
নিৰ্দিষ্ট সময়ত চকীদাৰগৰাকীয়ে টং টং টং কৈ ঘণ্টা বজাই বিদ্যালয় ছুটিৰ সংকেত দিলে৷ শিক্ষক ছাত্ৰ–ছাত্ৰী, অভিভাৱক সকলোৱেই ঘৰমুৱা হ’ল৷ বৰষুণ অহাৰ আগেয়ে ঘৰ গৈ পাম বুলি ভাবি মানকীয়েও অহাৰ বাটেৰে খোজ ধৰিলে৷ পুৱাৰ সুন্দৰ বতৰটো দেখি মানকীয়ে লগত ছাতি অনা নাছিল৷ সেইবাবে যিমান পাৰি সিমান খৰকৈ মানকীয়ে ঘৰ অভিমুখে খোজ দিলে৷ ঘৰ পাবলৈ আৰু বেছি দূৰ নাছিল, কিন্তু মানকীৰ গাত ইতিমধ্যে টোপ টোপ কৈ বৰষুণ পৰিবলৈ ধৰিলে৷ এটা চেঁচা অনুভৱে মানকীৰ সমগ্ৰ দেহটো যেন স্পৰ্শ কৰিলে৷ মানকীয়ে ভাবিলে ঘৰ গৈ পাওঁ মানে তিতি জুৰুলি–জুপুৰি হ’ব লাগিব৷ ফাগুনৰ শুকাই যোৱা দেহ তিয়াই অহা বৰষুণজাকে হয়তো মানুহৰ শৰীৰত সিঁচি দিব পাৰে বহু ৰোগৰ বীজাণু৷ মানকীয়ে দীঘল পদূলিটোৰে খৰ–খেদাকৈ নীৰা শইকীয়াৰ ঘৰলৈ সোমাই গ’ল৷
পদূলিৰে মানকী সোমাই অহা দেখি নীৰা শইকীয়া চ’ৰা ঘৰৰ ফালে আগবাঢ়ি আহিল৷ দুৱাৰ মুখৰ পৰাই নীৰাই মানকীক মাত লগালে—
নীৰাঃ আহক বাইদেউ!
মানকীঃ বৰষুণ জাকে তোমাৰ ঘৰত সোমাবলৈ বাধ্য কৰিলে নীৰা!
নীৰাঃ ভালেই হ’ল, নহ’লেনো আপুনি আমাৰ ঘৰলৈ কেতিয়া আহে?
পাতল হাঁহি এটা মাৰি নীৰাই ক’লে৷
মানকীঃ হয় দিয়া, তুমি ঠিকেই কৈছা! দিনটোৰ সৰহসংখ্যক সময় বিদ্যালয়তে কটাওঁ বাকী সময়খিনি ঘৰৰ ইটো–সিটো কামত পাৰ হৈ যায়৷ এতিয়া তোমাৰ খবৰ কোৱাচোন! তুমি ভালে আছা নে নীৰা? সন্তান দুটিৰ কি খবৰ? সিহঁত বিদ্যালয়ৰ পৰা ঘৰ আহি পোৱা নাই চাগে?
এটা শেঁতা হাঁহি মাৰি নীৰাই মানকীৰ প্ৰশ্নবোৰৰ উত্তৰ দি গ’ল–
নীৰাঃ বাইদেউ! মোৰনো আৰু কি ভাল বেয়া আছে, পিতৃহীন সন্তান দুটাই মোৰ বাবে সকলো৷ বিগত পাঁচ বছৰ সিহঁতৰ বাবে মই বৰ কষ্ট কৰিছোঁ বাইদেউ!
নীৰাই সৰু সৰু মাতেৰে কৈ যোৱা প্ৰতিটো কথাই মানকীৰ বুকুত শেল হৈ বিন্ধিছিল৷ সঁচাকৈয়ে বৈধব্য জীৱন পাৰ কৰা কিমান যে কষ্টকৰ! হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নীৰাৰ স্বামী ঢুকোৱা পাঁচ বছৰ মান হৈছে৷ খুউব কম বয়সতে তাই বিধবা হ’বলগীয়া হ’ল৷
নীৰাঃ বাইদেউ! আপুনি খন্তেক বহক! মই চাহ দুকাপ বনাই আনো৷
মানকীঃ হ’ব হ’ব, তুমি চাহ বনাই আনা! বৰষুণজাক দেখোন বেছিকৈহে আহিছে৷
মানকীয়ে চ’ৰা ঘৰটোৰ চাৰিওফালে চকু ফুৰাই চালে৷ এটা নিমাও মাও পৰিৱেশ৷ বেজী এটা মাটিত পৰিলেও যেন শব্দ হ’ব! বাঁহেৰে সজা ঘৰ যদিও খুউব পৰিপাটিকৈ ৰাখিছে৷ কোঠাটোৰ কোনোবা এটা চুকৰ পৰা জেঠী এটাই টিক্ টিক্ টিক্ কৈ মাত লগালে৷ যেন মানকীৰ মনৰ ভাবনাৰ লগত হয়ভৰ হে দিছে৷
হাতত দুকাপ চাহ লৈ নীৰা চ’ৰা ঘৰটোলৈ সোমাই আহিল৷
নীৰাঃ বাইদেউ চাহ খাওক! ময়ো আপোনাৰ লগতে একাপ চাহ খাই লওঁ৷ ল’ৰা–ছোৱালী দুটা নহালৈকে দিনটো ঘৰত অকলেই থাকোঁ৷ অকলে অকলে একো খাবলৈ মন নাযায় বাইদেউ!
মানকীঃ হয় হয়, বহা নীৰা! দুয়ো একেলগে চাহ পি লওঁ৷ কি কৰিবা! যেতিয়া নিঃসঙ্গতা কাৰোবাৰ লগৰী হয় তেতিয়া জীৱনৰ বহু কথাই ওলট–পালট হৈ যায়৷ আচলতে নিঃসঙ্গতা কোনেও কামনা নকৰে, কিন্তু কেতিয়াবা মানুহৰ জীৱনত নিঃসঙ্গতাই সৰ্বোচ্চ বন্ধু হৈ পৰে৷ কিতাপ পঢ়াৰ অভ্যাসে নিঃসঙ্গতা আৰু মানুহৰ জীৱনৰ মাজত ভাৰসাম্যতা ৰক্ষা কৰিব পাৰে৷ কিতাপ একমাত্ৰ বিশ্বাসী সংগী যি মানুহৰ মন–মগজু, চিন্তা–চেতনাত উৎকৃষ্ট মানৰ ভিটামিনৰ দৰে কাম কৰে৷ তুমিও খুউব বেছি অকলশৰীয়া অনুভৱ কৰিলে ভাল কিতাপ পঢ়িবা৷ চিন্তা নকৰিবা নীৰা! ল’ৰা–ছোৱালী দুটা পঢ়াই–শুনাই লোৱা, সময়ত সকলো ঠিক হৈ যাব৷
কথাখিনি কৈয়েই মানকীয়ে নীৰাৰ দুচকুলৈ চালে! এক অব্যক্ত শোকে যেন নীৰাক হেঁচামাৰি আছে৷ কিবা ক’ব বিচাৰিছে কিন্তু ক’ব পৰা নাই৷
মানকীঃ কিবা ক’বা নেকি নীৰা! কিবা ক’বা যদি মোৰ আগত মুকলিকৈ ক’বলৈ পাৰা!
নীৰাঃ কি ক’ম বাইদেউ! ক’ব বিচৰা কথাও আজি অতদিনে কাকো ক’ব পৰা নাই৷ যি কথাই মোক দহি দহি মাৰিছে,
নকওঁ বুলি ভবা কথাবোৰো নীৰাই মানকীৰ আগত কৈ গ’ল–
নীৰাঃ দেউতাক ঢুকোৱা ছমাহ মানৰ পাছৰ কথা৷ মোৰ ল’ৰাটো তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰ৷ বিদ্যালয়লৈ যাবলৈ বাবে সি এখন ভাল চাইকেল মোক কিনি দিবলৈ কৈ আছিল৷ কিন্তু দেউতাক নোহোৱাৰ পৰা মই যথেষ্ট আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছিলোঁ৷ ল’ৰাটোক এখন চাইকেল কিনি দিব পৰা নাছিলোঁ৷
এদিনাখন আবেলি পৰত সম্বন্ধীয় বৰ দেউতাক প্ৰবাল বৰা আমাৰ ঘৰলৈ আহিছিল৷ তেখেতে বৰ মৰমেৰে ল’ৰাটোৰ লগত কথা–বতৰা পাতিলে৷ কথাৰ মাজতে বিদ্যালয়লৈ যাবলৈ বাবে এখন ধুনীয়া চাইকেল কিনি দিয়াৰ কথা ক’লে৷ সিদিনা মোৰ ল’ৰাটোক তেখেতৰ ঘৰত থাকিবলৈ বাবে জোৰ কৰি লৈ গৈছিল৷
তেখেতে প্ৰায়েই আঠৰ পৰা বাৰ বছৰ মান বয়সৰ সৰু ল’ৰাবোৰ মটৰ চাইকেলত উঠাই লৈ ফুৰে৷ মই ভাবিছিলোঁ অভাৱত থকা ল’ৰাক তেওঁ মৰম কৰে, সহায় কৰে৷ ময়ো বৰকৈ বাধা নিদিলোঁ৷ কিন্তু পাছদিনা কাহিলী পুৱাতেই ল’ৰাটো ফোঁপাই–জোপাই আহি মোক সাৱটি কান্দিবলৈ ধৰিলে৷ মই তাক খুউব মৰমেৰে সাৱটি ধৰি সুধিলোঁ, কি হ’ল মইনা? সি আৰু জোৰকৈ মোক সাৱটি ধৰি কান্দি কান্দি ক’লে–
তুমি কাকো নকওঁ বুলি কোৱা মা! নহ’লে যে মই লাজ পাম, ঘৰৰ পৰা কেনিও ওলাব নোৱাৰিম৷ কোৱা মই কাকো নকওঁ মইনা! মইনাই সেই নিশাটোৰ অতি ভয়লগা কথাবোৰ কৈ গ’ল–
মা! কালি ৰাতি ভাত খাই বৰদেউতাই মোক তেওঁৰ নিজৰ লগত শুৱাই ল’লে৷ বৰমা আৰু দাদা বেলেগ এটা কোঠাত শুইছিল৷ শোৱাৰ অলপ পাছতেই মোৰ টোপনি আহিল৷ ৰাতি হঠাতে মই সাৰ পাই গ’লো মা! সাৰ পাই দেখিলোঁ বৰ দেউতা কাপোৰ–কানি নিপিন্ধাকৈ শুই আছে৷ সাৰপোৱা গ’ম পাই বৰদেউতাই মোৰ হাত এখন টানি নি তেখেতৰ নিম্নাংশত হেঁচি ধৰিলে আৰু মোক মালিচ কৰিবলৈ ক’লে৷ মই ভয়তে কঁপিছিলোঁ৷ অলপ পাছতে মোৰ গোটেই শৰীৰটো বৰদেউতাই পিটিকিবলৈ ধৰিলে৷ লাহে লাহে বৰদেউতাই মোৰ গুহ্য দ্বাৰেদি বেয়া কাম কৰিবলৈ বিচাৰিলে৷ মই ভয় আৰু বিষত শোৱা কোঠাতোটেই চিঞৰি চিঞৰি কান্দি দৌৰি ফুৰিলোঁ, বৰমাকো মাতিলো, কিন্তু বৰমা নাহিল৷ মোক চিঞৰি চিঞৰি কন্দা দেখি বৰদেউতাই ফুচলাবলৈ ধৰিলে৷ মই কোঠাটোৰ মজিয়াতে বহি থাকিলোঁ৷ বৰদেউতাই বিছনাৰ পৰাই মোক কৈ গ’ল–
ঃ তই এই কথাবোৰ কাকো নক’বি দেই! আনকি তোৰ মাকো এই কথা নক’বি! মই চুপচাপ বহা ঠাইতে বহুত সময় বহি থাকিলোঁ আৰু ভেল্টিলেটৰৰ ফালে বাহিৰত পোহৰ দেখি দৌৰি দৌৰি ঘৰলৈ আহিছোঁ৷
মইনাৰ কথা শুনি মই হতভম্ব হৈ পৰিলোঁ৷ দুচকুত দুকুৰা জুই জ্বলিবলৈ ধৰিলে৷ সৰ্ব শৰীৰ খঙত উতলি উঠিল৷ নিজৰ ভাগ্যৰ ওপৰতে ধিক্কাৰ উপজিল৷ ময়ে যেন পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া নাৰীগৰাকীৰ মনত এনে ভাব আহিবলৈ ধৰিলে৷ এবাৰ ভাবিলোঁ প্ৰবাল বৰাক কাটি দুছেৱ কৰি দিওগৈ! ক্ষণিকতে ভাবিলোঁ মোৰ যদি কাৰাবাস হয় এই অনাথ সন্তান দুটিক আৰু বা কোনে কি কৰিব —-?
ক্ৰমশ…