খ্ৰীষ্টিয়ান হয়৷ বিবাহ সূত্ৰে বেংগলী৷ পইচাৰ প্ৰতি সাংঘাতিক মোহ৷ চালচলন বা কাপোৰকানি ভাল দেখিলে এটা ৰুমৰ ভাড়া তিনি হাজাৰৰ পৰা পাচঁ হাজাৰলৈ লয়৷ আৰু হোমষ্টেৰ অতিথিয়ে এক্সট্ৰা কাৰী কেইবাৰ লে তালৈকে হিচাপ ৰখা মানুহ৷ কিন্তু নিজে বৰ বিশেষ নাখায়৷ ভোকৰ ভাত কেইটা খোৱাৰ বাদে খোৱাত চখ নকৰে তেওঁ৷ এক কথাত মোটামুটি কুবেৰৰ সৰn-¸সুৰা নমুনাটোৱেই৷ এদিন চেণ্টাৰৰ পৰা আহোঁতে ৰাতি বৰষুণত তিতাৰ বাবে নীহাৰৰ জ্বৰ হোৱাত চাৰি পাচঁদিনলৈ বিচনাৰ পৰা উঠিব নোৱাৰাত এমিলী আণ্টিয়ে কাম কৰা ৰাটোৰ হতুৱাই ভাতদৰৱৰ যোগান ধৰিছিল৷ নিজেও গৰম তেলেৰে ভৰি দুখন মালিচ কৰি দিছিল৷ জ্বৰ ভাল পাই নীহাৰে বৰ আন্তৰিকতাৰে থেংক ইউ বুলি কোৱাৰ সময়তে এমিলী আণ্টিয়ে বৰ মৰমেৰে তাৰ মূৰত হাত থৈছিল৷ তাৰ কেইদিনমানৰ পিছতে দুৱাৰৰ তলাটো ৰাতিৰ আন্ধাৰত খেপিয়াই থাকোঁতে বিচাৰি নাপাই ভুলতে সি টেবুলত থকা আইনাখন পেলাই দিলে৷ আইনা ভঙাৰ শব্দত এমিলী আণ্টি দৌৰি আহি তাক যি কেইটাহে কথা শুনালে নীহাৰে বহুদিনলৈ গডৰেজৰ আইনাখনৰ সন্মুখত নিজে থিয় লেও এমিলী আণ্টিকহে দেখা পোৱা হৈছিল৷ সেইখন আইনা হেনো দহ টকাতে আনিছিল তেওঁ৷ পইচাতকৈও ডাঙৰ কথা আইনা ভাঙিব নাপায়৷ জীৱনৰ পৰা ভাল লগা কিবা এটা হেৰাই যায়৷ কেইবাদিনলৈ এমিলী আণ্টিয়ে তাক ঘৰৰ মানুহৰ তে কথা হৈছে নে নাই সুধি থাকে৷ এসপ্তাহৰ পিছত মাকে বাথৰুমত পৰি ভৰিত দুখ পোৱাৰ কথা কওঁতে এমিলী আণ্টিয়ে কৈছিল আইনা ভাঙিছিল যে তাৰ ফল৷ ভাগ্য ভাল যে সেইদিনা ৰাতিপুৱাই তেওঁ নীহাৰৰ হৈ চাকি এগচি জ্বলাইছিল৷ আইনা ভাঙিল কলকাতাত, মানুহ পৰিল বৰপেটাত৷ এনেকুৱা কৌতুকবোৰত বৰ কষ্ট কৰিও নীহাৰে হাঁহিব নোৱাৰে আজিকালি৷ ডাঙৰ ডাঙৰকৈ কোনোবাই হাঁহিছে৷ এমিলী আণ্টিৰ ড্ৰয়িং ৰুমৰ পৰা ইলাচী দিয়া চাহৰ গোন্ধ এটা নীহাৰৰ নাকত লাগিলহি৷ কোন বা আহিল এই সময়ত৷ হোমষ্টেৰ মানুহ, আলহী সকলোকে দিনে দুবাৰ চাহ দিলেও এমিলী আণ্টিয়ে মাহে এশ গ্ৰামতকৈ বেছি চাহপাত খৰচ নকৰে৷ এক লিটাৰ পানীত চাহৰ দহটা দানাও নিদিয়া মানুহজনীয়ে ইলাচী দি চাহ বনাইছে  আজি৷ দুৱাৰখন খুলি নীহাৰ পোনচাটেই ড্ৰয়িং ৰুমৰ চোফাত বহিলগৈ৷ এমিলী আণ্টিয়ে চিনাকী কৰি দিলে৷ সন্মুখৰ চকীত বহি থকা ৰাজনৰ নাম শ্যাম৷ পেইণ্টাৰৰ কাম কৰে৷ ছমাহৰ আগতে ৰং কৰি থাকোঁতে ওখ বিল্ডিঙ এটাৰ পৰা পৰি ভৰিহাত ভাঙিল৷ এতিয়া ভাল পাইছে যদিও বৰ বেছি কষ্টৰ কাম কৰিব নোৱাৰে৷ এমিলী আণ্টিয়ে ভাবিছে শ্যামক কাম আৰn পইচাৰ দৰকাৰ আৰু তেওঁ এনেই সহায় কৰাতকৈ ওপৰৰ ফ্লৰটোৰ ৰং কৰাই ব৷ তলৰ ফ্লৰটো যিহেতু কোম্পানী এটাক ভাড়া দিছে গতিকে তাৰ দায়িত্বও তেওঁৰ নাই৷ নীহাৰে বেৰ কেইখনলৈ মন কৰিলে৷ এতিয়াও ৰং কৰিব লগা হোৱা নাই ঘৰটো৷ হোমষ্টেৰ দুটামান ৰুমৰ ৱালত দাগ বহিছে৷ কিন্তু তাৰ কাৰণে গোটেই ঘৰটোৰ ৰং? হুহ, এইগৰাকী মানুহৰ কাণ্ডকাৰখানা বুজাতকৈ সি হাতত লৈ থকা চাহকাপত মন দিয়াই ভাল৷ এনেও এনেকুৱা স্পেচিয়েল চাহ এইখন ঘৰত সদায় নাপায়৷ অৱশ্যে সি কাহানিও চাহ বিচৰাও নাই আৰু নিবিচৰাকৈ এমিলী আণ্টিয়ে একো বস্তু নিদিয়ে৷

গধূলি শ্যামৰ লগত গৈ এমিলী আণ্টিয়ে ৰঙৰ ডাঙৰ ডাঙৰ বাকেটবোৰ আনি ড্ৰয়িং ৰুম সংলগ্ন বেলকনিত জমা কৰিছেহি৷ ওলাই যোৱাৰ আগত শ্যামক চুজি এবাতি আৰু চাহ একাপ দিছে৷ নীহাৰে ৰুমৰ পৰা মন কৰি থাকিল৷ শ্যাম ওলাই যোৱাৰ পিছত নীহাৰে ড্ৰয়িং ৰুমৰ টাব কেইটাত পানী দিয়াত লাগিল৷ এইটো কথা আকৌ ৰুমটো ভাড়া লোৱাৰ এমাহৰ পিছত সি শুনিছিল৷ ভিতৰৰ ফুলবোৰত যি যেনেকৈ পাৰে পানী দিব৷ বেছি ভাগ এমিলী আণ্টিয়ে কিন্তু সিও কেতিয়াবা দিব লাগিব৷ তিনিটাকৈ জীয়া মানুহ থাকোঁতে ফুলগছবোৰ মৰিব নালাগিব৷ এই তিনি নম্বৰ মানুহেটা সৰোজ৷ ইয়াক এমিলী আণ্টিৰ ৰবট বুলিহে ভাবিব পাৰি৷ এমিলী আণ্টিৰ বিনা আদেশত উশাহ নোলোৱা প্ৰাণী৷ সেইবাবে আজি ইমান দিনে নীহাৰে তাক মাতিয়েই পোৱা নাই৷ কিবা সুধিলে মূৰ দুপিওৱাৰ বাদে সি অকল হাঁহিহে থাকে তাক দেখিলে৷ টাবকেইটাত পানী দি উঠি সি কাষতে থকা মূঢ়াটোত বহিল৷ এমিলী আণ্টি ভিতৰৰ পৰা ওলাই আহিছে৷ 

শ্যামলৈ বেয়া লাগে বুজিছা৷ গাৱঁৰ ঘৰত তাৰ তিনিজনী ভনীয়েক৷ খেতিৰ মাটিও কম৷ বাপেকটোৱে আধাতকৈও বেছি পইচা মদ খায়েই উৰায়৷ আৰু এই ঠিকাদাৰবোৰে কাম কৰাই নিজৰ লাভ ঠিকেই লয়, কিন্তু এক্সিডেণ্ট বা বেমাৰত পৰিলে যেনে তেনে চিকিৎসাৰ মূল্যটো দি আৰু মানুহৰ খবৰ নলয়৷ মই যে তাক এই বেয়া সময়ত সহায় কৰিব পাৰিছোঁ৷ মনটোৱেই ভাল লাগি আছে কিবা এটা৷এমিলী আণ্টিৰ এই ৰূপটো তাৰ বৰ ভাল লাগে৷ মানুহক নিজৰ বুলি ভবা মনটো যে লুকাই যায় মাজে মাজে৷ নীহাৰে চেণ্টাৰ টেবুলৰ তলৰ খাপত থকা কিতাপ এখন হাতত লে৷ বেংগলী ৰন্ধন সম্পৰ্কীয় কিতাপ৷ সেইখন বোলে প্ৰীতিয়ে আনিছিল কলকাতা গ্ৰন্থমেলাৰ পৰা৷ প্ৰীতি আৰু পৰিধি লণ্ডনত থাকে৷ পঢ়া শেষ বলৈ বেছি দিন নাই সিহঁতৰ৷ সিহঁত কলকাতা আহিলে এমিলী আণ্টি হেনো ইয়াত নাথাকে৷ ৰবালৈ গুছি যাব৷ ঘূৰি আহিবনে নাহিব ঠিক নাই৷ আধৰুৱা বহুত কাম আছে তেওঁৰ৷

ৰাতি ডিউটিলৈ যোৱাৰ আগত সি দেখিলে এমিলী আণ্টিয়ে কাগজকলম লৈ কম্পিউটাৰৰ পৰা কিবা লিখি আছে৷ হোমষ্টেৰ হিচাপ, গেষ্টৰ ডিটেইল সকলো সৰোজে কম্পিউটাৰত এণ্ট্ৰী কৰি প্ৰীতিলৈ পঠায়৷ এমিলি আণ্টিয়ে সেই সোপাকে কাগজকলম লৈ লিখে৷ এটা অদৰকাৰী কাম, কিন্তু তেওঁ কাগজকলমহে বিশ্বাস কৰে৷ আৰু এই হিচাপৰ বহীখন পুনৰাই কেতিয়াবা কোনোবাই চাব বুলিও নীহাৰৰ মনে নধৰে৷ লাইটৰ পোহৰত এমিলী আণ্টিৰ ছাঁটো ফ্লৰত পৰিছে৷ অকস্মাতে ছাঁটোত ভৰি থৈ নীহাৰে ডিউটীলৈ যাওঁ বুলি মাত লগালে৷

ছাঁটোত ভৰি দিয়ে নি? মানুহৰ ছাঁ গছকিব নাপায়৷চশমাযোৰ খুলি এমিলী আণ্টিয়ে তাৰ ফালে চালে৷

কিয় নাপায় ?’ নীহাৰে বদমাচি কৰো বুলি সমান জোৰেৰে চিঞৰি সুধিলে৷

নাপায়৷ ছাঁটোৱেই মানুহৰ আটাইতকৈ আপোন যে! সকলোৱে এৰি লেও ছাঁটোৱে কেতিয়াও লগ এৰি নাযায়৷

লাহেকৈ কথা কেইটা কৈ এমিলী আণ্টিয়ে আকৌ কিবা লিখাত লাগিল৷ নীহাৰ মনে মনে কোঠাটোৰ পৰা ওলাই ল৷

ৰাতিপুৱা সময়খিনিত পাৰ্কষ্ট্ৰীটখন বৰ শূন্য যেন লাগে৷ দোকান বজাৰো বন্ধ হৈ থাকে আৰু মানুহো কম৷ ফুটপাথৰ কাষতে থকা মধুৰী কেইটামান লৈ নীহাৰ ৰুমৰ ফালে আহিল৷ আজি হোমষ্টেৰ দুটা ৰুমৰ সোণকালে চেক আউট হৈছে৷ তাত থকা পৰিয়াল দুটা দীঘালৈ গৈছে৷ এমিলী আণ্টিৰ ৰেডিঅবাজি আছে৷ পানী খোৱা চাৰিটা গিলাছ ভাঙিল৷ আৰn ¸টাৱেল দুখনো নাই৷ নীহাৰে সৰোজক সুধিলে এই যে মানুহ যোৱাৰ পিছত এনেকৈ চিঞৰবাখৰ হয় চেক আউটৰ সময়ত ভালকৈ চাই নলয় নি বুলি৷ সৰোজে এটা শব্দত প্ৰকাশ কৰাৰ দৰে লেচেক আউটৰ সময়ত ভঙা আৰn হেৰুৱা বস্তুৰ মূল্য লৈ লোৱা হৈছে৷নীহাৰৰ টিঙিচকৈ খঙটো উঠিল৷ এই বুঢ়ীৰ সমস্যাটো বাৰু? নে সমস্যা নাথাকিলে সমস্যাৰ সৃষ্টি কৰি চিঞৰবাখৰ কৰাটো তেওঁৰ সমস্যা৷ সি ৰুমত সোমাই জোৰেৰে দুৱাৰখন বন্ধ কৰি দিলে৷ বিচনাত পৰি থকা টাৱেলখন লৈ নীহাৰ বাথৰুমত সোমাল৷ খঙৰ ভমকত কাপোৰ ধুবলৈ বুলি টেবুলৰ পৰা চাৰ্ফৰ পেকেটটো লৈ খোলোতে গোটেই চাৰ্ফখিনি ৰুমটোৰ ভিতৰৰ ফ্লৰত সিচঁৰিত হৈ পৰিল৷

মই জানিছিলোঁৱেই কিবা এটা বুলি৷ আজি চাৰিটা আইনাৰ গিলাছ ভাঙিছিল৷এমিলী আণ্টিয়ে নীহাৰৰ হাতত ক্ৰেপ বেণ্ডেজেটা বান্ধি বান্ধি লে৷গোটেই ৰুমটোতে চাৰ্ফ পৰিছিল৷ বাথৰুমৰ টেপটোৰ পৰা পানী অনানিয়া কৰোঁতে পিছল খাই লো গিলাছৰ লগত একো লেনদেন নাই৷বিষত কেকাঁই নীহাৰে এমিলী আণ্টিলৈ চালে৷

সৰোজে চুপৰ বাতিটো তাৰ সন্মুখত লে৷ এমিলী আণ্টিয়ে চামুচখনেৰে তাৰ মুখলৈ নিওঁতে নীহাৰে বাওঁহাতেৰে চামুচখন ধৰিপাৰিম মই নিজে খাব৷ এখন হাত এতিয়াও ঠিকে আছেতো মোৰ৷

নোৱাৰি বা ভাবি কোৱা নাই৷ বিষে বেছিকৈ ধৰে বুলিহে দিছিলোঁ৷চামুচখন এমিলী আণ্টিয়ে তেতিয়াও ধৰি আছিল৷

তেন্তে৷ বুজি যে পালে৷নীহাৰে সৰোজৰ ফালে চাই লে৷

মই কাকো বুজাত নাই আৰn মেকো বুজিব নালাগে৷ বুজি পালে মানুহবোৰ আপোন হয়৷ আৰু আপোন মানুহেবাৰে এদিন হঠাৎ এৰি গুছি যায়৷অন্যমনস্ক হৈ কথাকেইটা কৈ জোৰকৈ চামুচখন নীহাৰৰ হাতত গুজিগৰম চিকেন চুপ৷ চুইট কৰ্ণো দিয়া আছে৷ নষ্ট নকৰিবা৷ খোৱা বস্তু নষ্ট মানে পইচা নষ্ট৷ পইচা নষ্ট মানে লক্ষ্মী তুষ্ট….

মিহিমিহিকৈ গালি এখিনি শুনাই এমিলী আণ্টি লাহে লাহে ৰুমৰ পৰা ওলাই যায়৷ নীহাৰৰ খঙো উঠিল, কিন্তু তেওঁৰ দৰে মানুহক খং দেখাই লাভ নাই বুলি সি জানে৷ শোৱাৰ পৰা উঠোঁতে তাৰ গধূলি চাৰি বাজিল৷ বাহিৰত অলপ হুলস্থূলীয়া পৰিৱেশ৷ নীহাৰে দুৱাৰখন খুলি ওলাই আহিল৷ সৰোজে মবাইলটো লৈ এটাৰ পিছত এটাকৈ ফোন কৰিছে৷ এমিলী আণ্টি গুছি ল৷ প্ৰীতি আৰু পৰিধিয়ে সৰোজক ফোন কৰি জনাইছে৷ সিহঁত দুজনী তিনি দিনৰ পিছতে কলকাতা পাবহি৷ প্ৰীতি আৰু পৰিধিৰ দেউতাকে এমিলী আণ্টিক সামাজিকভাৱে বিয়া পতা নাছিল৷ প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত কেৰেলাৰ ভিতৰুৱা গাওঁ এখনৰ এমিলী আণ্টিক প্ৰীতি আৰু পৰিধিৰ দেউতাক অমল চক্ৰৱৰ্তীয়ে ভাল পাইছিল৷ পত্নী হেৰুওৱা মানুহজনে জীৱন পথত এবাৰ লগ পাইছিল৷ কিবা এটা ভবাৰ আগতেই অমল চক্ৰৱৰ্তীৰ মৃত্যু হৈছিল৷ ভালপোৱাৰ এক অলিখিত চুক্তিত প্ৰীতি আৰু পৰিধিৰ শিক্ষা শেষ হোৱালৈ এমিলী আণ্টিয়ে সিহঁতৰ ঘৰখন চাইছিল৷ দুেয়াজনীৰ পঢ়া শেষ ল৷ এতিয়া নিজৰ দায়িত্ব সিহঁতি নিজেই ব৷ হোমষ্টেৰ প্ৰায়খিনি পইচা তেওঁ প্ৰীতি আৰু পৰিধিলৈ পঠাই থাকে৷ পাচঁটা বছৰে তেওঁ নিজৰ দায়িত্ব বুলিয়েই সকলোখিনি কৰি আহিছিল৷ মানে থকাৰ কথাই নাছিল তেওঁৰ৷ এই ঠাইডোখৰ, এই মানুহেবাৰ এৰি যোৱাৰ কথা আগৰ পৰাই আছিল৷ নীহাৰে হাতখন পকেটত ভৰালে৷ বাইকৰ চাবিটো আছেই৷

বাইকখন লৈ এবাৰ এয়াৰ পৰ্টৰ বাহিৰৰ পৰা সি এমিলী আণ্টিক ফোন লগালে৷ চুইচ অফ হৈ আছে৷ বাইকৰ গ্লাছখনত সি পিছফালে সৰুসুৰা ট্ৰেফিক জাম এটা দেখা পালে৷ নিজৰ মতলবত সি বাইকখন ৰাস্তাৰ মাজতে ৰাখি থৈছে৷ লাহেকৈ কাষলে যাওঁতে বাইকখনৰ গ্লাছত দাগ এটা দেখিলে৷ দুদিনমানৰ আগত ৰাতি আহেঁাতে গেটত খুন্দা খাওঁতে চাগৈ ভাঙিছে৷ সিহে মন কৰা নাছিল৷ এনেও সি এইখন বাইকৰ ছয়নম্বৰজন মালিক৷ যেনেতেনে চলাইহে আছে৷ ভঙা গ্লাছখনত আঙুলিটোৰে চুই চালে৷ এটা টুকুৰা আহি তলত পৰিল৷ আঙুলিটোৰ পৰা দুেটাপালমান তেজ ওলাইছে৷ ক্ৰেপ বেণ্ডেজটো ঢিলা হৈ গৈছে৷ লগতে হাতখনো  বৰকৈ বিষাইছে৷ আইনা ভাঙিব নাপায়৷ জীৱনৰ পৰা ভাল লগা কিবা এটা হেৰাই যায়৷ কেনেবাকৈ এমিলী আণ্টি বাৰু তাৰ জীৱনৰ ভাল লগা মানুহৰ মাজত আছিল নেকি? কিছুমান মানুহৰ অবৰ্তমানতহে মানুহে উপলব্ধি কৰে তেওঁ যে বিশেষ কোনোবা হৈ পৰিছিল৷ আচলতে সকলো মানুহৰে এটা নিজা কাহিনী থাকে কোনেও নজনাকে৷ প্ৰকাশ নকৰাকৈ আজীৱন কঢ়িয়াই থাকে বুকুত৷ সেয়া তেওঁৰ কাহিনী৷ এমিলী আণ্টিৰ কাহিনীটোও তেনেকুৱা৷ তেওঁ নকলে, নীহাৰে নাজানিলে অথবা কোনেও কাকো বুজিবলৈ চেষ্টাই নকৰিলে৷

Leave a Reply

Your email address will not be published. Required fields are marked *