পাকঘৰ – Purbodix.com

পাকঘৰ

পালেং পুৰী(লখিমা মহন্ত)

মৈদা কাপ,

পালেঙৰ ৰস বাতি

ৰিফাইন চামুচ

নিমখ আনদাজমতে

 

মৈদাৰ সৈতে ওপৰত দিয়া সকলোখিনি বস্তু মিহলাই লৈ ভালকৈ মঠি লাগে৷

তাৰ পিছত কেৰাহীত ৰিফাইন গৰম কৰি এখন এখন কৈ দি ৰঙচুৱা হোৱাকৈ ভাজিব লাগে৷

গৰমে গৰমে খালে খুব ভাল লাগে৷

 

আৰু ঠাণ্ডা লেও তাৰ সোৱাদ কমি নাযায়৷

পালেঙৰ ৰসেৰে আলু, দৈৰ তৰকাৰী

আলু ৪টা

দৈ একবাতি

জিৰা

ধনীয়া গুৰি

হালধি গুৰি

ৰেদ চিলি পাউদাৰ

কেঁচা জলকীয়া ২য৩ টা

প্ৰথম আলুকেইটা ভালকৈ সিজাই ব৷

অলপ ঠাণ্ডা কৰি আলু কেইটাৰ বাকলি গুচাই ব৷ তাৰ পিছত আলুখিনি ধুনীয়া কৈ টুকুৰা টুকুৰ কৰি লাগে৷

এতিয়া দৈ বাতি লগত আধা চামুচ জিৰাগুৰি, আধা চামুচ ধনীয়াগুৰি, আধা চামুচ ৰেদচিলি পাউদাৰ, নিমখ আধা চামুচ, চেনি অকণমান আন্দাজমতে লৈ ভালকৈ ফেটিব৷ ১৫-/২০ মিনিট সময় ফেটি থোৱা সংমিশ্ৰণটো তেনেকৈ ৰাখিব লাগে৷

তাৰপিছত এখন কেৰাহীত মিঠাতেল গৰম কৰি তাত জিৰা, কটা পিয়াঁজ ৰটা, কেঁচা জলকীয়া ২টা দি ভাজি লৈ, ফেটিথোৱা দৈ সংমিশ্ৰণটো গৰম কৰা তেলত দি মিনিট সময় ভালকৈ লৰাই থকাৰ পিছত সিজাই কাটি ৰখা আলুখিনি দি দিব৷

পুনৰ ভালকৈ মিনিট লৰাই উতলাব লাগে৷

অকণমান ঠাণ্ডা লে পালেং পুৰীৰ লগত খাব৷

 

বৰ সুন্দৰ জুতি লাগে৷ স্বাস্থ্যৰ বাবেও উপকাৰী হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *