কবিতা নিষ্প্ৰাণ নিশাৰ অৱগাহনকবিতা (কৰবী বৰ্মন কলিতা – Purbodix.com

কবিতা নিষ্প্ৰাণ নিশাৰ অৱগাহনকবিতা (কৰবী বৰ্মন কলিতা

এই জীৱন, এই পৃথিৱী

এক আসক্তিৰ আশ্ৰয়ত

সেই আসক্তিৰ আশ্ৰয়তে মানুহৰ জীৱন …..পৃথিৱী৷

 

দোকমোকালি, দুপৰীয়া, সন্ধিয়া,

আৰু এটা নিমাত ৰাতিৰ মেটমৰা ভৰ;

কিন্তু আন্ধাৰ মানেই

পোহৰৰ মৃত্যু নহয়

নহয় আশাহীনতাৰ

শেঁতা হুমুনিয়াহ৷

 অমাৱস্যা আছে বাবেই

পুষ্ট জোনাকৰ, মনোমোহা

মাধুৰি বিদ্যমান

এক আকৰ্ষণৰ আলমত

মানুহৰ জীৱন….. পৃথিৱী৷

এক সবল আকৰ্ষণৰ

উমেৰে গতিশীল

 

এই জীৱন….. এই পৃথিৱী৷

Leave a Reply

Your email address will not be published. Required fields are marked *