কাব্যেষু নাটকম্ ৰম্যম
ৰঞ্জন শৰ্মা

নাটক সমাজৰ দাপোণ৷ য’ত প্ৰতিফলিত হয় সাহিত্য–সভ্যতা আক সংস্কৃতি৷ য’ত প্ৰতিফলিত হয় সমাজৰ এখন বাস্তব প্ৰতি২৬বি৷ নাটকেই হৈছে গণসংযোগৰ আটাইতকৈ শক্তিশালী মাধ্যম৷ এই নাটকৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ নাট্যানুষ্ঠানসমূহে সমাজলৈ সুন্দৰব বাৰ্তা প্ৰেষণ কৰি আহিছে৷ তেনে এটি মহান অনুষ্ঠানেই হৈছে ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰ৷ ১২৮ বছৰত ভৰি নিয়া এই যোৰহাট থিয়েটাৰে এইবাৰ একাদশ সংখ্যক পূৰ্ণাঙ্গ নাট সমাৰোহ তিনিদিনীয়া কাৰ্যসূচীৰে সফল সমাপ্তি ঘটায়৷ ২৬ জানুৱাৰী ২০২৪১ পৰা ২৮ জানুৱাৰী ২০২৪ লৈকে অনুষ্ঠিত হোৱা এই বৰ্ণিল নাট সমাৰোহে এক সুন্দৰ বাতাৱৰণ সৃষ্টি কৰি সকলোৰে মন জয় কবিবলৈ সক্ষম হয়৷ মহাপুৰুষীয়া গায়ন–বায়ন, ঘোষা¸ পাঠ আৰু প্ৰয়াত পুৰোধা নাট্যব্যক্তিত্বসকলক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ হোৱা এই বৰ্ণিল নাট সমাৰোহত আৰম্ভণিতে অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীদেৱে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷

২৬ জানুবাৰীৰ সন্ধিয়া প্ৰয়াত অভিনেতা অশোক শৰ্মাদেৱৰ সোৱৰ¸ণত যোৰহাট থিয়েটাৰে নিবেদন কৰে বিখ্যাত নাট্যকাৰ, ঔপন্যাসিক ছমাৰচেট মমৰ বহুপঠিত মূল উপন্যাস ‘আপ এট দ্য ভিলাৰ’ৰ আধাৰত বিশিষ্ট নাট্যকাৰ প্ৰশান্ত কটকীয়ে কৰা অসমীয়া নাট্যৰূপ ‘পাহাৰী কন্যা’৷ যোৰহাট থিয়েটাৰৰ প্ৰযোজনাৰে বিশিষ্ট অভিনেতা, পৰিচালক পবিত্ৰ বৰুৱা (মিণ্টু)ৰ মননশীল পৰিচালনাৰ নাটকখনে সকলো শ্ৰেণীৰ দৰ্শককে মোহা২৬ন্ন কৰি ৰাখে৷ নাটকখনৰ মূল পটভূমিৰ কাহিনী আছিল ইটালীৰ৷ সেই সময়ৰ লগত ৰজিতা খুৱাই নাট্যকাৰে তেখেতৰ সুন্দৰ নাট্য গাঁথনিৰে এখন সুন্দৰ বিষয়বস্তুৰ মননশীল নাটক নাট্যপ্ৰেমী ৰাইজক উপহাৰ দিলে৷ এক পৰিছন্ন প্ৰযোজনা, নাট্যকাৰৰ সুচিন্তাৰ প্ৰতিফলনপৰিচালকৰ মননশীল পৰিচালনা আৰু প্ৰতিগৰাকী অভিনয় শিল্পীৰ দলগত সুন্দৰ অভিনয় সমৃদ্ধ নাটকখনে মনত সাঁচ বহুৱাই গ’ল৷ নাটকৰ পোহৰ প্ৰক্ষেপণ,সংগীত, সাজ–সজ্জা আৰু মঞ্চসজ্জা আছিল অতি দৃষ্টিনন্দন৷ এখন সৰ্বাঙ্গ সুন্দৰ নাটক উপহাৰ দিয়াৰ বাবে নাট্যকাৰ, পৰিচালক আৰু সমূহ শিল্পী কলা–কুশলীৰ লগতে যোৰহাট থিয়েটাৰৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷

২৭ জানুৱাৰীৰ দ্বিতীয় দিনা বিশিষ্ট বুদ্ধিজীৱি, সাংবাদিক প্ৰয়াত প্ৰফুল্ল ৰাজগুৰু সোঁৱৰণী নাট্যসন্ধ্যাত নাটক আছিল গুৱাহাটীৰ অভিজ্ঞানমৰ ‘Gandhi vrs Godse’৷ জনপ্ৰিয় নাট্যকাৰ, পৰিচালক ৰনহাং চৌধুৰীৰ এখন চিন্তাকৰ্ষক জটিল নাটক৷ মাথো দুটি চৰিত্ৰৰ এই নাটখনিয়ে তেওঁলোকৰ অনবদ্য অভিনয়ৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ নাটকৰ পোহৰ, সংগীত, দৃশ্যসজ্জা, সাজসজ্জা আছিল নাটকে বিচৰা ধৰণেৰে সুন্দৰ৷

২৮ জানুৱাৰীৰ তৃতীয় তথা অন্তিম দিনাত যোৰহাট থিয়েটাৰৰ আজীৱন সদস্য নাট্যানুৰাগী আনন্দ বৰঠাকুৰ সোঁৱৰণী নাট্যসন্ধিয়াত নাটক আছিল দুলিয়াজান অভিনয়ন নাট্যগোষ্ঠীৰ নিবেদন ‘একুৰিয়ামত এটি ৰাগ’৷ নাটকৰ ৰচনা আৰু পৰিচালনা আছিল অসমৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক নৱজ্যোতি বৰাৰ৷ সুন্দৰ আৰু মননশীল বিষয়বস্তুৰ সংবেদনশীল নাটকখনে সকলো দৰ্শকৰে মন চুই যায়৷ নাটকখনৰ শিল্পীসকলৰ সাৱলীল আৰু মনপৰশা অভিনয়ৰ লগতে সংগীত, দৃশ্যসজ্জা আৰু সাজসজ্জা আছিল অপূৰ্ব৷ নাট্যদলটিৰ নাট্য উপদেষ্টা হিচাপে আছিল অসমৰ জনপ্ৰিয় বোলছবি পৰিচালক তথা অভিনেতা যদুমনি দত্ত৷ তিনিওটা নাট্যসন্ধিয়াৰ তিনিওখন নাটকেই দৰ্শকক এক নতুন ৰসৰ সোৱাদ দিবলৈ সক্ষম হয়৷
সদৌশেষত, ঐতিহ্যমণ্ডিত যোৰহাট থিয়েটাৰৰ একাদশ সংখ্যক বৰ্ণিল নাট সমাৰোহখনি সুন্দৰকৈ পৰিসমাপ্তি ঘটাত আমি যোৰহাট থিয়েটাৰৰ সমূহ কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনালোঁ৷ যোৰহাট থিয়েটাৰৰ এই অবিৰত নাট্যযাত্ৰা অনিৰুদ্ধ হওঁক তাকেই কামনা কৰিলোঁ৷৷