
ৰাধা ঘৰৰ পৰা ওলাই আহিছিল মনে মনে৷ বয়সৰ শিপাই ৰাধাৰ শৰীৰত পোখা মেলিছিল৷ মনৰ সেই কোণত তেতিয়াও কৃষ্ণৰ সেই মুখখনে আমনি কৰিছিল৷ ৰাধাৰ স্মৃতিৰ মন্দিৰত কেৱল কৃষ্ণ৷ প্ৰেম এক নিস্বাৰ্থ ভাবনা৷ কৃষ্ণৰ বাঁহীৰ মাত শুনিবলৈ ৰাধা ব্যাকুল হৈ পৰিছিল৷ জীৱনৰ প্ৰথম উত্তাৱল প্ৰেমে আকৌ এবাৰ কৃষ্ণক কাষৰপৰা চোৱাৰ হেঁপাহত উত্তাৱল কৰি তুলিলে৷ কৃষ্ণ কৃষ্ণ কৃষ্ণ ক’ত আছা তুমি!
ৰাধা কেৱল গৈ আছে, মনত কেৱল কৃষ্ণক এবাৰ দেখাৰ দুৰ্বাৰ হেঁপাহ৷ কেনেকুৱাবা হৈ আছে এতিয়া তেওঁ৷ মোৰ শিৰাই শিৰাই মনে–প্ৰাণে যিদৰে কৃষ্ণ বিৰাজমান থিক সেইদৰে তেওঁৰ প্ৰাণত মই এতিয়াও আছোঁনে? ৰাধাক কৃষ্ণৰপৰা কৃষ্ণক ৰাধাৰপৰা কোনোৱাই আঁতৰাব পাৰিব জানো? কথাষাৰ ভাবিয়েই অন্তৰ ভৰি অহা প্ৰেমৰ আকুলতাত ৰাধাৰ চকুয়েদি সুখবোৰ নিগৰি আহিল৷ বাগৰি অহা সুখবোৰে যেন তেওঁৰ আত্মা তৃপ্তি কৰি তুলিছে৷ চকুৰ আগত ভাঁহি উঠিল কৃষ্ণৰ দুষ্টামিবোৰ৷ কেনেকৈ গোপীসকলৰ লগত খেলি থাকোঁতেই কৃষ্ণই ৰাধাক মনে মনে আঁতৰাই লৈ গৈছিল… দুয়োজনে চকুত চকু থৈ কথা পাতিছিল… কেনেকৈ বাঁহীৰ সুৰৰ ৰাগীত মতলীয়া হৈ থাকোঁতেই আন্ধাৰে গ্ৰাস কৰি পেলাইছিল… কেনেকৈ কৃষ্ণৰ কান্ধত মুৰ থৈ কৃষ্ণই কোৱা জীৱ পৰমাত্মাৰ কথা শুনিছিল৷ কেনেকৈ ৰাধাই কৃষ্ণৰ ওপৰত অভিমান কৰিছিল… বৃন্দাবনৰ সুখবোৰযেন কৃষ্ণতেই নিবন্ধ আছিল৷ কৃষ্ণ বিনা সেই বৃন্দাবনখন…৷
উফ আজিও মনত আছে ৰাধা১… যিদিনা কৃষ্ণই বৃন্দাবন এৰি যাব ওলাইছিল৷ গকুলৰ প্ৰতিটো ঘৰতেই নিঃশব্দতাই বিৰাজ কৰিছিল৷ গৰুবোৰে কৃষ্ণৰ মুখলৈ চাই অবুজভাবে ৰৈ আছিল.. চৰাইবোৰেও নিস্তব্ধতাৰে কৃষ্ণক যাবলৈ মানা কৰিছিল৷ ময়ুৰকেটাই নাচি নাচি কৃষ্ণৰ গাত পাখিবোৰ পেলাই দিছিল… লগৰবোৰে চকুৰপানীৰে বাধা দিছিল… গকুলবাসীয়ে ঘৰত থোৱা মাখনৰ কলহবোৰ কৃষ্ণলৈ আগবঢ়াই দিছিল… আজি দেখোন তেওঁ খাবলৈও মন কৰা নাই… আন দিনা হোৱা হ’লে সকলোৱে যশোদাক গৈ কৃষ্ণৰ কথা কৈ আমনি কৰিলেহেঁতেন… ময়ুৰৰ পাখিবোৰ সাবতি ধৰি আছিল আৰু সেউজীয়া ঘাঁহখিনি হাততলৈ গৰুবোৰক খাবলৈ দিছিল তেওঁ… গোপীসকলে কৃষ্ণক আগুৰি ধৰি আছিল … আৰু ৰাধাই কি কৰিছিল তেতিয়া?
গছজোপাত আঁউজি ৰাধাই চকুদুটা বন্ধ কৰি ৰাখিছিল… কান্ধত কাৰোবাৰ স্পৰ্শই তেওঁৰ বুকুত জোৰকৈ হান মাৰি ধৰিছিল… কিমান সময় যে কৃষ্ণৰ কান্ধত মুৰ থৈ তেওঁৰ বাঁহীসুৰত মগ্ন আছিল… হঠাতে বাঁহীৰ শব্দ বন্ধ হোৱাত ৰাধাই চেতনা ঘূৰাই পাইছিল৷ সময় হৈ আহিছিল প্ৰিয়জনৰ বিদায়ৰ মুহূৰ্তবো১… যন্ত্ৰণাদায়ক.. কোনেও একো ক’ব পৰা নাছিল… দুয়ো চকুৰ মিলনত ৰাধাৰ অন্তৰে সুধিলে… আহিবানে উভতি আকৌ? তেওঁ বুজি পাই নিজৰ বুকুত হাতখন থৈ কেৱল এটি মিচিকিয়া হাঁহি মাৰিছিল৷ ৰাধাই বুজিছিল তেওঁৰ প্ৰাণত ৰাধা আছে৷ ৰাধাই চকুযোৰি বন্ধ কৰি জোৰতকৈ এটি উশাহ লৈ নিজৰ বুকুত হাত ৰাখিলে… উফ.. প্ৰতিটো উশাহতেই তেওঁ… হৃদয়ৰ স্পন্দন তেওঁ… ধমনিত বৈ গৈছে তেওঁ… পৰমাত্মা তেওঁ… পৰমআত্মা তেওঁ … প্ৰকৃতিৰ সুগন্ধত তেওঁ… বৃন্দাবনৰ প্ৰতিটো কোণত তেওঁ … গকুলৰ প্ৰতিটো ৰাস্তাত তেওঁ ঝৰ্ণাৰ কুলুকুলু শব্দত তেওঁ… পাহাৰৰ ঢাপত তেওঁ… সূৰ্যৰ ৰশ্মিজাল তেওঁ… জোনৰ জোনাক তেওঁ… ক্ষিতি, অপ, তেজ, ব্যোম, মৰুত তেওঁ…কৃষ্ণ … এক অস্ফুট শব্দ কৰি যেতিয়া ৰাধাই চকু মেলিছিল তেতিয়া কৃষ্ণই বৃন্দাবন এৰি বহু দুৰ মথুৰা অভিমুখে গতি কৰিছিল৷ ভগ্ন হিয়া আৰু বিষণ্ণ মন লৈ ৰাধা বহু দেৰি তাতেই মূৰ্তিৰ দৰে ৰৈ থাকিল৷ একোতে মন নবহা হ’ল৷ কৃষ্ণৰ স্মৃতি বুকুত বান্ধি ৰাধাৰ জীৱন চালিত হ’ব ধৰিলে৷ ডাঙৰ হৈ

অহা মাক–দেউতাকৰ মৰমৰ জীয়ৰী ৰাধাক বিয়া দিবলৈ যো–জা চলিল৷ ৰাধাৰ আত্মাই হ’ল কৃষ্ণ৷ নিজৰ আত্মাৰ লগত বিবাহ কেনেকৈ হ’ব? তেওঁ মোৰ আত্মা, মই তেওঁৰ আত্মা৷ স্বয়ং আত্মাৰ লগত বিবাহ অসম্ভব৷ দুয়োৰে অস্তিত্ব এক গতিকে আধ্যাত্মিক প্ৰেমৰ যি আনন্দময় অনুভূতি সেয়াই তেওঁলোকৰ প্ৰেম৷ সেই প্ৰেম একোৰে লগত তুলনা নহয়৷
পাল্কীখনৰ পৰ্দাসদৃশ কাপোৰখন ডাঙি ৰাধাই পাৰ হৈ যাব ধৰা বৃন্দাবনখন চালে শেষ বাৰৰ বাবে৷ একেই আছে খালি নাই কৃষ্ণ আৰু তেওঁৰ সমনীয়াবোৰ৷ নাই সেই গৰু চৰাব অহা কৃষ্ণৰ বাঁহীৰ সুমধুৰ সুৰ৷ ৰাধা… ৰাধা… ৰাধা… কৃষ্ণৰ সেই মাতত উচপ খাই উঠিল ৰাধা৷ কৃষ্ণৰ সেই মাতত দৌৰি আহে ৰাধা৷ ভৰিৰ প্ৰতিটো খোজৰ শব্দত বাজি উঠিছিল পঁপুৰৰ চনচন শব্দ৷ পঁপুৰৰ শব্দবোৰ কৃষ্ণৰ বৰ প্ৰিয়৷ হাতৰ খাৰুবোৰৰ ঝণঝননিত কৃষ্ণও ব্যাকুল হৈ উঠিছিল৷ হালি জালি থকা কাণৰ জুমকাত আঙুলিৰে মৃদু ঝংকাৰ তুলিছিল কৃষ্ণই৷ চুলিখিনিত মৰা ফুলৰ সুগন্ধত বাঁহীত ফঁু মাৰিছিল কৃষ্ণই৷ ৰাধাৰ নিস্পাপ শিশুৰ দৰে ধুনীয়া মুখখনত প্ৰকৃতিৰ সৌন্দৰ্য দেখা পাইছিল কৃষ্ণই৷ ৰাধাৰ কাজলসনা দুচকুৰ গভীৰতাত ডুবি বাঁহীত সুৰ তোলাত মগ্ন হৈছিল কৃষ্ণ৷ আৰু ৰাধা… নিঃস্বাৰ্থ প্ৰেমত বিলীন হৈছিল পৰমাত্মাৰ লগত৷ ৰাধা এক নাম নহয় মাথোঁ…পৰমাত্মাৰ আত্মা তেওঁ৷ পাল্কীৰ পৰা নামি দৌৰি যাবৰ মন গ’ল ৰাধাৰ গৰম গৰম চকুলোৰে দুগাল তিয়াই গ’ল ৰাধাৰ৷ বুকুখন যেন কিহবাই মোহাৰি পেলাইছে… কোনেও নেদেখাকৈ ওৰণিৰ তলত মুখ লুকুৱাই কান্দিলে ৰাধাই৷
আজি বহু বছৰেই পাৰ হ’ল ৰাধাৰ৷ বোৱাৰী জীৱনৰ সকলো দায়িত্ব সামৰিছে আজি ৰাধাই আৰু কৰিবলগীয়া তেওঁৰ একো নাই৷ দুৰ্বল এতিয়া শৰীৰ৷ বয়স নামৰ সময়ে ৰাধাকো গ্ৰাস কৰিছে৷ স্মৃতিৰ কোণত এতিয়াও পৰমাত্মা ৰূপী প্ৰেমিক৷ জীৱাত্মা আৰু পৰমাত্মাৰ সেই প্ৰেম৷ জীৱনৰ শেষত আকৌ এবাৰ তেওঁক চাবলৈ মনত দুৰ্বাৰ হেঁপাহ৷ কি কৰিব ৰাধাই? তেওঁৰ পৰমাত্মা দ্বাৰকাৰ ৰজা এতিয়া৷ মন আৰু বিবেকৰ যুঁজত মনে বিবেকৰ ওচৰত আৰু বিবেকে মনৰ ওচৰত আত্মসমৰ্পণ কৰে৷ নাই ৰাধা যাবই তেওঁৰ ওচৰলৈ৷ প্ৰেম পবিত্ৰ৷ কৃষ্ণ তেওঁৰ আত্মা৷ অদৃশ্যজনলৈ দুহাত জুৰি ৰাধাই দ্বাৰকা অভিমুখে আগবাঢ়িলে৷
ইমান ধুনীয়া দ্বাৰকা নগৰী… ৰাধাই ঘূৰি ঘূৰি চাব ধৰিলে৷ কৃষ্ণই বৰ ধুনীয়াকৈ ৰাখিছে৷ আঁচলখন টানি লৈ ৰাধাই মূৰতো ঢাকি ল’লে৷ এছাতি ঠাণ্ডা বতাহে ৰাধাক বা দি গ’ল৷ ৰাধায়েও গোটেইখন চকু মেলি মেলি চাব ধৰিলে৷ দ্বাৰকাৰ সৌন্দৰ্যই ৰাধাক আপ্লুত কৰি তুলিলে৷
কৃষ্ণও বতাহজাকৰ বাত সচকিত হৈ উঠিল৷ বতাহজাকে তেওঁক কিবা এটা চিনাকি সুগন্ধি দি গ’ল৷ বতাহৰ শব্দত কৃষ্ণই শুনা পালে পঁপুৰৰ মৃদু শs… আস এইয়া যে ৰাধা অহাৰ শব্দ৷ কৃষ্ণ প্ৰসাদৰ পৰা বাহিৰলৈ ওলাই আহিল… মোৰ আত্মা তুমি ক’ত… প্ৰসাদৰ পৰা উলাই অহাৰ লগে লগে কৃষ্ণক প্ৰজাই আগুৰি ধৰিলে৷ নাতি দুৰৈত মৰমৰ ৰাধা৷ সেই দিনা যে গুচি আহিছিল তাৰ পিছৰপৰা আজিয়েই দেখিছে… সেই একেদৰেই আত্মাক তৃপ্ত কৰি চাই ৰ’ল… এইয়াই স্বৰ্গীয় সুখ… এটি আত্মা আনটি পৰমাত্মা এটি বৃদ্ধ আনটি পৰিপুষ্ট৷ এটিৰ দুচকুত এখন শুকান সাগৰ আনটিৰ দুচকুত গভীৰ মহাসাগৰ৷ দুয়োয়ে চাই ৰ’ল৷ কৃষ্ণই ৰাধাক প্ৰসাদলৈ লগ ধৰিলে কিন্তু ৰাধাই মহলত দাসী হিচাপে ৰাখিবলৈহে কৃষ্ণক মান্তি কৰিলে৷ ইয়াৰ পিছতে ৰাধাই প্ৰসাদটো চোৱা–চিতা কৰিলে আৰু এই সম্পৰ্কে কোনেও নাজানিলে৷ ৰাধাই মনে মনে কৃষ্ণকো দুৰৈৰ পৰা চাই আছিল৷ এনেকৈয়ে অলপ দিন থকাৰ পিছত ৰাধাই বুজি পাইছিল যে তেওঁ লোকৰ প্ৰেম স্বৰ্গীয়৷ এই ভৌতিক ৰূপত তেওঁ সুখ পাব নোৱাৰে৷ বৃদ্ধ অবস্থাৰ বাবে ৰাধাই কৃষ্ণক হেৰুৱাব লাগিব বুলিও ভয় খাইছিল৷ ৰাধাৰ মনত কেৱল কৃষ্ণ আছিল গতিকে এদিন কাকো নোকোৱাকৈ সেই প্ৰসাদো ত্যাগ কৰি মোক্ষ লাভৰ বাবে মন স্থিৰ কৰিলে৷
কৃষ্ণই সকলো জানিছিল৷ তেওঁৰ আত্মাতো ৰাধাই বিৰাজমান আছিল৷ ৰাধা গুছি যোৱাৰ লগে লগে কৃষ্ণই বুজিছিল ৰাধাক এতিয়া কৃষ্ণৰ প্ৰয়োজন৷ ৰাধায়েও মনে প্ৰাণে কৃষ্ণক বিচাৰিছিল৷ তেওঁ পলম নকৰি ৰাধাৰ আগত দেখা দিলে৷ ৰাধাই কেৱল তেওঁক হেঁপাহ পলুৱাই চাব বিচাৰিছিল৷ ৰাধাৰ চকুৰ ভাষা কৃষ্ণই বুজিছিল৷ ৰাধাৰ অন্তিম ক্ষণ সমাগত৷ কৃষ্ণই ৰাধাক ওচৰতে বহুৱাই সুধিলে ৰাধা তুমি মোক কেতিয়াও একো খোজা নাই৷ আজি কিবা এটা খোজা৷ তোমাৰ অন্তিম ইচ্ছা কোৱা৷ কৃষ্ণও ভিতৰি ভিতৰি কান্দি উঠিছিল৷ ৰাধাই খালি মুৰতো লৰালে৷ নহয় ৰাধা আজি কিবা এটা খোজা নহলে আত্মাৰ ওচৰত পৰমাত্মা হাৰি যাব৷ ৰাধাই কৃষ্ণলৈ চাই ৰ’ল… সেই একেই দৃষ্টি য’ত নিহিত হৈ আছে সমস্ত জগত৷ সেই গভীৰ ভালপোৱা৷ কৃষ্ণও ৰাধালৈ চালে ..দুচকুৰ গভীৰতাত তেতিয়াও সেই কৃষ্ণই বিৰাজমান৷ ৰাধাই দীঘলকৈ উশাহ লৈ ক’লে এটি সুমধুৰ বাঁহীৰ সুৰ যাৰ মধুৰতাত তৃপ্ত হৈ পৰে মোৰ মন আৰু আত্মা৷ কৃষ্ণই বাঁহী বজাবলৈ ধৰিলে ৰাধাই চাই ৰ’ল কৃষ্ণৰ চকুলৈ বাঁহীৰ সুৰে ৰাধাৰ দেহ– প্ৰাণত শিহঁৰণ তুলিলে, শান্ত হৈ পৰিল মন৷ অনাবিল আনন্দত প্ৰেম নামৰ স্বৰ্গীয় অনুভূতিৰে জীপাল হৈ পৰিল ৰাধাৰ আত্মা… চকুত ভাঁহি উঠিল সেই বৃন্দাবন… একেলগে উমলি জামলি পৰমাত্মাৰূপী কৃষ্ণক ভালপোৱাৰ অনাবিল আনন্দ৷ ৰাধা… ৰাধা… ৰাধা… সেই অসাধাৰণ কৃষ্ণৰ মাত ৰাধাৰ কাণত প্ৰতিধ্বনি হ’বলৈ ধৰিলে…অপলক দৃষ্টিৰে কৃষ্ণৰ মুখলৈ চাই থকা ৰাধাই লাহে লাহে কৃষ্ণত বিলীন হ’ব ধৰিলে… এটা সময়ত বাঁহীৰ সুৰ শেষ হৈ পৰিল… কৃষ্ণৰ দুচকুৰে বাগৰি অহা লোতকে ৰাধাৰ দেহ স্পৰ্শ কৰিলে৷ ৰাধাৰ আত্মাৰূপী শৰীৰ পৰমাত্মাত বিলীন হৈ গ’ল৷ কৃষ্ণই ৰাধাক সাৱতি ধৰি কান্দিব ধৰিলে ক’ত পাব এনে আত্মাৰ পবিত্ৰ ভালপোৱা৷ আজিৰপৰা বাঁহীৰ মাত শুনিবলৈ কোন ব্যাকুল হৈ পৰিব… নাই নাই আজিৰ পৰা মই আৰু বাঁহী বজাব নোৱাৰিম ৰাধা… তুমি অম১… যেতিয়ালৈকে এই সৃষ্টি থাকিব তেতিয়ালৈকে ৰাধা কৃষ্ণৰ এই স্বৰ্গীয় প্ৰেম সকলোতকৈ শ্ৰেষ্ঠ হৈ থাকিব৷ যুগে যুগে আমাৰ প্ৰেমক পৃথিৱীয়ে স্বীকৃতি দিব… মোৰ নাম লোৱাৰ আগতেই মনুস্যই তোমাৰ নাম ল’ব তেতিয়াহে আত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক কি মনুষ্যই জানিব….৷